পৃষ্ঠা:ময়না.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ময়না


কুলশীলস্য” শ্লোকে খুন্দি কৰিব ঘৰিলে। কিন্তু কি কৰা যায়, বৰঘৰীয়া আহি পোৱাৰ সময়; কেশৱকে ভৰসা কৰি আছিলোঁ সকলো যোগাৰত; সি মাৰিলে মূৰত এই টাঙোন! মনত মহা অশান্তি আৰু অনুতাপ লৈ সদ্যহৰ কৰ্তব্য কৰিবলৈ লৰালৰি লগালোঁ।

( ১০ )

 বিয়া হৈ যোৱাৰ আঠ দহ দিনমান হৈছে। পিয়নে মোৰ নামৰ ৰেজেষ্টাৰী কৰা চিঠি এখন দিলে; শিৰোনামাৰ আখৰ কেশৱৰ। কঁপা হাতেৰে চিঠিখন পঢ়িলোঁ।

 “মৰমৰ” ডাঙৰিয়া,

 যদি এই অপৰাধীৰ ক্ষমা আছে ক্ষমা কৰিব। মোক আপুনি নিচিনিলে; কিন্তু আপোনাৰ পৰিবাৰে চিনিবলৈ উপক্ৰম কৰিছিল। সেই দেখিয়েই পলাই আহিলোঁ।

 মোৰ নাম কেশৱ নহয়, গদাধৰ। মই যেতিয়া স্কুলত পঢ়োঁ তেতিয়া আপুনি গাৱঁত দোকান দিয়ে। মই দূৰ জিলাৰ পৰা আহি আপোনাৰ দোকানতে বন্ধৰ দিন কেইটা প্ৰায় কটোৱা অভ্যাস কৰিছিলোঁ|; কাৰণ আপোনাৰ কথাবাৰ্তা তেতিয়া বৰ ভাল লাগিছিল।

 আপোনাৰ আগত মই মোৰ যি ইতিহাসৰ কথা কইছিলো, সেইটোও আপোনাৰ গাতে ফলিয়াইছে। আপোনাৰ পত্নী শান্তিয়েই মোৰ বুৰঞ্জীৰ সৰযূ। আচৰিত নহব! এই বাবে মোক দায় নিদিব আৰু শান্তিৰো জগৰ নধৰিব। আৰু আপোনাৰ যি নতুন জোঁৱাই বি-এ, পাছ কৰা ডেকা সিয়েই মোৰ ভতিজা। মোৰ যিজন ককায়ে উকীলৰ তৰণি কাম কৰিছিল, তেওঁৰ লৰা।

 মই পলাই আহিলোঁ সেই কাৰণেই। মই আটাইকে চিনি পাইছিলো, কিন্তু মোক কোনেও চিনি পোৱা নাছিল। মুঠতে ইয়াকে লক্ষ্য কৰিছিলো যে শান্তিএ মাজে মাজে ভাত খাবলৈ বহাত একেবাৰে আচৰিত হৈ মোৰ ফাললৈ চায়। বিবাহ সময়ত আমাৰ গাৱঁৰ অনেক মানুহৰ আহাৰ কথা, কোনোবাই কৰবাত চিনি পাব; তেতিয়া!

 আৰু মাজু আইদেওৰ বিয়া। প্ৰায় ত্ৰিশ বছৰৰ পূৰ্বৰ এটা দিনৰ কথা মনত উদয় হল। ডেক৷ কালৰ বলিয়ালিকে বুলিছোঁ মই, কিন্তু এনে অদ্ভূত বলিয়ালি, তাৰ চেকা আজিলৈকো নগল।

 ইফালে মোৰ পক্ষে মোৰ এই জীৱনেই ভাল। ভাৱ চিন্তা নাই, দেশ বিদেশত ঘূৰি ফুৰিছোঁ। এই নিৰ্মুক্ত জীৱনৰ আস্বাদো এবিধ উপভোগৰ বস্তু। আপোনাৰ লগত দহ বছৰ যে থাকিলোঁ,কিবা এটা অন্তৰৰ নিভৃততম ভাৱে যেন জোৰ কৰে! ব্যৰ্থ প্ৰেমিক! জীৱনটো তো এনেই গল, যাৰ বাবে এনে কৰিছ, তাৰ সুখৰ কাৰণেই চোন অলপ যোগাৰ কৰি দে!

 সেই দেখি এতিয়া বিদায় কৰিছোঁ। মোক নিবিচাৰিব, নাপায়। দোকানৰ মোৰ অংশটো মাজু আইদেও আৰু ভতিজাৰ বিয়াত উছৰ্গা কৰিছোঁ। সিহঁতকেই দিব।

 শেষ অনুৰোধ, শান্তিক একো দোষ নধৰিব। শান্তি একো দোষ কৰা নাই। আৰু ইমান দিনে অভাগিনী আপোনাৰ সঙ্গতে সুখত নাছে নে?

 মই টকা কৰি লৈ পলাই আহিছোঁ, অৱশ্য প্ৰথমতে সকলোৰে এনে সংশয় হৈছিল। ইমান