[  ]

চিলাৰায়







হৰিনাৰায়ণ দত্তবৰুৱা সাহিত্যৰত্ন
নলবাৰী : অসম

[  ]

প্ৰকাশক :
শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা এম্‌-এ,
দত্তবৰুৱা এণ্ড কোম্পানী
নলবাৰী : অসম



১ম সংস্কৰণ – ১৯৪২
২য় সংস্কৰণ – ১৯৫৪
৩য় সংস্কৰণ— ১৯৬৩



মূল্য—'১৯ নয়া পইচা



প্ৰিণ্টাৰ :
শ্ৰীযোগেশচন্দ্ৰ গোস্বামী
উমা প্ৰেছ
নলবাৰী : অসম

[  ]
 

চিলাৰায়

 চিলাৰায় মহাৰাজ বিশ্বসিংহৰ পুত্ৰ; এওঁৰ মাতৃৰ নাম মহাৰাণী পদ্মাৱতী দেৱী। বিশ্বসিংহই ঊনৈশজনী কুঁৱৰী বিবাহ কৰিছিল; কুঁৱৰীসকলৰ ভিতৰত এজনী নেপালৰ—তেওঁৰ পুত্ৰ নৰসিংহ; এৱেঁই জ্যেষ্ঠ। দুজনী গৌড়ৰ—হেমপ্ৰভা আৰু পদ্মাৱতী। মহাৰাজ নৰনাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ, পদ্মাৱতীৰ পুত্ৰ শুক্লধ্বজ বা চিলাৰায়। কামৰূপৰ চাৰি গৰাকী, কাশ্মীৰৰ এগৰাকী, কাশীৰ পাঁচ গৰাকী, শোণিতপুৰৰ তিনি গৰাকী, মিথিলাৰ এগৰাকী আৰু এগৰাকী আন কোনোবা ঠাইৰ কুঁৱৰী। শেষৰ গৰাকীৰ পুত্ৰৰ নাম হৰিসিংহ।

[  ]  বুৰঞ্জীত বিশ্বসিংহৰ ঊনৈশ জন পুত্ৰৰ নাম উল্লেখ দেখা যায়। বিশ্বসিংহই এই পুত্ৰসকলৰ ভবিষ্যত কৰ্ম নিৰূপণ কৰিবলৈ কিছুমান বস্তুৰ টোপোলা বান্ধি একোটা টোপোলা একোজন পুত্ৰক নিবলৈ আদেশ কৰে। এইবোৰ টোপোলাৰ যিজনে যি নিলে, ভবিষ্যতে তাকেই পাব বুলি তেওঁ আদেশ দিছিল। প্ৰথম পুত্ৰ নৰসিংহই সোণ পোৱা দেখি তেওঁক বিদেশলৈ যাবলৈ, নৰনাৰায়ণে মাটি পোৱা দেখি নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে লো পোৱা দেখি তেওঁ “ৰণধৰ্ম” পালন কৰিবলৈ আদেশ পাইছিল।

 নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা শিক্ষা কৰে। বাৰাণসীত এওঁলোকে হিন্দুৰ বেচিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ বিদ্যা শিক্ষা কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠে।

 ১৫৩৩ খৃষ্টাব্দত বিশ্বসিংহ স্বৰ্গী হয়;এই সময়ত নৰনাৰায়ণ-চিলাৰায় বাৰাণসীতে আছিল। পিতৃ স্বৰ্গী হোৱাত প্ৰথম পুত্ৰ কুমাৰ নৰসিংহ পিতাকৰ সিংহাসনত বহে। নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামে এজনী ধাইমাক সেই সময়ত ৰাজ-অন্তঃপুৰত আছিল;এওঁ [  ] স্বৰ্গীয় মহাৰাজৰ আদেশ লঙ্ঘন হোৱা দেখি “নাগভোগ” নামে এজন সন্ন্যাসীৰ হাতত এখন চিঠি দি নৰনাৰায়ণ-চিলাৰায়ক মাতি পঠালত দুয়ো আহি ৰাজধানীত উপস্থিত হল। তেতিয়া নৰসিংহে পিতৃৰ ব্যৱস্থা মতে স্বদেশ ত্যাগ কৰি নেপাললৈ পলাই যায়।

