পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অষ্টাদশ অধ্যায়।
১৭৮৮ শকৰ ৰণ।

 আহোম আৰু কামৰূপীয়াৰ ৰণৰ বিৱৰণ দিয়াৰ আগেয়ে আমাৰ বোধেৰে পাঠক সকলে উত্তৰ গুৱাহাটী, আমিনগাওঁ, ৰংমহল দীৰ্ঘেশ্বৰীৰ পাহাড় পুষ্পভদ্ৰা ইত্যাদিৰ বিষযে জনা উচিত।
 কোনো পাঠকে যদি কেতিয়াৰা দক্ষিণ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত ঠিয় হই ব্ৰহ্মপুত্ৰ নৈৰ সিপাৰে কি কি আছে চাই পঠায় তেন্তে পশ্চিমৰ আমিনগাৱৰে পৰা ইফালে পূবে বৰনৈলৈকে দেখিবলৈ পাৰ যে আমিনগাওঁ বোলা ঠাই ডোখৰ মুকলি সমথল। ইয়াত আগেযে কিছুমান মানুহৰ বসতি আছিল। অজিকালি ইয়াত ৰেলৰ ষ্টেছন হইছে। এই ঠাইৰে পৰা পূবে সৰু সৰু পাহাড় অশ্বক্লান্তলৈকে নৈৰ পাৰে পাৰে আছে। অশ্বক্লান্তৰ পৰা আকৌ প্ৰায় দু মাইল ঠাই মুকলি সমথল। এই ঠাই ডোখৰকে উত্তৰ গুৱাহাটীৰ চহৰ বোলে। এই চহৰৰ পূবে আকৌ নৈৰ পাৰে পাৰে সৰু সৰু পাহাড় বৰনৈৰ মুখলৈকে আছে॥ আমিনগাৱঁৰ পৰা উত্তৰ ফাললৈকে এশাৰী পাহাড়। এই পাহাড়বিলাক গই ছিলাৰ ওখ পাহাড়ত লগ লাগিছে। এই শাৰী পাহাড়ক আজ্ঞাঠুৰীৰ পাহাড় বোলে। ছিলৰ ওখ পাহাড়টো উত্তৰ গুৱাহাটী ছহৰৰ উত্তৰ পশ্চিম কোণে প্ৰায় তিনি মাইল