[ ৩৭ ]
১৩। সৰ্গ।
নামবৰ হাবি।

 মধ্যাহ্ন জিৰণি পাচে গাড়ী-কাৰেঙত,
লীলা-বাণী-শুশ্ৰূষাত লভিলোঁ জিৰণি।
নিজম প্ৰকৃতি। নিজৰাৰ কলকলে,
বতাহৰ সৰসৰে —মিলন সুৰত—
শান্তিৰ জুৰণি ঢালি আনিলে টোপনি!
চাৰি চকু দুটি জীৱ, অভেদ আতমা,
লালকাল ভাগৰত। সুমৰি দিঠক,
সপোনত প্ৰাণ দিয়া-দিয়ি। সেই স্নেহ,
সেই দেহ, সেই প্ৰেম-বাহু-বান্ধনিৰে।
বহুদূৰ গতি হ'ল, টোপনি জালত।
চকু মেলি দেখোঁ পাচে অটব্য অৰণ্য,
বিদ্যমান সমুখত, —গহীন আবেশে,—
নামে ‘নামবৰ’। সেন্দুৰী সন্ধিয়া বেলা।
দিনকৰে দীপ-দীপ্তি পুনু চুচি লই
পদুম বিৰহ তাপে তেজ-গোৰা বান্ধি
লুকালে নীৰৱে হাঁয়, পৰিলে পাটীত,
পছিমাচলত। "নামবৰো” অন্ত তাতে।

[ ৩৮ ]

দুৰ্ঘোৰ অৰণ্য আগে; নিজান নিটাল,
নিজম ভাবত তাৰ, গহীন প্ৰকৃতি
জ্বলে ভয়ঙ্কৰী ৰূপে মানৱ হিয়াত।
সংকোচিত গাড়োৱান, আতঙ্ক প্ৰাণত;
নীৰৱে ঢিমালে গতি, ভবিষ্যত ভাবি।
নিমিলিল মনে স’তে মোৰ। নাই নই,
নাই বিল, নাই এটি নিজৰাৰ জুৰি,
অতিথি শুশ্ৰূষা হেতু প্ৰকৃতি বুকুত।
বিপদৰে মুখভাগ। আশ্ৰয় এৰাই
ভালেখিনি গতি। পাৰিলে এৰাব,
নামঘৰ মাজভাগ, জিলিকে নতুন
আশ্ৰয় আশাৰ চাকি। উদগালোঁ
‘গাড়োৱান’; কাণে কাণে উদগণি বাণী।
জুৰিলে অলস প্ৰাণী, পুনু যুঁৱলিত;
মুখৰ ভিতৰে কিবা, অফূট বকনি,
আশংকাৰ নাম লই চলালে বাহন।
অন্ধক্ৰোশ গতি পাচে, অৰ্দ্ধাঙ্গিনী মোৰ
উঠিল চমকি কিবা দেখি দুৰদশা,
দিঠকত সপোনৰ মায়া। মনে মনে
গুনি কিবা আমোলালে গহীনাই মুখ।
নেপালো উত্তৰ স্থিৰ, সুধি বাৰেবাৰ,
সপোন বৃত্তান্ত কিবা। নিমাতী প্ৰতিমা,
গধুৰ ভাৱত হাঁয়, ভাব-গৰভিনী।
প্ৰকৃতি বুকুত দেখোঁ, ঘোৰৰূপা হই

[ ৩৯ ]

