দ্বাৰাৱতীক যাব নে? ৰাজপুতো সেই পুৰীলৈ যাবলৈ আহিছে, লগ বিচাৰিছে।” ৰাজপুতৰ দীৰ্ঘাকৃতি সুঠাম দেহ। বিদ্যাৰত্নই যেন হাতেদি স্বৰ্গ পালে! তেওঁ দ্বাৰকানাথৰ উদ্দেশ্যে সহস্ৰ প্ৰণাম কৰি ৰাজপুতৰ লগত খোজ ললে!
( ৪ )
কল্যাণপুৰ থানা সৌদামিনীপুৰৰ পৰা ৩৩ মাইল আৰু দ্বাৰাৱতীলৈ মাজ বাটত। বিদ্যাৰত্ন আৰু ৰাজপুত দুয়ো বাটে বাটে গৈ আছে; দুপৰীয়া খৰ ৰোদৰ ঝা-ঝা এটা শব্দ উঠিছে। বিদ্যাৰত্ন কিছু আগত আৰু ৰাজপুত কিছু পাছত। কল্যাণপুৰলৈ আৰু দুই মাইল মান আছে।
হঠাৎ বিদ্যাৰত্নৰ কাণত ধাপ-ধুপ কৰি কেটামান শব্দ সোমাল। পাছৰ ফালে ফিৰি চাই যি কাণ্ড দেখিলে, তাত তেওঁৰ চুৰ্তিয়ে হৰাল।
এজন ভীমকায় মানুহে টোকান এডালেৰে ৰাজপুতক গাই-ভৰিয়ে-মূৰে ধুপ-ধাপ কৈ মাৰ লগাইছে। বিদ্যাৰত্নই ফিৰি চাওঁ-নাচাওঁতেই ৰাজপুত বাগৰি পৰিল আৰু ডকাইতজনে তেওঁৰ টোপোলাটো লৈ লৰ দিলে।
বিদ্যাৰত্নই নিজৰ ভাগ্যৰ প্ৰশংসা কৰি ৰাজপুতৰ ওচৰলৈ আহিল; দেখে যে তেওঁৰ কোনোটো আঘাতেই তিমান সাংঘাতিক হোৱা নাই ৷ বহু প্ৰৱন্ধ কৰি ৰাজপুতক লৈ তেওঁ চাকা পাটত বহা সময়ত কল্যাণপুৰৰ থানা পালে গৈ।
( ৫ )
কাইলৈকে ডকাইতি মোকৰ্দমাৰ বিচাৰ—থানাতে জবানবন্দী লোৱা হব। ঘটনাৰ পন্ধৰ দিন হল, ৰাজপুত আস্পাতালত থাকি ভাল হৈ উঠিছে, পুলিচে তেওঁৰ মালেৰে সৈতে ডকাইতটোক ধৰি আনিছে, আৰু এই মোকৰ্দমাৰ একমাত্ৰ সাক্ষী বুলি পুলিচে বিদ্যাৰত্নকো এক প্ৰকাৰ আটক কৰিয়েই ৰাখিছে।
নিশা খাই বই সকলো শুইছে। দুপৰমান ৰাতিত ৰাজপুতে বিদ্যাৰত্নক মাতি জগালে। ৰাজপুতে কলে, পণ্ডিতজী এই মোকদৰ্মাৰ আপুনি হে একমাত্ৰ সাখী।”
বিদ্যাৰত্ন — হয়, পাছে?
ৰাজপুত—এই মোকৰ্দমাত মই মিছা মাতিম। আপুনিও মিছা কথা কব লাগিব।
বিদ্যাৰত্ন—আও! মই তীৰ্থ কৰিবলৈ আহি মিছা সাখী কব পাৰোঁ না? মোৰ চৌধ্য পুৰুষ গল সাখী নকওঁ তে। তোৰ লগত পৰি সাখী কব লাগাত পৰিছোঁ। মিছা সাখী কম কেনেকৈ?
ৰাজপুত—শুনক, বাৰু আগেয়ে এই মানুহটোই যে মোক মাৰি মোৰ বয়-বস্তু ডকা দি নিছিল, তাৰ কিবা উপায় থাকোঁতে তেনে কৰিছিল বুলি ভাবে নে?
বিদ্যাৰত্ন—কেনেকৈ জানিম?
ৰাজপুত—নাই, তাৰ উপায় থাকাত সি এইদৰে ডকাইতি কৰিব কেলেই? হয়তো তাৰ ঘৰত লৰা-ছোৱালী আছে, তিৰোতা আছে, তাহাঁতক খুৱাবলৈ হে সি এনেখন পাপ কৰিছে। পণ্ডিতজী, ৰত্নাকৰ দস্যুৰ কথা পাহৰিলে নে?