[ ৩১ ]

যাত্ৰী

(১)

 গাৱঁত সৰু-সুৰা বেপাৰ কৰিছিলোঁ, কিছু টাকা লাভ হল, চহৰো বৰ দূৰ নহয়; কেইবছৰ মানৰ পাছত চহৰতে এখান দোকান খুলিলোঁ। ঈশ্বৰৰ ইচ্ছাত ইয়াতো কাৰবাৰৰ সুবিধা হল।

 মই নিজে কিজানি তিমান কাৰবাৰৰ লেঠা সহি থাকিব নোৱাৰিলোঁহেতেন। ভাগ্যৰ গুণত মোৰ গোমস্তাজন পালোঁ বৰ বিশ্বাসী আৰু বৰ কাৰ্য্যদক্ষ। তেওঁকো কেনেকৈ পালোঁ সিও এক মস্ত বুৰঞ্জী।


(২)

 সেই দিনা পুৱ৷ দুখনমান “বিলটি” লৈ ৰেলৰ ষ্টেচনলৈ গৈছিলোঁ—কলিকতাৰ পৰা পূজাৰ মাল কিছুমান আহি পাইছে। এজন মানুহ —দীঘল কৈ লাগে, ক্ষীণ, চকুদুটি উজ্জ্বল, তেজগোৰা, হাতত এটা বেগ—আহি মোক সুধিলে “নানু সদাগৰৰ দোকানখনলৈ মোক বাট দেখুৱাই দিব পাৰে নে! মই অলপ আচৰিত হলোঁ। মোৰ আচল নাম আচলতে নবীন হে; স্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়া মুজুৰাপৰা আছিলোঁ দেখি লগৰীয়াহঁতে মোক মাতিছিল ‘নানু’ বুলি। এতিয়া দোকানী হোৱাতো ‘নানু সদাগৰ’ নামটোহে মোৰ প্ৰখ্যাত হল।

 বেছি কোৱাৰ সকাম নাই; তেৱেঁ হল মোৰ প্ৰধান গোমস্তা। তেওঁৰ নাম কেশৱ।


(৩)

 কেশৱৰ ঘৰ আছিল আমাৰ গাৱঁৰ ওচৰৰে এখন গাঁৱত। তেওঁৰ মাক-বাপেক সৰুকালতে ঢুকাল। ককায়েকে আন জিলাত থাকি কোনো উকীলৰ তৰণি কাম কৰিছিল। সেই আপাহতে তেওঁ উকীলৰ ঘৰত তেওঁলোকৰ আধা ঘৰৰ লৰা আধা চাকৰ হৈ থাকি, ইংৰাজী স্কুলত লেখাপঢ়া কৰিছিল। শ্ৰেণীতো ভাল লৰা আছিল, পৰীক্ষাতো পাছ হই প্ৰাইজ-তাইজ পাইছিল।


(8)

 উকীলৰ ঘৰৰ লগত প্ৰায় একে চোতালে যি-ঘৰ মানুহ আছিল,তেওঁলোকৰ ঘৰত জীয়াৰী ছোৱালী আছিল এজনী— তেওঁৰ নামতো হল সৰযূ। এই সৰযূৰ কাৰণেই কেশৱ সৰু কালতে, ১৭।১৮ বছৰ বয়সত দেশ এৰি বিদেশী হল; আৰু কলিকতা, বোম্বাই, নাগপুৰ আদি ঠাইত কোনো সময়ত কুলি খাটি, কোনো সময়ত চৰ্দাৰি কৰি, কোনো সময়ত কেৰাণী হৈ, প্ৰায় কুৰি বছৰ [ ৩২ ] দেশে-বিদেশে ঘূৰি ফুৰিলে, আৰু শেষত নিজৰ ঠাইৰ কিবা এটা এৰাব নোৱাৰা টানত পৰি আকৌ নিজৰ ঠাইলৈ ঘূৰি আহিল। মোৰ কথাটো বোলে জানিলে মোৰ কিছুমান এৰি মুগা কাপোৰৰ বিজ্ঞাপন দিয়া ‘হেণ্ডবিল’ আছে, তাৰেপৰা। মোৰ টেলিগ্ৰাফৰ ঠিকানা, ‘নানুসদাগৰ।'

( ৫ )

