একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন

কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ একৱিংশ খণ্ড॥

॥ বিপ্ৰপুত্ৰ আনয়ন॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

মন বোল ৰাম শ্ৰীৰাম জয় জয় ৰাম॥ ১২৭॥

পদ॥

শুকমুনি বদতি শুনিয়ো পৰীক্ষিত।

এক দিনা যেন ভৈল দ্বাৰকাপুৰীত॥

এক বিপ্ৰপত্নীৰ উপজি পুত্ৰ গুটি।

ভূমিক চুইলেক মাত্ৰ প্ৰাণ গৈল ছুটি॥ ১৫২৭॥

মৃতক পুত্ৰক বিপ্ৰে কোলে তুলি লই।

কান্দিল অনেক ৰাজদুৱাৰত থই॥

ৰাজাকো ভৰ্ৎসন্ত আতি কৰি অহঙ্কাৰ।

ইটো দুষ্ট দুৰ্জ্জন ক্ষত্ৰিয় কুলাঙ্গাৰ॥ ১৫২৮॥

কোথেৰ পাপীষ্ঠ ব্ৰহ্মদ্বেষী মন্দকৰ্ম্ম।

শঠবুদ্ধি কৰৈ ইটো অনেক অধৰ্ম্ম॥

পৰম লুভীয়া ৰাজা জগতকে মোষে।

মৰিল তনয় মোৰ ইহাৰেসে দোষে॥ ১৫২৯॥

এহি বুলি গৈল দ্বিজ গৃহক উলটি।

এহিমতে উপজি মৰিল আৰগুটি॥

তাকো নিয়া পেহ্লাইলন্ত ৰাজাৰ দুৱাৰে।

পূৰ্ব্বৱতে নিন্দিলন্ত বচন প্ৰহাৰে॥ ১৫৩০॥

এহিমতে বিপ্ৰৰ মৰিল পুত্ৰ নৱ।

ভৰ্ৎসন্ত ব্ৰাহ্মণে দুৱাৰত পেহ্লাই শৱ॥

আছন্ত অৰ্জ্জুন বসি কেশৱৰ কাছে।

হেন শুনি ব্ৰাহ্মণক মাতিলন্ত পাছে॥ ১৫৩১॥

কি কাৰণে পুত্ৰ শোকে কান্দা দ্বিজবৰ।

তোহ্মাৰ ৰাজ্যত তেৱে নাহি ধনুৰ্দ্ধৰ॥

যাহাৰ ৰাজ্যত শোকে কান্দে দ্বিজগণ।

নুহিকে ক্ষত্ৰিয় সিটো নটৰ লক্ষণ॥ ১৫৩২॥

বুজিয়োক বিপ্ৰ আৱে মোৰ কেনে কক্ষা।

তোহ্মাৰ পুত্ৰক মই কৰিবোহো ৰক্ষা॥

ৰাখিবে নোৱাৰো যেৱে শুনা মহাভাগ।

অগনিত প্ৰৱেশি কৰিবো তনুত্যাগ॥ ১৫৩৩॥

শুনি বিপ্ৰে অৰ্জ্জুনক বুলিলা বচন।

যাক ৰাখিবাক নোৱাৰিলা নাৰায়ণ॥

ৰাম কামদেৱ অনিৰুদ্ধে নাটৈ যাক।

তাত যত্ন কৰা ইটো মিছা গৰ্ব্ববাক॥ ১৫৩৪॥

অৰ্জ্জুনে বোলন্ত মই নোহো হলায়ূধ।

নোহো বাসুদেৱ কামদেৱ অনিৰুদ্ধ॥

আমাৰ অৰ্জ্জুন নাম দশোদিশে জানে।

গাণ্ডীৱ ধনুক মোৰ জগতে বখানে॥ ১৫৩৫॥

শঙ্কৰকো তুষি আছো মোৰ পৰাক্ৰমে।

যদি কোপে আটোপে আসন্ত সাজি যমে॥

তাঙ্কো জিনি তোহ্মাৰ পুত্ৰক দিবো আনি।

গৈলন্ত সঞ্জাত দ্বিজে শুনি হেন বাণী॥ ১৫৩৬॥

অৰ্জ্জুনৰ বচনত হুয়া ভয়হীন।

প্ৰীত হুয়া গৃহত আছন্ত কতো দিন॥

প্ৰসৱৰ কাল আসি মিলিল দুনাই।

ত্ৰাহি ধনঞ্জয় বুলি ব্ৰাহ্মণে চেঞ্চাই॥ ১৫৩৭॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

