ময়না/দেৱ-দৰ্শন
[ ৫৪ ]
দেৱ-দৰ্শন
( ১ )
বিদ্যাৰত্ন মহাশয় পৰম ধাৰ্মিক আৰু সাত্ত্বিক লোক। গোটেইটো জীৱন পূজা, অৰ্চা, হোম, স্নান, দান আদি সৎ ক্ৰিয়াত কটাই প্ৰৌঢ় বয়সত তীৰ্থ কৰিবলৈ ওলাল। মনৰ হেপাহ বদৰিকা, দ্বাৰাৱতী, সেতুবন্ধ আৰু শ্ৰীক্ষেত্ৰ এই চাৰি তীৰ্থ ভ্ৰমণ কৰি আহিবৰ। গোটেইখন ভাৰতবৰ্ষ ফুৰিলেহে এই চতুস্তীৰ্থ কৰা হয়; গতিকে বিদ্যাৰত্নই টকা-কড়িৰ যথেষ্ট বন্দৱস্ত কৰি গল।
( ২ )
শাওণৰ মাহ। কাশীত বৰ বেজাই গৰম; বাহিৰত ওলোৱাই প্ৰায় অসম্ভৱ। বৰষুণো তাত কম; তেও সেইদিনা বৰষুণ হৈ বাট-পথ ভিজি আছে আৰু ভাঙা ভাঙা মেঘৰ মাজেদি ভাঠিপৰৰ ৰাঙা ৰাঙা ৰোদ দেখা দিছে।
বিদ্যাৰত্নৰ মনোৰ্থ সিদ্ধিৰ কোনো লক্ষণ নাই। কাশী পোৱাৰ পাছতেই তেওঁ জ্বৰত পৰিল; হাতত নিয়া টকা খৰচ হৈ গল। ঘৰলৈ টকাৰ কাৰণে লিখি দহ-বাৰ দিন বহি আছে, ঘৰৰো খবৰ নাই, টকাৰও লাই-লতাৰ নাই। হাতত যি দহ-বাৰ টকা আছে, কাশীতে আৰু দুই-এদিন থাকিব লগীয়া হলে সিও অন্ত পৰে। সাত-পাঁচ গুণি বিদ্যাৰত্নই ঘৰক ফিৰি আহা হে ঠিক কৰি, হাতত তেওঁৰ সামান্য সৰ্বহৰ টোপোলাটে৷ লই, সেই দিন৷ ৰেলৰ ষ্টেচনৰ ফাললৈ খোজ লৈছিল—সেই ভাঙা মেঘ আৰু ৰাঙা ৰোদৰ মাজেদি।
গঙ্গাৰ পাৰত বাবা বিশ্বনাথৰ মন্দিৰ সুগঠিত পৰ্বতচূড়াৰ দৰে, বিশ্বনাথৰেই অপৰ মূৰ্তি যেন, নিশ্চল-নিস্তব্ধ, থিয় হৈ আছে; যাত্ৰীৰ সংখ্যা কিছু কম। বিদ্যাৰত্নই বিশ্বনাথক প্ৰণাম কৰি মনতে ভাবিছে, “বাবা বিশ্বনাথ! অধমৰ প্ৰতি নো তোমাৰ এই অকণমানি দয়া নহল কিয়? সমস্ত জীৱন-ব্যাপী এটা কামনা, তাক নো সিদ্ধ হবলৈ নিদিলা কিয়? ভাল-বেয়া তুমি হে জানা, বাবা! ইও তোমাৰে হৈ লীলা।”
ষ্টেচনৰ ফালে কেইখোজমান লওঁতেই এজন পশ্চিম বামুণে বিদ্যাৰত্নক কলে,—“থেৰো, বাবা।” তেওঁ দীৰ্ঘল, গৌৰৱৰ্ণ, মূৰত পাগ, কপালত দীঘল ফোট আৰু গাত দীঘল কোটছোলা। তেওঁ কলে, “থেৰো বাবা। আপকা মনোৰথ বাবা বিশ্বনাথ সিদ্ধ কৰেগা। কাল এহি ৱখত আপকা ৰূপেয়া মিলনা চাহি—আশী ৰূপেয়া আৱেগা, এক শো নহি। আৱৰ, দ্বাৰাৱতী মে আপকা সাক্ষাৎ নাৰায়ণজীকা দৰ্শন হোগা। আভি ষ্টেশন মে মৎ যায়ে, বাবা।”