 সৰযূৰ লগৰ সম্পৰ্ক, সিও এটা মহা উপন্যাসৰ ঘটনা। কেশৱ আৰু সৰযূ দুয়ো প্ৰায় একে বয়সীয়া, ৭৮ বছৰৰেপৰা দুইৰো বৰ লগ, বৰ মিল। আনৰ কুঁহি এটা হলেও দুয়ো একেলগে খাব লাগে, বালিৰ ভাত ৰান্ধিবলৈ দুয়োৰো যতন লাগে; এনেকি নিশা পঢ়িবলৈকো দুয়োৰো লগ হব লাগে। সৰু-কাল ডোখৰ সকলোৰে এইদৰেই যায়, তেওঁলোকৰো গল। যেতিয়া কিছু ডাঙৰ হল তেতিয়া দুয়োৰো বাহিৰৰ লগ ভাঙিল যদিও, অন্তৰৰ লগৰ বান্ধন ঢিল নাখাই আৰু অলপ টানকৈ হে লাগিল। দুয়োৰো দেখাদেখি হয়, কথাবাৰ্তা হয়, সৰযূই মাতি নি কেশৱক জলপানো খুৱায়। কিন্তু দুয়োৰো মাজৰ বাহিৰত থেলা-থেলি ভিতৰত টানাটানিৰ যি এক মধুৰ সম্বন্ধ সেই সম্বন্ধ সেই দৰেই থাকিল। কোনো সন্ধ্যাত সৰযূৰ সাজা জলপান খাই আহি কেশৱৰ গোটাই গা অমৃত ৰসত ডুবি থাকে, বুকুৰ মাজত বুজিব নোৱাৰা আনন্দৰ ঢৌএ তোলপাৰ লগাই দিয়ে! তেনে দিনৰ গধূলি কেশৱে ভাত খায় টোপনিত থাকা মানুহৰ দৰে, বিছানাত পৰি প্ৰায় গোটেইটো নিশা জাগ্ৰত আৰু স্বপ্নৰ মাজামাজি অৱস্থাত কটায়, তাৰ শ্ৰেণীৰ পঢ়াতো পঢ়াই।

 যেতিয়া এই অৱস্থা, এদিন কেশৱে গধূলি ভাত খাওঁতে মাকে উকীলৰ লগত কথা-পাতা শুনিলে—সৰযূৰ বিয়া। মনত কি ভাৱ খেলি গল প্ৰকাশ কৰিব নোৱাৰি। কিন্তু পাছত কেশৱে মনটোক বেছ কৰি বুজালে যে সৰযূৰ তো বিয়া হবই আৰু বিয়াও তেওঁৰ লগত নহয়; কাৰণ অৱস্থাৰ হীন দেৰি আৰু বয়সৰ তেনেই অমিল। সেই দেখি কেতিয়াবা সেই চিন্তাই কোনোবা ফালৰ পৰা বুকত খুন্দা মাৰি দিলেও, কেশৱে জোৰ কৰি স্কুলৰ পৰা আহিয়েই ইংলণ্ডৰ বুৰঞ্জীৰ বুজিব নোৱাৰা কথাবোৰ চিঞৰি পঢ়িবলৈ ধৰে।

 দিন এই দৰেই গল। সৰযূৰ কথালৈ বৰ মন নপৰা হল। এনেতে এদিন সুন্দৰ ফটফটিয়া জোনাকত গোটেইখন সংসাৰ ফুলি পৰিছে; গধূলি ফুৰি আহি তেওঁৰ ইংলণ্ডৰ বুৰঞ্জীখন মেলোতেই এডোখৰ কাগজত লিখা, “মই মৰিম।” কাৰ লিখা বিচাৰিবৰ সকাম নহল, কাৰণ সেই আখৰ কেশৱে সৰুৰে পৰা ইমান ভালকৈ জানে। তেওঁৰ ভৰিৰ পৰা মূৰলৈ শিঞৰি উঠিল।

( ৬ )

 ভাৱনাৰ পাৰকুল নাই। নূতন বয়সৰ ডেকা লৰাৰ ত্যাগ প্ৰেম আদি ভাৱৰ মহত্ত্বৰো ইয়ত্তা নাই। কেশৱে ভাবিলে, জানোচা আচলতে সৰযূএ কিবা এটা সাংঘাতিক কৰি তোলেই! সম্ভব, তেওঁ নোহোৱা হলে, বা তেওঁৰ পৰা এনে ভাৱৰ বিপৰীত কোনো কথা পালে সৰযূৰ এনেবোৰ উন্মাদ কল্পনাৰ উদয় নহবই। এই দৰে ভাবি চিন্তি চাই কেশৱে সেই নিশায়ে ঘৰ এৰিলে; সৰযূৰ কাৰণে এক ডোখৰ কাকতত লিখি থৈ গল “তুমি বলিয়া হৈছা।” কাকত ডোখৰ সৰযূৰ নিচেই নুমলীয়া ভায়েকটোৰ হাতত দিছিল; সৰযূই পাইছিল নে নাইকোনে জানে।

