ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন

কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ ত্ৰয়োৱিংশ খণ্ড॥

॥ দৈৱকীৰ পুত্ৰ-আনয়ন॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

ৰাম মাধৱ মুৰাৰি।

কৃষ্ণ মুকুন্দ দৈত্যাৰি॥ ১৩৫॥

পদ॥

শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত।

পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত॥

অনন্তৰে দৈৱকী শুনিয়া হেন বাণী।

গুৰুৰ মৃতক পুত্ৰ কৃষ্ণে দিলা আনি॥ ১৬১৪॥

হুয়া আতি বিস্ময় গুণন্ত বৰনাৰী।

মোৰো ছয় তনয়ক কংসে আছে মাৰি॥

হৃদয় ব্যাকুল কৰৈ তাসম্বাক স্মৰি।

চক্ষুৰ লোতক আতি পৰৈ সৰসৰি॥ ১৬১৫॥

মুখৰো নোহ্লায় মাত গদগদ বাণী।

বুলিলা বচন ৰাম গোৱিন্দক আনি॥

শুনিয়োক ৰাম শুনিয়োক দামোদৰ।

জানিলো তোমৰা দুই পৰম ঈশ্বৰ॥ ১৬১৬॥

স্ৰজন্তাৰো স্ৰষ্টা তুমি পৰম পুৰুষ।

কাৰ্য্যতে লক্ষিলো দুয়ো নুহিকা মানুষ॥

খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।

মোহোৰ গৰ্ভত আসি ভৈলা অৱতাৰ॥ ১৬১৭॥

জগত নিৰ্ম্মাণ কৰে তোমাৰেসে মায়া।

জানিয়া শৰণ লৈলো কৰিয়োক দায়া॥

মৰাপুত্ৰ গুৰুক যমৰ পৰা আনি।

দিলাহা দক্ষিণা যেনমতে চক্ৰপাণি॥ ১৬১৮॥

হেনমতে মোৰো মনোৰথ কৰা সিদ্ধি।

পৰম ঈশ্বৰ দুয়ো বিধাতাৰ বিধি॥

কংসে মাৰিলেক মোৰ পুত্ৰ ছয়গুটি।

তাসম্বাক সুমৰন্তে প্ৰাণ যায় ফুটি॥ ১৬১৯॥

তোমাৰা প্ৰসাদে যেৱে দেখিবাক পাওঁ।

তেৱেসে দাৰুণ শোক সন্তাপ এৰাওঁ॥

মাৱক মাতিলা ৰাম কৃষ্ণ দুই ভাই।

আনি দিবো পুত্ৰগণ চিন্তা এৰা আই॥ ১৬২০॥

এহি বুলি ৰাম কৃষ্ণে যোগ মায়া বলে।

এক নিমিষেকে গৈয়া পশিলা সুতলে॥

ত্ৰৈলোক্যমোহন দিব্যৰূপ হৃষীকেশ।

বলিৰ সভাত গই ভৈলন্ত প্ৰৱেশ॥ ১৬২১॥

দেখৈ দৈত্যপতি আসিলন্ত বনমালী।

আথেবেথে সমাজে উঠিলা গাৱ চালি॥

আনন্দে আকুল ভৈলা কৃষ্ণ দৰশনে।

সবংশে পড়িলা গৈয়া কৃষ্ণৰ চৰণে॥ ১৬২২॥

জগতৰে আত্মা মোৰ পৰম দৈৱত।

কিনো মোৰ ভাগ্য আসি ভৈলা উপগত॥

পৰম হৰিষে নয়নৰ পৰৈ পানী।

মাথাত কৰিয়া সিংহাসন দিলা আনি॥ ১৬২৩॥

বলভদ্ৰ সহিতে বসিলা তাতে হৰি।

দুইৰো পাৱ পখালিলা বলি হাতে ধৰি॥

সবংশে শিৰত আনি লৈলা পাদোদক।

দিব্য বস্ত্ৰ ভূষণে অৰ্চিলা মাধৱক॥ ১৬২৪॥

বহুবিধ সন্দেশ অমৃত ভক্ষ দিলা।

সবান্ধৱে আপুনাক কৃষ্ণতে অৰ্পিলা॥

ভণিল শঙ্কৰে ধৰি কৃষ্ণৰ চৰণে।

ৰাম ৰাম ঘুষিয়োক সভাসদগণে॥ ১৬২৫॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥ স্বামীহ্ল মোক পাৰ কৰা কৰুণাসিন্ধু

সংসাৰ সাগৰে।

আউৰ আন গতি নাহিকে মাধৱ

বান্ধৱ তোহ্মাত পৰে॥ ১৩৬॥

পদ॥ পাছে গোৱিন্দক দেখি দৈত্যেন্দ্ৰৰ

আনন্দে চিত্ত নধৰৈ।

উপজিল ভাৱ শিহৰিল গাৱ

নেত্ৰৰ লোতক ঝৰৈ॥

দুই হাতে কৃষ্ণৰ চৰণ ধৰিয়া

তাতে মাথা থাপি থৈলা।

গদগদ বাণী মুখৰ নোহ্লায়

স্তুতি কৰিবাক লৈলা॥ ১৬২৬॥

প্ৰণামো অনন্ত মহন্ত বিধাতা

প্ৰণামো কৃষ্ণ চৰণে।

সাংখ্য যোগ যিটো কৰিলা বিস্তাৰ

ব্ৰহ্মৰূপী নাৰায়ণে॥

তযু দৰশন যদ্যপি দুৰ্ল্লভ

নুবুজি তোহ্মাৰ লীলা।

আমি তামসিক অসুৰ জাতিৰ

গৃহতে আসি মিলিলা॥ ১৬২৭॥

ৰাক্ষস দানৱ দৈত্য ভূতচয়

পিশাচ প্ৰমথপতি।

তোহ্মাক বিৰোধ কৰি অপ্ৰয়াসে

পাইলেক পৰম গতি॥

দ্বেষত ভয়ত যিটো সিদ্ধি পাইলে

তামসিক দৈত্যজাক।

সাত্ত্বিক গুণত থাকিয়া সততে

দেৱে নপাৱন্ত তাক॥ ১৬২৮॥

আমাৰ পৰোক্ষ বান্ধৱ তুমিসি

মাধৱ জানিলো আমি।

হেন জানি মোত হুয়োক সন্তোষ

তিনিয়ো লোকৰ স্বামী॥

গৃহ অন্ধকূপে পড়ি আছো নাথ

কিমতে আক এৰাওঁ।

ফল মূল ভুঞ্জি তোহ্মাৰ চৰণ

চিন্তিয়া যেন বেড়াওঁ॥ ১৬২৯॥

তযু নাম মোৰ মুখে নছাড়োক

নেড়োক চিত্তে চৰণ।

হেন মনোৰথ সাধিয়ো মাধৱ

তোহ্মাত লৈলো শৰণ॥

ঐশ্বৰ্য্য জঞ্জাল নলাগে আহ্মাক

ছিণ্ডা মোৰ মোহ পাশ।

কৰা প্ৰভু দায়া জন্মে জন্মে হৈবো

তোহ্মাৰ দাসৰো দাস॥ ১৬৩০॥

আজ্ঞা কৰিয়োক জীৱৰ ঈশ্বৰ

সম্প্ৰতি কি কৰো আমি।

হেন শুনি হাসি বলিক মাতিলা

তিনিয়ো লোকৰ স্বামী॥

মৰীচিৰ ছয় আছিল তনয়

প্ৰথম মনুৰ দিনে।

ভৈলা সৱে দেৱ তাসম্বাৰ আগে

নাম শুনা ভিনে ভিনে॥ ১৬৩১॥

স্মৰ পৰিঙ্গ উদ্‌গীথ পতঙ্গ

ক্ষুদ্ৰভ্ৰুক আৰো ঘৃণি।

এহি ছয়জন পৰম পৱিত্ৰ

আছে কাম ক্ৰোধ জিনি॥

যৈসানি ব্ৰহ্মায়ে নিজ দুহিতাক

ক্ৰীড়া কৰিবাক চান্ত।

দেখি ছয়োজনে ব্ৰহ্মাক নিন্দিয়া

উপহাস্য কৰিলন্ত॥ ১৬৩২॥

অসুৰ যোনীক যাহা বুলি ব্ৰহ্মা

শাপ দিলা কোপ মনে।

হিৰণ্যকশিপু দৈত্যৰ তনয়

ভৈলা আসি ছয়োজনে॥

পাছে দৈৱকীৰ গৰ্ভতে ছয়োক

উপজায়া যোগমায়া।

ধৰি কংসৰায় সৱাকো বধিলা

অধৰ্ম্ম একো নচায়া॥ ১৬৩৩॥

সম্প্ৰতি তোহ্মাৰ কাছতে আছন্ত

ছয়ো মোৰ জ্যেষ্ঠ ভাই।

তাসম্বাক লাগি সদায়ে ক্ৰন্দন

কৰন্ত দৈৱকী আই॥

সৱাহাঙ্কো আজি দ্বাৰকাক নিবো

গুচাইবো মাৱৰ শোক।

মোহোৰ প্ৰসাদে শাপ এড়াই আজি

ছয়ো যাইবে স্বৰ্গলোক॥ ১৬৩৪॥

এহিসে কাৰণে তোহ্মাৰ পাশক

আসি আছো দৈত্যপতি।

শুনি বলি উঠি ছয়োকো আগতে

যোগাইলা কৰি ভকতি॥

কৃষ্ণৰ চৰণ দুহাতে ধৰিয়া

শিৰত অৰ্চিলা তুলি।

আজিসে সমস্ত পাপ দূৰ ভৈল

জন্ম সাম্ফলিলো বুলি॥ ১৬৩৫॥

শুনা সৰ্ব্বজন এৰি আন মন

স্থিৰ কৰি এক মতি।

কৃষ্ণ নাম বিনা ইটো কলিযুগে

নাহি নাহি আন গতি॥

জানিয়া কৃষ্ণৰ চৰণে শৰণ

পশিয়ো সুদৃঢ় মতি।

বোলা ৰাম ৰাম ছাড়ি আন কাম

লভিবা পৰম গতি॥ ১৬৩৬॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

কমললোচন কলুষমোচন॥ ১৩৭॥

পদ॥

পাছে বলিৰায়ক আশ্বাস কৰি।

সৱাহাঙ্কে লৈয়া উঠিলা হৰি॥

দ্বাৰকাপুৰ পাইলা মহাভাগে।

ছয়ো ভাইক দিলা মাতৃৰ আগে॥ ১৬৩৭॥

ছয়ো ছৱালক দৈৱকী দেখি।

পৰম আনন্দে চান্ত নিৰেখি॥

নিশ্চয়ে সৱে মোৰ পুত্ৰ বুলি।

লৈলন্ত সৱাকো কোলাত তুলি॥ ১৬৩৮॥

পুত্ৰৰ স্নেহে স্ৰৱৈ দুয়ো স্তন।

কৰন্ত পুত্ৰৰ মুখে চুম্বন।

উৎসুকে পুত্ৰক পিয়ান্ত ক্ষীৰ।

ঘ্ৰাণন্ত ঘনে ঘনে পুত্ৰশিৰ॥ ১৬৩৯॥

আনন্দে দৈৱকী যেন নাচন্ত।

ইগুটি থৈয়া আৰ গুটি লন্ত॥

বিষ্ণুৰ মায়ায়ে মোহিত চিত্ত।

দৈৱকী ভৈলা আতি আনন্দিত॥ ১৬৪০॥

একে দৈৱকীৰ স্তন বিশেষ।

কৃষ্ণৰ আৰো পীত অৱশেষ॥

সন্তোষে তাক পিলা ছয়োজনে।

কৃষ্ণৰ আৰো অঙ্গ পৰশনে॥ ১৬৪১॥

ঘোৰ ব্ৰহ্মশাপ তাহাক তৰি।

আমি দেৱ হেন তাহাক স্মৰি॥

পিতৃক মাতৃক কৰি বন্দন।

পৰি প্ৰণামিলা কৃষ্ণ চৰণ॥ ১৬৪২॥

বলোৰ চৰণে কৰিয়া সেৱ।

স্বৰ্গক পাছে যান্ত ছয়োদেৱ॥

চাহি আছে লোক নিজম পড়ি।

ছয়োজনে যায় বিমানে চড়ি॥ ১৬৪৩॥

দেখিয়া দৈৱকী ভৈলা বিস্ময়।

আসিল মোৰ মৰা পুত্ৰচয়॥

স্বৰ্গকো গৈলা মোৰ স্তন খায়া।

জানিলো সকল বিষ্ণুৰ মায়া॥ ১৬৪৪॥

বোলন্ত শুকে শুনা পৰীক্ষিত।

কৃষ্ণৰ অদ্ভূত লীলা চৰিত॥

অনন্ত বীৰ্য্যৰ যত মহিমা।

আক কহি কোনে কৰিবে সীমা॥ ১৬৪৫॥

পৰম মঙ্গল হৰি চৰিত।

জগতৰে ইটো হৰে দুৰিত॥

যিবা জনে আক শুনে শুনাৱে।

কৃষ্ণৰ প্ৰসাদে মোক্ষক পাৱে॥ ১৬৪৬॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

কৰিয়ো কীৰ্ত্তন সমস্ত জনে॥

কলি যুগে ইটো মহা উপায়।

হৰিনাম লৈলে মুকুতি পায়॥ ১৬৪৭॥

বেদান্তৰো তত্ত্ব শুকৰ বাণী।

জানি হেলা এৰা সমস্ত প্ৰাণী॥

যেৱে সুখে যাইবে বৈকুণ্ঠপুৰী।

সদায় ডাকিয়া ঘুষিও হৰি॥ ১৬৪৮॥

॥ দৈৱকীৰ পুত্ৰ-আনয়ন সমাপ্ত॥ ২৩॥