দন্দুৱা দ্ৰোহ/সপ্তদশ অধ্যায়
[ ৮৮ ]
হৰদত্তৰ উদ্যোগ
দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা মেল হবৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী সকলে ঠায়ে ঠায়ে ৰছদ গোটাবলৈ আৰু ঝাকে ঝাকে ৰণুৱা শিকাবলৈ ধৰিলে। কমাৰকুচীয়া বৰুৱাৰ ঘৰৰ ডেকা এজনে আৰু ইফালে বীৰদত্তে ৰণুৱা বিলাকক ঠায়ে ঠায়ে কাঁড় ধনু মৰা তৰোৱাল খেলা ইত্যাদি [ ৮৯ ] যুদ্ধ-বিদ্যা শিকাব ধৰিলে? হৰদত্ত বৰুৱাই সহায় খুজি
দৰঙ্গৰ ৰজাঘৰলৈ মানুহ এযোৰা পঠালে। এযোৰা মানুহ
বিজনী আৰু কোচবিহাৰলৈকো পঠালে।
ইফালে বৰফুকনে সেইবাৰ তেওঁ পতা দুৰ্গোৎসৱলৈ
কামৰূপীয়া বৰুৱা চৌধাৰী সকলক নহা দেখি আৰু
চান্দকুচিৰ ফালৰ পৰা গুৱাহাটীলৈ অহা দুই চাৰিজন
মানুহৰ মুখে শুনি বুজিলে যে হৰদত্ত বীৰদত্তে উত্তৰ
কামৰূপত তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰিবলৈ কাৰবাৰ
লগাইছে। কথাটো সচা নে মিছা সঠিক কৰিবলৈ বৰফুকনে
জিকেবিলৈ চাইটা, চান্দকুচিলৈ দুটা চাওডাঙ পঠাই
চান্দকুচীয়া বুজৰ বৰুৱাক আৰু হৰদত্ত চৌধাৰীক মাতি
পঠালে। চান্দকুচীয়া বুজৰ বৰুৱা আহিল, কিন্তু হৰদত্ত
বীৰদত্ত নাহিল। টেকেলা চাইটাই হৰদত্তক বৰফুকনৰ
চিঠি দি কলে যে তেওঁ সিহঁতৰ লগতে যাব লাগে।
নগলে তেওঁক ধৰি নিবলৈকো হুকুম দিছে। পত্ৰ পঢ়ি
আৰু টেকেলা চাইটাৰ এনেকুৱা টান কথা শুনি বীৰদত্তে
টেকেলাহঁতক কলে :—“তহঁতে আৰু বেছি টান কথা
নকবি, বৰ বেয়া হব। বৰফুকণক কগই আমি আৰু
তেওঁক নামানোঁ। উঠোতে ঢেকেৰী বহেঁতে ঢেকেৰী
বুলি চাৰি গড়ৰ বাহিৰে যে ৰাখেই, তদুপৰি এইবাৰ আমাৰ
নিৰ্দোষী লৰা তিৰোতাকো হাতীৰে গচকাই মাৰিলে
এনেকুৱা অত্যাচাৰনো আৰু কিমান সহিম। আমি আৰু [ ৯০ ] নোৱাৰা হই থিৰ কৰিছো যে এইজন বৰফুকনক আৰু
নামানো। তেওঁ যি কৰে কৰক। আমি নাযাওঁ।
প্ৰথম টেকেলা। — চৌধাৰী! অলপ দকৈ গমি চাই
কবা। সাবধানে কাম কৰিবা। জানানে বৰফুকনৰ দ্ৰোহ
আচৰিলে সমূলে নিপাত হবা? তোমালোকৰ পুলি পোখা
পৰ্য্যন্ত নৰব।
