পঞ্চম খণ্ড: অজামিল উপাখ্যান

কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ পঞ্চম খণ্ড॥

॥ অজামিল উপাখ্যান॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥ জয় জগন্নাথ অনাথ বন্ধু

মাধৱ মুকুন্দ ৰাম॥ ১৩॥

পদ॥ হৰিৰ নামৰ শুনিয়ো মহিমা

সাৱধান কৰি চিত্ত।

অজামিল নামে আছিল ব্ৰাহ্মণ

বেশ্যাত ভৈলা পতিত॥

বিপ্ৰৰ ঔৰসে বেশ্যাৰ গৰ্ভত

দশ পুত্ৰ জাত ভৈল।

আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ

নাৰায়ণ নাম থৈল॥ ১৭৪॥

জাতি কুল ক্ৰিয়া সমস্তে তেজিল

মিলিল কৰ্ম্ম বিপাক।

যত মহাপাপ সমস্ত সিজিল

পোষন্তে পুত্ৰ ভাৰ্য্যাক॥

অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ

আয়ু ভৈল সমাপত।

ভয়ঙ্কৰ তিনি গোটা যমদূত

আগে ভৈল উপগত॥ ১৭৫॥

হাতে পাশজৰী চক্ষু টেৰ কৰি

থূলন্তৰ তাৰ জাঙ্গ।

কৃষ্ণবৰ্ণ কায় দেখি ধাতু যায়

হাতত লোহাৰ ডাঙ্গ॥

ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি

বান্ধিলেক হাত তুলি।

ভয়ে অজামিলে পুত্ৰক ডাকিল

আইস নাৰায়ণ বুলি॥ ১৭৬॥

মৰন্তে বিপ্ৰৰ মুখত শুনিয়া

হৰিৰ কীৰ্ত্তন বাণী।

প্ৰভুনাম লৱৈ বুলি খেদি আইল

বিষ্ণুদূত চাৰি প্ৰাণী॥

যমৰ দূতক খেদায়া বিপ্ৰৰ

কাটিল বান্ধ হাতৰ।

কোন তোম্ৰাসৱ বুলিয়া সোধয়

ডৰিয়া যম কিঙ্কৰ॥ ১৭৭॥

সৱাৰো সুন্দৰ শ্যাম কলেৱৰ

পীত বস্ত্ৰে আতি ৰঞ্জৈ।

চাৰিৰো প্ৰসন্ন বদন মণ্ডলে

পূৰ্ণ চন্দ্ৰমাকো গঞ্জৈ॥

পদ্মপত্ৰ সম আয়ত লোচন

ভ্ৰূৱযুগে কৰৈ কান্তি।

নাসা তিল ফুল অধৰ ৰাতুল

দশন মুকুতা পান্তি॥ ১৭৮॥

শিৰত ৰত্নৰ কিৰীটি কৰ্ণত

মকৰ কুণ্ডল জ্বলে।

চাৰিৰো আজানু লম্বিত পদ্মৰ

মালা শোভা কৰৈ গলে॥

হিয়াত বিচিত্ৰ ৰত্ন বিৰচিত

গজমুকুতাৰ হাৰ।

চাৰু চতুৰ্ভুজ কেয়ূৰ কঙ্কণে

কৰৈ আতি জাতিষ্কাৰ॥ ১৭৯॥

শঙ্খ চক্ৰ গদা পদ্ম শাৰ্ঙ্গ ধনু

সৱে ধৰি আছা হাতে।

ৰত্নৰ মেখলা কটি মাজে জ্বলৈ

সোণাৰ কিঙ্কিণী তাতে॥

কৰিকৰ সম উৰু নিৰুপম

পাৱ নৱ পদ্মকোষ।

সমান বয়স চাৰিৰো দেখন্তে

মনত মিলৈ সন্তোষ॥ ১৮০॥

সূৰ্য্য সম সৱে জ্বলন্তে আছাহা

সমস্ত দিশ প্ৰকাশি।

মহাপাপী ইটো বিপ্ৰক নেহন্তে

কিসক বাধিলা আসি॥

হেন শুনি হাসি চাৰি বিষ্ণুদূতে

দিলন্ত পাছে উত্তৰ।

কোন পাপ পুণ্য একো নজানস

শুনৰে যম কিঙ্কৰ॥ ১৮১॥

মৰিবাৰ বেলা ইটো অজামিলে

নাৰায়ণ নাম লৈল।

কোটি জনমৰ যত মহাপাপ

তাৰো প্ৰায়শ্চিত্ত ভৈল॥

ব্ৰহ্মবধ পিতৃ বধ সুৰাপান

অগম্যাগমন কৰৈ।

গৰু তিৰী মাৰৈ সুৱৰ্ণক হৰৈ

মিত্ৰৰ দ্ৰোহ আচৰৈ॥ ১৮২॥

সংসাৰত যত আনো অসংখ্যাত

আছৈ মহা পাপীগণ।

সৱাৰো এহিসে মুখ্য প্ৰায়শ্চিত্ত

হৰিৰ নাম কীৰ্ত্তন॥

মাধৱৰো মতি হোৱৈ তাক প্ৰতি

যি ফুৰৈ নাম সুমৰি।

ইটো মোৰ দাস নছাড়ন্ত পাশ

ৰাখিয়া ফুৰন্ত হৰি॥ ১৮৩॥




॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥ তাৰিয়া নিয়োক নাথ নাৰায়ণ

