পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৬
শঙ্কৰদেৱ।

চিলাৰায় দেৱানে শঙ্কৰদেৱৰ কোচবেহাৰত থাকোঁতে তেওঁক "জন্মৰহস্য” শাস্ত্ৰ ৰচনা কৰিবলৈ অনুৰোধ কৰাত, শঙ্কৰদেৱে পাটবাউসীলৈ আহি মাধৱদেৱৰ হতুৱাই সেই পুথি ৰচনা কৰাই দেৱানলৈ পঠিয়াই দিয়াত দেৱানে পুথি পাই বৰ সন্তোষ পাইছিল।

 শঙ্কৰদেৱ শেষ বাৰ নৰনাৰায়ণ ৰাজাৰ আজ্ঞা মতে কোচবেহাৰলৈ যাবৰ সময়ত আন আন কথাৰ লগত মাধৱদেৱক কৈছিল --“কীৰ্ত্তনঘোষা শাস্ত্ৰখন সংগ্ৰহ কৰিব। ঘোষাত (হাজাৰী আৰু নামঘোষা), দুলৰি, জুনা, ছবি, জুমুৰি, লেচাৰি ছন্দ দিবা। নমস্কাৰ, শৰণ, ভজন, নিন্দ, স্তুতি, উপদেশ, প্রার্থনা, কাকুতি, খেদ, প্রশংসা, মহিমা, কাৰুণ্য এইবোৰ যোগ কৰিবা। আৰু ঘোষাৰ শেষত ঈশ্বৰৰ নাম-গুণ লগাবা" আমি ওপৰত কৈ আহিছোঁ৷ যে মাধৱদেৱ বেহাৰলৈ গুচি যোৱা বাবে কীৰ্তনঘোষাৰ শাস্ত্ৰ তেওঁ নিজে গোটাব নোৱাৰিলে। সেই কাম তেওঁৰ ভাগিন ৰামচৰণে কৰিলে। আৰু ঘোষাত শঙ্কৰদেৱে কোৱা মতেই যে সকলো দিয়া হল, ঘোষা পঢ়িলেই সেইটো বুজিব পাৰি।

 শঙ্কৰদেৱক নৰনাৰায়ণ ৰজাই ধৰি লৈ যাবলৈ পঠিৱাৰ পিছত যেতিয়া প্ৰথমতে শঙ্কৰদেৱ ৰজাৰ আগত উপস্থিত হয়, তেতিয়া তেওঁ “মধুদানৱ দাৰণ দেৱ বৰং। বৰ ৱাৰিজ লোচন চক্ৰধৰং॥" এই সংস্কৃত স্তোত্রটি ৰচনা কৰি গাই এখোজ দোখোজকৈ ৰজাৰ ফালে আগ বাঢ়িছিল। সংস্কৃত শ্লোক ৰচনাত শঙ্কৰদেৱ কেনে সুনিপুণ আছিল এই সুন্দৰ স্ত্ৰোত্ৰটিয়েই তাৰ চিনাকি।