মূল মেনু খোলক

দ্বিতীয় খণ্ড: নাম-অপৰাধ

দ্বিতীয় খণ্ড

নাম-অপৰাধ

প্ৰথম কীৰ্ত্তন


!!ঘোঁষা৷৷

কৰিও হৰি চৰনে ৰতি৷

কলিত হৰিৰ নামেসে গতি৷৷৫৷৷

পদ৷৷

পদ্মপুৰানৰ স্ৱৰ্গ খন্দত৷

নিৰূপি আছে কলি ধৰ্ম্ম যত৷৷

তাক সুনা অতি একান্ত চিত্তে৷৷

যাৰ ইচ্ছা আছে ভৱ তৰিতে৷৷৩৪৷৷

আছে ছাৰিসিদ্ধ জ্ঞাঁনি পৰম৷

ব্ৰহ্মাৰ চাৰিয়ো পুত্ৰ প্ৰথম৷৷

তাসম্বাক পায়া নাৰদ ঋষি৷

পুছিলা সংসয় কথা হৰিষি৷৷৩৫৷৷

ইশ্ৱৰ ভগৱন্ত কৃপাময়৷

কৰিছা যিতু মহাপাপছয়৷৷

কেন মতে হোয়ে বিনাস তাৰ৷

কলিত কোন পুন্যে পাৱে পাৰ৷৷৩৬৷৷

কহিয়া চেদিয়ো সংসয় যত৷

চাৰিও তোৰা মহাভাগৱত৷৷

সুনিয়া সনত কুমাৰ মুনি৷

দিলন্ত ঊত্তৰ মনত গুনি৷৷৩৭৷৷

গোবিন্দ প্ৰিয় নাৰদ সুনা৷

ভাগৱত ধৰ্ম্ম আপোনী জানা৷৷

হৌক মোক্ষ বোলি সব লোকৰ৷

কৰিলা প্ৰস্ন সংসাৰত সাৰ৷৷৩৮৷৷

যেন মতে পাৱে পাপৰ পাৰ৷

সুনা সাৱধানে ঊত্তৰ তাৰ৷৷

সদায়ে এৰিলে আচাৰ ধৰ্ম্ম৷

নভৈল যাৰ কিচো জাতকৰ্ম্ম৷৷৩৯৷৷

শঠবুদ্ধি যিতু জগত বঞ্চে৷

দম্ভ অহঙ্কাৰ সদা নুগুচে৷৷

সুৰাপানী চাতুকাৰ কৰে চান্ডাল৷

নিস্ঠোৰ বাক্য বোলে সৰ্ব্বকাল৷৷৪০৷৷

পুত্ৰ দাৰা ধন আতেষে ৰতি৷

সবাতো অধম যি মন্দমতি৷৷

সিসবো পাপত হোয়ে তৰন৷

যদি হৰি পদে লৱে শৰন৷৷৪১৷৷

দেৱতো উত্তম কৰোনাকৰ৷

মুকুতি প পাৱে যাত চৰাচৰ৷৷

যিতো থাকে তান দ্ৰোহ আছৰি৷

ভজিলে তাকো নিস্তাৰন্ত হৰি৷৷৪২৷৷

যিতো মন্দমতি অধম নৰে৷

হৰিৰ মহা অপৰাধ কৰে৷৷

নামত শৰন লোৱে বাৰেক৷

নামে হৰে তাৰ সবে পাতেক৷৷৪৩৷৷

সুহৃদ হৰি নাম সমস্তৰে৷

তাৰ অপৰাধ যি নৰে কৰে৷৷

তাহাৰ ৰক্ষাৰ নাহি ঊপায়৷

অৱশ্যে সিতু অধোগতি যায়৷৷৪৪৷৷

হৰিয়ো ৰাখিবে নোৱাৰে তাক৷

সুনিয়া নাৰদে বোলিলা বাক৷৷

নামৰ কোন অপৰাধগন৷

লোকৰ যিতো পুন্য কৰে চন্ন৷৷৪৫৷৷

পাপক সাঞ্চি নেয় অধোগতি৷

কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি৷৷

