জয়মতী/তৃতীয় অঙ্ক
[ ৫১ ]
বৰুৱা।— পমিছে কঠুৱা মন,
কিয় আজি মোৰ? কিয় হেন কান্দে প্ৰাণে,—
বিদৰে ই হিয়া? পীড়িছিলোঁ কত জনা
নিকৰুণ ভাৱে, বধিলোঁ কতনা আৰু;
টলা নাই মই কদাপি ইদৰে আগে,
কৰ্ত্তব্য পাহৰি!
(পদ্মা, আহিনী, লাই-লেচাইৰ প্ৰৱেশ )
পদ্মা।— সম্ভাষোঁ বৰুৱাদেৱ!
বৰুৱা।— কোন বা গাভৰু?
পদ্মা।— গোহাঞি-গাভৰু মই,
পদ্মাৱতী নাম। মন্ত্ৰীৰ জীয়াৰী, আৰু
জয়মতী-প্ৰাণসখী।
বৰুৱা।— কিমতে পশিলাঁ আহি এই বন্দীশাল?
—কিবা প্ৰয়োজন?
পদ্মা।— সন্তাপে লগালে বাট;
উদ্বেগে সবল কৰি আনিছে ই ঠাই।
কৰাঁ যদি দয়া তুমি, কৰোঁ নিবেদন
যিবা অভিপ্ৰায়।
বৰুৱা।— শক্তিয়ে আটিলে মোৰ
ৰাখিম খাটনি।
পদ্মা।— শক্তিৰ নাটনি নাই।
আহিনী।—ইচ্ছা মাথোঁ লাগে।
বৰুৱা।— ইচ্ছাৰ অভাৱ নাই,
নাপাওঁ যদিহে বাট, কি আছে উপায়!
পদ্মা।— ৰাখাঁ যদি অনুৰোধ, দিয়াঁ অনুমতি,
সখী দৰশন লাভ কৰোঁ এটি বাৰ।
বৰুৱা।— জীৱন্তে অসাধ্য কাম
নাই আতপৰ; অসৰ অনুৰোধ
নকৰাঁ গাভৰু!
পদ্ম।— দৰশন লাভ মাধ্যে।
নাই আন অভিপ্ৰায়; নকৰাঁ সন্দেহ।
বৰুৱা।— নকৰোঁ সন্দেহ।
কৰ্ত্তব্যত বন্ধা মই; কি আছে উপায়!
লেচাই।—আনি দিয়াঁ আইতাক মোৰ।
আহিনী।— নিৰুপায়!
লাই।— আছে কত আইতা লুকাই?
পদ্মা।—কিনো কওঁ।
দেখিছাঁ বৰুৱাদেৱ, কি কৰোঁ উপায়।
বৰুৱা।— কি দিম উপায়।
দিব পাৰোঁ প্ৰাণ মোৰ, হলে উপকাৰ।
কিন্তু হাঁয়, অনুৰোধ নোৱাৰোঁ ৰাখিব; —
এনুৱা কৰ্ত্তব্য মোৰ।
আহিনী।— নাজানে অপৰে কেৱেঁ।
বৰুৱা।— নকবাঁ সি কথা।
প্ৰাণৰ মমতা ৰাখি হোৱা নাই মই,
অটল ইৰূপ। হব মোৰ প্ৰাণদণ্ড,
নাই তাৰ ভয়; কিন্তু সদা লাগে ভয়
কৰ্তব্য পাহৰোঁ বুলি।
পদ্মা।— নিলগে এবাৰ দেখা?
বৰুৱা।— নধৰৰিবাঁ টানি।
বিদৰিছে হিয়া মোৰ, পাষাণ যদিও,
মহাসতী পীড়নত। পমিছে হৃদয়,
অবুজন বালকৰ দেখি শোক-দুখ!