ৰাখা কি দয়াময় মোক যদুৰায়।

তোহ্মাত ভকতি বিনা বৃথা আয়ু যায়॥ ১২৮॥

পদ॥

শুনি পাৰ্থে আথেবেথে গৈল দঢ় হুই।

কৰিলন্ত আচান্ত পৱিত্ৰ জল ছুই॥

ইষ্টদেৱ শঙ্কৰক নমিলা অৰ্জ্জুন।

দিব্য অস্ত্ৰ স্মৰি গাণ্ডীৱত দিলা গুণ॥ ১৫৩৮॥

টঙ্কাৰিয়া দিব্য অস্ত্ৰচয়ক ঝাকিলা।

অধো উৰ্দ্ধে সিটো সূতিগৃহক ঢাকিলা॥

নাথাকিল সন্ধি চাইলা আঞ্জৰ পাঞ্জৰ।

গৃহক ঢাকিয়া শৰে সাজিলা পিঞ্জৰ॥ ১৫৩৯॥

সেহি বেলা উপজিল বিপ্ৰৰ কুমাৰ।

পৃথিৱীত পৰিয়া কান্দিলা বাৰম্বাৰ॥

তেখনে অদৃশ্য ভৈল শৰীৰ সহিতে।

নাকলিলা কেৱে তাক আগতে তহিতে॥ ১৫৪০॥

দেখি পাছে বিপ্ৰে পুত্ৰশোকৰ ঝমক।

কেশৱৰ আগত ভৰ্ৎসিলা অৰ্জ্জুনক॥

মই কেন মূঢ় দেখিয়োক সৰ্ব্বজনে।

কৰিলো সঞ্জাত নপুংসকৰ বচনে॥ ১৫৪১॥

সবংশে কেশৱে নোৱাৰিলে ৰাখিবাক।

আৰ কোনে পৰিত্ৰাণ কৰিৱে আহ্মাক।

বিধিৰ বিপাকে যিটো দৈৱে ভৈল নাশ।

কিনো মূৰ্খ তই তাক ৰাখিবাক চাস॥ ১৫৪২॥

ধিক ধনঞ্জয় ধিক গাণ্ডীৱ তোহ্মাৰ।

মিছা কাৰ্য্যে কিসক কৰিলি অঙ্গীকাৰ॥

বিকৰ্থনা অনেক কৰিল দ্বিজবৰ।

শুনি নসহিল অৰ্জ্জুনৰ কলেৱৰ॥ ১৫৪৩॥

ধনু তুলি ধৰি পাছে মহা বিদ্যা কৰি।

তেখনে আণ্টাইল গৈয়া যমৰ নগৰী॥

পাতপাত কৰি বিচাৰিলা মহাভাগ।

বিপ্ৰৰ পুত্ৰক তৈতো নপাইলেক লাগ॥ ১৫৪৪॥

ইন্দ্ৰৰ নগৰে গৈয়া বিচাৰিলা পশি।

তৈতো বিপ্ৰপুত্ৰক নপাইলা মহাযশী॥

অগনি বৰুণ বায়ু চন্দ্ৰ নিঋতিৰ।

সৱাৰো থানক বিচাৰিলা মহাবীৰ॥ ১৫৪৫॥

বিতবিত কৰিলন্ত সাতো পাতালক।

তৈতো খুজি নপাইলন্ত বিপ্ৰৰ পুত্ৰক॥

একোস্থানে বিচাৰিবে নথাকিল ঠাই।

উলটিয়া দ্বাৰকাক আসিলা দুনাই॥ ১৫৪৬॥

ভ্ৰষ্ট ভৈল অঙ্গীকাৰ জানিয়া নিশ্চয়।

অগনিত জাম্প দিবে যান্ত ধনঞ্জয়॥

হেন দেখি সখিক ধৰিলা হৰি আসি।

মৰিবাক নিদিয়া বুলিলা পাছে হাসি॥ ১৫৪৭॥

দেখাইবো দ্বিজৰ সৱে পুত্ৰক তোহ্মাক।

নকৰিয়ো ঝাস সখি ৰাখা আপুনাক॥

তোহ্মাৰ বিপুল কীৰ্ত্তি থাকিবে লোকত।

মোহোৰ বচনে নকৰিবা প্ৰাণ হত॥ ১৫৪৮॥

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।

হৰিনাম বিনে আৰ নাহি কাৰো গতি॥

বেদৰ প্ৰমাণ বাণী জানি সৰ্ব্বজন।

বোলা হৰি হৰি কৰি অনেক যতন॥ ১৫৪৯॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

