চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ

কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ চতুৰ্দ্দশ খণ্ড॥

॥ কুঁজীৰ বাঞ্ছা পূৰণ॥

ঘোষা॥ ভকত বান্ধৱ মাধৱ ৰাম

তুমি অগতিৰ গতি।

ছাড়ে জোনো মোৰ মনে নাৰায়ণ

তোহ্মাৰ চৰণে ৰতি॥ ১০২॥

পদ॥ শুক নিগদতি শুনা কুৰুপতি

কৃষ্ণৰ মনুষ্য লীলা।

গোপিকাক শান্ত কৰি মথুৰাক

উদ্ধৱ যেৱে আসিলা॥

মদনে দগধ সৈৰিন্ধীক দেখি

পাছে হৰি অন্তৰ্য্যামী।

উদ্ধৱ সহিতে তাইৰ মন্দিৰক

লড়িলা জগত স্বামী॥ ১২৬৩॥

সৈৰিন্ধীৰ সিটো বিচিত্ৰ মন্দিৰ

সূৰ্য্য যেন কৰৈ কান্তি।

সুৱৰ্ণ আসনে ৰঞ্জিত ভাজনে

প্ৰকাশৈ প্ৰদীপ পান্তি॥

সুৱৰ্ণ খাটত বিছাই হংস তুলি

পুষ্প সিঞ্চি আছৈ ছানি।

মুৰালি মুকুতা থোপা আৰি চাৰু

চন্দ্ৰাতপ আছৈ টানি॥ ১২৬৪॥

মলয় চন্দন সুগন্ধিত ঘ্ৰাণ

মালতী চম্পা শিৰীষ।

অগৰু ধূপৰ ধূম্ৰে আমোদিত

বাসয় দিশ বিদিশ॥

চৌপাশে পুতলা লেখিছৈ বাৰত

কৰন্তে আছৈ সুৰত।

যাক দেখি হোৱৈ কামী পুৰুষৰ

কামে চিত্ত উনমত্ত॥ ১২৬৫॥

হেন মন্দিৰৰ মধ্যত সুন্দৰী

বসিয়া আছৈ আসনে।

চৌপাশে বেঢ়িয়া সেৱা কৰি আছৈ

সালঙ্কৃতা দাসীগণে॥

কৃষ্ণকেসে মনে চিন্তি আছৈ আতি

কেতিক্ষণে পাইবো বুলি।

সেহি বেলা আসি মাধৱো মিলিলা

দেখিলেক মাথা তুলি॥ ১২৬৬॥

উল্লাসি উৎসৱে আগবাঢ়ি গৈল

সখীগণ লৈয়া সঙ্গে।

আসনে বৈসাই সাদৰে কৃষ্ণক

পূজিল যুৱতী ৰঙ্গে॥

উদ্ধৱক আতি সতকাৰ কৰি

আসন দিলা বঢ়াই।

আসনক মান্য- কৰি হাতে দিয়া

বসিল মাটিতে যাই॥ ১২৬৭॥

মনুষ্য চেষ্টাক দেখাই কৃষ্ণে পাছে

শয্যাত ভৈলা প্ৰৱেশ।

সৈৰন্ধীয়ো স্নানি দিব্য অলঙ্কাৰ

পিন্ধিলা বস্ত্ৰ বিশেষ॥

মধুপীয়া গন্ধে চন্দনে কুঙ্কুমে

ভূষিত কৰিয়া লাস।

কৰ্পূৰ তাম্বুল ভুঞ্জি অনুৰাগে

চাপিলা কৃষ্ণৰ পাশ॥ ১২৬৮॥

কটাক্ষ ছটায়ে কৃষ্ণক চাহিয়া

হাসিয়া লাজে নমাতে।

আইস বুলি কৃষ্ণে কঙ্কণে মণ্ডিত

কৰত ধৰিলা হাতে॥

শয্যাক আনিয়া অশেষ ক্ৰীড়িলা

কৃষ্ণে পূৰি তাইৰ মতি।

চন্দন অৰ্পণ পুণ্য লেশে পাইলে

ঈশ্বৰ কৃষ্ণক পতি॥ ১২৬৯॥

কৃষ্ণৰ চৰণ ধৰি ঘনে ঘন

শুঙয় এড়িয়া ব্ৰীড়া।

হৃদয় তনক চক্ষুত ঘষিয়া

এড়াইল মদন পীড়া॥

আনন্দ মূৰ্ত্তিক দুইহাতে হিয়াত

আলিঙ্গি ভৈল নিষ্পাপ।

মোক্ষতো অধিক আনন্দ মিলিল

তৰিল সংসাৰ তাপ॥ ১২৭০॥

দুৰ্ল্লভ কৃষ্ণক পতি পাই তাই

আগত কৰৈ গোচৰ।

দিন কতিপয় থাকা নাথ আত

চৰণে কৰো কাতৰ॥

তযু অঙ্গ সঙ্গ এৰিবে নৱাৰো

আপুনি মোহিলা চিত্ত।

কৃষ্ণে তাইক পাছে সন্মান কৰিয়া

পূৰিলা মন বাঞ্ছিত॥ ১২৭১॥

বস্ত্ৰ অলঙ্কাৰ দিয়া মন তুষি

সৈৰিন্ধীক হৰি ৰঙ্গে।

আপুন গৃহক চলি গৈলা পাছে

উদ্ধৱক লৈয়া সঙ্গে॥

কৃষ্ণৰ কিঙ্কৰে ৰচিল শঙ্কৰে

শুনিয়োক সৱে নৰ।

অতি অল্প সেৱা মাত্ৰতে সন্তোষ

হোৱয় কৃষ্ণ ঈশ্বৰ॥ ১২৭২॥

চন্দন অৰ্পণ বিনে কুবুজাৰ

আন কিছু পুণ্য নাই।

এতেকতে হেন দেখিয়ো পৰম

প্ৰসাদ পাইলেক তাই।

যিটো অনুক্ষণে শ্ৰৱণ কীৰ্ত্তনে

ভজে এক চিত্ত কৰি।

তাহাৰ ভাগ্যক কহন নযায়

ডাকি বোলা হৰি হৰি॥ ১২৭৩॥

॥ কুঁজীৰ বাঞ্ছা পূৰণ সমাপ্ত॥ ১৪॥