মিলিল সংসাৰী-লীলা সৃষ্টি-লীলা স'তে।
মনে মনে আশঙ্কাৰ বাঢ়িল ঠেঙ্গুলি,
অজগৰ মুখে যেন, ভয়ে-ছেপা প্ৰাণী,
গ্ৰাসিলে যেতিয়া আহি ঘোৰ অন্ধকাৰে।
বন-শত্ৰু পাচ কথা; মনোৰাজ্য জুৰি,
মনে-পতা শত্ৰু দলে কঁপালে হৃদয়।
কতো নাই সাৰ-সুৰ, নিটাল প্ৰকৃতি
পৰিছে নিজম। নিমাত চালকে গাড়ী
চলায় নীৰৱে। কু-শবদে গাড়ী-ঘিলা,
ঘূৰিছে বাগৰি। মাজে মাজে সঁহাৰিটি
উঠে মোৰ কণ্ঠ এৰি; বাজে-গহীনাই।
পৰে সি নিজম পুনু; কাঁহপাত্ৰে যেনে
উঠি শব্দ পৰে জঁয়, আপুনি নিজম।
মিলে সি নিটাল ভেদি অনন্ত আন্ধাৰে,
নেৰাখি তাৰ চিন্ একো। ক্ষন্তেক পাচে,
প্ৰকৃতিৰ ঘোৰ ৰূপ, মানৱ হিয়াত
উথলে দুগুণে হাঁয়, দুৰ্যোগ চৰাই।
অন্ত নাই আন্ধাৰৰ। নপৰে সৰকি
এনি-তেনি জিলিকনি এটি। নিশাকৰ
ভালেখিনি পাচে। থমকি থমকি মাথোঁ,
জ্বলে এটি বন্তি আগে, গাড়ী-চ'য়ে-যোঁট।
জিলিকায় সি আলোকে গাড়ী-প্ৰাণীকিটি
নিৰাশ্ৰয়, নিসহায়, ভয়ত আতুৰ,
অটব্য অৰণ্য মাজে, শতৰু মুখত;

[ ৪০ ]
 

শক্ৰক নেদেখা কৰে, বঢ়াই আন্ধাৰ;
ব্যাধৰ লুকনি আঁৰ। মুহূৰ্ত্ত নাযায়,
ধৰে যেন বেৰি আহি, শতেক অপায়ে।
“আছে বা কিমান আৰু আগলই বাট?”
আতুৰা লীলাৰ প্ৰশ্ন নীৰলে সৰিল,
ভয়-গাঁথি ফৰমুটি খাই। মন মোৰ
চিন্তাযুত, বুজনিৰ বিচাৰি উপায়;
প্ৰিয়াক অভয় দিওঁ, ক্ষণ চমুৱাই,
“পালোঁহি, অলপ আছে” প্ৰবোধ পানীৰে
নুমালোঁ উদ্বিগ্ন জুই, হিয়াত লীলাৰ।
পাহৰালোঁ ভয়ভাব, জুৰি সাধুকথা।
অলৌকিক উপন্যাস, বিপদ, উদ্ধাৰ,
কথমপি গা-সৰা, পুনু সুখভাগী,
অদ্ভুত ঘটনা-পাক মেলি সুকৌশলে,
ভুলালোঁ তিনটি প্ৰাণী, শঙ্কা পাহৰাই।
উমানত গৰু-খেদা, নীৰৱ চালক,
লাগিল তৱধ শুনি ঐশ্বৰিক লীলা।
অকস্মাৎ ৰিনি ৰিণি, শিঙা-উকিয়নি;
লৰি লৰি বস্তি এটি চাপে কাষলই।
ঈশ্বৰ-প্ৰেৰিত যেন অনাথ সাৰথি,
অথন্তৰ অৱস্থাত উপস্থিত আহি।—
চিনিলোঁ চিনাকী সাজে, ডাক-ভাৰী দুটি।
সুধিলোঁ আবেগ সুৰে সম্বোধি ‘ককাই’
কিমানত আছে আগে, আলহী আশ্ৰয়?

[ ৪১ ]

