পৃষ্ঠা:ময়না.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ময়না

দ্বাৰাৱতীত সাক্ষাত নাৰায়ণ দৰ্শন হব। মোৰ নাৰায়ণ দৰ্শন হল দেখিএ, বদৰীনাৰায়ণে ভাবিলে মই দৰ্শন নকৰিলেও হব।”

 মই—আপুনি নো সাক্ষাত নাৰায়ণ দেখিলে কত?

 বিদ্যাৰত্ন—কিয়? জীৱৰ প্ৰতি দয়া কেনেকই আচৰিব লাগে সেই ৰাজপুতে মোক শিকাই থৈ নগল নে? মই ভাবিছোঁ, সেই ৰাজপুতেই নাৰায়ণ, মায়া কবি দাসক দৰ্শন দি গল, আৰু শিকাই গল বাহিৰা তীৰ্থ দৰ্শনত কৰি অন্তৰ শুদ্ধি হে আচল তীৰ্থ। [১]

⸻⸻


  1.  পাণ্ডুলিপিত এই গল্প ৰচনাৰ তাৰিখ ১৮।৬।১৭ তাৰিখ বুলি উল্লেখ আছে। লেখকে মন্তব্য কৰিছে যে কামৰূপৰ পণ্ডিত মহীৰাম বিদ্যাৰত্নৰ মুখে শুনা সত্য ঘটনা — সং, শ. গো. ৰ.