বিদ্যাৰত্ন স্তম্ভিত হল। ই নো দেখামাত্ৰকে মনৰ সকলো কথা এই দৰে কব পাৰিলে নে? [ ৫৫ ] তেওঁ আৰু কিবা প্ৰশ্ন কৰিবলৈ মানুহজনক চালে, নাই, তেওঁ কোনফালে দি কক গল বিদ্যাৰত্নই ধৰিব নোৱাৰিলে। যি হক, তেওঁ ফিৰি আহিল। আকৌ বিশ্বনাথক প্ৰণাম কৰি মনতে কলে—“বাবা, তুমি অন্তৰ্য্যামী। মোৰ প্ৰাণৰ কিমান প্ৰবল বাসনা তাক তুমি জানা। তোমাৰ কৃপাকে ভাৰসা কৰি আজি ফিৰিলোঁ; এইবাৰ যেন আৰু নিৰাশ নকৰা প্ৰভু। যুগ-যুগান্তৰ ধৰি কিমান ভক্তই তোমাৰ চৰণত অঞ্জলি দিছে; মোৰ প্ৰাৰ্থনাটো পূৰণ কৰিবা বাবা!”
ফিৰা দিনা ঠিক তেনে সময়তে টকা আশীটা টেলিগ্ৰাফ মনি-অৰ্ডাৰত আহি বিদ্যাৰত্নৰ হাতত পৰিল। নগৰৰ যি ভদ্ৰলোকৰ হাতত তেওঁ টকা থৈ আহিছিল, বিশেষ কাৰ্য্যোপলক্ষে তেওঁ নগৰত নথকাত টকা পঠিয়া দেৰি হল, সেই খবৰো পালে।
( ৩ )
দ্বাৰাৱতীলৈ যাবলৈ ৰেল ষ্টেচন সৌদামিনীপুৰ—যত ভক্ত বিপ্ৰ দামোদৰৰ ঘৰ আছিল।
কোন যুগৰ সেই পৱিত্ৰ অতীত স্মৃতি। দৰিদ্ৰ বিপ্ৰ দামোদৰ আৰু
অতি পতিব্ৰতা তাহান গৃহিণী
দুখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া স্বামীক বুলিলা
মুখৰ মাত নোলায়।
কেনেকই ভাৰ্য্যাৰ বচন শুনি চাউল-চিৰা চাৰি মুঠি লই সমস্ত অৰ্থৰ আধাৰ শ্ৰীকৃষ্ণক ভেটিবলৈ গৈ তাৰ বিনিময়ত দৰিদ্ৰ বিপ্ৰে অপাৰ্থিব ৰত্নলাভ কৰিছিল; সেই ভক্তবিনোদ শ্ৰীকৃষ্ণ, যাক পাৰ্থিব সমৃদ্ধিএ আৰু অপাৰ্থিব ঐশ্বৰ্য্যও ছাত্ৰাৱস্থাৰ বন্ধু – দৰিদ্ৰ দামোদৰক পাহৰাব পাৰা নাছিল; আৰু সেই সমদৰ্শী মহাপ্ৰাণ শ্ৰীকৃষ্ণ, যি অমিত বিলাস-ভৱনৰ মাজলৈ শ্ৰী আৰু ঐশ্বৰ্য্যৰে লালিত মহিষীসকলৰ ভিতৰলৈ চিৰা কাপোৰ পিন্ধা দৰিদ্ৰ দামোদৰক টানি নি ৰত্নৰ পালঙ্কত বহুৱাবলৈ সঙ্কোচ কৰা নাছিল! শ্ৰীত, গৌৰৱত, মহত্ত্বত, বন্ধুত্বত, বীৰত্বত, বিলাসত মহান্ সেই যে শ্ৰীকৃষ্ণ আৰু তেওঁৰ অতীত লীলা! তাক স্মৰণ কৰি বিদ্যাৰত্নৰ হৃদয় ভক্তি গৌৰৱত উপচি পৰিল।
বিদ্যাৰত্নই ৰেল-ষ্টেচনৰ পৰা ওলাই আহি দ্বাৰাৱতীক নো কেনেকৈ যাব পাৰি তাৰ অনুসন্ধান কৰিলে। সৌদামিনীপুৰৰ পৰা দ্বাৰাৱতী ৬০ মাইলৰ বাট। যোৱাৰ উপায় একমাত্ৰ গো- যান; অথচ গৰুৰ কান্ধত উঠি নো বিদ্যাৰত্নই তীৰ্থ কৰে কেনেকৈ?
