পৃষ্ঠা:ময়না.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ময়না

তেওঁ আৰু কিবা প্ৰশ্ন কৰিবলৈ মানুহজনক চালে, নাই, তেওঁ কোনফালে দি কক গল বিদ্যাৰত্নই ধৰিব নোৱাৰিলে। যি হক, তেওঁ ফিৰি আহিল। আকৌ বিশ্বনাথক প্ৰণাম কৰি মনতে কলে—“বাবা, তুমি অন্তৰ্য্যামী। মোৰ প্ৰাণৰ কিমান প্ৰবল বাসনা তাক তুমি জানা। তোমাৰ কৃপাকে ভাৰসা কৰি আজি ফিৰিলোঁ; এইবাৰ যেন আৰু নিৰাশ নকৰা প্ৰভু। যুগ-যুগান্তৰ ধৰি কিমান ভক্তই তোমাৰ চৰণত অঞ্জলি দিছে; মোৰ প্ৰাৰ্থনাটো পূৰণ কৰিবা বাবা!”

 ফিৰা দিনা ঠিক তেনে সময়তে টকা আশীটা টেলিগ্ৰাফ মনি-অৰ্ডাৰত আহি বিদ্যাৰত্নৰ হাতত পৰিল। নগৰৰ যি ভদ্ৰলোকৰ হাতত তেওঁ টকা থৈ আহিছিল, বিশেষ কাৰ্য্যোপলক্ষে তেওঁ নগৰত নথকাত টকা পঠিয়া দেৰি হল, সেই খবৰো পালে।

( ৩ )

 দ্বাৰাৱতীলৈ যাবলৈ ৰেল ষ্টেচন সৌদামিনীপুৰ—যত ভক্ত বিপ্ৰ দামোদৰৰ ঘৰ আছিল।

 কোন যুগৰ সেই পৱিত্ৰ অতীত স্মৃতি। দৰিদ্ৰ বিপ্ৰ দামোদৰ আৰু

অতি পতিব্ৰতা  তাহান গৃহিণী
 দুখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া  স্বামীক বুলিলা
 মুখৰ মাত নোলায়।

কেনেকই ভাৰ্য্যাৰ বচন শুনি চাউল-চিৰা চাৰি মুঠি লই সমস্ত অৰ্থৰ আধাৰ শ্ৰীকৃষ্ণক ভেটিবলৈ গৈ তাৰ বিনিময়ত দৰিদ্ৰ বিপ্ৰে অপাৰ্থিব ৰত্নলাভ কৰিছিল; সেই ভক্তবিনোদ শ্ৰীকৃষ্ণ, যাক পাৰ্থিব সমৃদ্ধিএ আৰু অপাৰ্থিব ঐশ্বৰ্য্যও ছাত্ৰাৱস্থাৰ বন্ধু – দৰিদ্ৰ দামোদৰক পাহৰাব পাৰা নাছিল; আৰু সেই সমদৰ্শী মহাপ্ৰাণ শ্ৰীকৃষ্ণ, যি অমিত বিলাস-ভৱনৰ মাজলৈ শ্ৰী আৰু ঐশ্বৰ্য্যৰে লালিত মহিষীসকলৰ ভিতৰলৈ চিৰা কাপোৰ পিন্ধা দৰিদ্ৰ দামোদৰক টানি নি ৰত্নৰ পালঙ্কত বহুৱাবলৈ সঙ্কোচ কৰা নাছিল! শ্ৰীত, গৌৰৱত, মহত্ত্বত, বন্ধুত্বত, বীৰত্বত, বিলাসত মহান্ সেই যে শ্ৰীকৃষ্ণ আৰু তেওঁৰ অতীত লীলা! তাক স্মৰণ কৰি বিদ্যাৰত্নৰ হৃদয় ভক্তি গৌৰৱত উপচি পৰিল।

 বিদ্যাৰত্নই ৰেল-ষ্টেচনৰ পৰা ওলাই আহি দ্বাৰাৱতীক নো কেনেকৈ যাব পাৰি তাৰ অনুসন্ধান কৰিলে। সৌদামিনীপুৰৰ পৰা দ্বাৰাৱতী ৬০ মাইলৰ বাট। যোৱাৰ উপায় একমাত্ৰ গো- যান; অথচ গৰুৰ কান্ধত উঠি নো বিদ্যাৰত্নই তীৰ্থ কৰে কেনেকৈ?

 গুজৰাটৰ এই অঞ্চল প্ৰায় মৰুভূমি, মাটি উখৰা আৰু বালিৰেই ভৰা। পথাৰৰ কথাই নাই, আলিবাটবোৰো সৰু সৰু কাঁটাৰ গাছে আবৰা — সুধা ভৰিৰে খোজ কাঢ়িলে কাঁটাই ভৰি ফালি চিৰিলা-চিৰিল কৰে। এইবোৰ ঠাইত শহ-পতান একে। নহয় বুলিলেই হয়, গাৱোঁ অতি বিৰল। এনে দুৰ্গম পথত অকলে যোৱাও শঙ্কাজনক, বাটত চোৰ-ডকাইতৰ ভয়।

 বিদ্যাৰত্নই বিপাক গণিলে। “প্ৰভু দ্বাৰকানাথ, তোমাৰ ৰাজ্যত তুমি নো এটা উপায় নিদিয়া নে?

 যেন বিদ্যাৰত্নৰ মনৰ প্ৰাৰ্থনাৰ হে উত্তৰ আহিল—বিদ্যাৰত্নক ৰাজপুত এজনে সুধিলে,--“তেওঁ 

ময়না-৮