পৃষ্ঠা:চিলাৰায়.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

 চিলাৰায়ে চিলাৰদৰে চোঁ মাৰি ৰণ কৰিছিল, সেই কাৰণেও তেওঁক চিলাৰায় বোলে—বুলিও পোৱা যায়।

 চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল; সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।

 শুক্লধ্বজে অসীম সাহসেৰে আহোমৰ লগত যুদ্ধ কৰি গড়গাওঁ অধিকাৰ কৰে। ইয়াৰ পাচত চিলাৰায়ে কাছাৰ আক্ৰমণ কৰে আৰু তাৰ ৰাজধানী মাইবং অধিকাৰ কৰাত, কাছাৰৰাজে বশ্যতা স্বীকাৰ কৰে। চিলাৰায় দেৱানে কাছাৰত এটা উপনিবেশ স্থাপন কৰে; ইয়াত বাস কৰা লোকবিলাক শুক্লধ্বজৰ জাতি- ভাই দেখি পৰবৰ্তী কালত তেওঁলোক ধেয়ান বা টি° (দেৱানৰ অপভ্ৰংশ ) নামে পৰিচিত হয়।

 কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, জয়ন্তীয়া, শ্ৰীহট্ট, ত্ৰিপুৰা, খ‍ইৰাম,চট্টগ্ৰাম, ডিমৰুৰা আদি ৰাজ্য জয় কৰি তাক ৰক্ষা কৰিবলৈ ৰাজধানী ব্ৰহ্মপুৰত এদল সৈন্য ৰাখিছিল; কোচ বাস কৰা বাবে পাচলৈ এই নগৰে “কোচপুৰ” আৰু পাচত “খাচপুৰ” নাম হয়।

 ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰোঁতে চিলাৰায় আজ্ঞাঠুৰী পাহাৰৰ পূব অংশত কোঠ কৰি কিছুকাল আছিল;