পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫
দশম আধ্যা

 শঙ্কৰদেৱে পাটবাউসীত থাকোতেই ৰায় আতাৰ প্ৰাৰ্থনা মতে কালীদমন, পত্নীপ্ৰসাদ, ৰাস, ৰুম্মিণীহৰণ, পাৰিজাত হৰণ, আৰু কংসবধ নাট ৰচনা কৰি ভাৱনা কৰি সকলোকে দেখুৱাইছিল। আৰু তাতে শঙ্কৰদেৱৰ আজ্ঞা মতে মাধৱদেৱে দধিমথন, ৰাসজুমুৰা, পিপৰা-গুচুৱা, চোৰ ধৰা, ভূমি লোটিৱা, ভূষণ হেৰুৱা, কোটৰা খেলা আাক ভোজন ব্যৱহাৰ নাট ৰচনা কৰিছিল। দধিমথন নাটৰ ভাৱনাত শঙ্কৰদেৱে নন্দৰ, আৰু মাধৱদেৱে উপনন্দৰ ভাও দিছিল।

 নৰনাৰায়ণ ৰজাৰ আজ্ঞামতে শঙ্কৰদেৱে তাঁতীকুচিত কাপোৰৰ কাৰখানা পাতি মাধৱদেৱেৰে সৈতে পাটবাউসীলৈ আহোঁতে বাটত ভাট এটাই গীত গোৱা শুনি মাধৱদেৱকো তেনে এটা গীত ৰচনা কৰি গাবলৈ কোৱাত, গুৰুৰ আজ্ঞা মতে মাধৱদেৱে বাটতে, “প্ৰাতঃ সময়ে, যশোৱা জননী, মুখ চুম্বিত শ্যাম জগাৱন কু। উঠ মেৰি লাল, মদন গোপাল, আৱে তেৰি গোৱাল বলাৱন কু ৷” এই ভটিমাটো ৰচনা কৰিছিল।

 এদিন শঙ্কৰদেৱে মাধৱদেৱ, ঠাকুৰ আতা আৰু জয়ন্তা মাধৱেৰে সৈতে বাটত যাওঁতে তেওঁলোকক ক'লে যে তিনিওজনে তিনটি ভটিমা ৰচনা কৰি গাব লাগে। এই কথা শুনি জয়ন্তা-মাধৱে ৰচনা কৰি গালে – “বাই দে নাৱৰ বাচৰু শ্ৰীশঙ্কৰ ঘাটে। বাব নোৱাৰোঁ নাৱৰ বাচৰু বঠা নাইকিয়া হাতে॥” ঠাকুৰ আতাই ৰচনা কৰি লাগে—‘জয় জয় শ্ৰীমন্ত শঙ্কৰ, মই তুৱা দাসৰো দাস। উজানৰ হন্তে আসি প্ৰাণনাথ নিকটে কৰিলোঁ বাস।” মাধৱদেৱে ৰচনা কৰি গালে –“জয় গুৰু শঙ্কৰ, সৰ্ব্বগুণাকৰ, যাকেৰি নাহি উপাম।” ইত্যাদি ।

১০