পৃষ্ঠা:চিলাৰায়.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

সেই কাৰণে এই পাহাৰক পৰৱৰ্তী কালত চিলাটিং পাহাৰ বোলা হয়। গুৱাহাটীৰ পশ্চিমৰপৰা বল্ল্যা নদীৰ মুখলৈ এই ছোৱা ব্ৰহ্মপুত্ৰ খাৰুৰ আকৃতিৰ আছিল অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মূল সোঁতটো হাজোৰ দাঁতিয়েদি আছিল; কিছুমানে হাজো সোঁতাটোৱেই ব্ৰহ্মপুত্ৰৰ প্ৰাচীন মূল সোঁত বুলি কয়; ব্ৰহ্মপুত্ৰৰ প্ৰাচীন সোঁতৰ এছোৱা আমিনগাৱঁৰ উত্তৰে লখেতাৰা বুলি বৰ্ত্তমানেও আছে। এই কালত উৰ্ব্বশী নামে সৰু জান এটা কামাখ্যাৰ ওচৰেদি বৈ ব্ৰহ্মপুত্ৰত পৰিছিল; চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ খাৰু ভাজটো কাটিবলৈ জানেদি এটা খাল খান্দে; সেই খাল লাহে লাহে বহল হয় আৰু পৰবৰ্তী কালত আহোমৰাজে এই খাল সংস্কাৰ কৰাত এয়ে ব্ৰহ্মপুত্ৰৰ বৰ্ত্তমান গতিপথ হৈ পৰে আৰু আগৰ মুল সোঁত ক্ৰমে মৰি যায়।

 ইয়াৰ পাচত চিলাৰায়ে গৌড়ৰাজ্য আক্ৰমণ কৰাৰ কথা উল্লেখ আছে; কিন্তু মুছলমান ইতিহাসবোৰত সেই কথাৰ উল্লেখ নাই। কোচৰাজ বুৰঞ্জীমতে চিলাৰায়ে গৌড় আক্ৰমণ কৰি দৈব দুৰ্বিপাকত বন্দী হয়; কিন্তু তেওঁৰ ব্যৱহাৰত গৌড় ৰাজমাতা পৰিতুষ্ট হৈ মুক্তি দি পাঁচজনী সদ্‌বংশজাত কন্যা বিবাহ দিয়ে; আৰু যৌতুক স্বৰূপে বাহাৰবন্দ,