[ ৩৩ ]  যি হক কেশৱে সেই ঘৰ এৰাই এৰিলেই। পোনতে দুই তিন বছৰ প্ৰেমৰ কাৰণে এনে অসাধাৰণ ত্যাগ কৰা বুলিয়েই তেওঁৰ দিন ভাৱৰ উন্মাদনাত গল। পাছলৈ ভাবৰ প্ৰাখৰ্য্য কমিল যদিও গাম্ভীৰ্য্য বাঢ়িল। ইফালে দেশ বিদেশে এনে মুকলি মূৰীয়া জীৱনো এটা উপভোগৰ বস্তু! সাতে সত্তৰে লগ লাগি তেওঁ কুৰি বছৰ কাল বিদেশত কটাই, শেষত মোৰ লগ লাগিল হি।

( ৭ )

 কেশৱ মানুহ জনৰ বেপাৰত বেছ অভিজ্ঞতা আছিল। আৰু আমাৰ দোকানবোৰত যিবোৰ বস্তু বেছি দামত বিক্ৰী হয়, সেইবোৰ কোন ঠাইত সস্তাত পোৱা যায় বেছকৈ জানিছিল। তেওঁক লগ পাই পাঁচ ছয় বছৰ মানৰ ভিতৰতে মোৰ দোকানৰ বিশেষ উন্নতি হল। অলপ টকাকড়ি জমা হলত কেশৱৰ দিহাতে নগৰতে মাটিবাৰী লৈ এখন ঘৰ কৰিলোঁ। টকা হল বুলি,কেৱল টকাৰ পাছতেই লাগি লৰা-তিৰোতাক এৰি চিৰ দিন থাকিব পাৰি জানে৷! এইবাৰ ঠিক কৰিলোঁ, নগৰত সপৰিবাৰে থাকিবলৈ লওঁ।

( ৮ )

 কেশৱ মোৰ লগত প্ৰায় দহ বছৰ থাকিল; ইমান দিন একেলগেই আছিলোঁ। মোৰ পৰিবাৰ আহাৰ ঠিক হলত তেওঁক সুধিলো, তেওঁৰ বেলেগে থাকিবৰ মন নে মোৰ লগতেই। তেওঁ মোৰ লগতে থাকিবলৈ মান্তি হল। কেশৱক এতিয়া কোনো দৰমহা নিদিছিলোঁ, কাৰবাৰৰ এক তৃতীয়াংশ তেওঁক লিখা পঢ়া কৰি দিছিলোঁ।

 নগৰত আহি এইদৰে ঘৰ পাতি আছোঁ; কেশৱৰো বাহিৰ ভিতৰ একো বাধা নাই; তথাপিতো স্বভাৱতে তেওঁ ভিতৰলৈ ভাত পানী খোৱাৰ আৱশ্যকত বাজে এনে নাযায়। বেছি সময় ভাতো খায় বাহিৰৰ ঘৰতে। কিন্তু মোৰ লৰা-ছোৱালী কেইটিক হলে বৰ মৰম কৰে। এনেকৈ যিহক বুলিৱ পাৰি সুখ তেনে অৱস্থাত দিন যাবলৈ ধৰিলে।

 মোৰ বৰ ছোৱালী দুজনী বিয়া দিছিলোঁ; এতিয়া তৃতীয় জনীৰ বিয়াৰ দিহা লগালোঁ,তাইৰ বয়স প্ৰায় পোন্ধৰ বছৰ। দৰা কেশৱহঁতৰ গাৱঁৰে লৰা; বি-এ পাছ কৰি গুৱাহাটীৰ কলেজত ল’ পঢ়ে। নগৰত ধনী বুলি খ্যাতি হৈছিল; গতিকে মোৰ মানো বাঢ়িছিল। বিয়াটো অৱশ্য মোৰ এই নতুন ধন আৰু মানৰ জোখাই পাতিবলগীয়৷ হৈছিল। কেশৱেও বিয়াৰ যোগাৰত বৰকৈ খাটি ফুৰিছিল।

( ৯ )