শ্ৰীৰাম মাধৱ ৰাঘৱ ৰঘুপতি॥ ১২৯॥

পদ॥

অৰ্জ্জুনক বুলি হেন বাণী।

দিব্য ৰথে চড়ি চক্ৰপাণি॥

ধৰিল উত্তৰ দিশৰ পথ।

অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ॥ ১৫৫০॥

সাতোখান পৃথিৱী এড়াইল।

গৈয়া সাতো সাগৰ চড়াইল॥

ধৰি মহা মনোজৱ১৬৪ গতি।

ভৈলা লোকালোকৰ সিভিতি॥ ১৫৫১॥

প্ৰৱেশিলা ঘোৰ অন্ধকাৰে।

ঘোৰা আৰ যাইবাক নপাৰে॥

হেন দেখি যোগেশ্বৰ হৰি।

আগক হানিলা চক্ৰ ধৰি॥ ১৫৫২॥

মহাৰশ্মিপুঞ্জে পোসৰাই।

আগত আন্ধাৰ ফাৰি যায়॥

যেন ৰাঘৱৰ শৰজাক।

বিদাৰয় ৰাক্ষস সেনাক॥ ১৫৫৩॥

হাজাৰেক সূৰ্য্য যেন জ্বলৈ।

তাহাৰ পাচত ঘোৰা চলৈ॥

ঘোৰ তম তৰিয়া সত্বৰে।

জ্যোতিপুঞ্জ পাইলা তাত পৰে॥ ১৫৫৪॥

ৰশ্মি লাগি চক্ষু ফুটে দেখি।

মুদিলা অৰ্জ্জুনে দুয়ো আখি॥

তাক এড়ি জল পাইলা গই।

ঘোৰ ঊৰ্ম্মি বায়ু উথলয়॥ ১৫৫৫॥

পাছে ধনঞ্জয় যদুৰাজে।

প্ৰৱেশিলা সেহি জলমাজে॥

দুয়ো গৈয়া দেখিলা প্ৰত্যেক।

স্ফটিকৰ স্তম্ভ হাজাৰেক॥ ১৫৫৬॥

দিৱ্যগৃহ প্ৰকাশন্তে আছে।

পশিলা ভিতৰ তাৰ পাছে॥

অনন্তক গৈয়া ভৈলা ভেট।

তুলি আছে হাজাৰেক ফেঁট॥ ১৫৫৭॥

ফণামণি কৰৈ তিৰিমিৰি।

প্ৰকাশন্ত যেন শুক্ল গিৰি॥

তান শৰীৰত সুখাসনে।

প্ৰকাশন্ত বসি নাৰায়ণে॥ ১৫৫৮॥

সুন্দৰ শৰীৰ মেঘ শ্যাম।

পীতবস্ত্ৰে আতি অনুপাম॥

প্ৰসন্ন বদন মনোহৰ।

আয়ত লোচন ৰুচিকৰ॥ ১৫৫৯॥

শিৰত কিৰীটি ৰত্নময়।

তাৰ ৰশ্মি শোভৈ কেশচয়॥

জ্বলৈ গণ্ড মকৰ কুণ্ডলে।

প্ৰকাশৈ শ্ৰীবৎস বক্ষস্থলে॥ ১৫৬০॥

কণ্ঠত কৌস্তুভ নৱ সূৰ্য্য।

প্ৰলম্ব বৰ্ত্তুল অষ্টভুজ॥

কেয়ূৰ কঙ্কণে সুশোভিত।

বনমালা আপাদলম্বিত॥ ১৫৬১॥

পদ দুই পঙ্কজৰ কান্তি।

পাসি ভৈল আঙ্গুলিৰ পান্তি।

জ্বলে আতি নখচন্দ্ৰচয়।

ভকতৰ প্ৰকাশে হৃদয়॥ ১৫৬২॥

সুনন্দ প্ৰমুখ্যে পাৰিষদে।

চৌপাশে উপাসে নিশবদে॥

চক্ৰ আদি অস্ত্ৰে মূৰ্ত্তি ধৰি।

সেৱা কৰে বিষ্ণুক আৱৰি॥ ১৫৬৩॥

পুষ্টি আদি ঋদ্ধি দিব্য কাছে।

মাধৱক আৰাধন্তে আছে॥

ভণিল শঙ্কৰে কৃষ্ণপদে।

হৰি হৰি বোলা সভাসদে॥ ১৫৬৪॥

॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

