তিৰুতাৰ আত্মদান কাব্য/অষ্টম সৰ্গ

[ ৭৩ ]
অষ্টম স্বৰ্গ।
কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

“⸺I feel a hell ot grief! where is my crown?
Gone, gone: and do I still remain alive?”
  ⸻⸻⸻Marlowe.
“⸺Out of the day and night
A joy has taken flight;
Fresh spring and summer, and winter hour
Move my faint heart with grief, but with delight
No more — —O never more!”
  ⸻⸻⸻Shelley.
“For me, I think sometimes that lite is death
Rather than life a mere affair of breath.”
 ⸻⸻⸻⸻Lord Byron.
    কুল্ কুল্ কুল্ কৰি টাবলুঙ্গ পৰ্ব্বতত
 বলিছে এখনি সৰু মনোমোহা নই,
 নিৰমল পানী যেন ফটিকৰ ধাৰা,

[ ৭৪ ]

নিচিন্ত মনোৰে যায় নাচাই নৰই॥
শোভা দিছে দুয়ো পাৰে নানা জাতি গছলতা
সুৱলা সুৰেৰে গীত নানা পৰী গায়;
কি সুৱলা বংশীধ্বনী? তেনুৱা নহয়,—
মুৰুলীৰ মাত তেনে ভাল নুশুনায়॥

কত লতা কত গছ মেৰাই ধৰিছে

ৰাঙ্গলী ৰ’দত কত বৰণ জ্বলিছে॥
নই-কুল-কুলে কত ধৰিছে সঙ্গীত,
আনন্দত পমি যায় মানুহৰ চিত॥
ভালেতোহে ক’ত মহামহা কবিবৰ
তুচ্ছ ভাবি নগৰৰ শোভা মনোহৰ,
গভীৰ অৰণ্য মাজে দূৰ পৰ্ব্বতৰ,
নিৰ্জ্জন নইৰ দাতি এন্ধাৰ গহবৰ,
কল্পনা সখীক লই আপোন লগত
ভ্ৰমি ফুৰে পৰ্ব্বতত আানন্দ মনত॥
প্ৰকৃতিৰ মনোমোহা ৰূপ চাবলই

[ ৭৫ ]

চায় পৰ্ব্বতৰ শোভা তধা হই হই॥
ভালেতোহে সুকুমল শয্যা এৰি থই,
নইৰ দাতিত কবি বহি থাকে গই॥
ধূলিয়ে মাটিয়ে বহি গছৰ তলত,
প্ৰকৃতিৰ শোভা চায় আনন্দ মনত॥
ভালেতো কবিৰ সেই সুখ ময় মন,
সংসাৰৰ সম্পদত নইয় মগন॥
প্ৰকৃতিৰ মুগ্ধকৰ ৰূপ চাই চাই
কল্পনা সখীৰে স’তে দিনটো কটায়॥

আহা! কি মধুৰ শোভা ই টাবলু (১) পৰ্ব্বতৰ

যেনি চোৱা, তেনি মন হয় হৰষিত;
মধুৰি-মধুৰি বনে মধুৰ বতাহ
জীৱ জন্তু সকলোকে কৰি আনন্দিত॥
যেনি চোৱা, দেখি তেনি প্ৰকৃতি দেবীৰ হাঁহি,


(১) অৰ্থাৎ “টাবলুঙ্গ” পৰ্ব্বতৰ। ঠায়ে ঠায়ে “টাবলুঙ্গ”ক
   “টাবলু” বোলা হৈছে।

[ ৭৬ ]

গছে হাঁহে, বনে হাঁহে হাঁহিছে লতাই,
সবৰে মুখত হাঁহি, এজনে কেৱল
চকুলো টুকিছে শোকে তললই চাই॥
কোন তেওঁ তেওঁ কোন? তেও গদাপাণি সেই,
ৰাণীক অকলে এৰি আছেহি পলাই
টাবলুঙ্গ পৰ্ব্বতত; কান্দিছে শোকত
ভাবি কুঁৱৰীৰ দশা মহাশোক পাই॥
ভৈয়ামত বেহা-কৰা নগাৰ মুখৰ পৰা
ৰাণীৰ বিলাই তেওঁ শুনিছে সদাই;
দিনে দিনে যোৰা যোৰে নগা আহি কয়
“চাউডাঙ্গে কুঁৱৰীক মাৰিছে কোবাই॥”

পৰিছেহি দিনে, দিনে তেওঁৰ কাণত,

ৰাণীৰ বিলাই যত বনৰ মাজত॥
চাউডাঙ্গে কুঁৱৰীক যত শাস্তি দিছে,
দিনে দিনে তেওঁ, হায়। সকলো শুনিছে॥
কিন্তু, হায়! কি কৰিব? বাতৰোগী সিংহ