উৰিলে সমস্বৰে, সম্বোধি ঘূৰাই-
লাগিব খেদিব আৰু পূর্ণ দুই ক্রোশ।
লাগিলোঁ তৱধ; পৰি যেন বজ্রপাত,
হতাশ খুন্দাত। সােধোঁ বুলি আৰু কিবা
হলোঁ আধা-গাড়ী-বাজ, মূৰ উলিয়াই ।
দেখোঁ পুনু শুভ দৃশ্য। আহে নে কি আৰু
সুখৰ সম্ভেদ্‌ কিবা?--উজ্বলি আন্ধাৰ
আহিছে দুটাৰি জোঁৰ, আমাকে ধিয়াই ;
হাবি-বনে দিলে বাট, একতীয়া হই।
চাপিল চাপিল হাঁয়, চাপিল ওচৰ,
বাজিল নাকীয়া শিঙ, কঁপাই বননি,
সমুখত মহাকায়, দঁতাল গজেন্দ্ৰ।
আতঙ্কে উৰিল প্ৰাণ; পুতলাৰ প্রায়,
তধা লাগি ৰলোঁ, মৃত্যুমুখী নৰপ্রাণী।
চুৰ্ত্তি হেৰুৱাই। মুহূৰ্ত্ত পাচত,—হাঁয়,
নচলে লিখনী,—ডাকভাৰী বন্তি এৰি
চিটিকি পলাল প্রাণে, নিৰােধি নিশ্বাস;
গাড়োৱান পিচে পিচে, উন্মাদচিতীয়া,
নিমিষে লুকাল কেনি, অন্ধকাৰ ভেদি ;
মাতিব নজনা দুটি গাড়ী-যোঁটা প্রাণী,
ধৰিল ঢাপলি পাচে, যুঁৱলি পেলাই,
আন্ধাৰত পিচলই উৰাই নিচান;
ভয়ে-ছেপা তিনি প্রাণী এৰি গাড়ী স'তে !
নিৰাশ্রয়া শীলা হাঁয়, মেলি বাহুলতা,

[ ৪২ ]

ধৰিল সাবটি মোৰ পাতি-ধৰা ডিঙ্গি;—
যুগুত আশ্ৰয়। আঁটি ধৰি বুকুলই,
পৰিলোঁ চেপেটা হই, স্থিৰ কৰি মনে,
এহিস মানৱ দেহা, পূৰ্ণমিলনত,
একাঙ্গ বান্ধোনে। প্ৰভুভক্ত লগুৱাটি
প্ৰভু-ভকতিত, আসন্ন লগৰী হই,
দুটি পাৱ শিৰে ধৰি লগতে পৰিল।
অৰ্দ্ধেক সজ্ঞানে মই চাওঁ গজক্ৰীড়া
এৰি যোৱা বন্তি স’তে। অপেক্ষি মৰণ,
উপস্থিত বিপদৰ প্ৰতি মুহূৰ্ত্তত,
চাওঁ ভাবি সৃষ্টি-লীলা বিধিৰ হাতত।
সামৰিল ক্ৰুদ্ধভাৱ, বস্তি গুৰি কৰি;
আঁতৰিল গজপতি, গজেন্দ্ৰ গতিৰে,
মৰষি যতেক দায় আতুৰ প্ৰাণীৰ।
এৰাই ৰাহুৰ গ্ৰাস, যেনে দিনকৰে
খলকি লগাই মেলে নিজ তেজ ৰাশি;
এই মৰণ গ্ৰাস, কানে-কানমাৰি,
লাগিল খলকি প্ৰাণে, বুকু ঢিপিয়নি।
ক্ষন্তেক নিস্তাৰ মানি, তিনে চোৱাচুই
মৰণৰ আগ-পাচ, সুমৰি নীৰৱে,
প্ৰকাশিলে মনোভাৱ চকু-চাহনিয়ে।
বাজিল প্ৰাণত পূনু, চেতনাৰ শৰ ,
ভয়-বিহ-সনা-গাত। ভৱিষ্য বিপদে
ঘন ছাতনিৰে, অতীত প্ৰকোপ জিনি

[ ৪৩ ]