 ইয়াৰ পাচতেই ১৫৩৪ খৃষ্টাব্দত নৰনাৰায়ণ ৰজা আৰু চিলাৰায় যুৱৰাজ হয়। চিলাৰায়ে নৰসিংহক পৰাস্ত কৰিছিল; সেই কাৰণে ৰাজ-অভিষেক হোৱাৰ সময়ত তেওঁক সংগ্ৰামসিংহ নাম দিয়ে।

 নৰনাৰায়ণে সিংহাসনত উঠিয়েই পিতৃৰাজ্য বঢ়াবলৈ মন কৰে। এই সময়ত গৌড়ৰাজ্যৰ আধিপত্য লৈ নানা গোলমাল লাগে; নৰনাৰায়ণে এই সুযোগতে ভায়েক সংগ্ৰামসিংহৰ দ্বাৰা পশ্চিম আৰু দক্ষিণফালে ভালেখিনি ঠাই অধিকাৰ কৰে। কমতাৰাজ্য ধ্বংস হোৱাৰ পাচত কমতাৰাজৰ নাতি সুচাৰুচান্দ আহোম ৰজাৰ সহায়ত বেহাৰৰ অধিকাৰ পায়; নৰনাৰায়ণে ইয়াত কুপিত হৈ চিলাৰায়ৰ হতুৱাই তেওঁক তাৰপৰা খেদি পঠায় আৰু কমতাৰ ৰাজচিহ্ণ হনুমান দণ্ড আৰু ছত্ৰ কাঢ়ি নিয়ায়। ইয়াৰ পাচত শুক্লধ্বজে চাৰিওফালৰ ৰাজ্যবোৰ জয় কৰিবলৈ সঙ্কল্প কৰে।

[  ]  আহোমে সুচাৰুচান্দক বেহাৰৰ ৰজা পতা কথাতেই কোচৰাজে অপমান বোধ কৰে আৰু তাৰ পোতক তুলিবলৈ আহোম ৰাজ্য আক্ৰমণ কৰে। এই অভিযান চলোৱাৰ লগে লগে চিলাৰায়ে ভায়েক গোহাঁইকমলৰ হতুৱাই ৰাজধানীৰপৰা উত্তৰ পাৰেদি পৰশুৰামকুণ্ডলৈ এটা ডাঙৰ আলি বন্ধায়; আৰু সেই আলিয়েদি ভীমবল আৰু বাহুবল সেনাপতিৰ অধীনত স্থল ৰণুৱা আৰু ব্ৰহ্মপুত্ৰেদি ভক্তমল আৰু টেপুৰ অধীনত পানীৰণুৱা চলায়। বুৰঞ্জীৰপৰা জনা যায়, এই অভিযানৰ স্থল- ৰণুৱাৰ সংখ্যা বাৱন্ন হাজাৰ আছিল। ভুটীয়াসকলেও এই যুদ্ধ-যাত্ৰাত যোগ দিছিল। বৰসেনাপতি শুক্লধ্বজ স্থলপথে যাত্ৰা কৰিছিল আৰু ঠায়ে ঠায়ে বিগ্ৰহ স্থাপন কৰি দেৱালয় পাতি গৈছিল। সৈন্য সমষ্টিৰ শেষত মহাৰাজ নৰনাৰায়ণ মহাৰাণী ভানুমতীৰ সৈতে যাত্ৰা কৰিছিল। যুৱৰাজ শুক্লধ্বজ হাতী বা ঘোঁৰাত বগা পোচাকেৰে যাত্ৰা কৰিছিল। এই যাত্ৰাৰ চিন স্বৰূপ দৰং ৰাজ-বংশাৱলীত বহুত চিত্ৰ দিয়া আছে। বুৰঞ্জীৰপৰা জনা যায়, শুক্লধ্বজে তেজপুৰৰ ওচৰৰ ভৰলী নদী ঘোঁৰাৰে জপিয়াই পাৰ হৈছিল; এই কাৰণে সৈন্যসমষ্টিয়ে তেওঁক “চিলাৰায়” নাম দিয়ে।

