পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
॥ পঞ্চদশ খণ্ড॥
॥ অক্ৰুৰৰ বাঞ্ছাপূৰণ॥
ঘোষা॥ গোপাল কৃপাল পালিয়ো বাপ
পাপ পয়োধিত মৰো।
ইজন্মত নাথ নভৈল ভকতি
পাতকী কিমতে তৰো॥ ১০৩॥
পদ॥ আত অনন্তৰে ৰাম উদ্ধৱক
কৃষ্ণে দুইকো লৈয়া সঙ্গে।
অক্ৰুৰৰ প্ৰীতি সাধিবাক প্ৰতি
লড়িলা মনত ৰঙ্গে॥
তিনি নৰোত্তম বান্ধৱ পৰম
আসন্ত দেখি অত্ৰূৰে।
পৰম আনন্দে আলিঙ্গিয়া আগ
বাঢ়িলা আতি সাদৰে॥ ১২৭৪॥
ৰামক কৃষ্ণক পৰি প্ৰণামিলা
তাঙ্কো প্ৰণামিলা দুই।
আসনে বৈসাই তিনিকো অৰ্চিলা
অত্ৰূৰে বিস্ময় হুই॥
দোভাইৰ পাৱক পখালি শিৰত
লৈয়া পাদোদক জল।
গন্ধপুষ্পে ধূপে বসনে পূজিয়া
কৰিলা জন্ম সাফল॥ ১২৭৫॥
পৰম সাদৰে কৃষ্ণৰ চৰণ
কোলাত লৈয়া ঝান্তিল।
প্ৰণতি পূৰ্ব্বক তুতি কৰিবাক
অত্ৰূৰে পাছে লাগিল॥
সাধিলা আনন্দ কিনো নাৰায়ণ
সৱান্ধৱে বধি কংস।
দুঃখৰ উদ্ধাৰ কৰি পুনৰপি
বঢ়াইবাহা যদুবংশ॥ ১২৭৬॥
তোহ্মাৰ ভকতি পথক পাষণ্ডে
কৰয় যেৱে উছন্ন।
সন্তৰ ৰক্ষাৰ হেতু অৱতাৰ
হোৱা তেৱে নাৰায়ণ॥
সম্প্ৰতি আপুনি বসুদেৱ গৃহে
ৰাম সমে অৱতৰি।
দুৰ্জ্জন ৰাজাক বধিয়া মাধৱ
উদ্ধাৰিলা বসুন্ধৰী॥ ১২৭৭॥
আজি মোৰ গৃহ তীৰ্থতো অধিক
পৱিত্ৰ ভৈল অশেষ।
যিহেতু সাক্ষাতে জগতৰ গুৰু
আপুনি ভৈলা প্ৰৱেশ॥
কোননো পণ্ডিতে এড়িয়া তোহ্মাক
আনক ভজিবে যায়।
ভকত জনক আপুনাকো দিয়া
জানো ইটো অভিপ্ৰায়॥ ১২৭৮॥
ভকতেসে প্ৰভু তোহ্মাৰ বান্ধৱ
দিয়া মনোৰথ সিদ্ধি।
ব্ৰহ্মাৰ দুৰ্ল্লভ তোহ্মাক দেখিলো
কিনো সুপ্ৰসন্ন বিধি॥
সুত বিত্ত দাৰা বিষয় জঞ্জাল
চিণ্ডা মোৰ মোহজৰী।
তোহ্মাৰ চৰণ নিতান্তে চিন্তিয়া
ফুৰো কৃপা কৰা হৰি॥ ১২৭৯॥
অনেক ভকতি কৰিলন্ত স্তুতি
নয়নৰ পৰৈ পানী।
অক্ৰুৰৰ মন মোহি হৰি পাছে
হাসিয়া বুলিলা বাণী।
তুমি গুৰু পিতৃ সুহৃদ আমাৰ
আমি তযু পুত্ৰচয়।
ৰক্ষণ পোষণ কৰিবা সদায়
আহ্মাত হুয়া সদয়॥ ১২৮০॥
যত নদ-নদী সিয়ো তীৰ্থ হয়
শিলাৰ প্ৰতিমা দেৱ।
তেসম্বে পৱিত্ৰ কৰৈ যেৱে পুনু
বহু কাল কৰি সেৱ॥
দেখিল মাত্ৰকে ভকতে পৱিত্ৰ
কৰৈ লোক নিৰন্তৰ।
দেৱে তীৰ্থে জানা ভকতজনৰ
অনেক হোৱে অন্তৰ॥ ১২৮১॥
হেনয় পৰম বন্ধুজন তুমি
সুহৃদতে সাৰতৰ।
হস্তিনাপুৰৰ পৰা পাণ্ডৱৰ
বাৰ্ত্তাক আনা সত্বৰ॥
মৰিলন্ত পাণ্ডু পাঞ্চপুত্ৰ সমে
কুন্তী ভৈল দুঃখভাগী।
ধৃতৰাষ্টে বোলে আনিলা শুনিলো
হস্তিনাপুৰক লাগি॥ ১২৮২॥
পাণ্ডৱক পুনু হিংসা কৰৈ ৰাজা
আপুন পুত্ৰ নিদান।
যেন ভাল মন্দ জানি আসা খুড়া
সাধিবো মই কল্যাণ॥
অক্ৰুৰক হেন প্ৰবোধ বুলিয়া
প্ৰণয়ে ৰঞ্জিয়া চিত্ত।
আপুন গৃহক চলি গৈলা পাছে
উদ্ধৱ ৰাম সহিত॥ ১২৮৩॥
তাহান চৰণে ভকতি কৰিলে
সিজিবে সমস্তে কাম।
হৰিসে পৰম বান্ধৱ জানিয়া
লৈয়ো তান সদা নাম॥
শুনা সৰ্ব্বজন কেদিন জীৱন
তথাপি নুগুণা মনে।
হেন জানি কৃষ্ণ চৰণে শৰণ
লৈয়ো অকপট মনে॥ ১২৮৪॥
তান্ত বিনে আন ব্ৰহ্মাণ্ড মধ্যত
তাৰন্তা নাহিকে কেৱ।
জানি তান সদা গুণনাম গায়া
কৃষ্ণক কৰিয়ো সেৱ॥
কৃষ্ণৰ কিঙ্কৰে কহয় শঙ্কৰে
নেড়িবা মুখত নাম।
আলাসক এৰি সমজ্যায়ে বেঢ়ি
ডাকি বোলা ৰাম ৰাম॥ ১২৮৫॥
॥ অক্ৰুৰৰ বাঞ্ছাপূৰণ সমাপ্ত॥ ১৫॥