গুজৰাটৰ এই অঞ্চল প্ৰায় মৰুভূমি, মাটি উখৰা আৰু বালিৰেই ভৰা। পথাৰৰ কথাই নাই, আলিবাটবোৰো সৰু সৰু কাঁটাৰ গাছে আবৰা — সুধা ভৰিৰে খোজ কাঢ়িলে কাঁটাই ভৰি ফালি চিৰিলা-চিৰিল কৰে। এইবোৰ ঠাইত শহ-পতান একে। নহয় বুলিলেই হয়, গাৱোঁ অতি বিৰল। এনে দুৰ্গম পথত অকলে যোৱাও শঙ্কাজনক, বাটত চোৰ-ডকাইতৰ ভয়।
বিদ্যাৰত্নই বিপাক গণিলে। “প্ৰভু দ্বাৰকানাথ, তোমাৰ ৰাজ্যত তুমি নো এটা উপায় নিদিয়া নে?
যেন বিদ্যাৰত্নৰ মনৰ প্ৰাৰ্থনাৰ হে উত্তৰ আহিল—বিদ্যাৰত্নক ৰাজপুত এজনে সুধিলে,--“তেওঁ [ ৫৬ ] দ্বাৰাৱতীক যাব নে? ৰাজপুতো সেই পুৰীলৈ যাবলৈ আহিছে, লগ বিচাৰিছে।” ৰাজপুতৰ দীৰ্ঘাকৃতি সুঠাম দেহ। বিদ্যাৰত্নই যেন হাতেদি স্বৰ্গ পালে! তেওঁ দ্বাৰকানাথৰ উদ্দেশ্যে সহস্ৰ প্ৰণাম কৰি ৰাজপুতৰ লগত খোজ ললে!
( ৪ )
কল্যাণপুৰ থানা সৌদামিনীপুৰৰ পৰা ৩৩ মাইল আৰু দ্বাৰাৱতীলৈ মাজ বাটত। বিদ্যাৰত্ন আৰু ৰাজপুত দুয়ো বাটে বাটে গৈ আছে; দুপৰীয়া খৰ ৰোদৰ ঝা-ঝা এটা শব্দ উঠিছে। বিদ্যাৰত্ন কিছু আগত আৰু ৰাজপুত কিছু পাছত। কল্যাণপুৰলৈ আৰু দুই মাইল মান আছে।
হঠাৎ বিদ্যাৰত্নৰ কাণত ধাপ-ধুপ কৰি কেটামান শব্দ সোমাল। পাছৰ ফালে ফিৰি চাই যি কাণ্ড দেখিলে, তাত তেওঁৰ চুৰ্তিয়ে হৰাল।
এজন ভীমকায় মানুহে টোকান এডালেৰে ৰাজপুতক গাই-ভৰিয়ে-মূৰে ধুপ-ধাপ কৈ মাৰ লগাইছে। বিদ্যাৰত্নই ফিৰি চাওঁ-নাচাওঁতেই ৰাজপুত বাগৰি পৰিল আৰু ডকাইতজনে তেওঁৰ টোপোলাটো লৈ লৰ দিলে।
বিদ্যাৰত্নই নিজৰ ভাগ্যৰ প্ৰশংসা কৰি ৰাজপুতৰ ওচৰলৈ আহিল; দেখে যে তেওঁৰ কোনোটো আঘাতেই তিমান সাংঘাতিক হোৱা নাই ৷ বহু প্ৰৱন্ধ কৰি ৰাজপুতক লৈ তেওঁ চাকা পাটত বহা সময়ত কল্যাণপুৰৰ থানা পালে গৈ।
( ৫ )
কাইলৈকে ডকাইতি মোকৰ্দমাৰ বিচাৰ—থানাতে জবানবন্দী লোৱা হব। ঘটনাৰ পন্ধৰ দিন হল, ৰাজপুত আস্পাতালত থাকি ভাল হৈ উঠিছে, পুলিচে তেওঁৰ মালেৰে সৈতে ডকাইতটোক ধৰি আনিছে, আৰু এই মোকৰ্দমাৰ একমাত্ৰ সাক্ষী বুলি পুলিচে বিদ্যাৰত্নকো এক প্ৰকাৰ আটক কৰিয়েই ৰাখিছে।
নিশা খাই বই সকলো শুইছে। দুপৰমান ৰাতিত ৰাজপুতে বিদ্যাৰত্নক মাতি জগালে। ৰাজপুতে কলে, পণ্ডিতজী এই মোকদৰ্মাৰ আপুনি হে একমাত্ৰ সাখী।”
বিদ্যাৰত্ন — হয়, পাছে?