চৰণে শৰণ লৈলোঁ॥ ১৪॥


পদ॥ হৰিৰ কীৰ্ত্তনে মহা পাতকক

যিমতে কৰৈ নিৰ্য্যাণ।

আন প্ৰায়শ্চিত্তে পৱিত্ৰ কৰিবে

নৱাৰৈ তাৰ সমান॥

যিটো পাতকৰ প্ৰায়শ্চিত্ত কৰৈ

দুনাই তাতে মন মজৈ।

চিত্তৰ শোধন হৰিৰ কীৰ্ত্তন

পাপৰ আলু উভঞ্জৈ॥ ১৮৪॥

পুত্ৰ নাম ধৰি উপহাস্য কৰি

হেলাতো যি বোলৈ হৰি।

তাহাৰো সমস্ত পাতক দহৱৈ

জানা আক নিষ্ঠ কৰি॥

পৰৈ বা পিছলৈ সৰ্পে বা দংশৱৈ

জ্বৰে তাপে পীড়া কৰৈ।

এতেকতে যদি হৰি নাম লৱৈ

যম যাতনাতো তৰৈ॥ ১৮৫॥

হৰিনামে সৱ পাতক দহৱৈ

জ্ঞানে বা অজ্ঞানে বোলৈ।

যেন হুতাশনে শুকান কাষ্ঠক

আতি অপ্ৰয়াসে পোলৈ॥

প্ৰমাদত থাকি যিটো হৰি বোলৈ

সিও সৱ দুখ তৰৈ।

যেন মহৌষধি নজানি ভুঞ্জিলে

তাৰো গৰ্ভৰোগ হৰৈ॥ ১৮৬॥

প্ৰভুৰ নামৰ অনন্ত মহিমা

কতেক কহিবো আমি।

হেন হৰিনাম লৈলেও বান্ধস

কিনো তোৰা অধোগামী॥

ব্ৰাহ্মণক এৰি প্ৰাণ ৰক্ষা কৰি

সত্বৰে ঐৰ অন্তৰ।

শুনি দূতচয় হুয়া মহাভয়

পশিল যম নগৰ॥ ১৮৭॥

নাৰায়ণ নাম বুলিবাৰ পদে

নিস্তৰিল অজামিল।

বিষ্ণুক চিন্তিয়া চতুৰ্ভুজ ৰূপে

বৈকুণ্ঠত আৰোহিল॥

পাছে দূতগণে যমৰ আগত

দুঃখ সাক্ষী দেয় কান্দি।

কৈৰ চাৰি সিদ্ধে কাঢ়িয়া নিলেক

পাপীক আনন্তে বান্ধি॥ ১৮৮॥

সিটো অজামিলে বুলিলেক মাত্ৰ

আইস পুত্ৰ নাৰায়ণ।

এতেকতে আসি কাঢ়িয়া লৈলেক

তযু আজ্ঞা কৰি ছন্ন॥

আমাসাৰ পৰা কাঢ়িয়া লৈবেক

কৈত অধিকাৰী আছে।

হেন শুনি যমে বিষ্ণুক স্মৰিয়া

দূতক মাতিলা পাছে॥ ১৮৯॥

শুনা দূতগণ প্ৰভু নাৰায়ণ

আছন্ত জগত স্বামী।

তাহান আজ্ঞাক শিৰত ধৰিয়া

প্ৰজাক নিয়মো আমি॥

তানে দূতচয় সদায়ে ভ্ৰময়

বৈষ্ণৱক ৰক্ষা কৰি।

মাধৱৰ বেশ ভূষণে ভূষিত

হাতে চাৰি অস্ত্ৰ ধৰি॥ ১৯০॥

দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ

গন্ধৰ্ব্ব চাৰণগণে।

হৰিৰ নামৰ গুপ্ত মহিমাক

তেসম্বো কেহো নজানে॥

ব্ৰহ্মা মনু হৰ কপিল কুমাৰ

শুক ভীষ্ম বলিৰায়।

প্ৰহ্লাদ নাৰদ জনক আমিসি

বাহজন সমুদায়॥ ১৯১॥

পৰম গুপুত হৰিনাম ধৰ্ম্ম

জানি আছো শুদ্ধভাৱে।

যাক আচৰিলে থাৱতে বসিয়া

দুৰ্ল্লভ মুকুতি পাৱে॥

হৰিত ভকতি কৰে সৰ্ব্বদায়

কৰিয়া কীৰ্ত্তন কৰ্ম্ম।

মনুষ্য লোকত এহিমানে মাত্ৰ

পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম॥ ১৯২॥

হৰিনাম ধৰ্ম্ম স্মৰণ মহিমা

দেখিয়ো দূত সম্প্ৰতি।

পাপী অজামিলে নাৰায়ণ বুলি

পাইলে কেন সদ্‌গতি॥

হেন বিমৰিষি যিটো জ্ঞানীগণে

ফুৰৈ হৰিনাম গাই।

কুল উদ্ধাৰিল আপুনো তৰিল

এৰাইল আহ্মাৰ দায়॥ ১৯৩॥










॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥ হৰি বোল হৰি বোল আহে লোকাই