[  ]  চিলাৰায়ে চিলাৰদৰে চোঁ মাৰি ৰণ কৰিছিল, সেই কাৰণেও তেওঁক চিলাৰায় বোলে—বুলিও পোৱা যায়।

 চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল; সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।

 শুক্লধ্বজে অসীম সাহসেৰে আহোমৰ লগত যুদ্ধ কৰি গড়গাওঁ অধিকাৰ কৰে। ইয়াৰ পাচত চিলাৰায়ে কাছাৰ আক্ৰমণ কৰে আৰু তাৰ ৰাজধানী মাইবং অধিকাৰ কৰাত, কাছাৰৰাজে বশ্যতা স্বীকাৰ কৰে। চিলাৰায় দেৱানে কাছাৰত এটা উপনিবেশ স্থাপন কৰে; ইয়াত বাস কৰা লোকবিলাক শুক্লধ্বজৰ জাতি- ভাই দেখি পৰবৰ্তী কালত তেওঁলোক ধেয়ান বা টি° (দেৱানৰ অপভ্ৰংশ ) নামে পৰিচিত হয়।

 কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, জয়ন্তীয়া, শ্ৰীহট্ট, ত্ৰিপুৰা, খ‍ইৰাম,চট্টগ্ৰাম, ডিমৰুৰা আদি ৰাজ্য জয় কৰি তাক ৰক্ষা কৰিবলৈ ৰাজধানী ব্ৰহ্মপুৰত এদল সৈন্য ৰাখিছিল; কোচ বাস কৰা বাবে পাচলৈ এই নগৰে “কোচপুৰ” আৰু পাচত “খাচপুৰ” নাম হয়।

 ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰোঁতে চিলাৰায় আজ্ঞাঠুৰী পাহাৰৰ পূব অংশত কোঠ কৰি কিছুকাল আছিল; [  ] সেই কাৰণে এই পাহাৰক পৰৱৰ্তী কালত চিলাটিং পাহাৰ বোলা হয়। গুৱাহাটীৰ পশ্চিমৰপৰা বল্ল্যা নদীৰ মুখলৈ এই ছোৱা ব্ৰহ্মপুত্ৰ খাৰুৰ আকৃতিৰ আছিল অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মূল সোঁতটো হাজোৰ দাঁতিয়েদি আছিল; কিছুমানে হাজো সোঁতাটোৱেই ব্ৰহ্মপুত্ৰৰ প্ৰাচীন মূল সোঁত বুলি কয়; ব্ৰহ্মপুত্ৰৰ প্ৰাচীন সোঁতৰ এছোৱা আমিনগাৱঁৰ উত্তৰে লখেতাৰা বুলি বৰ্ত্তমানেও আছে। এই কালত উৰ্ব্বশী নামে সৰু জান এটা কামাখ্যাৰ ওচৰেদি বৈ ব্ৰহ্মপুত্ৰত পৰিছিল; চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ খাৰু ভাজটো কাটিবলৈ জানেদি এটা খাল খান্দে; সেই খাল লাহে লাহে বহল হয় আৰু পৰবৰ্তী কালত আহোমৰাজে এই খাল সংস্কাৰ কৰাত এয়ে ব্ৰহ্মপুত্ৰৰ বৰ্ত্তমান গতিপথ হৈ পৰে আৰু আগৰ মুল সোঁত ক্ৰমে মৰি যায়।

 ইয়াৰ পাচত চিলাৰায়ে গৌড়ৰাজ্য আক্ৰমণ কৰাৰ কথা উল্লেখ আছে; কিন্তু মুছলমান ইতিহাসবোৰত সেই কথাৰ উল্লেখ নাই। কোচৰাজ বুৰঞ্জীমতে চিলাৰায়ে গৌড় আক্ৰমণ কৰি দৈব দুৰ্বিপাকত বন্দী হয়; কিন্তু তেওঁৰ ব্যৱহাৰত গৌড় ৰাজমাতা পৰিতুষ্ট হৈ মুক্তি দি পাঁচজনী সদ্‌বংশজাত কন্যা বিবাহ দিয়ে; আৰু যৌতুক স্বৰূপে বাহাৰবন্দ, [  ] ভিতৰবন্দ, গয়বাৰী, সেৰপুৰ আৰু দহকনীয়া নামে পাঁচখন পৰগণা দিয়ে; আন এখন ইতিহাসমতে কৰতোৱাৰ পূব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে। ইয়াৰ উপৰি ঘোঁৰা, তৰোৱাল আদি নানা উপহাৰ আদি দ্ৰব্য চিলাৰায়ে লাভ কৰে। এই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্তবাগীশ আদি পণ্ডিতসকলক তেওঁ গৌড়ৰপৰা লগতে লৈ আহে।

