ময়না/নদৰাম
[ ৫০ ]
নদৰাম
( ১ )
১৯১৮ চনৰ অক্টোবৰ মাহৰ নিশা ন-দহ বজাৰ সময়ত আমি কেইজনমানে খোলা পোৰ্টিকোত বহি ‘প্লেনচেত’ ধৰিছিলোঁ। সেইবাৰ মহামাৰী ইনফ্লুয়েঞ্জাই তেতিয়াও তিমান পৰাক্ৰমেৰে দেখা দিয়া নাছিল; গতিকে, বতৰ অলপ জাৰ হলেও বাহিৰক বহিবলৈ ভয় বা অসুখ লাগা নাছিল।
উপস্থিত মণ্ডলীৰ কোনোএ ভূত মানে, কোনোএ নামানে, কোনোএ ‘প্লেনচেতত’ ভূতৰ আবিৰ্ভাৱ হয় বুলি বিশ্বাস কৰে, কোনোএ ‘প্লেনচেতক’ ‘প্লেইন চীট’ (Plain cheat ) ‘সৰল—ফাঁকি’ বুলি ভাবে।
এবাৰ ‘প্লেনচেত’টে৷ ঘূৰি ‘নদৰাম’ লিখিলো প্ৰশ্ন হল—
তোমাৰ নাম?
নন্দৰাম।
কি লাগে?
ফ্ৰাঞ্চত যুদ্ধ কৰিছোঁ।
ঘৰ কত?
গোৱালপাৰাত।
কি বিচাৰিছা?
মোৰ তিৰোতা—
সকলোএ গিৰ্জনি মাৰি হাঁহি মাৰি উঠিল। ‘প্লেনচেত’ ধৰোঁতা দুজনৰ এজনে, ‘যা, যা তোৰ তিৰোত৷ ইয়াত নাই’ এই বুলি ‘প্লেন্চেত’ এৰি দিলে। অবিশ্বাসী দল আৰু সংশয়শূন্য হল যে ‘প্লেন্চেত’ এটা মস্ত বুজৰুকি!
তাৰ পাছত, ইনফ্লুয়েঞ্জাৰ প্ৰবল আক্ৰমণত মনত আতঙ্ক আৰু ৰাতি নৰিয়া পতি কৰি থাকিব লগীয়া নোহোৱাকৈ যি দুই চাৰি দিন আছিল, সেই কেইদিনৰ প্ৰত্যেক সন্ধ্যাবেলাতেই ‘প্লেন্চেত’ ধৰোহঁক আৰু প্ৰত্যেক দিনে নদৰামৰ আবিৰ্ভাৱ হয়। কিন্তু আমি কোনোএ তাক আমল নিদিওঁ—‘প্লেন্চেতে’ নদৰাম লিখিলেই আমি হাত এৰা দিওঁ, নদৰামৰ বক্তব্য ৰৈ যায়!
( ২ )
প্ৰায়ে এবছৰৰ পাছত কাৰ্য্য-চক্ৰত পৰি এদিন নবেম্বৰ মাহৰ পুৱাবেলা গোৱালপাৰাৰ উত্তৰ শালমাৰা বঙলাত বহি আছোঁ। আগৰ দিনা অনেক কাম কৰি আহিছোঁ। মোৰ সঙ্গীজনৰ অলপ অসুখ; সেই দেখি সেই দিনটো প্ৰায় আজৰি। কেনেবাকৈ এবছৰৰ আগৰ ‘প্লেন্চেত’ [ ৫১ ] ধৰাৰ কথা মনত পৰিল—সেই নদৰাম, সি চিপাহী। এইবোৰ ঠাইৰে কোনোবা মেচ বা ৰাজবংশী চিপাহীৰ নাম নদৰাম নাই নে?
এনেতে চিপাহীৰ বুট পিন্ধা, ভৰিত ফিটা মেৰোৱা, মূৰত বুওৰ হেট, কঁকালত কুক্ ৰী থুমৰি আৰা, ২২।২৩ বছৰ বয়সীয়া গোৰা বৰণৰ ডেকা লৰা এটা ঘপৰ ঘপৰ কৰি বঙলাৰ ভিতৰলৈ সোমাই আহিল; আৰু এটা মিলিটাৰী চেলাম দি ওচৰতে থাকা বেঞ্চি এখনত বহি পৰিল। মই আচৰিত হলোঁ। চৰকাৰী বিষয়াৰ অভিমানেও এটা খুন্দা খালে। মই অলপ বিৰক্ত হৈ সুধিলোঁ—
‘কি লাগে?’
‘দেউতা, আপুনি অসমীয়া নেকি?’