[ ৭৭ ]

কিৰূপে কৰিব বধ দুৰন্ত বাঘক?
কি কৰি শত্ৰুক মাৰি কৰিব উদ্ধাৰ
অপোনাৰ কুঁৱৰীক প্ৰাণৰ প্ৰাণক

হৃদয়ৰ শোক, হায়! সহিব নোৱাৰি আৰু

কৰুণ সুৰেৰে গদা কান্দিলে দুখত
"চাৰিওটি ঠাই ঠাই কৰিলি, বিধতা!
নিষ্ঠুৰ নিচিনা তোৰ নাই ত্ৰিলোকত॥
“লৰাদুটি লই দুয়ো মাইকী-বাপেকী আমি
একেলগে কত সুখে কৰিছিলো বাস
“তই কিন্তু চাৰিওটি কৰি থান থান
“ভাঙ্গিলি সুখৰ ঘৰ!! কৰিলি নিৰাশ!
“কন্দাবৰে কাৰণে কি, নিৰ্দ্দয় বিধতা তই
“কৰিলি সৃজন মোক জগত –মাজত?
‘সংসাৰৰ সুখময়ী ছবি খনি দেখি
‘‘হাঁহিব' নাপাওঁনে কি এই জগতত
“কঠুৱা বিধতা! তোৰ কঠুৱা হৃদয় মন!

[ ৭৮ ]

“দয়া মায়া স্নেহ তোৰ নাইনে মনত?
“দিছ চিৰকাল দুখ কন্দুৱাঁ সদাই
“জনম দিয়াই মোক ৰজাৰ ঘৰত?
“নাইনে কি পূৰ হোৱা ইমানতো আৰু হায়!
“অনন্ত হেঁপাহ তোৰ দুখ দি গদাক?
“আৰু কি মাৰিবি পুৰি জ্বলা অগনিত
“শোক-ভৰা হৃদয়ৰ চিৰ অভাগাক?

“আৰু কিনো দিবি দুখ দিলিতো বহুত?

“বাপে পোৱে ঠাই-ঠাই কৰিলি নিৰ্দ্দয়।
“তোৰ-দৰে নিদাৰুণ শত্ৰুৰ হাতত
“প্ৰাণসমা তিৰুতাৰ কৰিছ বিলাই॥
“আৰু কিনো দিবি দুখ মাৰিবি পৰাণ?
“মাৰ, তাত, বিধি! মোৰ একো দুখ নাই
“মৰিলেতো দুখ শোক যাব একে লগে?
“সংসাৰৰ তাপে মোক আৰুতো নাপায়
“চিৰ শোকে চিৰ দুখে জ্বলিছে পৰাণ

[ ৭৯ ]

“পূৰ্ব্বৰ সম্পদ-সুখ সকলােটি গ’ল!
“শােকে তাপে দুখে আহি ভৰিলে হৃদয়,
“সৌভাগ্য—সুখৰ বেলি খন্তেক নৰ'ল
“কি কাজ! পৰাণ ৰাখি, নিৰ্দ্দয় বিধতা?
“যম! তােৰ দয়া মায়া নাইনে মনত?
“পাপিষ্ঠ গদাক তই কিয়নো নেমাৰ?
“নৰকৰ দুখ কিয় দিছ জগতত?”

এই ৰূপে গদাপাণি কান্দিব ধৰিলে বহু

হিয়া মূৰ ভুকুৱাই টাবলু মাজত!
এনেতে ধৰিলে বেৰি বহু চাউডাঙ্গে,
দেখি গদা নিৰূপায় প্ৰাণৰ ভয়ত॥
কিন্তু যে পুৰুষ গদা গদাৰু হৃদয় সাহ
পুৰুষৰ দৰে, থ’ই ভয় আঁতৰাই
নাকান্দি নামাৰি লৰ তিৰুতাৰ দৰে,
বীৰোচিত সাহ বল আনিলে গােটাই॥
অতুল বলেৰে আজি হ’ই গদা বলবান

[ ৮০ ]

কাঠ-পুলি এটি ভাঙ্গি ললেহি হাতত,
খঙেৰে গৰ্জন কৰি শত্ৰু ফালে চাই
বুলিব ধৰিলে ক্ৰোধে নিৰ্ভয় মনত।