শুনি মুনি বাক্য বোলিলা তথা৷

পুছিলা পৰম ৰহস্য কথা৷৷৪৬৷৷

পুৰ্ব্বত কহিলা মোত সঙ্কৰে৷

প্ৰকাষিবো আক তোমাৰ তৰে৷৷

সুনা যেন যেন দ্ৰোহ নামৰ৷

হৰি হৰি বোলা সমস্ত নৰ৷৷৪৭৷৷

৷৷ দ্বিতীয় কীৰ্ত্তন৷৷

ঘোঁষা৷৷

ঘোষিয়ো হৰি হৃদি ৰূপ ধৰি৷

ঘোষিয়ো হৰি নাহি আন পুন্য নামক সৰি৷৷৬৷৷

পদ৷৷

ভকতক নিন্দা কৰে অধম৷

জানিবা নামৰ দ্ৰোহি পৰম৷৷

যাত হন্তে ভৈলা নামৰ খ্যাতি৷

তাৰ কি নিন্দা নামে সহে আতি৷৷৪৮৷৷

গুননাম যত বিষ্টো(বিষ্ণু*?) শিৱৰ৷

তাক ভিন্ন বুদ্ধি কৰে যি নৰ৷৷

নামৰ সিয়ো মহা অপৰাধি৷

নৰকত পৰৈ দৈৱে নবাধি৷৷৪৯৷৷

যিতো পাপী কৰে নামত হেলা৷

দেৱকো জানি নিন্দে কোনো বেলা৷৷

নামৰ ইয়ো দুয়ো অপৰাধ৷

ভুঞ্জিবে যাতনা নাহিকে বাধ৷৷৫০৷৷

হৰি নাক ণেপ্ৰ অৰ্থবাদ৷

নামৰ মহিমা কৰে উৰ্চ্ছাদ৷৷

সিজনো নামৰ দ্ৰোহি পৰম৷

নৰকে পচে নাহি তাৰ জন্ম৷৷৫১৷৷

নামত বলে কৰে পাপ বুদ্ধি৷

অষ্টাঙ্গযোগে তাৰ নাহিকে সিদ্ধি৷৷

নাম অপৰা(ধি)ঢ়ি সিও অধমন৷

ভুঞ্জিবে যাতনা অনেক জন্ম৷৷৫২৷৷

ধৰ্ম্ম হোম ব্ৰত তিৰ্থত স্নান৷

যতেক আছে মহাযজ্ঞঁ দান৷৷

আকে এৰে কৰে নামক সৰি৷

কতনো যাতনা ভুঞ্জিবে মৰি৷৷৫৩৷৷

নামক কীৰ্ত্তন কৰন্তে আনে কৰন্তে আনে৷

আন মন কৰি নুশুনে কানে৷৷

অধক যাই াসয়ো(সিয়ো*) হুয়ে কলা৷

বাইবে কানত তপত শলা৷৷৫৪৷৷

নাহিকে শ্ৰধা নপাতয় কান৷

তাক যিতো দেই নামৰ দান৷৷

নামৰ দ্ৰোহি নাহি তাত পৰে৷

ভুঞ্জাইব যাতনা যম কিঙ্কৰে৷৷৫৫৷৷

সুনিয়া নামৰ মহিমা নিতি৷

তথাপি নামত নকৰে প্ৰিতি৷৷

নামৰ দ্ৰোহি সিয়ো অহঙ্কাৰি৷

ভুঞ্জিবেক কাকে জিহ্বা উভাৰি৷৷৫৬৷৷

এহি দষ অপৰাধি নামৰ৷

আমাত কৃপায়ে কহিলা হৰ৷৷

পুৰ্ব্বত সমস্ত মুনিৰ আগে৷

তোমাত এবে কৈলো অনুৰাগে৷৷৫৭৷৷

নামৰ দ্ৰোহ নেৰে যিতু জানি৷

পাপত পছে সিয়ো মন্দ প্ৰানি৷৷

মাতৃক ক্রোধে ত্যজি যেন অৰ্ন্ন৷