‘এৰা’—চৰকাৰী হাকিমসকলে এইবোৰ প্ৰশ্ন ভাল নাপায়, সেই দেখি অতি সংক্ষেপ উত্তৰ।
‘বৰ ভাল হল। মোৰ এখন আৰ্জি লব লাগে। মোৰ মাইকী লৈ কিবা এট৷ কাজিয়া হৈছে।’
ওচৰতে পুলিচ থানা, বঙলাৰ লগত লগা-লগি। মই বুজিলোঁ, মানুহটোএ মোক দাৰোগা বুলি ভুল কৰিছে। এই কথা ভাবি বিৰক্তি আৰু অলপমান চৰিল। হাতেৰে দেখুৱাই কলোঁ—
‘সৌৱা থানা। এয়া নহয়’ এই বুলি আগত থাকা পুৰণি খবৰৰ কাকতখন মেলি ললোঁ।
খবৰৰ কাকত দেখি মানুহটোএ আৰু সুবিধাহে পালে। সি সুধিলে, 'দেউতা লড়াইৰ খবৰ কি?’ মই নামাতি থাকিলোঁ। সি বুজিব পাৰিলে, যে মই তাক তাচ্ছিল্য কৰিছোঁ। সি ঘপহ কৰে থিয় হৈ কৈ উঠিল, ‘উঃ, অসমীয়া মানুহেই অসমীয়া মানুহক নামাতে যদি আনে কি কৰিব! যাওঁ দেই।’ এই বুলি ঘপ ঘপ কৰে ওলাই গল।
মোৰ মনত অলপ অনুতাপ উপজিল, বুজিলোঁ হাকিমি-মেজাজটো ভাল দৰে নাখাটিল। মানুহজনক মাতি আনিলো, বহিবলৈ দি সুধিলোঁ,—
‘তোমাৰ নাম কি?’
‘নদৰাম!’
‘নদৰাম, মাইকীৰ মামলা। এবছৰ আগৰ সকলো স্মৃতি জাগি উঠিল!
‘তুমি ফ্ৰান্সলৈ যুঁজলৈ গৈছিলা নে কি?’
‘হয়। দেউতাই কেনেকৈ জানিলে?’ তাৰ প্ৰশ্নৰ প্ৰতি কাণ নকৰি কলোঁ, —
‘কোৱাচোন কোৱা তোমাৰ মাইকীৰ বাবে কি কাজিয়া হৈছে!’
( ৩ )
নদৰামৰ কথাটো এই—
প্ৰায় দুবছৰ পূৰ্বে সি যুদ্ধলৈ যায়। যোৱাৰ ছ মাহমানৰ আগতে তাৰ গাৱঁৰে ছোৱালী এজনী সি বিয়া কৰাইছিল। ছোৱালীজনী ৰূপহী; বহুদিন আগৰ পৰা তাহঁত দুইৰ জনা শুনা।
ফ্ৰাঞ্চৰ কোনবা ঠাইত যুদ্ধ কৰি থাকোঁতে সি হঠাৎ এদিন চিঠি পালে, তাৰ ঘৈণীয়েক [ ৫২ ] তাহাঁতৰ সমনীয়া আৰু লগৰীয়া ভাটিৰামৰ তালৈ গুচি গৈছে; বুঢ়া মাক-বাপেকৰ দুখৰ পাৰ- কুল নাই।
কমাণ্ডাণ্ট অফিচাৰক নদৰামে সকলো কথা কলে। অফিচাৰে তাৰ চিঠিখন লৈ জিলাৰ ডিপুটি কমিছনাৰলৈ পঠালে কিন্তু আচল কথাটোৰ আৰু একো খা-খবৰ অনেক দিন নিমিলিল।
ইয়াৰ পাছত ফ্ৰান্সত থাকা ভাৰতীয় সৈন্য ইজিপ্ট, মেচপটেমিয়া প্ৰভৃতি ঠাইত ঘূৰি ফুৰাৰ লগতে নদৰামেও অনেকদিন ঘূৰি ফুৰি মাহ ডেৰমাহৰ আগতে ঘৰ পাইছেহি।
ঘৰ পাইয়েই তাৰ ‘মামলাটোৰ’ এটা মীমাংসা কৰিবলৈ ‘চালিচ’ ছপাইছিল; কিন্তু ভাটিৰামে একো নামানে।
তাৰ ঘৈণীয়েক ভাটিৰামৰ তালৈ যোৱাত নদৰামৰ তিমান আপছোছ নাই; কিয়নো ভাটিৰামৰ অৱস্থা ভাল, মানুহ জনো দেখন-শুৱনত চকু-লগা, আৰু আগৰ পৰা ভাটিৰামৰ লগতো ছোৱালীটিৰ প্ৰীতি আছিল। কিন্তু আপছোছৰ কথা এই, যে সি ঘৰত নাথাকাত মাক-বাপেকক ইমানখিনি দুখ দি তাই এনেটো কৰিব নালাগিছিল। সি লড়াইত ঘাইল হোৱা হলে মাক বাপেকৰ দুৰ্দশা কি হলহেঁতেন।
কোৱা বাহুল্য, যে এই কথাৰ মীমাংসা মোৰ পৰা হবৰ একো সম্ভাৱনা নেদেখি নদৰামক থানালৈ যাব কলো।
প্ৰায় এঘণ্টাৰ পাছত নদৰাম থানাৰ পৰা ঘূৰি আহিল। থানাত সি সমিধান পালে, যে আঠ দহ দিনৰ ভিতৰতে বৰ চাহাব সেইবোৰ ঠাইলৈ আহিব; তাৰ কথাটো বৰ চাহাবক মুখে মুখে কলে, চাহাবে তেতিয়াই তাৰ এট৷ সুমীমাংসা কৰিব।
নদৰামৰ ভাব, সি লড়াইৰ পৰা অহা মানুহ, ৰাজাৰ কাৰণে যুদ্ধ কৰি যদি ফুৰোতে যদি আনে তাৰ তিৰোতা লৈ যাব লাগিল, তেনেহলে ৰাজাৰ গৌৰৱ নো ৰক্ষা পৰিল কেনেকৈ?