“পাষণ্ড নৰকী মিহি। লাজ নাই তোৰ?
“কিয় ধৰ মােক? মই আছোহি পলাই!
“আছে যদি তােৰ, দুষ্ট! মমতা প্ৰাণত,
“যা বেগাই এৰিমােক, নতু ৰক্ষা নাই॥
“মইতাে নহওঁ, দুষ্ট! ভয়াতুৰ তিৰী
ধৰি বান্ধি অনায়াসে লই যাবি মোক?
“ইন্দ্ৰবংশী বীৰ মই লাঙ্গি গদাপাণি
“সংহৰিব পাৰাে এক মুহুৰ্ততে তোক॥
গদাৰ বচন শুনি দুষ্ট চাউডাঙ্গে
মিহিৰ টিপনী পাই ললে তৰােৱাল!
এৰি আশা পৰাণৰ গদাপাণিয়েও
গছ-পুলি ললে ভাঙ্গি দুহাতে দু়ডাল॥
পােন্ধৰ যােলতা, হায়! শত্ৰুৰ মাজত,

[ ৮১ ]

অকলে অকলে গদা! কিন্তু ভয় নাই
অলপো মনত আাজি, অভিমন্যু যেনে
সপ্তৰথী স’তে যুজে হই অসহায়॥
দুদণ্ড কি তিনি দণ্ড গ’ল এই দৰে,
ছল চাই গদাপাণি ধৰিলে এটাক,
কাঢ়ি ল’লে তৰোৱাল হাতখনি পৰা,
কোবমাৰি দুডোখৰ কৰিলে লঠাক॥
দুডোখৰ হ’ল লঠা (মিহিৰ ভতিজা)
দুৰন্ত সাহসী ডেকা, আৰু লঠা নাই
নিৰমূল হ’ল আশা মিহিৰ মনৰ
গদাক তিয়াগি সবে পলালে লুকাই॥
ঘোৰ অৰণ্যৰ মাজে যেনিয়ে তেনিয়ে
প্ৰাণৰ ভয়ত সৱে মাৰিলে নিফাঁত;
নাই আৰু চিন-বান, নাই চাউডাঙ্গ,
আহিলে আকৌ শান্তি গদাৰ হিয়াত
 * * * * *
 * * * * *

[ ৮২ ]

চিন্তা ৰাক্ষসীয়ে আহি ধৰিলে আকৌ কিন্তু

দুভগা গদাক বেৰি শােক তাপ লই,
আকউ উটিলে গদা শােক সাগৰত
বিয়াকুল মনে, হায়! বিষাদিত হই॥
আহিলে আকউ চিন্তা ( পুনু নানা তৰহৰ )
কেনি যাব? যাব ক’ত? ক’তনাে থাকিব
লুকুৱাই দেহ, হায়? শত্ৰুৰ হাতত
কেনেকই, কি উপায়ে পৰাণ ৰাখিব?
ভাবিলে “ইঠাই মােৰ নােহে আৰু নিৰাপদ
“ইঠাইত থাকিলেই বিপদ ঘটিব!
“আকউ, জানােবা হায়! দুষ্ট চাউডাঙ্গে
“আহি মােৰ ইঠাইত পৰাণ মাৰিব॥
“নাথাকো ইয়াত আৰু—এই ঠাই আৰু হায়!
“নিৰাপদ নােহে মােৰ, গুছি যাও গ’ই
আন পৰ্ব্বতত-থকা অৰণ্যৰ মাজে,
“টাবলুৰ হাবি বন নই পাৰ হই॥”

[ ৮৩ ]

এই ভাবি গদাপাণি গ’ল এৰি টাবলুঙ্গ
লাহে লাহে ল'লে খোজ নামচাৰ· ফালে।
হাবি বন পাৰ হই লাহে লাহে গই,
বহুত ক্লেশেৰে গদা নামচা ওলালে॥
নামচা পৰ্ব্বত পাই হ’ল পুনু নিৰভয়
বনৰ মাজত গদা দেহা লুকুৱাই;
ভাবিলে আকউ অহি এই পৰ্ব্বতত
আৰু মােক শতুকবে নাপায় নাপায়॥

১০

কিন্তু হায়! যিটোলই বিধতা বিমুখ হয়,

কৰবাত তাৰ নেকি হ’ব পাৰে সুখ?
যাক নিজে বিধতাই দিব খোজে দুখ
সি কি পাৰে ক'ৰবাত উপাজ্জিব সুখ?
কাৰ আছে জগতত এনেকুৱা কেৰামত
যিটে বাধা দিব পাৰে বিধিৰ হেঁচাত?
কোনেনাে খণ্ডাব পাৰে বিধতাৰ বিধি

 · নামাচাঙ্গ পৰ্ব্বত।

[ ৮৪ ]

