চলচ্চিত্ৰ/ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯১

[ ৯০ ]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯১

 

 দুবছৰমান আগতে, চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ আগতেই আমি আশংকা প্ৰকাশ কৰিছিলো যে এই প্ৰতিযোগিতাত স্বাৰ্থপৰ মানুহৰ হাতত আদুৰ গোপালকৃষ্ণনৰ ছবি উপযুক্ত মৰ্যদাৰ বাহিৰত ৰৈ যাব পাৰে। আমাৰ অনুমান পাছত সত্য বুলি প্ৰমাণিত হৈছিল। চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা আৰু জুৰিৰ সদস্যসকলৰ নাম প্ৰত্যেক বছৰে চাই গ’লেহ এই ধৰণৰ অনুমান আৰু আশংকা প্ৰকাশ কৰা সহজ হৈ উঠে। এইবাৰৰ জুৰিব’ৰ্ডৰ সভাপতিৰ নাম ঘোষিত হোৱাৰ পাছতে আমি আশংকা কৰিছিলো যে ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘সাৰথি’ এইবাৰ প্ৰতাৰিত হ’ব আৰু আমাৰ আশংকাই সত্য প্ৰমাণিত হ’ল। খলনায়কৰ এই মাৰণাস্ত্ৰ হাতত তুলি ল’লে ভাৰতৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত পুৰুষ আদুৰ গোপালকৃষ্ণনে। প্ৰতিদ্বন্দ্বীৰ সাফল্যই মানুহক কিমান তললৈ নিব পাৰে, তাৰ এক উদাহৰণ আদুৰৰ এই আচৰণ। অকল ‘সাৰথি’য়েই নহয়, এই প্ৰবঞ্চনাৰ বলি হ’ল এম. টি. বাসুদেবন নায়াৰৰ ‘কাডাভু’ ছবিখনো। এই বিষয়ে পাছত আলোচনা কৰিম। প্ৰথমে . অসমীয়া ছবিৰ সাফল্যৰ কাহিনী।

 কিছু বছৰ আগলৈকে ৰাষ্ট্ৰীয় বঁটাৰ তালিকাখনত প্ৰাধান্য বিস্তাৰ কৰিছিল বাংলা ছবিৰ নামে, তাৰ পাছত সেই ঠাই অধিকাৰ কৰিলে দক্ষিণ ভাৰতীয় ছবিয়ে আৰু এইবাৰ দক্ষিণ ভাৰতীয় ছবিৰ দীৰ্ঘ তালিকাৰ মাজতো অসমীয়া ছবিৰ নাম বহু ঠাইত জিলিকি উঠিল।

 মলয়া গোস্বামীয়ে অৰ্জন কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা— জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’ ছবিত কৰা অভিনয়ৰ বাবে। অসমীয়া মঞ্চ আৰু অনাতাঁৰ নাটৰ প্ৰতিভাময়ী অভিনেত্ৰী মলয়া গোস্বামী (পূৰ্বৰ ৰাজখোৱা) ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিৰে ৰূপালী পৰ্দালৈ আহে আৰু দৰ্শক-সমালোচকক আলোড়িত কৰি থৈ যায়। ৰাষ্ট্ৰীয় [ ৯১ ] প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হৈয়ো, শেষত জুৰিব'ৰ্ডৰ অযুক্তিকৰ যুক্তিৰ বাবে তেওঁ বঁটা লাভৰ পৰা বঞ্চিত হয়। এইবাৰ কিন্তু মলয়া গোস্বামীয়ে কোনো প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন নোহোৱাকৈয়ে পুৰস্কাৰ অৰ্জন কৰে। জুৰিব'ৰ্ডৰ এগৰাকী সদস্যৰ মতে ‘অগ্নিস্নান’ৰ সেই অভিনয় স্মৃতিয়েও জুৰিৰ সদস্যসকলক প্ৰভাৱিত কৰিছিল।

 জাহ্নু বৰুৱাই ‘ফিৰিঙতি’ ছবিৰে অৰ্জন কৰে দ্বিতীয় শ্ৰেষ্ঠ ছবি আৰু পৰিচালকৰ বঁটা। এই পুৰস্কাৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সন্মানীয়।

 সঞ্জীৱ হাজৰিকাই অৰ্জন কৰিছে পৰিচালকৰ প্ৰথম ছবিৰ বাবে দিয়া ‘ইন্দিৰা গান্ধী এৱাৰ্ড’। অসমলৈ এই পুৰস্কাৰ দ্বিতীয় বাৰৰ বাবে আহিল। প্ৰথম বাৰ এই পুৰস্কাৰ অৰ্জন কৰিছিল গৌতম বৰাই অশ্ব’বিপ’ ছবিৰ বাবে।

 গৌতম বৰাই ‘ছন অৱ আব’টানিঃ মিছিং' নামৰ তথ্যচিত্ৰৰ বাবে অৰ্জন কৰিছে ‘শ্ৰেষ্ঠ নন-ফিচাৰ' ছবিৰ পুৰষ্কাৰ, শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ। একেখন ছবিৰ বাবেই অনিল তালুকদাৰৰ সৈতে যুটীয়াভাৱে শ্ৰীবৰাই অৰ্জন কৰিছে শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰীৰ পুৰস্কাৰ। (এই পুৰস্কাৰসমূহ ‘নন-ফিচাৰ বিভাগৰ।)

 ডঃ ভবেন্দ্ৰনাথ শইকীয়াই সাৰথি ছবিৰ বাবে অৰ্জন কৰিছে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান।

 এয়াই হ’ল অসমীয়া ছবিয়ে কঢ়িয়াই অনা সন্মানৰ দীৰ্ঘ তালিকা। ইয়াৰ উপৰিও অতুল বৰদলৈ পৰিচালিত ‘দৃষ্টি’ ছবিখনেও বিচাৰক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু পুৰস্কাৰৰ বাবেও আলোচিত হৈছিল। কিন্তু কাৰিকৰী দিশৰ দুৰ্বলতা পুৰস্কাৰ-প্ৰাপ্তিৰ পথত হেঙাৰ হৈ থিয় দিছিল। এই ছবিৰ অভিনেতা তপন দাসেও সু-অভিনয়ৰ বাবে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ‘সাৰথি’ ছবিত কৰা অভিনয়ৰ বাবে অৰুণ নাথৰ নামো আলোচিত হৈছিল যদিও শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিলে মালয়ালম অভিনেতা [ ৯২ ] মোহনলালে। যোৱা বছৰেই মোহনলালে 'বাস্তুহাৰা’ ছবিত কৰা অভিনয়ৰ বাবে এই বটাