দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
॥ দ্বাৱিংশ খণ্ড॥
॥ দামোদৰ-বিপ্ৰাখ্যান॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥ ৰাম হৰি গোপাল গোৱিন্দ।
যদুমণি মুকুন্দ গোৱিন্দ॥ ১৩১॥
পদ॥ শুক নিগদতি শুনা কুৰুপতি
কৃষ্ণৰ আৰো চৰিত্ৰ।
আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ
বৈষ্ণৱ আতি পৱিত্ৰ॥
কৃষ্ণয়েৰে তান মহা মিত্ৰৱতি
পঢ়ন্তে গুৰুগৃহত।
খাইবে খুণ্টিবাক একোৱে নাহিকৈ
বস্ত্ৰহীন শৰীৰত॥ ১৫৭৯॥
আতি পতিব্ৰতা তাহান ব্ৰাহ্মণী
দুঃখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া স্বামীক বুলিলা
মুখৰ মাত নোহ্লায়॥
শুনিয়োক স্বামী মন্দভাগী আমি
সহিবো কত নিকাৰ।
দ্বাৰকাত আছে প্ৰভু নাৰায়ণ
পৰম মিত্ৰ তোহ্মাৰ॥ ১৫৮০॥
দীন দায়াকৰ জগত ঈশ্বৰ
সাক্ষাতে লক্ষ্মীৰ পতি।
তোহ্মাৰ নিকাৰ দেখিয়া দিবন্ত
অনেক ধন সম্পত্তি॥
তাহান চৰণ চিন্তৈ যিটোজন
আপুনাকো দেন্ত তাক।
নকৰা বিমন পাইবা বহুধন
নবাধিবা মোৰ বাক॥ ১৫৮১॥
ভাৰ্য্যাৰ বচন শুনিয়া ব্ৰাহ্মণে
দৃঢ় কৰিলন্ত মতি।
কৃষ্ণ দৰশনে মোৰ মহালাভ
যাইবো দ্বাৰকাক প্ৰতি॥
ভাৰ্য্যাক বোলন্ত যি পাৰা সন্দেশ
আনি দিয়া ঝাটে উঠি।
শুনিয়া ব্ৰাহ্মণী মাগি আনিলন্ত
চাউল চিৰা চাৰিমুঠি॥ ১৫৮২॥
কানিৰ টুপলি বান্ধি আনি দিলা
ব্ৰাহ্মণে কাষতে লৈলা।
কৃষ্ণৰ চৰণ দেখিবাক মনে
দ্বাৰকাক লাগি গৈলা॥
কৃষ্ণক দেখিবে কত বেলি পাওঁ
মনে গুণি দ্বিজবৰ।
সেনাৰ বাজুক ছড়াই তিনিদ্বাৰ
পাইলা গৈয়া অভ্যন্তৰ॥ ১৫৮৩॥
ষোড়শ হাজাৰ আৱাস প্ৰকাশৈ
বৈকুণ্ঠপুৰ সমান।
যদুগণ যাত পশিবে নপাৰৈ
কৃষ্ণৰ ৰহস্য স্থান॥
তাৰ এক গৃহ পশিলা ব্ৰাহ্মণ
কেহোৱে বাধন্তা নাই।
সৱ্যা ভাৰ্য্যা সমে সোণাৰ খাটত
সুতি আছা যদুৰায়॥ ১৫৮৪॥
মিত্ৰক দেখিয়া ভাৰ্য্যাক এড়িয়া
উঠি আসি আথেবেথে।
দুহাতে সাবটি ধৰিলা আনন্দে
তিনিয়ো লোকৰ নাথে॥
সখিক আলিঙ্গি আতি প্ৰীতি পাইল
আনন্দে লোতক ঝৰে।
সোণাৰ খাটত বসুৱাইলা নিয়া