বীৰদত্ত। —তহঁত টেকেলা হলেও এক প্ৰকাৰ দূত,
সেই দেখিহে এনেকুৱা কথা কই আজি সাৰিলি। ভালে
ভালে গুচি যা গই; তহঁতৰ বৰ ফুকন বাপেৰক পঠাই দে
গই। চিলাৰ-চকিতে তেওঁৰে মোৰে দেখা দেখি হ’ব
পাৰে। তাতে তেওঁ ইচ্ছা কৰিলে নিজেই বুজিব পাৰিব
কামৰূপীয়া ঢেকেৰীৰ তৰোৱালৰ কোব কিমান চোকা।
বীৰদতে এইদৰে কলত আৰু গঢ় গতি বিষম দেখি টেকেলা
চাইটা মনে মনে গুচি গল, আৰু বৰ ফুকনক গই এই
সমস্ত কথা কলে। কামৰূপৰ আন আন ঠাইৰ পৰাও
কামৰূপীয়া বৰুৱা চৌধাৰী সকলে আহোমৰ টেকেলা
সমস্তকে খেদি দিলে। বীৰদত্তে পোনে একে কোবেই গই
দুমুনিচকিৰ চকিখান অধিকাৰ কৰি তাত কামৰূপীয়া
চকীয়াল থলে।
আহোমৰ টেকেলাৰ এনেকুৱা দুৰ্গতিৰ বাতৰি শুনি,
আৰু চাঁদকুচীয়া বৰুৱাৰ পৰাও আন আন সকলো বৰ
বাতৰি পাই বৰফুকন ক্ৰোধত অধীৰ হল। চাঁদকুচীয়াক [ ৯১ ] দঢ়াই দঢ়াই কলে তেওঁ যেন বিদ্ৰোহীৰ দললৈ নাযায়।
তেওঁ যেন বিদ্ৰোহ দমনৰ সহায় কৰে। চাঁদকুচীয়াই
জনালে যে তেওঁ বিদ্ৰোহীসকলৰ লগ নালাগে, কিন্তু
চাৰিওফালে বিদ্ৰোহীৰ মাজত থাকি তেওঁ সদ্যহতে
তেওঁকো ( বৰফুকনকো ) দেখা দেখিকৈ সহায় কৰিব
নোৱাৰে। তেওঁ সদ্যহতে কোনো পক্ষত নহয়— অবশ্যে
সুবিধা পালে তেওঁকে ( বৰফুকনকে ) সহায় কৰিব।
চাঁদকুচীয়াক বিদায় দি বৰফুকনে নিজৰ তিনি শ আহোম
ৰণুৱাক তিনিজন সেনাপতিৰ সৈতে, চেঁচামুখলৈ যোৱা
আমিন গাৱঁৰ, চিলাৰ চকিলৈ যোৱা উত্তৰ গুৱাহাটীৰ আৰু
পুষ্পভদ্ৰা বা দীৰ্ঘেশ্বৰলৈ যোৱা ৰজা দুৱাৰৰ বাটলৈ পঠালে।
তেওঁ ভাবিলে যে কামৰূপীয়া ঢেকেৰীক দমন কৰিবলৈ
এই তিনি ঠাইত এশ এশকৈ তিনিশ ৰণুৱায়ে যথেষ্ট হব।
ইফালে আহোমৰ টেকেলাক খেদি হৰদত্তে বীৰদত্তক
চেচামুখৰ বাটলৈ ৬০০ ৰণুৱাদি কমাৰকুচীয়া বৰুৱাক ৬০০
সৈন্যেৰে সৈতে পুষ্পভদ্ৰাৰ বাটলৈ, মহীৰামক ৬০০ ৰণুৱা
দি চিলাৰ-চকিৰ ফাললৈ পঠালে। তেওঁবিলাক যুদ্ধ-যাত্ৰা
কৰাৰ আগে তেওঁলোকৰ পৰিয়ালসকলে, বঙহ-কুটুমৰ
স্ত্ৰীসকলে উৰুলি জোকাৰ দি শঙ্খ-ঘণ্টা বজাই মাঙ্গলিক
আচৰণ কৰিছিল।