হৰি বিনে নাই গতি॥ ১৫॥

পদ॥ হৰিৰ চৰণ চিন্তিয়া বেড়াৱৈ

হৰিনাম লৱৈ ডাকি।

সিদ্ধ মুনিগণে তাৰ যশ গাৱৈ

প্ৰশংসে স্বৰ্গত থাকি।

মাধৱৰ আসি কৌমুদকী গদা

ৰক্ষা কৰি ফুৰৈ তাক।

তাহাৰ ওচৰ নচাপিবি কেহো

দূতগণ মোৰ হাক॥ ১৯৪॥

বৈষ্ণৱক দেখি আন্তৰি পলাইবি

ভয়ে চপৰাইবি মুণ্ড।

নুহি মাধৱৰ গদাৰ কোবত

হুইবেক হাড় খুখুণ্ড॥

কীৰ্ত্তনৰ ধ্বনি যি থানত শুনি

তাৰ নচাপিবি পাশ।

বিষ্ণু দূতচয় তথাতে থাকয়

কৰিবেক সৰ্ব্বনাশ॥ ১৯৫॥

যাহাৰ জিহ্বায়ে নোবোলৈ বিষ্ণুৰ

গুণ নাম সৰ্ব্বক্ষণ।

যি জনৰ মনে হৃদয় পদ্মত

নিচিন্তৈ কৃষ্ণ চৰণ॥

যি জনৰ শিৰে নকৰৈ প্ৰণাম

কৃষ্ণৰ পদ কমলে।

তাত মোৰ দায় নেৰিবি সদায়

বান্ধি আন হাতে গলে॥ ১৯৬॥

হৰি চৰণত সদায় বিমুখ

নুশুনৈ কৃষ্ণৰ কথা।

মাধৱৰ একো কৃত্য নকৰয়

শ্ৰম কৰি ফুৰৈ বৃথা॥

কৃষ্ণৰ কীৰ্ত্তন নকৰি থাকয়

আনসে কথা চোবাই।

সিটো পাপীষ্ঠক ঝাণ্টে বান্ধি আন

লোহাৰ ডাঙ্গে কোবাই॥ ১৯৭॥

নৰকৰ পথ ইটো গৃহবাস

আতেসে যাহাৰ ৰতি।

ভাৰ্য্যাক পুত্ৰক পুষিবে যতনে

এড়ৈ ত্ৰিজগত পতি॥

বিষ্ণুৰ চৰণ নিচিন্তি সদায়ে

ধনকেসে কৰৈ ধ্যান।

সিটো পাতকীক সুধিবে নলাগে

যাতনাক লাগি আন॥ ১৯৮॥

কৃষ্ণকথা এড়ি সাতে পাঞ্চে বেঢ়ি

আন কথা কই থাকে।

অমৃতক এড়ি যেন বিষ্ঠা ভুঞ্জৈ

গাঁড়িশুকৰৰ জাকে॥

সিটো পাপীসৱ দৈৱে ভৈল হত

চিন্তে অপুনাৰ মাৰ।

উপজি মৰিবে যাতনা ভুঞ্জিবে

নাহিকে তাৰ নিস্তাৰ॥ ১৯৯॥

বিষ্ণুৰ নামৰ মহিমা শুনিয়া

দূতগণ গৈল ডৰি।

হৰি ভকতক দেখিবাক প্ৰতি

ডৰায় সেহি দিন ধৰি॥

শুক নিগদতি শুনা কুৰুপতি

কহিলো পৰম সাৰ।

হৰিনাম বিনা পাপ সাগৰত

কাহাৰো নাহি নিস্তাৰ॥ ২০০॥

মহা যোগীজনো ব্ৰহ্ম চিন্তে যদি

হৰিৰ নাম নলৱৈ।

সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰৈ

চাৰি বেদে হেন কৱৈ॥

ধৰ্ম্ম অৰ্থ কাম যিটো অভিলাষে

