পৃষ্ঠা:চিলাৰায়.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

স্বৰ্গীয় মহাৰাজৰ আদেশ লঙ্ঘন হোৱা দেখি “নাগভোগ” নামে এজন সন্ন্যাসীৰ হাতত এখন চিঠি দি নৰনাৰায়ণ-চিলাৰায়ক মাতি পঠালত দুয়ো আহি ৰাজধানীত উপস্থিত হল। তেতিয়া নৰসিংহে পিতৃৰ ব্যৱস্থা মতে স্বদেশ ত্যাগ কৰি নেপাললৈ পলাই যায়।

 ইয়াৰ পাচতেই ১৫৩৪ খৃষ্টাব্দত নৰনাৰায়ণ ৰজা আৰু চিলাৰায় যুৱৰাজ হয়। চিলাৰায়ে নৰসিংহক পৰাস্ত কৰিছিল; সেই কাৰণে ৰাজ-অভিষেক হোৱাৰ সময়ত তেওঁক সংগ্ৰামসিংহ নাম দিয়ে।

 নৰনাৰায়ণে সিংহাসনত উঠিয়েই পিতৃৰাজ্য বঢ়াবলৈ মন কৰে। এই সময়ত গৌড়ৰাজ্যৰ আধিপত্য লৈ নানা গোলমাল লাগে; নৰনাৰায়ণে এই সুযোগতে ভায়েক সংগ্ৰামসিংহৰ দ্বাৰা পশ্চিম আৰু দক্ষিণফালে ভালেখিনি ঠাই অধিকাৰ কৰে। কমতাৰাজ্য ধ্বংস হোৱাৰ পাচত কমতাৰাজৰ নাতি সুচাৰুচান্দ আহোম ৰজাৰ সহায়ত বেহাৰৰ অধিকাৰ পায়; নৰনাৰায়ণে ইয়াত কুপিত হৈ চিলাৰায়ৰ হতুৱাই তেওঁক তাৰপৰা খেদি পঠায় আৰু কমতাৰ ৰাজচিহ্ণ হনুমান দণ্ড আৰু ছত্ৰ কাঢ়ি নিয়ায়। ইয়াৰ পাচত শুক্লধ্বজে চাৰিওফালৰ ৰাজ্যবোৰ জয় কৰিবলৈ সঙ্কল্প কৰে।