ধৰিয়া আতি সাদৰে॥ ১৫৮৫॥
আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ
পাদোদক লৈলা শিৰে।
সুগন্ধি চন্দন কুঙ্কুমে সখিৰ
ঘসিলা সৱ শৰীৰে॥
দীপ ধূপ লগাই পূজিলা বিপ্ৰক
কৰ্পূৰ তাম্বুল দিয়া।
সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক
সৱ্যা মাধৱৰ প্ৰিয়া॥ ১৫৮৬॥
দেখিয়া অন্তেষ- পুৰৰ লোকৰ
বিস্ময় ভৈ গৈল পাছে।
ইটো মহাদুঃখী ভিক্ষুক ব্ৰাহ্মণে
কত পুণ্য কৰি আছে॥
ত্ৰৈলোক্যৰ গুৰু লক্ষ্মীৰ নিৱাস
আপুনি সেৱন্ত যাক।
ভাৰ্য্যাক এড়িয়া আঙ্ক আলিঙ্গন্ত
যেহেন শ্ৰেষ্ঠ দাদাক॥ ১৫৮৭॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥ যাদৱানন্দ দয়াশীল ৰাম।
হৰি হৰি দয়াশীল কেশৱ গোপাল॥ ১৩২॥
পদ॥ পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি
সুধিলন্ত কৰি সতকাৰ।
গুৰুৰ গৃহৰ তথা সুমৰা পুৰণি কথা
যেন ভৈলা আহ্মাৰ নিকাৰ॥
গুৰুপত্নীগণে আসি আহ্মাক বুলিলা হাসি
খড়ি লুড়ি দিয়া শিষ্যগণ।
আমি সৱো হেন শুনি কটিত বান্ধিয়া ভুনি
আনন্দে লড়িলো ৰঙ্গ মন॥ ১৫৮৮॥
অৰণ্যৰ পশি সান্ধি খড়ি লুড়ি বোজা বান্ধি
গৃহক চলিলো ৰঙ্গমনে।
যাওঁ কথামাতে হাসি আকস্মিতে তৈতে আসি
পাইলে ঘোৰ বাত বৰিষণে॥
গৰ্জ্জনতে ভূমি লড়ৈ ঘনে ঘনে বজ্ৰ পড়ৈ
খাল বাম সম ভৈলা আতি।
নাকলিয় একো পথ সূৰ্য্য পাছে গৈল অস্ত
ভৈল ঘোৰ অন্ধকাৰ ৰাতি॥ ১৫৮৯॥
পাছে আমি সৱে শিষ্য নাকলোঁহো একোদিশ
বাত বৃষ্টি পীড়িলে আহ্মাক।
কাম্পৈ তনু তৰতৰি অন্যোঅন্যে হাতে ধৰি
বাট নপাই তৈতে ফুৰো পাক॥
মাথাত খড়িৰ বোঝা যান নযায় একো খোজা
ফুৰন্তে ৰজনী গৈল ক্ষয়।
নযাওঁ কেহো কাকো এড়ি কিৰণে আন্ধাৰ ফাড়ি
ভৈলা আসি আদিত্য উদয়॥ ১৫৯০॥
সান্দীপনি দ্বিজৰাজে বিচাৰিলা বনমাজে
ভৈলা আসি আহ্মাক প্ৰত্যেক।
জাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত
দেখি খেদ কৰিলা অনেক॥
আহ্মাক বোলন্ত বাক শুনা সৱে শিষ্যজাক
মোৰ পদে কিনো দুঃখ ভৈল।
প্ৰাণতো এড়িলা আশ খপিলাহা বনবাস
