পৃষ্ঠা:ময়না.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাত্ৰী

(১)

 গাৱঁত সৰু-সুৰা বেপাৰ কৰিছিলোঁ, কিছু টাকা লাভ হল, চহৰো বৰ দূৰ নহয়; কেইবছৰ মানৰ পাছত চহৰতে এখান দোকান খুলিলোঁ। ঈশ্বৰৰ ইচ্ছাত ইয়াতো কাৰবাৰৰ সুবিধা হল।

 মই নিজে কিজানি তিমান কাৰবাৰৰ লেঠা সহি থাকিব নোৱাৰিলোঁহেতেন। ভাগ্যৰ গুণত মোৰ গোমস্তাজন পালোঁ বৰ বিশ্বাসী আৰু বৰ কাৰ্য্যদক্ষ। তেওঁকো কেনেকৈ পালোঁ সিও এক মস্ত বুৰঞ্জী।


(২)

 সেই দিনা পুৱ৷ দুখনমান “বিলটি” লৈ ৰেলৰ ষ্টেচনলৈ গৈছিলোঁ—কলিকতাৰ পৰা পূজাৰ মাল কিছুমান আহি পাইছে। এজন মানুহ —দীঘল কৈ লাগে, ক্ষীণ, চকুদুটি উজ্জ্বল, তেজগোৰা, হাতত এটা বেগ—আহি মোক সুধিলে “নানু সদাগৰৰ দোকানখনলৈ মোক বাট দেখুৱাই দিব পাৰে নে! মই অলপ আচৰিত হলোঁ। মোৰ আচল নাম আচলতে নবীন হে; স্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়া মুজুৰাপৰা আছিলোঁ দেখি লগৰীয়াহঁতে মোক মাতিছিল ‘নানু’ বুলি। এতিয়া দোকানী হোৱাতো ‘নানু সদাগৰ’ নামটোহে মোৰ প্ৰখ্যাত হল।

 বেছি কোৱাৰ সকাম নাই; তেৱেঁ হল মোৰ প্ৰধান গোমস্তা। তেওঁৰ নাম কেশৱ।


(৩)

 কেশৱৰ ঘৰ আছিল আমাৰ গাৱঁৰ ওচৰৰে এখন গাঁৱত। তেওঁৰ মাক-বাপেক সৰুকালতে ঢুকাল। ককায়েকে আন জিলাত থাকি কোনো উকীলৰ তৰণি কাম কৰিছিল। সেই আপাহতে তেওঁ উকীলৰ ঘৰত তেওঁলোকৰ আধা ঘৰৰ লৰা আধা চাকৰ হৈ থাকি, ইংৰাজী স্কুলত লেখাপঢ়া কৰিছিল। শ্ৰেণীতো ভাল লৰা আছিল, পৰীক্ষাতো পাছ হই প্ৰাইজ-তাইজ পাইছিল।


(8)

 উকীলৰ ঘৰৰ লগত প্ৰায় একে চোতালে যি-ঘৰ মানুহ আছিল,তেওঁলোকৰ ঘৰত জীয়াৰী ছোৱালী আছিল এজনী— তেওঁৰ নামতো হল সৰযূ। এই সৰযূৰ কাৰণেই কেশৱ সৰু কালতে, ১৭।১৮ বছৰ বয়সত দেশ এৰি বিদেশী হল; আৰু কলিকতা, বোম্বাই, নাগপুৰ আদি ঠাইত কোনো সময়ত কুলি খাটি, কোনো সময়ত চৰ্দাৰি কৰি, কোনো সময়ত কেৰাণী হৈ, প্ৰায় কুৰি বছৰ 

ময়না-৫