পৃষ্ঠা:চিলাৰায়.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

ভিতৰবন্দ, গয়বাৰী, সেৰপুৰ আৰু দহকনীয়া নামে পাঁচখন পৰগণা দিয়ে; আন এখন ইতিহাসমতে কৰতোৱাৰ পূব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে। ইয়াৰ উপৰি ঘোঁৰা, তৰোৱাল আদি নানা উপহাৰ আদি দ্ৰব্য চিলাৰায়ে লাভ কৰে। এই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্তবাগীশ আদি পণ্ডিতসকলক তেওঁ গৌড়ৰপৰা লগতে লৈ আহে।

 ভবিষ্যতে গৌড়ৰাজ্য আক্ৰান্ত নহবলৈ বোধকৰোঁ ৰজামাতাই এই মৈত্ৰী ব্যৱস্থা কৰিছিল; বাস্তৱতে গৌড় ৰাজমাতা জীৱিত থকা কালত তেওঁ আৰু গৌড় আক্ৰমণ কৰিবলৈ নগৈছিল; গৌড় ৰাজমাতা স্বৰ্গী হোৱাৰ পাচতহে মোগল বাদচাহৰ সেনাপতিৰ সৈতে যোগ হৈ গৌড় জয় কৰে। দ্বিতীয়বাৰ গৌড় আক্ৰমণ কৰাৰ অলপ পাচতেই চিলাৰায় গঙ্গাতীৰত বসন্ত ৰোগত স্বৰ্গী হয় (১৫৭৯ খৃঃ অব্দ) [১]

 বৰ সেনাপতি যুৱৰাজ চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ সোঁহাতৰ দৰে আছিল। এওঁ মহাৰাজৰ অতি প্ৰিয়পাত্ৰ আৰু দেৱান নামে লোকসমাজত জনাজাত আছিল। চিলাৰায়ৰ পাণ্ডিত্যত সেই সময়ৰ পণ্ডিতসকল মোহিত হৈছিল; তেওঁ শৌৰ্য্য-বীৰ্য্যত সকলো সৈন্য সেনাপতিৰ

  1. এখন বুৰঞ্জীমতে চিলাৰায় স্বৰ্গী হোৱাৰ পাচত গৌড় জয়কৃত হয়।