গুৰুঋণ সৱে সুজা গৈল॥ ১৫৯১॥
শুনা শিষ্য নিৰন্তৰ তুষ্ট হুয়া দিওঁ বৰ
জানা সৱ শাস্ত্ৰ এতিক্ষণে।
পূৰ্ণ ভৈল মনোৰথ গৃহৰ ধৰিলো পথ
পাছে আমি সৱে শিষ্যগণে॥
আনো দুঃখ নানা মত গুৰুগৃহে পাইলো যত
প্ৰাণসখি সুমৰাহা তাক।
হেন শুনি দ্বিজবৰে কৰযোৰে অনন্তৰে
কৃষ্ণক বুলিলা মৃদুবাক॥ ১৫৯২॥
শুনিয়োক পৰমব্ৰহ্ম আহ্মাৰ সাম্ফল জন্ম
সমস্ত পাতক ভৈল নাশ।
যিহেতু জগত স্বামী তোহ্মাৰ লগত আমি
গুৰুগৃহে কৰিলো নিৱাস॥
কাম মোক্ষ ধৰ্ম্ম অৰ্থ পাৱৈ আনো মনোৰথ
যিটো চিন্তৈ তোহ্মাৰ চৰণ।
আপুনি নিৰ্ম্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ
ইটো কিনো ভৈল বিড়ম্বন॥ ১৫৯৩॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥ যদুৰায় চৰণে শৰণ দিয়ো।
জগজীৱ সেৱক পালিয়া নিয়ো॥ ১৩২॥
পদ॥ হেন শুনি হাসি বিপ্ৰত পুছন্ত
সৰ্ব্বজান হৃষীকেশ।
আহ্মাক লাগিয়া আনি আছা যিবা
দিয়োক সখি সন্দেশ॥
ভকতসকলে পূজৈ ফুলে ফলে
তুষ্ট হওঁ তাকে পাই।
অভকতে যদি নানা দ্ৰব্য দেয়
তাতো মোৰ তুষ্টি নাই॥ ১৫৯৪॥
হেন জানি মিত্ৰ দিয়োক আহ্মাক
যিবা দ্ৰব্য আছা আনি।
পৰম সঙ্কোচ ভৈলা দ্বিজবৰ
কৃষ্ণৰ শুনিয়া বাণী॥
চাউল চিৰামুঠি নেদন্ত কৃষ্ণক
লাজে চপৰায় মাথ।
হেন দেখি পাছে মনত গুণন্ত
তিনিয়ো লোকৰ নাথ॥ ১৫৯৫॥
ইটো দ্বিজবৰে পূৰ্ব্বতো আহ্মাক
লক্ষ্মীকামে নৰাধিলা।
ভাৰ্য্যাৰেসে প্ৰীতি সাধিবাক প্ৰতি
আহ্মাৰ ঠাইক আসিলা॥
মনুষ্য দুৰ্ল্লভ পৰম সম্পদ
দিবো আজি আঙ্ক আমি।
কানিৰ টুপলি বিচাৰি আনিলা
আপুনি জগতস্বামী॥ ১৫৯৬॥
ইটো কি বুলিয়া টুপলি মেলিয়া
সখিক বুলিলা বাক।
ইটো চাউল চিৰা জগতে সহিতে
তৃপিতি কৰে আহ্মাক॥
এহি বুলি হৰি এক মুঠি ধৰি
ভুঞ্জিলন্ত আনন্দত।
আউৰ মুঠি ধৰি খাইবাক খোজন্তে
ধৰিলা লক্ষ্মী হাতত॥ ১৫৯৭॥
যত লাগে মানে সৱে সম্পত্তিক
এহি মুঠি দিবে পাৰে।
নখায়োক আৰ বুলি লক্ষ্মীমাৱে
স্বামীক বুজাইলা ঠাৰে॥
হেন শুনি হৰি চাউল চিৰা এড়ি
থাকিলা হাসি নমাতি।
দিব্য ভোগ ভুঞ্জি কৃষ্ণৰ গৃহত
