দন্দুৱা দ্ৰোহ/অষ্টাদশ অধ্যায়
১৭৮৮ শকৰ ৰণ।
আহোম আৰু কামৰূপীয়াৰ ৰণৰ বিৱৰণ দিয়াৰ আগেয়ে
আমাৰ বোধেৰে পাঠক সকলে উত্তৰ গুৱাহাটী, আমিনগাওঁ,
ৰংমহল দীৰ্ঘেশ্বৰীৰ পাহাড় পুষ্পভদ্ৰা ইত্যাদিৰ বিষযে জনা
উচিত।
কোনো পাঠকে যদি কেতিয়াৰা দক্ষিণ গুৱাহাটীৰ
ব্ৰহ্মপুত্ৰৰ পাৰত ঠিয় হই ব্ৰহ্মপুত্ৰ নৈৰ সিপাৰে কি কি
আছে চাই পঠায় তেন্তে পশ্চিমৰ আমিনগাৱৰে পৰা ইফালে
পূবে বৰনৈলৈকে দেখিবলৈ পাৰ যে আমিনগাওঁ বোলা ঠাই
ডোখৰ মুকলি সমথল। ইয়াত আগেযে কিছুমান মানুহৰ
বসতি আছিল। অজিকালি ইয়াত ৰেলৰ ষ্টেছন হইছে।
এই ঠাইৰে পৰা পূবে সৰু সৰু পাহাড় অশ্বক্লান্তলৈকে নৈৰ
পাৰে পাৰে আছে। অশ্বক্লান্তৰ পৰা আকৌ প্ৰায় দু মাইল
ঠাই মুকলি সমথল। এই ঠাই ডোখৰকে উত্তৰ গুৱাহাটীৰ
চহৰ বোলে। এই চহৰৰ পূবে আকৌ নৈৰ পাৰে পাৰে
সৰু সৰু পাহাড় বৰনৈৰ মুখলৈকে আছে॥ আমিনগাৱঁৰ
পৰা উত্তৰ ফাললৈকে এশাৰী পাহাড়। এই পাহাড়বিলাক
গই ছিলাৰ ওখ পাহাড়ত লগ লাগিছে। এই শাৰী পাহাড়ক
আজ্ঞাঠুৰীৰ পাহাড় বোলে। ছিলৰ ওখ পাহাড়টো উত্তৰ
গুৱাহাটী ছহৰৰ উত্তৰ পশ্চিম কোণে প্ৰায় তিনি মাইল [ ৯৩ ] আতঁৰত। অশান্ত পাহাড়ৰ ওপৰত এটি সুন্দৰ মন্দিৰ
দূৰৰে পৰা দেখি। অশ্বক্লান্তৰ নিচেই ওচৰতে পানীৰ
মাজত আঁৰ পৰ্ব্বত ইফালে ৰজাদ্বাৰৰ পূবেও মণিকৰ্ণেশ্বৰৰ
ওপৰত এটী মন্দিৰ। নৈৰ মাজত কছাৰি ঘাটৰ পোনে
পোনে উমানন্দৰ পাহাড় আৰু তাৰ ওপৰত মন্দিৰ আৰু
উমানন্দৰ দক্ষিণে নৈৰ মাজত উৰ্ব্বশী। উৰ্ব্বশীৰ দক্ষিণ
পচিমত কৰ্ম্মনাশাৰ পাহাড়। কৰ্ম্মনাশাৰ উত্তৰ-পশ্চিমে
আকৌ বৰ দমৰা সৰু-দমৰা নামে দুটা শিলো পানীৰ মাজত
আছে। মণিকৰ্ণেশ্বৰৰ পূবে বৰনদী—উত্তৰৰ ফালৰ পৰা
আহি ব্ৰহ্মপুত্ৰত পৰিছে। মণিকৰ্ণেশ্বৰৰ গাৰে পৰা উত্তৰৰ
দীৰ্ঘেশ্বৰী পাহাড়লৈকে এটা ৰজাদিনীয়া বৰ ওখ গড় আছে।
এই গড়টোক ৰংমহল গড় বোলে। দীঘলে প্ৰায় তিনি
