পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গইছে সেইটোক চেচামুখৰ আলি বোলে। এই আলিয়েদি গই থাকিলেই চেচামুখ নামেৰে নৈৰ ঘাট এটা পোৱা যায়। চেচা নামৰ নৈখান বেলেগ এটা নৈ নহয় পুঠিমাৰী নৈয়ে এই ডোখৰত চেচা নাম পাইছে।

 কোনোবাই যদি কেতিয়া বা উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণ গুৱাহাটীলৈ পশ্চিমৰ পৰা পূবলৈকে চাইছে তেন্তে দেখিব দক্ষিণ গুৱাহাটীৰ নৈৰ গাতে পচিমে ভুবনেশ্বৰীৰ ওখ পাহাড়টা আৰু সেই পাহাড়ৰ ওপৰত ভুবনেশ্বৰী দেবীৰ শুভ্ৰ মঠটো ধুকধুক্‌কৈ জিলিকিছে। ভুবনেশ্বৰীৰ পূবৰে পৰা নৈৰ কাষৰ প্ৰায় দুমাইল ঠাই সমথল। ইয়াৰ মূৰত আকৌ নৈৰ কাষে কাধে বৰ্ত্তমান কছাৰী ঘাটলৈকে এশাৰী সৰু টিলা আছে। এই টিলাৰ ওপৰত শুক্লেশ্বৰ জনাৰ্দ্দনৰ মন্দিৰ কছাৰি ঘাটৰ পৰা প্ৰায় দেড় মাইল নৈৰ পাৰৰ ঠাই আকোঁ সমথল। এই সমথলৰ পূব মূৰৰ পৰা নৈৰ পাৰে পাৰে আকৌ পাহাড় নগাওঁ জিলাৰ পৰা বই অহা কলং নৈৰ মুখলৈকে।

 পাঠক! গুৱাহাটী ছহৰৰ এই প্ৰসিদ্ধ ঠাই বিলাকৰ বৰ্ণনা, বিবৰণ আৰু পুৰণি ইতিবৃত্ত লেখিবলৈ গলে এখান বৃহৎ পুথি হয়। সেই সমস্ত বৰ্ণাবলৈ গলে আমি আমাৰ মূল উদ্দেশ্যৰ পৰাও ভালেমান আঁতৰত পৰোঁ। সেই দেখি আমাৰ এই উপন্যাসৰ নিমিত্তে যি কেইডোখৰ ঠাইৰ বৰ্ণনা লাগে তাক দিবলৈ বাধ্য হলোঁ।