যি চাৱৈ মোক্ষৰ পথ।

সিও হৰি নাম কীৰ্ত্তন কৰিয়া

পাৱৈ সৱ মনোৰথ॥ ২০১॥

নামৰ মহিমা নজানি ঋষিয়ে

আন প্ৰায়শ্চিত্ত বিহৈ।

মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে

আন ঔষধক দিয়ৈ॥

জগতৰে মোক্ষ হৈবেক বুলিয়া

জানিয়া যিটো নকৱৈ।

সংসাৰ দুৰ্ল্লভ হেন হৰিনাম

হেলাতে কতো নলৱৈ॥ ২০২॥

হৰিৰ নামৰ গোপ্য মহিমাক

পূৰ্ব্বত অগস্তি ঋষি।

মলয় গিৰিত বিষ্ণুক অৰ্চন্তে

কহিলা মোত হৰিষি॥

নাহি কাল দেশ নিয়ম ইহাত

অশৌচতো নাহি দোষ।

শয়নে ভোজনে সদা হৰি বোলা

এড়িয়া আন আক্ৰোশ॥ ২০৩॥

হৰি হেন ইটো দুগুটি অক্ষৰ

জিহ্বা অগ্ৰে থাকৈ যাৰ।

গঙ্গা গয়া কাশী প্ৰয়াগ সেতুক

যাইবাক নলাগৈ তাৰ॥

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

এড়া সৱে আন কাম।

আলজাল এড়ি পাপক সংহৰি

ডাকি বোলা ৰাম ৰাম॥ ২০৪॥



॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥ জয় নিৰঞ্জন পাতক ভঞ্জন

মাধৱ মুকুন্দ ৰাম॥ ১৬॥

পদ॥ পৰম মঙ্গল হৰিনাম ধৰ্ম্ম

যাহাৰ থাকৈ মুখত।

তাৰ তেতিক্ষণে ভষ্ম হুয়া যায়

মহাপাপ কোটি শত॥

তাৱদেকে মহা পাতক হস্তীৰ

থাকৈ মহা গৰ্ব্বমদ।

যাৱে ৰামনাম প্ৰমত্ত সিংহৰ

নুশুনৈ ধ্বনি শবদ॥ ২০৫॥

ৰাম হেন ইটো দুগুটি অক্ষৰ

সদায়ে আদৰি গাৱৈ।

সংসাৰ সাগৰ তৰি সিটো নৰে

দুৰ্ল্লভ মোক্ষক পাৱৈ॥

হুইবে মলমতি লোকৰ নিচয়

গুচিবে সৱে আচাৰ।

কলিযুগে আৰ অন্যত্ৰ ধৰ্ম্মত

কাৰো নাহি অধিকাৰ॥ ২০৬॥

আন ধৰ্ম্ম এড়ি হৰিনাম স্মৰি

সুখে পাৱৈ যেন গতি।

অনেক প্ৰবন্ধে সমস্ত ধাৰ্ম্মিকে

নপাৱৈ তাক সম্প্ৰতি॥

সদায় বিষ্ণুক স্মৰিবে ক্ষণিকো

নপাসৰিবাহা নৰ।

যত মহাপাপ যত মহাপুণ্য

ই দুইৰ সৱে কিঙ্কৰ॥ ২০৭॥

দোষৰ নিদান কলিযুগ আত

এক মহাগুণ আছে।

কেৱলে কীৰ্ত্তনে সংসাৰৰ বন্ধ

এড়াই মোক্ষ পাৱৈ পাছে॥

হৰিৰ নামেসে নামেসে নামেসে

