পৃষ্ঠা:ময়না.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱ-দৰ্শন

( ১ )

 বিদ্যাৰত্ন মহাশয় পৰম ধাৰ্মিক আৰু সাত্ত্বিক লোক। গোটেইটো জীৱন পূজা, অৰ্চা, হোম, স্নান, দান আদি সৎ ক্ৰিয়াত কটাই প্ৰৌঢ় বয়সত তীৰ্থ কৰিবলৈ ওলাল। মনৰ হেপাহ বদৰিকা, দ্বাৰাৱতী, সেতুবন্ধ আৰু শ্ৰীক্ষেত্ৰ এই চাৰি তীৰ্থ ভ্ৰমণ কৰি আহিবৰ। গোটেইখন ভাৰতবৰ্ষ ফুৰিলেহে এই চতুস্তীৰ্থ কৰা হয়; গতিকে বিদ্যাৰত্নই টকা-কড়িৰ যথেষ্ট বন্দৱস্ত কৰি গল।

( ২ )

 শাওণৰ মাহ। কাশীত বৰ বেজাই গৰম; বাহিৰত ওলোৱাই প্ৰায় অসম্ভৱ। বৰষুণো তাত কম; তেও সেইদিনা বৰষুণ হৈ বাট-পথ ভিজি আছে আৰু ভাঙা ভাঙা মেঘৰ মাজেদি ভাঠিপৰৰ ৰাঙা ৰাঙা ৰোদ দেখা দিছে।

 বিদ্যাৰত্নৰ মনোৰ্থ সিদ্ধিৰ কোনো লক্ষণ নাই। কাশী পোৱাৰ পাছতেই তেওঁ জ্বৰত পৰিল; হাতত নিয়া টকা খৰচ হৈ গল। ঘৰলৈ টকাৰ কাৰণে লিখি দহ-বাৰ দিন বহি আছে, ঘৰৰো খবৰ নাই, টকাৰও লাই-লতাৰ নাই। হাতত যি দহ-বাৰ টকা আছে, কাশীতে আৰু দুই-এদিন থাকিব লগীয়া হলে সিও অন্ত পৰে। সাত-পাঁচ গুণি বিদ্যাৰত্নই ঘৰক ফিৰি আহা হে ঠিক কৰি, হাতত তেওঁৰ সামান্য সৰ্বহৰ টোপোলাটে৷ লই, সেই দিন৷ ৰেলৰ ষ্টেচনৰ ফাললৈ খোজ লৈছিল—সেই ভাঙা মেঘ আৰু ৰাঙা ৰোদৰ মাজেদি।

 গঙ্গাৰ পাৰত বাবা বিশ্বনাথৰ মন্দিৰ সুগঠিত পৰ্বতচূড়াৰ দৰে, বিশ্বনাথৰেই অপৰ মূৰ্তি যেন, নিশ্চল-নিস্তব্ধ, থিয় হৈ আছে; যাত্ৰীৰ সংখ্যা কিছু কম। বিদ্যাৰত্নই বিশ্বনাথক প্ৰণাম কৰি মনতে ভাবিছে, “বাবা বিশ্বনাথ! অধমৰ প্ৰতি নো তোমাৰ এই অকণমানি দয়া নহল কিয়? সমস্ত জীৱন-ব্যাপী এটা কামনা, তাক নো সিদ্ধ হবলৈ নিদিলা কিয়? ভাল-বেয়া তুমি হে জানা, বাবা! ইও তোমাৰে হৈ লীলা।”

 ষ্টেচনৰ ফালে কেইখোজমান লওঁতেই এজন পশ্চিম বামুণে বিদ্যাৰত্নক কলে,—“থেৰো, বাবা।” তেওঁ দীৰ্ঘল, গৌৰৱৰ্ণ, মূৰত পাগ, কপালত দীঘল ফোট আৰু গাত দীঘল কোটছোলা। তেওঁ কলে, “থেৰো বাবা। আপকা মনোৰথ বাবা বিশ্বনাথ সিদ্ধ কৰেগা। কাল এহি ৱখত আপকা ৰূপেয়া মিলনা চাহি—আশী ৰূপেয়া আৱেগা, এক শো নহি। আৱৰ, দ্বাৰাৱতী মে আপকা সাক্ষাৎ নাৰায়ণজীকা দৰ্শন হোগা। আভি ষ্টেশন মে মৎ যায়ে, বাবা।”

 বিদ্যাৰত্ন স্তম্ভিত হল। ই নো দেখামাত্ৰকে মনৰ সকলো কথা এই দৰে কব পাৰিলে নে?