দুখ মাত্ৰ পাৱে বালেকগন৷৷৫৮৷৷

এৰিয়া অপৰাধ দেৱ ঋষি৷

নামত যতন কৰা হৰিষি৷৷

নামেসে কৰিবে পৰম সিদ্ধি৷

হৰিৰ নাম জগতৰে নিধি৷৷৫৯৷৷

পুচিলা নাৰদ ৰিষি দুনাই৷

যাহাৰ ইজ্ঞাঁন(বিজ্ঞাঁন*?) বৈৰাগ্য নাই৷৷

সদায়ে মজি আছে বিষয়ত৷

এৰাইবে নামৰ দ্ৰোহ কিমত৷৷৬০৷৷

সনত কুমাৰে দিলে উতৰ৷

নামৰ দ্ৰোহি যিতো পাপী নৰ৷৷

সততে ফুৰে হৰি নাম গাই৷

তেবেসে নামৰ দ্ৰোহ এৰাই৷৷৬১৷৷

সুৰূপ সুনা ঋষি ঊদাষিন৷

যিজন নাম অপৰাধহিন৷৷

হৰিৰ তেবে একে নামে তৰে৷

সুনে বা বোলে বা মনত স্মৰে৷৷৬২৷৷

কহিলা ৰহষ্য মোত শঙ্কৰে৷

আক যিতু নৰে কীৰ্ত্তন কৰে৷৷

মুকুতি পায়ে এৰে অপৰাধ৷

কহিলো নাৰদ নাহিকে বাধ৷৷৬৩৷৷

পৰম বান্ধৱ হৰি নাম৷

যিজনে আক লয়ে অবিশ্ৰাম৷৷

তাৰ সাত কাৰ্য্য সাধিবে দেখা৷

প্ৰতি প্ৰতি লোৱা সাতৰো লেখা৷৷৬৪৷৷

প্ৰথমে দহিব পাতকচয়৷

কৰিবে মহাপুন্য অদ্ভ্যুদয়৷৷

কৰাবে বিষয়ত বিৰকতি৷

কৃষ্ণত বাঢ়িবে প্ৰেম ভকতি৷৷৬৫৷৷

ঊপজাই অতি বৈষ্ণৱ জ্ঞাঁন৷

মায়াকে কৰিবে দহি নিৰ্য্যান৷৷

চৈতন্য মুৰ্ত্তি পুৰ্ন্নানন্দ হৰি৷

থৈবেক তেন্তে এড়ে এক কৰি৷৷৬৬৷৷

তেবেসে নাম হৈবে ঊপসান্ত৷

কহিলো পৰম তুত্ত্ৱ একান্ত৷৷

নাম বিনে নাহি কলিত গতি৷

কলিৰ লোক হইবে পাপমতি৷৷৬৭৷৷

অন্যত্ৰ ধৰ্ম্ম নাহি অধিকাৰ৷

জানিবা কলিত নামেসে সাৰ৷৷

কলিত সদা নুসুমৰে হৰি৷

হেলাত মৰে আত্মাঘাত কৰি৷৷৬৮৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷

মনুষ্য জন্মক নাপায় হেন্থৰে৷৷

আক বৃথা কৰা কিনো অভাগি৷

মানিকক বিকা কাচক লাগী৷৷৬৯৷৷

কেতিক্ষনে কিবা পৰে বিঘাট৷

তথাপী চেতন নাহিকে গাত৷৷

আজি কালি কিবা মিলে মৰন৷

হৰিৰ নামত লৈয়ো সৰন৷৷৭০৷৷

নকৰিবা নিন্দা মোক মহন্তে৷

আসিল সাস্ত্ৰ বাৰানষি হন্তে৷৷

তাহাঙ্ক চাই নিবন্ধিলো পদ৷

হৰি হৰি বোলি তৰা আপদ৷৷৭১৷৷

৷৷নাম-অপৰাধ সমাপ্ত৷৷২৷৷