ব্ৰাহ্মণো বঞ্চিলা ৰাতি॥ ১৫৯৮॥
শয়নক লাগি সুৱৰ্ণ খাটত
বিছাই দিলা হংসতুলি।
মহাসুখে তাতে সুতিয়া আছিলা
আজি স্বৰ্গ পাইলো বুলি॥
প্ৰভাততে উঠি লড়িলা ব্ৰাহ্মণ
কৃষ্ণত মাগি মেলানি।
সখিক ধৰিয়া মাধৱে অনেক
বুলিলা বিনয় বাণী॥ ১৫৯৯॥
আগবঢ়াই নিয়া গৃহক পঠাইলা
ব্ৰাহ্মণ চলিলা সুখে।
কৃষ্ণে নেদিলন্ত নুখুজিলা ধন
ব্ৰাহ্মণো আপুন মুখে॥
মনত গুণন্ত দ্বিজত ভকত
কিনো দেৱ বনমালী।
কোথেৰ দৰিদ্ৰ মঞি পাপী মোক
ধৰিলন্ত আঙ্কোৱালি॥ ১৬০০॥
আপুনাৰ খাটে নিয়া বসুৱাই
ঘষি ধুৱাইলেক ভৰি।
শ্ৰম দেখি লক্ষ্মী আহ্মাক বিঞ্চিলা
চামৰক কৰে ধৰি॥
তিনিয়ো লোকৰ ঐশ্বৰ্য্যক পাৱৈ
অৰ্চিয়া যাৰ চৰণ।
আহ্মাৰ কুৎসিত সন্দেশকো খাইল
হেন প্ৰভু নাৰায়ণ॥ ১৬০১॥
দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মোক
পাসৰিবে সমুদায়।
এহি বুলি ধন নেদিলে আহ্মাক
জানিলো কৃষ্ণ গোসাঞি॥
হেন গুণি গান্থি যাহান্তে গৃহৰ
সমীপ পাইলন্ত পাছে।
চন্দ্ৰ সূৰ্য্য সম অনেক বিমান
দেখন্ত তহিতে আছে॥ ১৬০২॥
দিব্য উপবনে পৰি পক্ষীগণে
সুললিত ৰাৱ তেজে।
দীঘি সৰোবৰ পুষ্পিত উৎপল
প্ৰফুল্ল পঙ্কজে ৰজে॥
দিব্য নৰনাৰী গণ ফুৰৈ তৈতে
পিন্ধি বস্ত্ৰ অলঙ্কাৰ।
দেখিয়া ব্ৰাহ্মণে বিস্ময়ে গুণন্ত
ইটো দিব্যপুৰী কাৰ॥ ১৬০৩॥
নুহি মোৰ গৃহ কৈক আইলো বুলি
থমকি আছন্ত চাই।
নৰনাৰীগণো বিপ্ৰক বেঢ়িল
দিব্য বাদ্যভণ্ড বাই॥
স্বামী আসিবাৰ শুনিয়া ব্ৰাহ্মণী
গৃহৰ বজাইলা ৰঙ্গে।
সালঙ্কৃতা দাসী সহস্ৰেকে বেঢ়ি
যোগানে লড়িলা সঙ্গে॥ ১৬০৪॥
দিব্য আভৰণে ভূষিতা সুন্দৰী
যাহান্ত যেন নাচন্তে।
ৰূপ ধৰি লক্ষ্মী যেন বাজ ভৈলা
আপুন থানৰ হন্তে॥
দিব্য পৰিছদে আগবাঢ়ি আসি
স্বামীক দেখিলা গই।
আনন্দে লোতক বজাই আখি মুদি
থাকিলা থমকি ৰই॥ ১৬০৫॥
পতিক বুদ্ধিয়ে নমিলা ব্ৰাহ্মণী
মনে ধৰি আলিঙ্গিলা।
কন্যাগণ মধ্যে প্ৰকাশন্ত সতী
ভাৰ্য্যাকো দ্বিজে দেখিলা॥
ভৈল মহাপ্ৰীতি ভাৰ্য্যায়ে সহিতি
এক ঠাই হুয়া পাছে।
পৰম আনন্দে পশিলা মন্দিৰ