 ভবিষ্যতে গৌড়ৰাজ্য আক্ৰান্ত নহবলৈ বোধকৰোঁ ৰজামাতাই এই মৈত্ৰী ব্যৱস্থা কৰিছিল; বাস্তৱতে গৌড় ৰাজমাতা জীৱিত থকা কালত তেওঁ আৰু গৌড় আক্ৰমণ কৰিবলৈ নগৈছিল; গৌড় ৰাজমাতা স্বৰ্গী হোৱাৰ পাচতহে মোগল বাদচাহৰ সেনাপতিৰ সৈতে যোগ হৈ গৌড় জয় কৰে। দ্বিতীয়বাৰ গৌড় আক্ৰমণ কৰাৰ অলপ পাচতেই চিলাৰায় গঙ্গাতীৰত বসন্ত ৰোগত স্বৰ্গী হয় (১৫৭৯ খৃঃ অব্দ) []

 বৰ সেনাপতি যুৱৰাজ চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ সোঁহাতৰ দৰে আছিল। এওঁ মহাৰাজৰ অতি প্ৰিয়পাত্ৰ আৰু দেৱান নামে লোকসমাজত জনাজাত আছিল। চিলাৰায়ৰ পাণ্ডিত্যত সেই সময়ৰ পণ্ডিতসকল মোহিত হৈছিল; তেওঁ শৌৰ্য্য-বীৰ্য্যত সকলো সৈন্য সেনাপতিৰ [ ১০ ] আদৰ্শ স্থল আছিল। চিলাৰায় নিঃস্বাৰ্থপৰতা আৰু ভ্ৰাতৃপ্ৰেমৰ প্ৰভাৱত উত্তৰ-পূব ভাৰতৰ ৰাজনৈতিক আকাশত মধ্যাহ্ণ সূৰ্য্যৰদৰে উদয় হৈছিল। তেওঁৰ বাহুবলতেই পূবে মিথিলাৰপৰা পশ্চিমে পৰশুৰাম-কুণ্ডলৈ, উত্তৰে হিমালয়ৰপৰা দক্ষিণে চট্টগ্ৰামৰ ওচৰৰ সাগৰ-উপকূললৈ কামৰূপ-কমতা ৰাজ্য বিস্তাৰিত হৈ পৰিছিল।
 শুক্লধ্বজে বৰ্ত্তমান কোচবিহাৰৰ ভিতৰৰ তুফানগঞ্জত কোঠ বা দুৰ্গ সাজি বাস কৰিছিল; ইয়াক আজি-কালি “চিলাৰায়ৰ কোঠ” বোলে। ইয়াৰ ওচৰত “জাল-ধোৱা” নামে গাৱঁত তেওঁ এটা দুৰ্গ কৰিছিল। চিলাৰায়ে নিজাকৈ বাৰকোদালী গাৱঁত “বড় মহাদেৱ" আৰু নাককাটী গাছ গাৱঁত “ছোটমহাদেৱ” নামে দুটা শিৱ মন্দিৰ নিৰ্মাণ কৰায়; এই দুই বিগ্ৰহ বৰ্ত্তমানেও নিয়মিত ভাৱে পূজিত হব ধৰিছে। মহাৰাজ নৰনাৰায়ণৰ আদেশমতে শুক্লধ্বজে কামাখ্যা আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ সংস্কাৰ কৰে। কামাখ্যা মন্দিৰ নিৰ্মাণ ভাৰ পোনতে মহুৰাম বৈদ্য নামৰ এজন কৰ্মচাৰীৰ ওপৰত দিছিল, তেওঁ ধন হৰণ কৰা অভিযোগত দোষী সাব্যস্ত হোৱাত মেঘামক্‌দুম নামৰ কৰ্মচাৰীয়ে মন্দিৰ [ ১১ ] নিৰ্মাণৰ কাম সম্পন্ন কৰে। এই সময়তে মহাৰাজা মহাৰাণী ভানুমতী শুক্লধ্বজৰ পত্নী চন্দ্ৰপ্ৰভা আৰু গৌড়ত বিয়া কৰোৱা মহিলাসকল নীলাচলত উপস্থিত হৈ মন্দিৰ উৎসৰ্গা কৰা কাম সম্পন্ন কৰে। ৰাইজৰ আগ্ৰহৰ নিমিত্তে এই সময়তেই চলন্ত বিগ্ৰহৰ ওচৰতে নৰনাৰায়ণ আৰু শুক্লধ্বজৰ পাথৰ মূৰ্তি নিৰ্মাণ কৰি ৰাখে। এই দুই মূৰ্তি বৰ্ত্তমানেও আছে।