নাভাবিবাঁ ৰখা নাই তৱ অনুৰোধ,
প্ৰাণৰ মমতা ৰাখি।
পদ্মা।— কুশল বাতৰি তেনে দিয়াঁ তুমিয়েই।
বৰুৱা।— সখী তৱ বন্দী এবে।
নোপোৱাঁ বাতৰি, নোপোৱাঁ সন্ধান একো
ৰাজ-আজ্ঞা বিনে।
পদ্মা।—নোহোৱাঁ সদয় তেন্তে?
বৰুৱা।— বুজিও, নুবুজি
অবুজ গাভৰুদেৱ, কিয় হোৱাঁ তুমি।
পদ্মা।— বুজিছোঁ বৰুৱাদেৱ,
—নামানে পৰাণে!
বৰুৱা।—নকৰাঁ আমনি আৰু;
তোমাকে মাতিছোঁ।
পদ্মা।—( চকুলো টুকি) নকৰোঁ আমনি।
বলাঁ ঘুৰি পোনাহঁত নিমিলে সাক্ষাৎ!
আহিনী লগত দুয়ে যোৱাঁ ঘৰলই।
ৰাজমাও-টোল মই ঘূৰি আহোঁগই,
ৰাজ-আজ্ঞা দিহা কৰি। (পদ্মাৰ প্ৰস্থান)
আহিনী।— (কান্দি কান্দি) আহাঁ, পোনাহঁত!
লেচা।— নেদেখিলোঁ আইতাক? (কান্দে)
আহিনী।— আহ, পোনা দুটি অই।
দেখিবাঁ পাচত। (প্ৰস্থান)
বৰুৱা।— ( ক্ষন্তেক নিটাল মাৰি) যাওঁ ময়ো,
কৰোঁগই শস্তিৰ বিধান।
ভাগ্যত পৰিছে এনে নিদাৰুণ কাম! (প্ৰস্থান)
জয়মতী।- (বন্ধা অৱস্থাত) শক্তিদাতা ভগৱন্ত!
অসহন নিৰ্য্যাতন সহিবৰ গুণে,
দিছাঁ শক্তি শৰীৰত;- দিয়াঁ একে শক্তি
এবে এই হৃদয়ত সহোঁ একে দৰে
লাঞ্ছনা অশেষ। ভাবিছে দুৰ্ম্মতি ৰাজে,
পাশৱ পীড়ন কৰিব দুৰ্ব্বল মোক,
বলেৰে কৰাব মান্তি, সই লবলই,
নাজনি সতীৰ প্ৰাণ পতিপ্ৰাণা বুলি!—
জনা নাই, হিয়া এই সবল কিমান।
সহনৰ শক্তি যে কিমান।— শক্তি নাই
ভাবিবৰ তাৰ।
১ম, চাওদাং।—সেইবোৰ যে বলকিব পাৰাঁ, আমি সোধা কথানো কেলেই
কব নোৱাৰাঁ। তাকে কৈ দিলেইচোন ৰইখা পোৱাঁ।
২য়, চাওদাং।—ওঁ , ময়ো তাকে কওঁ। এওঁ কিন্তু নিজৰ কথাটোকে হে
ধৰি থাকে।
জয়া।—নাথ মোৰ, সুখে থাকাঁ, যতে আছ তুমি,
নোপোৱা বাতৰি যেন ইফালে যি হয়।
৩য়, চাওদাং।— হেৰ, ই কথাই কথা নহয়। এওঁ খালি নাথকে হে পাইছে;
আমাৰ কথালৈ কাণ নকৰে।,
২য়, চাওদাং।—এৰা, আকৌ শাস্তি হে ধৰিব লাগিল। এওঁৰ পম-ঘোষাই
আমাৰ গা নাৰাখে, জানিছ।
১ম, চাওদাং।— নহয় নো কি, পৰৰ লগত পৰে কোন্ মৰে অ’? নেদেখিলি
দূতৰ গতি! ধৰ, চোৰাত লগাঁওহঁক।
