পৃষ্ঠা:চিলাৰায়.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
১৩
 

 চিলাৰায় এজনা পণ্ডিত আছিল; এওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰপৰা পণ্ডিত আহিলে পোনতে দেৱান চিলাৰায়ৰ ওচৰত উপস্থিত হৈছিল; আৰু তেওঁৰ সহায়তেই ৰজাৰপৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চা কৰিছিল। পুৰুষোত্তম বিদ্যাবাগীশ,পীতাম্বৰ সিদ্ধান্তবাগীশক গৌড়ৰপৰা নিজৰ লগতে লৈ অহাৰ কথা আমি ওপৰতেই কৈ আহিছোঁ। চিলাৰায়ৰ দৰে পণ্ডিত আৰু ভক্ত নৰনাৰায়ণৰ দেৱান নাথাকিলে শ্ৰীমন্ত শঙ্কৰৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰতো নানা বাধা পৰিলহেঁতেন। তেওঁৰ সহায়তহে কামৰূপৰ পশ্চিম খণ্ডত মহাপুৰুষৰ বাণী প্ৰচাৰিত হৈছিল। শ্ৰীশঙ্কৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে কামৰূপৰ বিক্ৰমাদিত্য স্বৰূপ নৰনাৰায়ণৰ যি সভা উজ্জ্বল কৰিছিল, তাত দেৱান চিলাৰায়ৰো বিশেষৰূপে সহযোগ আছিল।

 চিলাৰায়ৰ জ্ঞান বহুমুখী আছিল— তেওঁ অসি চালনাত যিদৰে সিদ্ধহস্ত আছিল, প্ৰেম-ক্ষমা-সহিষ্ণুতাতো আদৰ্শ আছিল। ৰাজ্য আক্ৰমণ কৰি যিদৰে সম্পূৰ্ণৰূপে জয় কৰিবলৈ তেওঁৰ জেদ আছিল, অধিকৃত ৰাজ্যত বিজিত ৰজাকে অধিকাৰী পাতি তাত শান্তি স্থাপন