 আমি ওপৰতে বিশ্বসিংহ মহাৰাজৰ বৈবাহিক সম্বন্ধবোৰৰ কথা কৈ আহিছোঁ। তেওঁ উত্তৰ ভাৰতৰ বিভিন্ন দেশৰ ৰজা আৰু প্ৰধান ব্যক্তিৰ কন্যা গ্ৰহণ কৰি সিবিলাকৰ লগত মিত্ৰতা সূত্ৰে আৱদ্ধ হৈছিল আৰু এই উপায়ে ৰাজ্য সুদৃঢ় কৰিছিল। মহাৰাজ নৰনাৰায়ণেও এই নীতিকে গ্ৰহণ কৰি আৰু ভায়েক চিলাৰায়কো এই নীতিৰে বিভিন্ন ঠাইৰ কন্যাৰ পাণিগ্ৰহণ কৰাইছিল।

 বিশ্বসিংহৰ সময়ত পাণ্ডুত প্ৰতাপৰায় নামে এজন প্ৰখ্যাত কায়স্থ ভূঞা আছিল; তেওঁৰ ভায়েকৰ নাম শ্বেতধাম। দুয়ো ভাই-ককাই শৌৰ্য্যে-বীৰ্য্যে বিশ্বসিংহতকৈ কম নাছিল; ইয়াৰ উপৰি দুয়োজনা ভূঞা সাধক আছিল। বিশ্বসিংহই সম্মুখ সমৰত এওঁলোকক বলে নোৱাৰি গুপ্তভাৱে শ্বেতধামক হত্যা কৰায়; ইয়াতে [ ১২ ] প্ৰতাপৰায় অত্যন্ত ব্যথিত হৈ ৰাজ্যত্যাগ কৰি উজনীলৈ গুচি যায়; কিন্তু তাতো তেওঁৰ পাচে পাচে শত্ৰু ঘূৰা দেখি নিৰুপায় হৈ তেওঁৰ কন্যা ভানুমতীক নৰনাৰায়ণত আৰু শ্বেতধামৰ কন্যা চন্দ্ৰপ্ৰভাক চিলাৰায়ত বিবাহ দি মিত্ৰতা কৰে। এই সময়তে শিৰোমণি ভূঞাৰ বংশটো জ্ঞান আৰু বীৰ্য্যত প্ৰখ্যাত আছিল; তাকে দেখি চিলাৰায়ে এই বংশৰ ৰামৰায়ৰ এটা কন্যা বিবাহ কৰি বৰ্ত্তমান গোৱালপাৰা জিলাৰ পশ্চিম দাঁতিত ৰামৰায় নামে এটা কোঠ তৈয়াৰ কৰি শহুৰেকক ৰাখে।

 বিশ্বসিংহে প্ৰাচীন কামৰূপৰ ভূঞা সকলক জয় কৰি যদিও এই ৰাজ্যৰ ৰজা হৈছিল, তথাপি ইয়াত বহুত ৰাজবংশৰ কোঁৱৰ থকাত ই সুদৃঢ় হৈ উঠা নাছিল তদুপৰি তেওঁৰ দিনত ৰাজ্য-শাসনৰ সুব্যৱস্থা হৈ উঠাও বুলিব নোৱাৰি।