৩য়, চাওদাং।—ৰবি, ৰবিচোন ককাইহঁত, আকৌ কিবা এবকলা গাব
খুজিছেচোন। কথাৰ মাজত কেনেবাকৈ কথাটো ওলায়েই
বা? (কেইওটাই কাণ পাতি শুনে)
জয়া।— নেৰিবাঁ শক্তিয়ে মোক।
বাঢ়ে যেন ধৈৰ্য্যবল, বাঢ়ি চতুৰ্গুণে,
বাঢ়েমানে নৰৰূপী দানৱৰ বল।
এৰিম ইয়াতে দেহা, শেষ-পীড়নত,
নাই তাত খেদ মোৰ। কিন্তু যদি ভাগে
যত্নৰ প্ৰতিজ্ঞা মোৰ, কিবা স্বৰূপত
বিষম যন্ত্ৰণা হাঁয়,বাজিব প্ৰাণত।
ইঘোৰ সমস্যা বেলা নাৰী জীৱনত,
দেহ-মন দুয়ে ধৰিবি সহন টানি,
নহবি অৱশ।
২য়, চাওদাং।— হেৰ, তহঁতে মুখলৈ চাই থাকোতে বলকনি বাঢ়িছে হে।
১ম, চাওদআং।— এৰা ধৰিব হে লাগিল। কিন্তু আমনি লাগিল দেখোন,
কিমান নো শাস্তি দিম।
৩য়, চাওডাং।— ৰবিচোন, শুনচোন, কয় কি,—তাল শুনি।
জয়া।— লাগিছে বিষম বোধ, মৰা-শৰীৰত,
অমৰণ মন মোৰ নহয় কাতৰ।
২য় চাউডাং।—হেৰ, আমৰলি মেলোহঁক। কাতৰ হোৱা নাই বোলে।
৩য়, চাউডাং।— হয়, তাতে পানী ঢালি দিব লাগে। কিমান পৰ নো সহে
চাওঁ।
২য়, চাউডাং।—উঃ! আতি টান পালো হয়! ভাগৰিলোঁ আৰু!
৩য় চাউডাং।—ভাগৰ লাগিলগৈ হয় দেও! ককাইহঁত বহ, অলপ জিৰাওঁ।
ৰবিচোন, অলপ পদকে শুনোঁ। তিনিও এফলীয়া হৈ বহে)
জয়া।— বসুমতি! আছে যদি ধৰম তোমাত,
ৰাখিবাঁ ধৰম মোৰ;—দিবাঁ শক্তি তযু,
সহনৰ পূৰ্ণগুণ আজি। ক্ষমা গুণ আৰু
দিয়া মোক পূৰ্ণভাৱে, ক্ষমোঁ অজ্ঞানক।
নিবিচাৰোঁ প্ৰতিশোধ; পাব প্ৰতিফল,
ফলিৰ কালত সি, কৰ্ম্ম অনুসৰি।
কিন্তু ভিক্ষা এই, পায় যেন প্ৰাণনাথে,
মঙ্গল আশ্ৰয়, অপায়-অশান্তি মাজে।
আৰু মোৰ দুটি পোনা এৰিছোঁ পাচত,—
দুটি সিংহৰ পোৱালি; থাকে যেন দুয়ো,
আপদ এৰাই। পতিত ই ৰাজবংশ
স্বামীয়ে উদ্ধাৰা পাচে, কৰিব উজ্জ্বল,
অদ্বিতীয় ৰজা হই। বাঞ্ছা আৰু নাই;—
স্বামীৰ চৰণ যেন ভাগ্যে পাওঁ দেখা,
এৰোঁতে মাটিৰ দেহ মাটিক গতাই।
৩য়, চাউডাং।— সাঁজ লাগিল। ককাইহঁত কি কৰ? ৰাইজো লাহে লাহে
ভাগিছে। আগবেলাৰ শাস্তিয়েই আটিছে। ইমানতে
আজিলৈ আধ্যা পেলাওঁহঁক, কি বোল?