 বিয়ালৈ দুদিন নে তিনদিন আছে; বেলা দহ এঘাৰমান বজালৈ কেশৱ নাই। প্ৰথমতে ভাবিলোঁ কিবা কাৰবাৰত ফুৰিছে। সেইদিনা দৰা-ঘৰ অহাৰ কথা। কিন্তু বেলা ভাঠি দিলে,পাঁচ বাজাৰ গাড়ীত বৰ-ঘৰীয়া আহি পৰে লাগে, কেশৱটো নো কত লুকাল, ইমান দিন থাকি বুঢ়া হৈ বুধি হত হল ইয়াৰ। মনত বিৰক্তি লৈ কেশৱক বিচাৰিলোঁ, নাই চাঁত কৰি মনত সন্দেহ হল জানোচা টকা-কৰি লুটি লৈ তেনেই মোক সৰ্বনাশ কৰিলে। হিতোপদেশৰ “অজ্ঞাত [ ৩৪ ] কুলশীলস্য” শ্লোকে খুন্দি কৰিব ঘৰিলে। কিন্তু কি কৰা যায়, বৰঘৰীয়া আহি পোৱাৰ সময়; কেশৱকে ভৰসা কৰি আছিলোঁ সকলো যোগাৰত; সি মাৰিলে মূৰত এই টাঙোন! মনত মহা অশান্তি আৰু অনুতাপ লৈ সদ্যহৰ কৰ্তব্য কৰিবলৈ লৰালৰি লগালোঁ।

( ১০ )

 বিয়া হৈ যোৱাৰ আঠ দহ দিনমান হৈছে। পিয়নে মোৰ নামৰ ৰেজেষ্টাৰী কৰা চিঠি এখন দিলে; শিৰোনামাৰ আখৰ কেশৱৰ। কঁপা হাতেৰে চিঠিখন পঢ়িলোঁ।

 “মৰমৰ” ডাঙৰিয়া,

 যদি এই অপৰাধীৰ ক্ষমা আছে ক্ষমা কৰিব। মোক আপুনি নিচিনিলে; কিন্তু আপোনাৰ পৰিবাৰে চিনিবলৈ উপক্ৰম কৰিছিল। সেই দেখিয়েই পলাই আহিলোঁ।

 মোৰ নাম কেশৱ নহয়, গদাধৰ। মই যেতিয়া স্কুলত পঢ়োঁ তেতিয়া আপুনি গাৱঁত দোকান দিয়ে। মই দূৰ জিলাৰ পৰা আহি আপোনাৰ দোকানতে বন্ধৰ দিন কেইটা প্ৰায় কটোৱা অভ্যাস কৰিছিলোঁ|; কাৰণ আপোনাৰ কথাবাৰ্তা তেতিয়া বৰ ভাল লাগিছিল।

 আপোনাৰ আগত মই মোৰ যি ইতিহাসৰ কথা কইছিলো, সেইটোও আপোনাৰ গাতে ফলিয়াইছে। আপোনাৰ পত্নী শান্তিয়েই মোৰ বুৰঞ্জীৰ সৰযূ। আচৰিত নহব! এই বাবে মোক দায় নিদিব আৰু শান্তিৰো জগৰ নধৰিব। আৰু আপোনাৰ যি নতুন জোঁৱাই বি-এ, পাছ কৰা ডেকা সিয়েই মোৰ ভতিজা। মোৰ যিজন ককায়ে উকীলৰ তৰণি কাম কৰিছিল, তেওঁৰ লৰা।

 মই পলাই আহিলোঁ সেই কাৰণেই। মই আটাইকে চিনি পাইছিলো, কিন্তু মোক কোনেও চিনি পোৱা নাছিল। মুঠতে ইয়াকে লক্ষ্য কৰিছিলো যে শান্তিএ মাজে মাজে ভাত খাবলৈ বহাত একেবাৰে আচৰিত হৈ মোৰ ফাললৈ চায়। বিবাহ সময়ত আমাৰ গাৱঁৰ অনেক মানুহৰ আহাৰ কথা, কোনোবাই কৰবাত চিনি পাব; তেতিয়া!