 এই কাৰণে নৰনাৰায়ণ আৰু চিলাৰায়ে এইদৰে পুৰণি ৰাজবংশৰ কোঁৱৰ আৰু ভূঞাসকলক হাত কৰি তেওঁলোকৰ দ্বাৰাই ৰাজ্য-শাসনৰ ব্যৱস্থা কৰায়। মহাৰাজ নৰনাৰায়ণে শ্ৰীমন্ত শঙ্কৰদেৱক বাউসী অঞ্চলৰ গোমস্থা[] নিযুক্ত কৰিছিল। গুৰুৱে এই সময়ত পিতৃৰ শিৰোমণি ভূঞা ৰাজ্য ত্যাগ কৰি ধৰ্মৰ হাট পাতিছিল; ৰজাৰ [ ১৩ ] আদেশত গোমস্থা গিৰি লবলগা হোৱাত তেৰাই বৰ অশান্তিবোধ কৰে আৰু বৃন্দাবনী কাপোৰ এখন তৈয়াৰ কৰাই দেৱান চিলাৰায়ৰ জৰিয়তে ৰজাক উপঢৌকন দিয়াত এই বাবৰপৰা নিষ্কৃতি লাভ কৰে। গুৰুৱে এই সময়তেই জ্যেষ্ঠ পুত্ৰ ৰামানন্দক চিলাৰায় দেৱানৰ তলত মজুমদাৰী কৰ্ম্ম শিক্ষা কৰিবলৈ থয়; সম্ভৱতঃ ৰাজ-আদেশত ইয়াক কৰিব লগাত পৰিছিল।

 চিলাৰায় শাৰীৰিক বলত শক্তিশালী হোৱাৰ লগতে অতি তীক্ষ্ণ বুদ্ধিমান পুৰুষ আছিল; তেওঁ নিজে যিটো সত্য বুলি বুজিছিল; তাক প্ৰাণপণে পালন কৰিছিল; কিন্তু সেই বুলি ভক্তিৰ আধাৰ ককায়েক মহাৰাজৰ মনত অলপো কষ্ট নিদিছিল। তেওঁলোক শৈৱ— দুই ভাই শিৱ-দুৰ্গাৰ পূজক; দুই ভাই-ককায়ে নিজ ৰাজ্যৰ ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল। কামাখ্যা মন্দিৰ সংস্কাৰ কৰি দেৱীৰ পূজা-সেৱা চলাৰ ব্যৱস্থা কৰিছিল; কিন্তু চিলাৰায়ে যেতিয়া শ্ৰীমন্ত শঙ্কৰৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হল, শঙ্কৰক তেওঁৰ প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হল,তেতিয়া তেওঁ ককায়েক মহাৰাজৰ আদেশলৈ বাট চাব নোৱাৰা হল। নৰনাৰায়ণে শঙ্কৰক [ ১৪ ] শাস্তি কৰিবলৈ যত্ন কৰিলে— চিলাৰায়ে শঙ্কৰক নিজৰ কোঠৰ ভিতৰতে লুকাই ৰাখিলে আৰু এনে সুযোগ আৰু সুব্যৱস্থাৰে শঙ্কৰক মহাৰাজৰ ওচৰত ওচৰত উপস্থিত কৰালে, যে নৰনাৰায়ণে শঙ্কৰক আদৰ কৰিবলগীয়াত পৰিল। শঙ্কৰৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে প্ৰভুৰপৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও পোনতে শ্ৰীশঙ্কৰৰ পাণ্ডিত্যত সন্তোষ পাই তেওঁক ৰাজসভাত ৰাখে। পাচত ক্ৰমে মহাপুৰুষৰ হৰিভক্তি, দয়া, ক্ষমা আদি গুণবোৰ মহাৰজাৰ চকুত পৰাত তেওঁৰো মন শঙ্কৰৰ ফালে আকৰ্ষিত হয়; আৰু পাচত গুৰুৰপৰা ধৰ্ম লবলৈ তেওঁ ব্যাকুল হৈ উঠে; কিন্তু প্ৰভুৱে কলেৱৰ ত্যাগ কৰাত সি ঘটি নুঠিল।

