কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ

সম্পাদনা কৰক

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

সম্পাদনা কৰক

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।

সম্পাদনা কৰক

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।

সম্পাদনা কৰক

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।

সম্পাদনা কৰক

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      বিজয়পুৰত নগৰ

কামৰূপ বেহাৰত বিশ্বসিংহ ৰাজা কোঁচৰ। তান পুত্ৰ নৰনাৰায়ণ ৰাজা হল। নৰনাৰায়ণ ৰাজাৰ ভাই শুক্লধ্বজ কুমৰ। তান পুত্ৰ ৰঘুনাৰায়ণ। নৰনাৰায়ণ ৰাজা হৈ আছিতে শুক্লধ্বজ পুত্ৰ ৰঘুনাৰাণে নগৰৰ বাজ হৈ আপোনাৰ বাহুবলে ৰাজা হয় কামৰূপত। আজাৰা গ্ৰামত ঘিলানদী তীৰে বিজয়পুৰত নগৰ পাতি ৰহিল। নৰনাৰাণে যুজিবাক মনে সাজি গল। পাচে ৰঘুনাৰাণে আপোনাৰ যত মহাদৈ আছে সবাকো ঘোঁৰাত তুলি হাতে ধনু ধৰাই সমুখে পঠালে। নৰনাৰাণে বোলে, “পুত্ৰ-বধূসকলেহে যুদ্ধক আহে।” ৰাজা লজ্জা হুয়া উলটি গল, দ্বন্দ-কন্দল নহল। তাত পাচে দুয়ো ৰাজা মৃত্যু হল। ২৮॥