ছাতিলে সমুখ ভাগ। চালক বিহীন,
অচল গভীৰ ঘিলা। পৰ্ব্বত প্ৰান্তত
লাখুটি বিহীন যেন, খোৰা তিনি প্ৰাণী।
বিপদ-নজনা লীলা, আৰু লগুৱাটি,
আতঙ্ক খুন্দাত হাঁয়, মুছকঁছ্ গই,
হল সংজ্ঞাহীন; তন্ত্ৰাৰ আবেশ পাচে।
অকলশৰীয়া, মাথোঁ কল্পনা ছঁয়াত,
প্ৰকৃতি বুকুত হাঁয়, বিভোল-জুৰণি
বঞ্চিলোঁ মুকলি কৰি উদাস পৰাণ।
ধীৰে ধীৰে নিশাকৰে, 'নামধৰ' শিৰে,
ৰাঙলী নিচান তুলি, পূব শিতানত,
জোনাক-জাননী দিলে আক্ৰমি আন্ধাৰ।
আঁতৰিল অন্ধকাৰ, ঘাটিল যুঁজত;
বিস্তাৰিলে নিজ প্ৰভা, জোনাকি জগত।
উদঙ্গালে প্ৰকৃতিৰ কাঁচলি বুকুৰ।
নিজম-সৌন্দৰ্য-প্ৰভা হল প্ৰতিভাত
উদং হিয়াত মোৰ। উদাস পৰাণ
পূৰ্ণ হল কি যে ভাবে, সৃষ্টি মহিমাৰ
কোটী গ্ৰহ, উপগ্ৰহ, নিশাকৰ স'তে,
পৰিল যেতিয়া, অহ, নীৰলা চকুত।
আৰু বা কতনা সৃষ্টি, নেদেখা ভাগত,
বিৰাজিছে আলাসত, ব্ৰক্ষাণ্ড বিয়াপি।
এজনা নিয়ন্তা তাৰ, চাওঁতা এজন,
একেজনা বিশ্বেশ্বৰ ৰক্ষক সবাৰ।

[ ৪৪ ]

ক্ষুদ্ৰাদপি ক্ষুদ্ৰ আমি, মনুষ্য জীৱন,
ততোধিক অকলই, তুলনা যেতিয়া
অসীম ব্ৰহ্মাণ্ড স’তে। অজ্ঞান মানৱ,
লীলাৰ ঢাকনি তলে। নিন্দে সি সততে
বিধিৰ বিধান, নেদেখি প্ৰকৃত জ্যোতি,
সৃষ্টি-মহিমাৰ। ভাবত বিভোল হলোঁ।
উদাস পৰাণ মোৰ; আত্ম-বুজনিত।
কটালোঁ প্ৰফুল্ল প্ৰাণে, বিপদীয়া ৰাতি,
বখানি সৃষ্টিৰ লীলা ঈশ-গুণগানে।
নুমাল ৰাতিৰ স'তে যতেক অপায়,—
দিঠকৰ, কল্পনাৰ, অশেষ, অপাৰ,
—পূবালি মেঘৰপৰা, বিৰহ শেষত,
পদ্মনাথে পুনু আহি দূৰণি বিলত,
ধৰিলে নাচোন যেই প্ৰিয়া-মিলনত।
ভাগিল নিটাল ভাব, শাঁত প্ৰকৃতিৰ,
হলৌ বান্দৰ আদি ডলুৱা প্ৰাণীয়ে
জুৰিলে আনন্দ ৰাৱ যেবে ঠেও ধৰি।
লভিলে চেতনা পুনু, মূৰ্চ্ছা-যোৱা-প্ৰাণে;
ধীৰে ধীৰে উঠি লীলা, ধৰিলে গুণনি;—
ৰাতিৰ বিপদ কথা। শুকান, নিমাত,
মুখ লগুৱাৰ; আতঙ্ক চোঁচনি পাচে!
উভতি বলদ স’তে, গাড়োৱানে গাড়ী
যুঁটিলেহি পুনু; ঘূৰিল অচল ঘিলা।
বুজালোঁ কথাৰ ছলে, সৃষ্টি-লীলা-খেলা,

[ ৪৫ ]