 চিলাৰায় পৰাক্ৰান্ত বৰসেনাপতি আছিল— ৰাজ্যৰ সকলো সৈন্য-সামন্ত তেওঁৰ আজ্ঞাধীন। চিলাৰায়ৰ শক্তিয়েই নৰনাৰায়ণৰ ৰাজ্যৰ বল আছিল। দেশ শাসনৰ সকলো কাৰ্য্যত চিলাৰায়ৰ খৰ দৃষ্টি পৰিছিল আৰু ৰাজ্যৰ শাসন-বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়,ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰিছিল। কিন্তু সেই বুলি ককায়েক মহাৰাজৰ অধিকাৰ লাভ কৰা পাপ ভাব তেওঁৰ মনলৈ নাহিছিল।

[ ১৫ ]  চিলাৰায় এজনা পণ্ডিত আছিল; এওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰপৰা পণ্ডিত আহিলে পোনতে দেৱান চিলাৰায়ৰ ওচৰত উপস্থিত হৈছিল; আৰু তেওঁৰ সহায়তেই ৰজাৰপৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চা কৰিছিল। পুৰুষোত্তম বিদ্যাবাগীশ,পীতাম্বৰ সিদ্ধান্তবাগীশক গৌড়ৰপৰা নিজৰ লগতে লৈ অহাৰ কথা আমি ওপৰতেই কৈ আহিছোঁ। চিলাৰায়ৰ দৰে পণ্ডিত আৰু ভক্ত নৰনাৰায়ণৰ দেৱান নাথাকিলে শ্ৰীমন্ত শঙ্কৰৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰতো নানা বাধা পৰিলহেঁতেন। তেওঁৰ সহায়তহে কামৰূপৰ পশ্চিম খণ্ডত মহাপুৰুষৰ বাণী প্ৰচাৰিত হৈছিল। শ্ৰীশঙ্কৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে কামৰূপৰ বিক্ৰমাদিত্য স্বৰূপ নৰনাৰায়ণৰ যি সভা উজ্জ্বল কৰিছিল, তাত দেৱান চিলাৰায়ৰো বিশেষৰূপে সহযোগ আছিল।

 চিলাৰায়ৰ জ্ঞান বহুমুখী আছিল— তেওঁ অসি চালনাত যিদৰে সিদ্ধহস্ত আছিল, প্ৰেম-ক্ষমা-সহিষ্ণুতাতো আদৰ্শ আছিল। ৰাজ্য আক্ৰমণ কৰি যিদৰে সম্পূৰ্ণৰূপে জয় কৰিবলৈ তেওঁৰ জেদ আছিল, অধিকৃত ৰাজ্যত বিজিত ৰজাকে অধিকাৰী পাতি তাত শান্তি স্থাপন [ ১৬ ] কৰিবলৈও তেওঁ শক্তি প্ৰয়োগ কৰিব জানিছিল। তেওঁ অপৰিমিত শক্তি লাভ কৰি দিগ্‌ বিদিক জয় কৰিলেও জ্যেষ্ঠ ভাইৰ আজ্ঞাবহ দাসত্ব আনন্দেৰে মানি লব পাৰিছিল। তেৱেঁই ৰাজ্যৰ ঠায়ে ঠায়ে নানাবিধ খেতিৰ ব্যৱস্থা কৰাইছিল। তেওঁৰ পৰামৰ্শমতে ৰচিত হোৱা ৰাজ-আইনৰ ফলত দেশত এলেহুৱা-অকামিলা মানুহৰ সংখ্যা কমি গৈছিল আৰু ৰাজ্যৰ বেচি ভাগ প্ৰজাৰেই শিক্ষালৈ ধাউতি হৈছিল।


সমাপ্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. এখন বুৰঞ্জীমতে চিলাৰায় স্বৰ্গী হোৱাৰ পাচত গৌড় জয়কৃত হয়।
  2. গোমস্থা—এটা অঞ্চলৰ শাসনকৰ্ত্তা