 আৰু মাজু আইদেওৰ বিয়া। প্ৰায় ত্ৰিশ বছৰৰ পূৰ্বৰ এটা দিনৰ কথা মনত উদয় হল। ডেক৷ কালৰ বলিয়ালিকে বুলিছোঁ মই, কিন্তু এনে অদ্ভূত বলিয়ালি, তাৰ চেকা আজিলৈকো নগল।

 ইফালে মোৰ পক্ষে মোৰ এই জীৱনেই ভাল। ভাৱ চিন্তা নাই, দেশ বিদেশত ঘূৰি ফুৰিছোঁ। এই নিৰ্মুক্ত জীৱনৰ আস্বাদো এবিধ উপভোগৰ বস্তু। আপোনাৰ লগত দহ বছৰ যে থাকিলোঁ,কিবা এটা অন্তৰৰ নিভৃততম ভাৱে যেন জোৰ কৰে! ব্যৰ্থ প্ৰেমিক! জীৱনটো তো এনেই গল, যাৰ বাবে এনে কৰিছ, তাৰ সুখৰ কাৰণেই চোন অলপ যোগাৰ কৰি দে!

 সেই দেখি এতিয়া বিদায় কৰিছোঁ। মোক নিবিচাৰিব, নাপায়। দোকানৰ মোৰ অংশটো মাজু আইদেও আৰু ভতিজাৰ বিয়াত উছৰ্গা কৰিছোঁ। সিহঁতকেই দিব।

 শেষ অনুৰোধ, শান্তিক একো দোষ নধৰিব। শান্তি একো দোষ কৰা নাই। আৰু ইমান দিনে অভাগিনী আপোনাৰ সঙ্গতে সুখত নাছে নে?

 মই টকা কৰি লৈ পলাই আহিছোঁ, অৱশ্য প্ৰথমতে সকলোৰে এনে সংশয় হৈছিল। ইমান [ ৩৫ ] দিনে আপুনি আচল হিচাব গাইছে। কিন্তু আন মানুহৰ মনত সেই বিশ্বাস থাকাই ভাল, বিশেষকৈ শান্তিৰ মনত; নহলে সন্দেহ হব পাৰে।

 মোৰ অপৰাধ গুৰুত্ব মই বুজিছোঁ। কিন্তু আপুনি ক্ষমা কৰিব বুলিও আশা কৰিছোঁ। ইতি।”

( ১১ )

 নন্-কো-অপাৰেচনৰ দিন। ডেকাদলৰ সেৱা-যত্নৰ কাৰণে আকুল।

 পুৱাই এজন ডেকাই খবৰ দিলেহি ‘স্বৰাজকুটিৰ’ত এজন সন্ন্যাসীএ মোক বিচাৰ কৰিছে, তেওঁৰ বৰ নৰীয়া। মোৰ যোৱাত অলপ পলম হল। কাছাৰীৰ পৰা জোৱাঁইকো লৈ গৈছিলোঁ। তেওঁ এতিয়া নগৰতে ওকালতি কৰে। গৈ দেখো, যি সন্দেহ কৰিছিলো সেয়ে; আজি পাঁচ বছৰত কেশৱৰ ইমান পৰিবৰ্তন হোৱা নাই যে তেওঁক চিনি নাপাব।

 কেশৱৰ চেতনা নাই প্ৰায়। মই গলত চিনি পালে, তেওঁৰ অৱস্থ৷ দেখি মোৰ চকুৰ পানী ওলাল। জোৱাঁইৰ ফালে চালে। মই বুজিলোঁ, কলোঁ “তোমাৰ ভতিজা।” হাত বাও দি তাক মাতি নি তাৰ মূৰত হাত ফুৰাই দিলে, তিনিওৰো চকুৰে গিৰ গিৰ কৰি চকুৰ পানী ওলাল। কিছু পৰৰ পাছত বৰ চেষ্টা কৰি কেশৱে মাত দিলে, “শান্তি—মোক ক্ষমা কৰিব।” মই চিঞৰি কলোঁ, “কেতিয়াবাই কৰিছোঁ। একো চিন্তা নকৰিবা।”

 ক্ষন্তেকতে উত্তেজিত চকু দুটি শান্ত হল, তাৰ পাছত—শেষ!

 অনন্ত পথৰ যাত্ৰী, অনন্ত প্ৰেমৰ ভিখাৰী, অনন্ত প্ৰেমময়ৰ ওচৰ পালে গৈ নে বাৰু?[১]

  1.  এই গল্পেটা পোনতে হাতে-লেখা আলোচনী অঙ্কুৰ, ১৮২৭ শক, কাতি, প্ৰথম ভাগ, সপ্তম সংখ্যাত প্ৰকাশ হৈছিল। সেই গল্পটোকে সামান্য সাল-সলনি কৰি “ময়না” ত সন্নিবিষ্ট কৰা হৈছে।—সং,শ. গো. ৰ.