দ্বিজবৰ দিব্য কাছে॥ ১৬০৬॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥ ত্ৰাহি ৰাম নিৰঞ্জন জীৱেৰ জীৱন
মুকুন্দ ৰাম মুৰাৰি।
তোহ্মাৰ চৰণে পশিলো শৰণে
নিয়োক মোক উদ্ধাৰি॥ ১৩৪॥
পদ॥ সুৱৰ্ণ ৰুৱলী মৰকত স্থলী
স্ফটিকৰ দ্বাৰ বাৰ।
ৰত্নময় স্তম্ভ গৃহৰ আৰম্ভ
দেখি ভৈলা চমৎকাৰ॥
দুগ্ধ ফেন সম শয্যাসৱ আছে
সোণাৰ খাটে বিছাই।
সুৱৰ্ণ আসন ভাজন যতেক
তাৰ সীমা সংখ্যা নাই॥ ১৬০৭॥
চন্দ্ৰাতপসৱ টানিয়া আছয়
মুকুতাৰ মালা আঁৰি।
দিব্য কন্যাগণে আয়াযাত কৰে
শুনি নূপুৰৰ সাৰি॥
ৰত্নৰ অনেক প্ৰদীপ প্ৰকাশে
নজানয় ৰাত্ৰি দিন।
ইন্দ্ৰতো অধিক পাইলা সমৃদ্ধিক
গুচিল দাৰিদ্ৰ্য চিন॥ ১৬০৮॥
কৃষ্ণৰেসে কৃপা বোলন্ত ব্ৰাহ্মণে
আত নাহি আন হেতু।
ভকতৰ অল্প- বস্তুক বিস্তৰ
কৰন্ত গৰুড়কেতু॥
আহ্মাৰ সন্দেশ খাইলা হৃষীকেশ
চাউল চিৰা একমুষ্ঠি।
এতেকতে মোক মহা সম্পত্তিক
দিলন্ত পৰম তুষ্টি॥ ১৬০৯॥
তাহান চৰণে সৌহৃদ্য সখিত্ব
মিত্ৰভাৱ নুগুচোক।
জন্মে জন্মে মঞি তান দাস হৈবো
মোক মোহে নলন্দ্ৰোক॥
এহি বুলি দ্বিজে ভুঞ্জিলা পৰম
ভোগ্যক পত্নী সহিত।
কিছু কিছু কৰি বিষয় এড়ন্ত
কৃষ্ণত অৰ্পিয়া চিত্ত॥ ১৬১০॥
অজিত বিষ্ণুক ভকতেসে জিনে
জানি দ্বিজ দামোদৰ।
একচিত্ত মনে কৃষ্ণৰ চৰণে
ভৈলন্ত ধ্যান তৎপৰ॥
দৃঢ় ভক্তি কৰি ছিণ্ডি মোহজৰী
কৰ্ম্মবন্ধে ভৈলা হীন।
পায়া মহোদয় দেখি ব্ৰহ্মময়
কৃষ্ণতে গৈলন্ত লীন॥ ১৬১১॥
পৰম পুৰুষ প্ৰভু নাৰায়ণ
ভকতৰ যেন নিধি।
তাহান চৰণে ভকতি কৰিলে
অৱশ্যে হুইৱেক সিদ্ধি॥
মাধৱৰ ইটো পৱিত্ৰ কথাক
শুনিবে যাৰ প্ৰবন্ধ।
কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে
এৰাই সিটো কৰ্ম্মবন্ধ॥ ১৬১২॥
ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন
কৰিয়ো সৱে সমাজে।
ইটো কলিযুগে আন গতি নাই
হৰিৰ নামত বাজে॥
বৃথা আয়ু যায় কৰিয়ো লোকাই
বৈকুণ্ঠে যাইবাৰ কাম।
মায়াময় ইটো বিষয় এড়িয়া
ডাকি বোলা ৰাম ৰাম॥ ১৬১৩॥
॥ দামোদৰ-বিপ্ৰাখ্যান সমাপ্ত॥ ২২॥