পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতত তৰোৱাল, কাড়ধেনু। কামৰূপীয়াসকলৰ হাততে সেই অস্ত্ৰ। উভয় দলৰ প্ৰথমে কাড়ে কাড়ে যুদ্ধ হল। দুয়োফালে ৰণবাদ্য বাজিল। শেহত কামৰূপী বীৰসকলে আহোমৰ সৈন্য তাকৰ দেখি কিৰিলি মাৰি খেদি আহি তৰোৱালে তৰোৱালে কটা-কটি লগালে। বীৰদতে নিজ হাতেৰে কুৰি পচিশটা আহোম ৰণুৱা কাটিলে। চাওঁতে চাওঁতে এপৰৰ ভিতৰতেই ৰণৰ ওৰ পৰিল। তিনিউ ঠাইতে আহোম ঘাটিল। আহোম ৰণুৱা যি কুৰি পচিশজন মান বাচিল সেই কেইজন পিচ হুহঁকি আহি নাৱত উঠি নাও মেলি দিলে। কামৰূপীয়া সৈন্যই পিছে পিছে খেদি আহি নাৱলৈকো কাঁড় মাৰি আৰু চাৰি পাচঁজনমান আহোম ৰণুৱা বধিলে। বাকী কেজনে গই বৰফুকনক পৰাজয়ৰ বাতৰি দিলে। বৰ ফুকনে প্ৰমাদ গণিলে। কামৰূপীয়া সকলে আমিন গাওঁ, উত্তৰ গুৱাহাটী আৰু ৰজাদ্বাৰত কোঠ মাৰি বহিল। উত্তৰ গুৱাহাটী আৰু ৰংমহলৰ অহমীয়া ভদ্ৰলোক সকলক তেওঁলোকৰ (কামৰূপীয়াৰ) তলতীয়া হল বুলি ঢোলপিতি শুনাই দি কৰ কাটল, ৰছদ-পাতি লবৰ ব্যবস্থা কৰিলে। উপযুক্ত অধিপতিৰ তলত সৈন্য বিলাকক থই কামৰূপীয়া তিনিউজন সেনাপতি ঘৰলৈ উলটিল। তিনিউজনকে ঘৰৰ ওচৰত কামৰূপীয়া ৰাইজে সাদৰি আগ বঢ়াই নিলে। কামৰূপীয়া মহিলা সকলেও আনন্দত আপ্লুত হৈ উৰুলি জোকাৰ দি বীৰসকলক অভ্যৰ্থনা কৰিলে।