মাইল। গড় আৰু দীৰ্ঘেশ্বৰী পাহাড়ৰ সঙ্গম স্থলত এচটা
বৰ ডাঙ্গৰ শিল আছে। এই শিল চটাকে পুষ্পভদ্ৰা
বোলে। পুষ্পভদ্ৰাৰে পৰা সিফালে ছিলাৰ পাহাড়লৈকে
আৰু এটা ওখ গড় আছে। ইও প্ৰায় তিনি মাইল দীঘল।
এই গড়টোক মোমাইকটা গড় বোলে। গড়ৰ আৰু
পাহাড়ৰ জোৰ থল ডোখৰক ছিলাৰ চকি বোলে।
ইয়াতে আহোমৰ চকীয়াল আছিল আৰু কামৰূপীয়া মানুহে
এই চকিৰ সিফালেহে নিশা থাকিব পাৰিছিল।
পশ্চিমে আমিনগাঁৱৰে পৰা আজ্ঞাঠুৰি পাহাড়ৰ কাষে
কাষে যিটো আলি দলিবাৰি পছৰীয়া গাৱঁৰ মাজেদি [ ৯৪ ] গইছে সেইটোক চেচামুখৰ আলি বোলে। এই আলিয়েদি
গই থাকিলেই চেচামুখ নামেৰে নৈৰ ঘাট এটা পোৱা যায়।
চেচা নামৰ নৈখান বেলেগ এটা নৈ নহয় পুঠিমাৰী নৈয়ে এই
ডোখৰত চেচা নাম পাইছে।
কোনোবাই যদি কেতিয়া বা উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণ গুৱাহাটীলৈ পশ্চিমৰ পৰা পূবলৈকে চাইছে তেন্তে দেখিব দক্ষিণ গুৱাহাটীৰ নৈৰ গাতে পচিমে ভুবনেশ্বৰীৰ ওখ পাহাড়টা আৰু সেই পাহাড়ৰ ওপৰত ভুবনেশ্বৰী দেবীৰ শুভ্ৰ মঠটো ধুকধুক্কৈ জিলিকিছে। ভুবনেশ্বৰীৰ পূবৰে পৰা নৈৰ কাষৰ প্ৰায় দুমাইল ঠাই সমথল। ইয়াৰ মূৰত আকৌ নৈৰ কাষে কাধে বৰ্ত্তমান কছাৰী ঘাটলৈকে এশাৰী সৰু টিলা আছে। এই টিলাৰ ওপৰত শুক্লেশ্বৰ জনাৰ্দ্দনৰ মন্দিৰ কছাৰি ঘাটৰ পৰা প্ৰায় দেড় মাইল নৈৰ পাৰৰ ঠাই আকোঁ সমথল। এই সমথলৰ পূব মূৰৰ পৰা নৈৰ পাৰে পাৰে আকৌ পাহাড় নগাওঁ জিলাৰ পৰা বই অহা কলং নৈৰ মুখলৈকে।
পাঠক! গুৱাহাটী ছহৰৰ এই প্ৰসিদ্ধ ঠাই বিলাকৰ বৰ্ণনা, বিবৰণ আৰু পুৰণি ইতিবৃত্ত লেখিবলৈ গলে এখান বৃহৎ পুথি হয়। সেই সমস্ত বৰ্ণাবলৈ গলে আমি আমাৰ মূল উদ্দেশ্যৰ পৰাও ভালেমান আঁতৰত পৰোঁ। সেই দেখি আমাৰ এই উপন্যাসৰ নিমিত্তে যি কেইডোখৰ ঠাইৰ বৰ্ণনা লাগে তাক দিবলৈ বাধ্য হলোঁ।
