পৃষ্ঠা:চিলাৰায়.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
চিলাৰায়
 

শাস্তি কৰিবলৈ যত্ন কৰিলে— চিলাৰায়ে শঙ্কৰক নিজৰ কোঠৰ ভিতৰতে লুকাই ৰাখিলে আৰু এনে সুযোগ আৰু সুব্যৱস্থাৰে শঙ্কৰক মহাৰাজৰ ওচৰত ওচৰত উপস্থিত কৰালে, যে নৰনাৰায়ণে শঙ্কৰক আদৰ কৰিবলগীয়াত পৰিল। শঙ্কৰৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে প্ৰভুৰপৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও পোনতে শ্ৰীশঙ্কৰৰ পাণ্ডিত্যত সন্তোষ পাই তেওঁক ৰাজসভাত ৰাখে। পাচত ক্ৰমে মহাপুৰুষৰ হৰিভক্তি, দয়া, ক্ষমা আদি গুণবোৰ মহাৰজাৰ চকুত পৰাত তেওঁৰো মন শঙ্কৰৰ ফালে আকৰ্ষিত হয়; আৰু পাচত গুৰুৰপৰা ধৰ্ম লবলৈ তেওঁ ব্যাকুল হৈ উঠে; কিন্তু প্ৰভুৱে কলেৱৰ ত্যাগ কৰাত সি ঘটি নুঠিল।

 চিলাৰায় পৰাক্ৰান্ত বৰসেনাপতি আছিল— ৰাজ্যৰ সকলো সৈন্য-সামন্ত তেওঁৰ আজ্ঞাধীন। চিলাৰায়ৰ শক্তিয়েই নৰনাৰায়ণৰ ৰাজ্যৰ বল আছিল। দেশ শাসনৰ সকলো কাৰ্য্যত চিলাৰায়ৰ খৰ দৃষ্টি পৰিছিল আৰু ৰাজ্যৰ শাসন-বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়,ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰিছিল। কিন্তু সেই বুলি ককায়েক মহাৰাজৰ অধিকাৰ লাভ কৰা পাপ ভাব তেওঁৰ মনলৈ নাহিছিল।