১ম, চাউডাং।—এৰা, আজিলৈ ইমানতে এৰোঁহঁক।
২য়, চাউডাং।— হয়, এৰাই ভাল। শুনিছানে প্ৰহৰী ককাই। ৰাতিটোলৈ
তোমাক হে গতালোঁ। আমি আহোঁ হে এতিয়া। ব’ল
ব’ল যাওঁ ব’ল, খৰ কৰ, ককাইহঁত, ৰাতি হয়।
চাউডাংবৰ্গৰ প্ৰস্থান)
ভোগাই।— (কানৰপৰা খৰিভাৰ পেলাই) উঃ, হৰি-গুৰু-বান্ধৱ-কৃষ্ণ-
গোবিন্দ। ৰাম ৰাম ৰাম ৰাম। (বহে)
(জালৰ ভাৰ লৈ নদাইৰ প্ৰৱেশ)
নদাই।— অ’ কি কৰিছ ককাই?
ভোগাই।— এ, ছাঁতে বহি অসন্তক জিৰাই উৱাহটো লৈছোঁ বোপাই।
ৰাম ৰাম ৰাম ৰাম!
নদাই।— ময়ো অসন্তক বহোঁ ককাইটি। কঁকালটো পোনাই লওঁ।
(জাল-জৰিৰ ভাৰখন থৈ) ইঃ ইঃ ইঃ ঠৰ হলোঁ পায়।
(কঁকালত হাত দি মেচা হৈ বহে)
(কানত টোকোন লৈ গঙ্গাইৰ প্ৰৱেশ)
গঙ্গাই।— ভাল লগ পালোঁহি ককাইহঁত ঔ! ভাল ৰইখা পৰিলোঁ।
উঃ, আজি মহ-যখ এটাই বেয়াকৈ পিচ লাগিছিল, বুপাই।
ইঃ ইঃ ইঃ, ভাল সাৰিলোঁ। ককাইহঁত, বোলোঁ কৰিছ কি?
ভাগাই।— তইনো দেখিছ কি? চকু দুটা পিচপিনে পিন্ধিলি নে কি?
পিচে, গৈছিলি নো কলৈ?
গঙ্গাই।— এ, কিনো হব কলে ককাইটি। কালিৰেপৰা মোৰ মহজনী
নাই; দিনটো বিচাৰি বিচাৰি মিছাতে হাইৰাণ হলোঁ।
ককাই হেৰ, আছে যদি ছালি এখন দে। গাঁঠিটো মেলচোন।
মুখ ভেঁকুৰিল! (টোকোনত ভেজনি লৈ থিয় দিয়ে)
অঃ মোৰ স্বোৱামীগুৰু!
নদাই।— বৰকৈ নাম ললিচোন? মৰিব গোনাইছ নে? অ, যসে
পালেই নে কি?
গঙ্গাই।— মৰ তয়ে অধৰমী। পাব তোকে এদিন যখে।
নদাই।— ইঃ ধৰমীটো নেদেসিছাঁ? ই নমৰে, ভাৰস্তৰ নিকাৰ মসা
সাই ইয়াতে থাকিব।
ভোগাই।— এ, কিনো মৰা-জীয়াত লাগিলিহঁত ঐ! বোলোঁ, জীয়াত
নো সকাম কি, মৰাত নো নিকাম কি? কেনি নো
আহিলি? বাটত দেখি অহা নাই নে? এনেকৈ হলে জীয়াই
থাকিব নো লাগিছে কেলৈ ঐ!
নদাই।— ভাল মনত পেলালি ককাই! কিনো কম ককাই ঐ, মানুহ
জনীৰ বিলাইসন!