সংসাৰী লীলাৰ স'তে; নিজনি বিলত
সূৰ্য্য প্ৰতিবিম্ব খেলা। আশ্বাসিলোঁ পাচে,
প্ৰবোধি মনক, সুখ-দুখ স্বপ্নখেলা, —
বিপদৰ অন্ত সেয়ে বিধি-ধৰ্মমতে।
হৰষিত লীলা শুনি, বুজনি হাঁহিৰে,
তিয়াগি বিপদ চিন্তা ভাবনা অপাৰ।
অনাহাৰে নোৱাৰিলে টুটাব জেউতি
ৰসময়ী লীলাৱতী, জেতুলীপকাৰ।
দেখি কিন্তু চকু মোৰ মুদনিমুখীয়,
ম্লানমুখ ভাগৰত, সজাগৰে থকা,
কোঁচালে চকুৰ পাহি; —দুখ পতিয়নি।
চৰিল চেহেনী ৰূপ, বেজাৰ ছঁয়াত;
ধোঁৱাৰ পাকনি মাজে বাৰ-জোলোঙাৰ।
আঁঠু যুৰি কোলা পাতি, লই দুটি পাৱ,
বুলালে কোমল হাত, নিবেদি বিশ্ৰাম।
নিশাকৰে মিছা কৰি ৰাতিৰ বিপদ,
আপুনি পৰিলে শেতা। দিনকৰে পাচে,
বিস্তাৰি অভয় দীপ্তি, হৰিলে আন্ধাৰ,
শতৰু লুকনি আঁৰ। পৰিল চেঁচনি।
ৰখীয়া দি পদ্মনাথ পদ্মিনী প্ৰিয়াৰ
অবিহনে মোৰ,—জিৰণিত ভোল গই,
জপালোঁ চকুৰ পাহি। প্ৰিয়া-স্পৰ্শ-সুখে
শান্তিৰ জুৰণি সানি, প্ৰতি অঙ্গভাগে
কৰিলে বিভোল প্ৰাণ। আহিল টোপনি,

[ ৪৬ ]

শক্তিৰ ওপৰে সদা আলাসত ভহা।
নিমিষে নেদেখা হলোঁ দিঠকৰ মেলা।
সপোনৰ ইন্দ্ৰজাল বিয়াপি চৌপাশে,
অপৰূপ সৃষ্টিলীলা, বিয়পালে প্ৰাণে।
ভূপতি সমান ভোগ, সংসাৰ বিলাস,
ৰাণীসমা লীলা মোৰ, ভুঞ্জে তাৰ ভাগ।
পুণ্য মিলন, আহ, পুণ্য প্ৰেমফল।
প্ৰথম প্ৰহৰ পাচে চাওঁ চকু মেলি,-
মুকলি চৌপাশে; 'নামবৰ' অন্ত চিন।
বাৰী-ঘৰ সমুখত, মানুহ-বসতি,
মাজে মাজে চিনি-পোৱা মুখৰ আকৃতি।
ডিমাপুৰ নামে ঠাই। শান্তি ৰক্ষা হেতু,
ৰজাৰ ৰখীয়া 'থানা’ ধনশিৰী পাৰে।
হিড়িম্বা নগৰ আগে, জীৰ্ণ অৱস্থাত।
শুনিলোঁ প্ৰিয়াৰ মূখে বহুদূৰ গতি,
টোপনি ভোলত মোৰ। বিশ্বাসঘাতকী
নৰ-পশু‘গাড়োৱান' নিশবদে নামে
এফলীয়া গৰু স’তে। আত্মধিক্কাৰত,
মৰ্মাহত হল অল্পবোধী প্ৰাণ হাৰ।
নবঢ়ালোঁ তাপ তাৰ, চাহনি বাণেৰে।
দিলোন অন ফালে, নেদেখা ভাৰত।
বন্ধুজন শুশ্ৰূষাত, পথিক ভোজন,
পূৰ্ণভাৱে সমাপন, আহত তলত,—
এসন্ধ্যা সন্ন্যাসী দৰে আবেলি পৰত।

[ ৪৭ ]

বঁঞ্চিলো সি ৰাতি তাতে, শঁতাই ভাগৰ,
অসময় ভোজনৰ পাচে। লীলা কিন্তু
অতিকে বিমনা, কি জানো কি কথা গুণি;—
“এনেই লাগিছে কিবা”—প্ৰশ্ন-উত্তৰত।
বুজিলোঁ আজলী প্ৰাণে বাল্য-লীলা-খেলা,
সাংসাৰিক লীলা স’তে পৰিছে ৰিজনি।
নুসুধি দুনাই একো, ধৰিলোঁ বুকুত,
ভাৰত জেউতি চৰা মুখানি সৰল।
পুলকিত নিমিষতে, কায়-মন-বাক্,
চকুৰ হাঁহিৰে যেবে হঁহালো চকুক।