তেনে প্ৰাণী তেনে লােক নেদেখোঁ ইয়াত?
কি খণ্ডাব পাৰে গদাপাণি বিধতাৰ ইচ্ছা,
নােৱাৰিলে যাক, হায়! দ্বাপৰ যুগত
পাণ্ডু পুত্ৰ পঞ্চ ভাই দেৱ অৱতাৰ,
আপুনি শ্ৰীকৃষ্ণ যাৰ সহায় লগত?
ত্ৰেতা যুগে ৰামচন্দ্ৰ নিজে বিষ্ণু অৱতাৰ
নোৱাৰিলে বাধা দিব বিধিৰ ইচ্ছাত!
হৰিলে ৰাৱণে সীতা, পৰাণৰ প্ৰাণ,
নানা কস্ট, নানা দুখ ভুগিলে লঙ্কাত।।
কোনকুটা গদাপাণি কি কৰি খণ্ডাব, হায়!
বিধতাৰ ইচ্ছা আজি? নামচাতো গই
শতুৰুৰ চাউডাঙ্গে ধৰিলেহি বেৰি,
আকউ ব্যাকুল গদা নিৰূপায় হই।।
আকউ গোটাই কিন্তু সাহস হিয়াৰ বল
পুৰুষৰ দৰে গদা ল’লে তৰােৱাল;
কৰিলে আকউ যুদ্ধ (?) চাউডাঙ্গে স’তে,
প্ৰাণৰ ভয়ত সবে আকউ পলাল।।

[ ৮৫ ]

দোর্ঘোৰ অৰণ্য ভৰা লতা গছ গছনিৰে,
দুষ্ট চাউডাঙ্গ গই লুকাল আৰত!
গদাও উলটি আহি গছৰ ছঁয়াত
জুড়ালেহি এখন্তেক দুখ ভাগৰত॥

১১

নাই আৰু চাউডাঙ্গ গ’ল যে পলাই,

আহিলে আকউ শান্তি দুর্ভগা গদাৰ!
কিন্তু পুনু আহি চিন্তা নির্দ্দয়া ৰাক্ষসী
জ্বলা কলা কৰিলেহি মন দুর্ভগাৰ
আকউ ঢউৰ মাজে চিন্তা সাগৰৰ
উটি-বুৰি গদাপাণি কান্দিব ধৰিলে।
নিয়ৰৰ টোপা যেনে মাঘৰ মাহত,
গদাৰ চকুলো ধাৰি সিৰূপে সৰিলে॥
“পিতাৰ ইচ্ছা মােৰ নুগুছে বিপদ!
“যতে আহো ততে আহি শতুৰুৱে পাই,
“কি কাজ মিছাতে আৰু পৰ্ব্বত মাজত
“অকলে পলাই থাকি দুখ কষ্ট খাই!”

[ ৮৬ ]

“পৰাণৰ প্ৰাণ মোৰ দুখিনী কুঁৱৰী
“মোৰ কাবণেই, হায়! ভুগিছে যাতনা!
“মোৰ কাৰণেই তেওঁ কোমল দেহাত
“অমানুষি অত্যাচাৰ সহিছে কতনা॥
“কি কাজ পৰাণ ৰাখি? লাগি যি প্ৰাণত
“পতিব্ৰতা কুৰৰীয়ে ভুঞ্জিছে কেলেশ?
“কিবা লাভ হ’ব তেনে ৰাখিলে পৰাণ
“যাত লাগি কুঁৱৰীৰ যাতনা অশেষ?
 * * * * *
 * * * * *

১২

“তেনুৱা নৰকী প্ৰাণ কিনো হ'ব ৰাখিলে?

“মহাপাপ হ’ব মোৰ সতীৰাণী মৰিলে॥
“মোৰ কাৰণেই তেওঁ ভুঞ্জে অত যাতনা,
“মোৰ দোষতেই হ'ল অত দুৰঘটনা॥

১৩

“কি হ’ব পৰাণ ৰাখি? কি হ’ব মিছাতে আৰু
[ ৮৭ ]

“সতী তিৰুতাক এনে যাতনী ভুগাই?
“দেখিছোঁ মইতো আৰু নোৱাৰো সাৰিব!
“বিধতা বিমুখ! হায়! কি হ’ব পলাই?
“পলালো বহুত! হায়! আৰু মই নপলাওঁ
“আপুনি নিজেই আজি ধৰা দিওঁ গই,
“কি কৰো কৰক মোকে দুষ্ট ল’ৰাৰজা
“এৰক ৰাণীক মোৰ দুৰ্ভগাক লই॥”
এই ভাবি গদাপাণি পুনু বিয়াকুল মনে
নামচা পৰ্ব্বত এৰি ওলালে বাহিৰ,
নানা কথা ভাবি ভাবি অৰণ্য মাজত
হ’ল দুৰ্ভগীয়া গদা অথিৰ-অবিৰ॥