( ৪ )
জিলাৰ বৰ চাহাব কি এটা ষ্টেশনত নামি তাৰ ওচৰতে ইন্স্পেক্চন বঙলাতে আছেহি। নদৰামে তাৰ গোচৰ বৰ চাহাবক জনালে। চাহাবে হুকুম কৰিলে, যে তাহাতৰ নিজ গাৱঁত গৈ তেওঁ পাছ দিনাই এই কথাৰ মীমাংসা কৰিব।
* * *
[ ৫৩ ]
( ৫ )
গধূলি, প্ৰায় সাঁজ গৰি গৈছে। বঙলাৰ বহল বাৰান্দাত ইজি-চেয়াৰ এখনত বহি বৰ চাহাব, ওচৰতে সৰু টী-পয় এখনৰ ওপৰত সেউজীয়া আঁৰ দিয়া লেম্ আৰু বৰ চাহাবৰ হাতত খবৰৰ কাগজ।
মানুহ এজন মিলিটাৰী বুটৰ গেৰপ্-গেৰেপনি তুলি একেলগে চাহাবৰ সমুখতে হাজিৰ—গতি- বিধিত অলপো সঙ্কোচৰ ভাৱ নাই। চাহাবে কিছু বিৰক্ত হৈ সুধিলে,— ‘কোন?’ ‘হুজুৰ হাম্ নদৰাম হুঁ।’
‘কিয়া মাঙতা?’
‘হুজুৰে ভাটিৰামক মাফ কৰি এৰি দিব লাগে।
‘ক্যা?’
‘হুজুৰে ভাটিৰামক এৰি দিব লাগে।’
‘ভাটিৰামতো তোমাৰ দুষমন্ আছে??
‘হয়, হুজুৰ। পাছে, তাই ছোৱালীজনী কান্দিকাতি বিয়াকুল হৈছে। কি জানি ভাটিৰামক নাপালে তাই আত্মঘাতী হয়। কৈছে, বোলে তাইহে ভাটিৰামক এইবোৰ কৰিলে, ভাটিৰামৰ কিবা হলে তাই নিশ্চয় জীয়াই নাথাকে।
‘সেই মাইকী তোমাক নালাগে?
‘লাগিলে কি হব হুজুৰ! মোৰ লগত তাইৰ ৰাজীখুচি নাহিল যেতিয়া, তাইক ৰাখি কি লাভ হব? ভাটিৰামৰ লগতে থাকক।’
‘তোমাৰ মোকৰ্দমা ভাল নালাগেতো কৰিছিলি কেলেই?’
‘হুজুৰৰ হুকুমে ৰাজাৰ মান ৰাখিছে, মোৰো মান বচাইছে। এতিয়া মই নিজে খুচি হৈ এৰি দিছোঁ।’
‘তোমাৰ বুড্ঢা মাও-বাপ?’
‘বুড্ঢা মাও-বাপক হুজুৰ বুজাই দিম, ৰাজী খুচি নহলে ছোৱালীৰে ঘৰ কৰি কি সুখ হব!’ বৰ-চাহাব এক মুহূৰ্ত থমকি বল! তাৰ পাছত কলে, ‘নদৰাম, তুমি সাচ্চা আদ্ মি আছে। ভাটিৰামক আমি খালাচ দিব।’ [১]
- ↑ চেতনা, দ্বিতীয় বছৰ, তৃতীয় সংখ্যা, কাতি, ১৮৪২ শক।