গঙ্গাই।— এৰা, তথাপি তাই গিৰিয়েকৰ কথাটোকে কৈ দিছে জানো।
বেতৰ কোব, চমটা, চোঁৰাত, আমৰলি,—আইও, মোৰ
গাটো জিকাৰি উঠে।
ভোগাই।—হেই পাষণ্ড! তাই চাই নুবুলিবি। তই নেজান নে, সেই
গৰাকী আমাৰ গদাকোৱঁৰৰ ঘৈণী-আইদেউ বুলি?
নদাই।—এৰা, সওঁতে সয়। কথাটো তেনে যেন পালোঁ সয়। কি,
ককাই, কিহৰপৰা নো কিটো হল কচোন?
ভোগাই।—ক’ৰ নো চুকত সোমাই আছিলি অ’? কেদিনমান হল,
গদাকোঁৱৰ পলাইছে নেজান? ৰজাই বিচৰাই পিটাপিট্
কৰাইছে।
গঙ্গাই।— পিচে, পিচে,—
ভােগাই।— পিচে আৰু পিচে। পিচে, তেওঁনো কলৈ গল তাকে ৰজাই
জয়মতী আইদেউত সুধিছে, আইদেৱে নকয়। এই কথা।
নদাই।— ঔ গােখাঁই! ইমান ছেপাসূন্দাতাে নকয় ঔ।
গঙ্গাই।— এৰা, তােৰ বৰপোহাৰীৰ দৰে দেখিছ নহয়?
নদাই।- এ, নগপাবি অ’, তােৰ বৰঘৈণী জনী নাে কেনে জনী ? বৰকে
নগপাবি সেৰ, সং উঠি যায়।
গঙ্গাই।— এৰা, ঘাটিলোঁ পায়! তেও, তোৰ জনীৰ দৰে পােনেই
টেঁটুতে নধৰেহি পায়।
নদাই।— সয়। তােৰ জনীৰ দৰে মােৰ ওপৰত সনে-সনে মকতমা
চলাইছিলগৈ নহয় ? মই অমুকা সাখী নােলােৱাগৈ হলে
তােৰ বৰঘৈণীয়েৰে বগাঘৰত ভাত সুৱালেহেঁতেন। তেও
গুণ হে নাই।
ভােগাই।— এঃ থ, থ, তহঁতৰ চুপতিখন, বুপাইহঁত। মন্-চন্ বেয়া
লাগিছে। মেনে মেনে থাকহঁক।
গঙ্গাই।— অ, হয়, পিচে ককাই, পিচে?
ভােগাই।— পিচে, দন্দ পাত; পিচডোখৰ লাগিছে কেলেই।
গঙ্গাই।— নহয় ককাই, ক বাৰু, ক চোন।
ভােগাই।— পিচে, জয়মতী আইদেৱে গৃহস্থৰ কথা নকয়। সেই গুণে
এনে অইনাই শাস্তি দিছে।
নদাই।— ভাল কৈছ, ককাইটি ঐ, এনে অইনাই দেসা নাই।
গঙ্গাই।— নকবি আৰু ককাই, এই ৰাজ্যত থাকিব নােৱৰা হল। দিন-
কাল উলটিল।
ভােগাই।— উলটিল হে হয়। এই চকুৰেই কেবাজনাও হর্কদেৱ দেখিলোঁ ;
এনে অইনাই; কৰা দেখা নাই বুপাই!
নদাই ।— আৰু ককাই! কিবা বােলেনে ৰজাৰ ভাইগেহে ৰাইজৰ ভাগ।
নেদেসিছ, সেতি-পথাৰৰ ফালে ! কিন্তু অইনাই কৰাৰ পােটক
পাইছে বােলে। কেদিনমানৰপৰা সেনাে ৰজাৰ গাত গােখাঁই
নাইকিয়া হৈছে।
ভোগাই।— এৰা, শুনিলোঁ হয়; ৰজা হেনাে অলপ বিভ্ৰমৰ দৰে হৈছে।
ভুতেই পালেনে কোনােবাই জাদুৱেই কৰিলে জানাে ?