ৰাম বোল ৰাম বোল লোকাই।

ৰামনাম বিনা বান্ধৱ নাই॥ ১৩০॥

পদ॥

অদ্ভূত ৰূপ দেখি ধনঞ্জয়।

কম্পিল শৰীৰ ভৈলা বিস্ময়॥

আত্মাক কৃষ্ণে দৰশন পাই।

পড়ি প্ৰণামিলা মাথা দৱাঁই॥ ১৫৬৫॥

অৰ্জ্জুনো দণ্ডৱতে পড়ি আগে।

নমিলা গৈয়া আতি অনুৰাগে॥

বিষ্ণুৰ পৰম মহিমা দেখি।

কৰিলা কৰযোৰ দুয়ো সখি॥ ১৫৬৬॥

দেখিয়া পাছে দুইকো চক্ৰপাণি।

হাসিয়া হেন বুলিলন্ত বাণী॥

তোমৰা নৰ নাৰায়ণ দুই।

ভৈলা অৱতাৰ মনুষ্য হুই॥ ১৫৬৭॥

ধৰ্ম্মক দ্বিজক ৰাখিবে লাগি।

ব্ৰহ্মাদেৱে দুইকো নিলন্ত মাগি॥

পৃথিৱীৰ সৱে ভাৰ সংহৰি।

আসা মোৰ ঠাইক সত্বৰ কৰি॥ ১৫৬৮॥

তোমৰা দুইক দেখিৱাক মন।

আনিলো সৱে দ্বিজপুত্ৰগণ॥

ভৈলো দেখাদেখি এ চিৰকালে।

পৃথিৱীক এড়ি আসা সকালে॥ ১৫৬৯॥

যদি পূৰ্ণকাম দুয়ো তোমৰা।

সৃষ্টিৰ অৰ্থে আসি তপ কৰা॥

হাসিয়া এহি বুলি চক্ৰপাণি।

ব্ৰাহ্মণৰ দশ ছৱাল আনি॥ ১৫৭০॥

দিলন্ত কৃষ্ণ অৰ্জ্জুনৰ হাতে।

নমিলা পাছে দুয়ো প্ৰণিপাতে॥

তোহ্মাৰ আজ্ঞাক পালিবো স্বামী।

থাকিয়ো গৃহক লড়িলো আমি॥ ১৫৭১॥

এহি বুলি কৃষ্ণ অৰ্জ্জুন দুই।

উঠিলা ৰথত আনন্দ হুই॥

ব্ৰাহ্মণৰ সৱে পুত্ৰক লৈলা।

পুৰণি পথে দ্বাৰকাক গৈলা॥ ১৫৭২॥

পাছে ধনঞ্জয় প্ৰতিজ্ঞা পালি।

দিলন্ত দ্বিজৰ দশো ছৱালি॥

মৰা পুত্ৰগণ পায়া ব্ৰাহ্মণে।

পৰম আনন্দ মিলিল মনে॥ ১৫৭৩॥

সভাৰ্য্যে ওলায়া যেন নাচন্ত।

অৰ্জ্জুন ধন্য বুলি বখানন্ত॥

কৃষ্ণৰ প্ৰসাদে বীৰ বিজয়।

এড়াইল দাৰুণ মৰণ ভয়॥ ১৫৭৪॥

বিষ্ণুৰ তেজ দেখি ধনঞ্জয়।

ভৈলন্ত মনত আতি বিস্ময়॥

পৌৰুষ পুৰুষৰ কিছু নুই।

কৃষ্ণৰ প্ৰসাদে সমস্ত হুই॥ ১৫৭৫॥

এহি বুলি বীৰে দঢ়ায়া মতি।

একান্তে কৰিলা হৰি ভকতি॥

এহিমতে হৰি জগতগুৰু।

সম্যকে ভকতৰ কল্পতৰু॥ ১৫৭৬॥

দুৰ্জ্জন জনৰ চিন্তিয়া মাৰ।

লীলায়ে হৰিলা ভূমিৰ ভাৰ॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

কৰিয়ো কীৰ্ত্তন সমস্ত জনে॥ ১৫৭৭॥

আতপৰে ধৰ্ম্ম নাহিকে আন।

ব্যাসৰ বচন বেদ প্ৰমাণ॥

হেন জানি সুখে গৃহতে থাকি।

হৰি হৰি বোলা সমাজে ঢাকি॥ ১৫৭৮॥

॥ বিপ্ৰপুত্ৰ-আনয়ন সমাপ্ত॥ ২১॥