পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিলচটা হুহকি পৰে তেন্তে নিশ্চয় ব্ৰহ্মপুত্ৰই ৰংমহলেদি বাট লই একেবাৰে ৰংমহল, দলবাৰি পছৰীয়া ইত্যাদি গাও উটাই নিব আৰু হাজোৰ কেদাৰ মাধব আদি পাহাডৰ উত্তেৰেদি বাট লোৱাটোও সম্ভব।

 দীৰ্ঘেশ্বৰী পাহাড়ৰ এই পুষ্পভদ্ৰা বোলা শিল চটাৰে পৰা সিফালে ছিলাৰ চকিলৈকে মোমাইকটা। এই গডৰ ইতিহাসৰ বিষয়ে যেয়ে অসম বুৰঞ্জী বা শ্ৰীযুত লক্ষ্মীনাথ বেজৱৰুৱাৰ “লাচিত বৰফুকন” পঢ়িছে সেয়ে জানে। সিফালে চেঁচামুখলৈ যোৱা বাটাও বিছুমান দূৰলৈকে আজ্ঞাথুৰি পাহাড়ৰ প্ৰায় কাষে কাষে। এই বিলাক বিবৰণৰে পৰা পাঠকসকলে বুজি লওক উত্তৰ গুৱাহাটী ছহৰো কেনে সুৰক্ষিত। দক্ষিণ গুৱাহাটীৰ পৰা উত্তৰ কামৰূপলৈ পোনে পোনে সোমাব খুজিলেই এই বিলাক বাটৰ এটা নহয় এটাই দিয়ে যাব লাগিব। বিশেষ পূবপাৰ চুতীয়াপাৰা, মদাৰ তলা, ৰঙ্গিয়া ইত্যাদি ঠাইলৈ যাবলৈ হলে এই তিনটা বাটৰ এটাইদি যাব লাগিব। হৰদত্ত বৰুৱাৰ ঘৰ পূবপাৰ মৌজাত থকা বাবে আহোম ৰণুৱা- সকলে এই তিনি বাটেদিয়েই আগ বাঢ়িব, লগাত পৰিছিল। হৰদত্ত বৰুৱাইও এই কথাকে জানি চেচামুখলৈ, শিলাৰ চকিলৈ আৰু পুষ্পভদ্ৰাৰ ওচৰলৈ সৈন্য পঠাইছিল

 ১*৮৮ শকৰ মাঘ মাহতে এই তিনিউ ঠাইতে আহোম আৰু কামৰূপীয়াৰ সংঘৰ্ষ হল। আহোম ৰণুৱাসকলৰ