নদাই।— এৰা, সিবিলাকে আক, জৰা-ফুকা কৰি জৰি-ফটি এগছ
দিয়ক ছাৰি পাৰেমানে দৰৱ মসাহে সুৱাইছে !!
ভােগাই।— যি হব নােৱাৰিছে, আমাৰ মেনে মেনে থাক। বুঢ়াগােহাঁই
ডাঙ্গৰীয়াকো বােলে কোনােবা এজন ডাঙ্গৰীয়া-ভকতে পাইছে
হেনো।
নদাই।— পাই থক। দৰবমসা সুৱাই ঘাটি লগাই থক।
গঙ্গাই।— এঃ, তহঁতে বহু ককাইহঁত। মই যাওঁ হে আৰু। ছালি-
এডােখৰো নিদিলি। (গঙ্গাইৰ প্ৰস্থান)
ভােগাই।—আমিও যাওঁ। আমিনো কি ৰাজপাটখন খাবলৈ বহিছোঁ।
(উঠি কানত ভাৰ লয়) নদাই নুঠ নে?
নদাই ।— এৰা উঠোঁ ককাই। (ডিঙ্গিত হাত ফুৰাই) অ! ককাই,
মৰিলোঁ। মােৰ ডিঙ্গিৰ বৰখীটো নাই! ককাইটি ঐ।
নেৰিবি, মােক আগ কৰ, (লৰি আগ হয়)। উঃ, (টকালি
পাৰি) বৰখীটো মৰিয়াৰ সতুৱাইনে শনিবাৰে গঢ়োৱাই লৈ
পিন্ধিছিলোঁ বুপাই। ইঃ ইঃ ভাল কথাসন হল! পৰহিলৈ
মঙ্গলবাৰে আকৌ এটা গঢ়াই লৈ নিপিন্ধোনেমানে ওলাবই
নােৱৰা হলোঁ। ইস্! ইস্। ইস্! (প্ৰস্থান)
জয়া।— অহ, মোৰ পোনা দুটি!
এৰিলো অনাথ কৰি;—কতনা বিলাই
হইছে পাচত জানো! সখীক গতাই।
একেৰি নিশ্চিন্ত মাথোঁ; কিন্তু হাঁয়, মোৰ
মাতৃহীন পোনাহঁতে খলকি লগাই
কান্দিছে নথৈ জানো, নামানি বুজনি।
লেচাই সোণায়ে মোৰ নামানে আনক;
লাই সোণে পাকেপতি বিচাৰে আইতা!
সখীৰ সন্তাপ জানো বাঢ়িছে দিনকে,
আমনিত আৰু চতুৰ্গুণে। আৰু দেহি,
আহিনীটি! —মোৰ হন্তে প্ৰাণ দিয়ে তাই?
চুবুৰীয়া সৱলই পৰিছে মনত;—
পাতিছে সবাৱে জানো মোৰেই হে কথা।
নমৰি জীয়াই আছোঁ, ভূঞ্জিবৰ গুণে,
ই ঘোৰ সন্তাপ।।
(ৰাজমাও আৰু পদ্মাৱতীৰ প্ৰৱেশ।)
পদ্মা।— দেহি ঐ, সখী মোৰ
কিনে অৱস্থাত! (লৰি গৈ সাবটি ধৰে)
জয়া।— ই কি। প্ৰাণসখী মোৰ।
{দুই উন্মাদিনীৰ সাবটাসাবটি)
পদ্মা।— (কান্দি কান্দি) আছিলোঁ জীয়াই,
তোমাৰ এনুৱা দশা দেখিবৰ গুণে!
জয়া।— (কান্দি কান্দি) আজিও জীয়াই আছোঁ,
তোমাসাৰ শোক-তাপ বঢ়াবৰ গুণে!