[ ৯৫ ] উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাড়ৰ পৰা যি ৰংমহলৰ গড় দীৰ্ঘেশ্বৰীৰ পাহাড় লৈকে গইছে এই গড়টো বৰ ওখ। গড়ৰ পূব ডোখৰত খৰালি দ নলনি আৰু ইকৰানি হাবি প্ৰায় কুড়ি পচিশ নল মানলৈকে। তাৰ পূবেই বৰ নদী আৰু ব্ৰহ্মপুত্ৰৰ সঙ্গম। বাৰিষা হলে দুয়ো নৈৰ পানী এই গড়ৰ তলত লাগে। গড়ৰ পচিম পাৰত দ ৰূপিত পথাৰ আৰু ৰংমহল গাওঁ। এই গড়টোৱে ব্ৰহ্মপুত্ৰ নৈক উত্তৰ গুৱাহাটী চহৰখানৰ উত্তৰ পিনেদি বাগৰি উত্তৰ গুৱাহাটী ছহৰ ৰংমহল ইত্যাদি ঠাই উটাই নি নৈৰ গৰ্ভত পেলোৱাৰ পৰা ৰক্ষা কৰি আছে। আহম ৰজাসকলৰ কীৰ্ত্তি এনেকুৱা গড়ে, জয়সাগৰৰ নিচিনা পুখুৰীয়ে, কাৰেং ঘৰে, শিবসাগৰৰ দৌলে আৰু আন মঠ-মন্দিৰ আদিয়েও জগতক আজিলৈকে দেখুৱাৰ লাগিছে। পুষ্পভদ্ৰা বোলা শিলচটায়ে গড়ৰ সিটো মূৰ নৈৰ হেঁচাৰ পৰা ৰক্ষা কৰি আছে। কামৰূপীয়া মানুহৰ এটা বিশ্বাস আছে যে কলিৰ শেহত হেনো হাজোৰ উত্তৰত থকা সংসপ্তক দল নামৰ থাৰখনতে সপ্ত ম্লেচ্ছৰ মহা ৰণ হব। সেই সময়তে হেনো পুষ্পভদ্ৰা মুক্ত হব। ব্ৰহ্মপুত্ৰই উত্তৰ গুৱাহাটীৰ উত্তৰেদি বই হাজোক দক্ষিণ পাৰ কৰিব - উমানন্দ ভুবনেশ্বৰী কামাখ্যাই সৈতে একে পৰীয়া হব। এই বিশ্বাসৰ মুলত দৰা চলতে বৈজ্ঞানিক বা ধ্ৰুব সত্য এটা নিহিত আছে। যদি কেনেবাকৈ ৰংমহলৰ গড়টো খহে আৰু পুষ্পভদ্ৰা বোলা [ ৯৬ ] শিলচটা হুহকি পৰে তেন্তে নিশ্চয় ব্ৰহ্মপুত্ৰই ৰংমহলেদি বাট লই একেবাৰে ৰংমহল, দলবাৰি পছৰীয়া ইত্যাদি গাও উটাই নিব আৰু হাজোৰ কেদাৰ মাধব আদি পাহাডৰ উত্তেৰেদি বাট লোৱাটোও সম্ভব।
দীৰ্ঘেশ্বৰী পাহাড়ৰ এই পুষ্পভদ্ৰা বোলা শিল চটাৰে পৰা সিফালে ছিলাৰ চকিলৈকে মোমাইকটা। এই গডৰ ইতিহাসৰ বিষয়ে যেয়ে অসম বুৰঞ্জী বা শ্ৰীযুত লক্ষ্মীনাথ বেজৱৰুৱাৰ “লাচিত বৰফুকন” পঢ়িছে সেয়ে জানে। সিফালে চেঁচামুখলৈ যোৱা বাটাও বিছুমান দূৰলৈকে আজ্ঞাথুৰি পাহাড়ৰ প্ৰায় কাষে কাষে। এই বিলাক বিবৰণৰে পৰা পাঠকসকলে বুজি লওক উত্তৰ গুৱাহাটী ছহৰো কেনে সুৰক্ষিত। দক্ষিণ গুৱাহাটীৰ পৰা উত্তৰ কামৰূপলৈ পোনে পোনে সোমাব খুজিলেই এই বিলাক বাটৰ এটা নহয় এটাই দিয়ে যাব লাগিব। বিশেষ পূবপাৰ চুতীয়াপাৰা, মদাৰ তলা, ৰঙ্গিয়া ইত্যাদি ঠাইলৈ যাবলৈ হলে এই তিনটা বাটৰ এটাইদি যাব লাগিব। হৰদত্ত বৰুৱাৰ ঘৰ পূবপাৰ মৌজাত থকা বাবে আহোম ৰণুৱা- সকলে এই তিনি বাটেদিয়েই আগ বাঢ়িব, লগাত পৰিছিল। হৰদত্ত বৰুৱাইও এই কথাকে জানি চেচামুখলৈ, শিলাৰ চকিলৈ আৰু পুষ্পভদ্ৰাৰ ওচৰলৈ সৈন্য পঠাইছিল
১*৮৮ শকৰ মাঘ মাহতে এই তিনিউ ঠাইতে আহোম আৰু কামৰূপীয়াৰ সংঘৰ্ষ হল। আহোম ৰণুৱাসকলৰ [ ৯৭ ] হাতত তৰোৱাল, কাড়ধেনু। কামৰূপীয়াসকলৰ হাততে সেই অস্ত্ৰ। উভয় দলৰ প্ৰথমে কাড়ে কাড়ে যুদ্ধ হল। দুয়োফালে ৰণবাদ্য বাজিল। শেহত কামৰূপী বীৰসকলে আহোমৰ সৈন্য তাকৰ দেখি কিৰিলি মাৰি খেদি আহি তৰোৱালে তৰোৱালে কটা-কটি লগালে। বীৰদতে নিজ হাতেৰে কুৰি পচিশটা আহোম ৰণুৱা কাটিলে। চাওঁতে চাওঁতে এপৰৰ ভিতৰতেই ৰণৰ ওৰ পৰিল। তিনিউ ঠাইতে আহোম ঘাটিল। আহোম ৰণুৱা যি কুৰি পচিশজন মান বাচিল সেই কেইজন পিচ হুহঁকি আহি নাৱত উঠি নাও মেলি দিলে। কামৰূপীয়া সৈন্যই পিছে পিছে খেদি আহি নাৱলৈকো কাঁড় মাৰি আৰু চাৰি পাচঁজনমান আহোম ৰণুৱা বধিলে। বাকী কেজনে গই বৰফুকনক পৰাজয়ৰ বাতৰি দিলে। বৰ ফুকনে প্ৰমাদ গণিলে। কামৰূপীয়া সকলে আমিন গাওঁ, উত্তৰ গুৱাহাটী আৰু ৰজাদ্বাৰত কোঠ মাৰি বহিল। উত্তৰ গুৱাহাটী আৰু ৰংমহলৰ অহমীয়া ভদ্ৰলোক সকলক তেওঁলোকৰ (কামৰূপীয়াৰ) তলতীয়া হল বুলি ঢোলপিতি শুনাই দি কৰ কাটল, ৰছদ-পাতি লবৰ ব্যবস্থা কৰিলে। উপযুক্ত অধিপতিৰ তলত সৈন্য বিলাকক থই কামৰূপীয়া তিনিউজন সেনাপতি ঘৰলৈ উলটিল। তিনিউজনকে ঘৰৰ ওচৰত কামৰূপীয়া ৰাইজে সাদৰি আগ বঢ়াই নিলে। কামৰূপীয়া মহিলা সকলেও আনন্দত আপ্লুত হৈ উৰুলি জোকাৰ দি বীৰসকলক অভ্যৰ্থনা কৰিলে।