জীৱন আৱে আহ্মাৰ।

কলিযুগে আন গতি নাই নাই

নাই জানা সাৰে সাৰ॥ ২০৮॥

আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত

নাহি কিছু প্ৰয়োজন।

ধৰ্ম্মক আশায়ে অনেক তীৰ্থক

কি কাৰ্য্যে কৰা গমন॥

যদি অভিলাষ কৰা সৰ্ব্বজন

আপুনি মোক্ষ কাৰণ।

গোৱিন্দ গোৱিন্দ বুলিয়া বেকতে

কৰিয়ো হৰিকীৰ্ত্তন॥ ২০৯॥

ইটো হৰিনামে লোকৰ যতেক

পাতক নিৰ্য্যাণ কৰে।

ততেক পাতক প্ৰবন্ধে কৰিবে

নৱাৰৈ পাতকী নৰে॥

ব্ৰহ্মচাৰী গৃহ- বাসী বনবাসী

সন্ন্যাসী যতেক যতি।

হৰিৰ কীৰ্ত্তন এড়ি কেহো নৰে

নপাৱৈ পৰম গতি॥ ২১০॥

সূৰ্য্যগ্ৰহণত এক কোটি ধেনু

ব্ৰাহ্মণক দেয় দান।

প্ৰয়াগ গঙ্গাৰ জলত নিৱাস

কৰৈ দশ কল্পমান॥

অযুতেক যজ্ঞ কৰৈ মেৰু সম

সুৱৰ্ণক দেয় দান।

এক শত ভাগ গোৱিন্দ নামৰ

ৰেণুকো নুহি সমান॥ ২১১॥

হৰি হেন ইটো দুগুটি অক্ষৰ

উচৰিলে একবাৰ।

মোক্ষৰ পথক যাইবাক লাগিয়া

সিও ভৈল কাছপাৰ॥

হৰিৰ নামৰ অনন্ত মহিমা

কহিবে কাৰ শকতি।

যদি চাৰি মুখে ব্ৰহ্মায়ো কহন্ত

তভো নুহি সমাপতি॥ ২১২॥

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

শুনিয়োক সৰ্ব্বজন।

হেন জানি আন আলজাল এড়ি

কৰিয়ো হৰিকীৰ্ত্তন॥

কোন দিন ইটো শৰীৰ পৰয়

কেতিক্ষণে নেয় যম।

আউৰ কি সেন্থৰে ভাৰত ভূমিত

হুইবাহা মনুষ্য জন্ম॥ ২১৩॥

কোটি কোটি জন্ম অন্তৰে যাহাৰ

আছে মহা পুণ্যৰাশি।

সি সি কদাচিত মনুষ্য হোৱয়

ভাৰত ভূমিত আসি॥

দেৱৰো দুৰ্ল্লভ ইহেন জন্মক

ব্যৰ্থ কৰা কোন কামে।

গৃহতে থাকিয়া হৰিক স্মৰিয়া

মোক্ষ সাধা হৰিনামে॥ ২১৪॥

কোটি এক ৰাজ- সূয় অশ্বমেধ

যজ্ঞ আক নুহি সৰি।

হেন হৰিনাম নলৈয়া হেলাত

মৰৈ আত্মঘাত কৰি॥

হেন বেদবাণী তত্ত্বহেন জানি

আসনতে সুখে থাকি।

আপুনাকো তাৰা পুৰুষ উদ্ধাৰা

হৰি হৰি বোলা ডাকি॥ ২১৫॥

॥ অজামিল উপাখ্যান সমাপ্ত॥ ৫॥