(ৰাজমাওৱে চকুলো টুকি টুকি কাষ চাপে)
ৰাজমাও।— (কান্দি কান্দি) কোন সতে চাওঁ আজি
বোৱাৰী জয়াক!
জয়া।— (বাউলী হৈ ভৰিত পৰি) কিনো ভাগ্য মোৰ,
আইচু-দেউতা আহি দিলে দৰশন।
ৰাজমাও।— (কান্দি কান্দি) কণ্ঠৰোধ বাছা মোৰ;
কি দিম উত্তৰ! নহল সাধনা সিদ্ধি;
বৃথা হল যত্ন আৰু উদ্ধাৰ মন্ত্ৰণা
{{gap|3emযতমানে মোৰ।
জয়া।— সকলো দশাৰ ফল;
বিধিৰ লিখন মাতৃ, নাযায় খণ্ডন;
নাই দোষ কাৰো।
ৰাজমাও।— বিধিৰ লিখন সঁচা
নলৰে দেখিছোঁ!
জয়া।— সখী ঐ, পোনা দুটি মোৰ?
(আকৌ উন্মাদিনী হৈ পদ্মাৰ ডিঙিত ধৰে)
পদ্মা।— (কান্দি কান্দি) ৰাখিছে ঈশ্বৰে ভালে।
উমলি ফুৰিছে দুয়ো, আহিনী লগত
পাহৰি ক্ষন্তেক।
জয়া।— (কান্দি কান্দি) নেদেখিলোঁ পোন দুটি!
পদ্মা।— (বৰকৈ কান্দি) আহিছিল দুয়ো;
ৰাজ-অনুমতি বিনে নাপালে প্ৰৱেশ।
জয়া।— দেহি, ঐ, নাপালে প্ৰৱেশ!
(হিয়াত ভুকুমাৰি লুটি খাই পৰে, ৰাজমাও
আৰু পদ্মা দুয়ো ধৰি তোলে)।
ৰাজমাও।— উঠাঁ বাছা মোৰ।
নকৰিবাঁ খেদ আৰু কি হব কান্দিলে।
নিজে তুমি জ্ঞানৱতী, কি দিম বুজনি।—
তোমাৰ যশস্যাৰাশি, বাটে-ঘাটে কত
গাইছে ৰাইজে আজি।
পদ্মা।— দেখা দি বঢ়ালোঁ খেদ,
মই অভাগিনী! ক্ষন্তেক মিলন সুখ
লভিবৰ গুণে, নুমুৱা অগনি আহি
জ্বলালোঁ প্ৰাণত।
জয়া।— নকৰাঁ আক্ষেপ সখি!
নুদুষিবাঁ ভাগ্য তৱ, অভাগিনী হেতু।
শোকৰ নিজৰ মোৰ বোৱাই ক্ষন্তেক,
হইছোঁ সুস্থিৰ।
ৰাজমাও।—বিপদত ধৈৰ্য্য ধৰা
তোমাৰে সুগুণ; বইছে যশস্যা তাৰ
ৰাজ্য জুৰি আজি। ঘৰে ঘৰে পটন্তৰ,
হলাঁ তুমি বাছা!
জয়া।— জনাবাঁ সম্ভাষা মোৰ চুবুৰীয়া সৱে,
ৰাখিবাঁ মনত সখি, অভাগিনী কথা।
ৰাখিবা যতনে আৰু, পোনা দুটি মোৰ।
পদ্মা।— নিশ্চিন্তে থাকিবাঁ সখি,
পোনা দুটি লই। প্ৰাণ মোৰ ত্যাগ কৰি
পালিম দুটিক।
ৰাজমাও।— থাকিলোঁ সহায় ময়ো,
নহবাঁ চিন্তিত।
পদ্মা।—আৰু এটি কথা সখি,
কব খোজোঁ মই, নোপোৱাঁ বিষম যদি।
জয়া।— কিবা কথা সখি?