ৰাজপুত—এই মোকৰ্দমাত মই মিছা মাতিম। আপুনিও মিছা কথা কব লাগিব।
বিদ্যাৰত্ন—আও! মই তীৰ্থ কৰিবলৈ আহি মিছা সাখী কব পাৰোঁ না? মোৰ চৌধ্য পুৰুষ গল সাখী নকওঁ তে। তোৰ লগত পৰি সাখী কব লাগাত পৰিছোঁ। মিছা সাখী কম কেনেকৈ?
ৰাজপুত—শুনক, বাৰু আগেয়ে এই মানুহটোই যে মোক মাৰি মোৰ বয়-বস্তু ডকা দি নিছিল, তাৰ কিবা উপায় থাকোঁতে তেনে কৰিছিল বুলি ভাবে নে?
বিদ্যাৰত্ন—কেনেকৈ জানিম?
ৰাজপুত—নাই, তাৰ উপায় থাকাত সি এইদৰে ডকাইতি কৰিব কেলেই? হয়তো তাৰ ঘৰত লৰা-ছোৱালী আছে, তিৰোতা আছে, তাহাঁতক খুৱাবলৈ হে সি এনেখন পাপ কৰিছে। পণ্ডিতজী, ৰত্নাকৰ দস্যুৰ কথা পাহৰিলে নে?[ ৫৭ ] বিদ্যাৰত্ন—পাছে?
ৰাজপুত—দেখক, পণ্ডিতজী, দ্বাৰকানাথৰ অনুগ্ৰহত মোৰ একোৰেই অভাৱ নাই। সংসাৰত নিজা বুলিবৰ এজনী মাথোন ছোৱালী; দ্বাৰকানাথে তাইকো উত্তম গৃহস্থৰ ঘৰত বিয়া দিয়াইছে। তাৰ পাছত বাবাই মোক তেওঁৰ এই বিনন্দীয়া সৃষ্টি এইদৰে দেখুৱাই লৈ ফুৰিছে। মোৰ টোপোলাটোত আছিল যদি দহ পোন্ধৰ টকাৰ বস্তু। সেইখিনি যোৱাৰ পৰা মোৰ কি লোকচান হব? আৰু মাৰ কেইটা শৰীৰৰ ওপৰত হে। ই তো ব্যাধিৰ মন্দিৰেই। যি দুখ পাইছিলোঁ নগল নে সি? যি দ্বাৰকানাথে দুঃখ দিছিল তেৱেঁই তাকো নখণ্ডাইছে নে? আপুনি বা মই জানো কিবা কৰিব লাগিল? কিন্তু ইফালে এই ডকাইতটোক চাওক। তাৰ যদি ফাটেক হয়, তাৰ লৰা ছোৱালীৰ কি দুৰ্গতি হব? তাৰ প্ৰত্যবায়ে আমাক নাপাব নে? সেই দেখি হে মই আপোনাক মিছা কবলৈ কৈছোঁ। আমি দুয়ো যদি এই মানুহটো নহয় বুলি কওঁ আৰু আমাৰ মাল-বস্তুবোৰা নহয় বুলি কওঁ, তেতিয়া দেখোন সকলো কথা নিষ্পত্তি হৈ যায়। আপুনি এই মিছা কব নোৱাৰিব নে?
