পৃষ্ঠা:ময়না.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ময়না


দেশে-বিদেশে ঘূৰি ফুৰিলে, আৰু শেষত নিজৰ ঠাইৰ কিবা এটা এৰাব নোৱাৰা টানত পৰি আকৌ নিজৰ ঠাইলৈ ঘূৰি আহিল। মোৰ কথাটো বোলে জানিলে মোৰ কিছুমান এৰি মুগা কাপোৰৰ বিজ্ঞাপন দিয়া ‘হেণ্ডবিল’ আছে, তাৰেপৰা। মোৰ টেলিগ্ৰাফৰ ঠিকানা, ‘নানুসদাগৰ।'

( ৫ )

 সৰযূৰ লগৰ সম্পৰ্ক, সিও এটা মহা উপন্যাসৰ ঘটনা। কেশৱ আৰু সৰযূ দুয়ো প্ৰায় একে বয়সীয়া, ৭৮ বছৰৰেপৰা দুইৰো বৰ লগ, বৰ মিল। আনৰ কুঁহি এটা হলেও দুয়ো একেলগে খাব লাগে, বালিৰ ভাত ৰান্ধিবলৈ দুয়োৰো যতন লাগে; এনেকি নিশা পঢ়িবলৈকো দুয়োৰো লগ হব লাগে। সৰু-কাল ডোখৰ সকলোৰে এইদৰেই যায়, তেওঁলোকৰো গল। যেতিয়া কিছু ডাঙৰ হল তেতিয়া দুয়োৰো বাহিৰৰ লগ ভাঙিল যদিও, অন্তৰৰ লগৰ বান্ধন ঢিল নাখাই আৰু অলপ টানকৈ হে লাগিল। দুয়োৰো দেখাদেখি হয়, কথাবাৰ্তা হয়, সৰযূই মাতি নি কেশৱক জলপানো খুৱায়। কিন্তু দুয়োৰো মাজৰ বাহিৰত থেলা-থেলি ভিতৰত টানাটানিৰ যি এক মধুৰ সম্বন্ধ সেই সম্বন্ধ সেই দৰেই থাকিল। কোনো সন্ধ্যাত সৰযূৰ সাজা জলপান খাই আহি কেশৱৰ গোটাই গা অমৃত ৰসত ডুবি থাকে, বুকুৰ মাজত বুজিব নোৱাৰা আনন্দৰ ঢৌএ তোলপাৰ লগাই দিয়ে! তেনে দিনৰ গধূলি কেশৱে ভাত খায় টোপনিত থাকা মানুহৰ দৰে, বিছানাত পৰি প্ৰায় গোটেইটো নিশা জাগ্ৰত আৰু স্বপ্নৰ মাজামাজি অৱস্থাত কটায়, তাৰ শ্ৰেণীৰ পঢ়াতো পঢ়াই।

 যেতিয়া এই অৱস্থা, এদিন কেশৱে গধূলি ভাত খাওঁতে মাকে উকীলৰ লগত কথা-পাতা শুনিলে—সৰযূৰ বিয়া। মনত কি ভাৱ খেলি গল প্ৰকাশ কৰিব নোৱাৰি। কিন্তু পাছত কেশৱে মনটোক বেছ কৰি বুজালে যে সৰযূৰ তো বিয়া হবই আৰু বিয়াও তেওঁৰ লগত নহয়; কাৰণ অৱস্থাৰ হীন দেৰি আৰু বয়সৰ তেনেই অমিল। সেই দেখি কেতিয়াবা সেই চিন্তাই কোনোবা ফালৰ পৰা বুকত খুন্দা মাৰি দিলেও, কেশৱে জোৰ কৰি স্কুলৰ পৰা আহিয়েই ইংলণ্ডৰ বুৰঞ্জীৰ বুজিব নোৱাৰা কথাবোৰ চিঞৰি পঢ়িবলৈ ধৰে।

 দিন এই দৰেই গল। সৰযূৰ কথালৈ বৰ মন নপৰা হল। এনেতে এদিন সুন্দৰ ফটফটিয়া জোনাকত গোটেইখন সংসাৰ ফুলি পৰিছে; গধূলি ফুৰি আহি তেওঁৰ ইংলণ্ডৰ বুৰঞ্জীখন মেলোতেই এডোখৰ কাগজত লিখা, “মই মৰিম।” কাৰ লিখা বিচাৰিবৰ সকাম নহল, কাৰণ সেই আখৰ কেশৱে সৰুৰে পৰা ইমান ভালকৈ জানে। তেওঁৰ ভৰিৰ পৰা মূৰলৈ শিঞৰি উঠিল।

( ৬ )

 ভাৱনাৰ পাৰকুল নাই। নূতন বয়সৰ ডেকা লৰাৰ ত্যাগ প্ৰেম আদি ভাৱৰ মহত্ত্বৰো ইয়ত্তা নাই। কেশৱে ভাবিলে, জানোচা আচলতে সৰযূএ কিবা এটা সাংঘাতিক কৰি তোলেই! সম্ভব, তেওঁ নোহোৱা হলে, বা তেওঁৰ পৰা এনে ভাৱৰ বিপৰীত কোনো কথা পালে সৰযূৰ এনেবোৰ উন্মাদ কল্পনাৰ উদয় নহবই। এই দৰে ভাবি চিন্তি চাই কেশৱে সেই নিশায়ে ঘৰ এৰিলে; সৰযূৰ কাৰণে এক ডোখৰ কাকতত লিখি থৈ গল “তুমি বলিয়া হৈছা।” কাকত ডোখৰ সৰযূৰ নিচেই নুমলীয়া ভায়েকটোৰ হাতত দিছিল; সৰযূই পাইছিল নে নাইকোনে জানে।