তোমাৰ কথাত মোৰ কাহানি বেজাৰ?
পদ্মা।— শুনা তেন্তে প্ৰাণসখি!—
দিলে নো এতিয়া বাৰু, পতিৰ সন্ধান,
কিবা অমঙ্গল হব পাৰে কোৱঁৰৰ?
উলটিল ৰাজসেনা নাপাই বিচাৰি,
কদাপি নাপাব ঘূৰি; নাই ভয় আৰু;
পাইছে কোৱঁৰে জানো গুপুত আশ্ৰয়।
দিবাঁ নে সন্ধান?
জয়া।— নকবাঁ সি কথা সখি।
স্বামীৰ সন্ধান নোলায় মুখত মোৰ
থাকেমানে প্ৰাণ! নাভাঙ্গো প্ৰতিজ্ঞা আৰু
জানিবাঁ ধুৰুপ। প্ৰাণ মোৰ উছৰ্গিছোঁ
স্বামীৰ কুশলে।
ৰাজমাও।— এটা কথা কই বাছা,
পোৱাঁ পৰিত্ৰাণ, সাৰাঁ ঘোৰ নিৰ্য্যাতন;—
নাভাগে প্ৰতিজ্ঞা।
জয়া।—আইচু-দেউতা মোৰ।
নেদেখাব সিটো বাট, নুবুজাব মোক
সই লবলই। বাকী নাই লাঞ্ছনাৰ
আৰু নিৰ্য্যাতন।
পদ্মা।—তাতে হে কইছোঁ সখি,
ৰক্ষা পৰাঁ বিপদ এৰাই। দিবাঁ কই
যথা তথা স্থান।
জয়া।—মৰণ অধিক বাঞ্ছোঁ,
কব লগা হয় যদি মিছা কথা কিবা।
ততোধিক মৰ্ম্মাহত, যত্নৰ প্ৰতিজ্ঞা।
ভাগে যদি মোৰ।
ৰাজমাও।— ধন্য, ধন্য
মহাসতী জ্ঞানৱতী জয়া!! (প্ৰহৰীৰ প্ৰৱেশ )
প্ৰহৰী।— বেলা হল ঘূৰিবৰ;
নিবেদোঁ চৰণে।
ৰাজমাও।— নহয় পলম আৰু।
প্ৰহৰী।— শিৰে ধৰোঁ বাণী। (প্ৰহৰীৰ প্ৰস্থান)
জয়ান্দিছে।— বন্দিছোঁ চৰণ মাতৃ, এই শেষ বাৰ। (সেৱা কৰে।)
ৰাজমাও।—আশীছোঁ অন্তৰে বাছা।
নহবাঁ অধীৰা; এৰা নাই যত্ন মই,
উদ্ধাৰৰ হেতু।
পদ্মা।— (উতলা হৈ) সখি, মোৰ ৰাখাঁ প্ৰাণ
যাওঁ ভেলা ঘূৰি!
জয়া।— (ডিঙ্গিত ধৰি কান্দি) নিয়া প্ৰাণ, সখি মোৰ,
নামমাত্ৰ থাকোঁ পৰি মাটি-দেহা মাথোঁ
বাগৰি মাটিত।
ৰাজমাও।— নহবাঁ উতলা দুয়ে,
বিপদ বঢ়াই। আহোঁ বাছা, হোৱাঁ স্থিৰ,
নকৰিবাঁ খেদ। সহিবাঁ পৃথিবী হই।
জয়া।— সখি মোৰ!⸺ (কণ্ঠৰোধ)।
পদ্মা।—প্ৰাণসখি!⸺ (কণ্ঠৰোধ)
(চকুলো টুকি টুকি ৰাজমাও আৰু পদ্মাৰ প্ৰস্থান)
(জয়মতীৰ মূৰ্ছা)