বিদ্যাৰত্ন কথা শুনি আচৰিত হল। অলপ পৰ থমকি কলে—“ৰাজপুত, তোৰ এই আখৰ মিছা সহস্ৰ সঁচাতকৈও সত্য। যেনেকৈ কলে তোৰ মনস্কামনা সিদ্ধ হয় মই সেইদৰে কবলৈ ৰাজি আছোঁ।”
( ৬ )
পাছদিনা নিশা প্ৰায় দহমান বজাত কল্যাণপুৰ থানাৰ পৰা দুই মাইল মান দূৰতে বিদ্যাৰত্ন আৰু ৰাজপুতে শুবৰ যোগাৰ কৰিছে। বাহিৰত কোনোবাই মাতিলে, “দেৱতা” দেৱতা, দুৱাৰ মেলি দেখে যে সেই ডকাইতটো প্ৰথমতে দুয়োৰো ধাতু উৰি গল। কিন্তু পাছ ক্ষণতেই ডকাইতে ভৰিত সাবোটা মাৰি ধৰি কান্দিবলৈ ধৰিলে, “দেৱতা, মোক ৰক্ষা কৰা, মই পৰম পাপী।”
ডকাইতটোই ৰাজপুতৰ সমস্ত বস্তু আৰু তাৰ লগতে গাখীৰ ময়দা ঘিউৰ এটা সিধা লৈ আহিছে। বিদ্যাৰত্ন আৰু ৰাজপুতে তাক কিমান বুজালে, সি নাযায়। শেহত ৰাজপুতে কলে, “দেখ বাচ্ছা, তই কাপোৰ-কানি যি নিছিলি লৈ যা; তোৰ মঙ্গল হব; সাধুৰ আশীৰ্বাদ বুলি ভাবিবি তাক। আৰু তোৰ যি মাউৰা বাল-বাচ্ছা আছে বুলি কৈছ, তাহাঁতক চুৰি-ডকাইতি কৰি নুখুৱাবি। কাজ কৰিবি, লাগে মাগিবি। আমি তোৰ ওপৰত খুচি হৈ তই আনা সিধাটো ৰাখিছোঁ।”
( ৭ )
দ্বাৰাৱতী, সেতুবন্ধ আৰু জগন্নাথ দৰ্শন কৰি বিদ্যাৰত্ন ফিৰি আহিল; সেই যাত্ৰাত বদৰীনাথ দৰ্শন নহল।
মই কলোঁ, “বিদ্যাৰত্নদেৱ, কল্যাণপুৰ থানাত মিছা মাতা কাৰণে আপোনাৰ পাপ হল। সেই কাৰণেহে আপোনাক বদৰীনাৰায়ণে দৰ্শন নিদিলে।”
বিদ্যাৰত্ন জাপ মাৰি উঠিল,—“কি কোৱা, বাপা? জ্যোতিষীটোই কাশীধামত কৈছিল নহয় [ ৫৮ ] দ্বাৰাৱতীত সাক্ষাত নাৰায়ণ দৰ্শন হব। মোৰ নাৰায়ণ দৰ্শন হল দেখিএ, বদৰীনাৰায়ণে ভাবিলে মই দৰ্শন নকৰিলেও হব।”
মই—আপুনি নো সাক্ষাত নাৰায়ণ দেখিলে কত?
বিদ্যাৰত্ন—কিয়? জীৱৰ প্ৰতি দয়া কেনেকই আচৰিব লাগে সেই ৰাজপুতে মোক শিকাই থৈ নগল নে? মই ভাবিছোঁ, সেই ৰাজপুতেই নাৰায়ণ, মায়া কবি দাসক দৰ্শন দি গল, আৰু শিকাই গল বাহিৰা তীৰ্থ দৰ্শনত কৰি অন্তৰ শুদ্ধি হে আচল তীৰ্থ। [১]
⸻⸻
- ↑ পাণ্ডুলিপিত এই গল্প ৰচনাৰ তাৰিখ ১৮।৬।১৭ তাৰিখ বুলি উল্লেখ আছে। লেখকে মন্তব্য কৰিছে যে কামৰূপৰ পণ্ডিত মহীৰাম বিদ্যাৰত্নৰ মুখে শুনা সত্য ঘটনা — সং, শ. গো. ৰ.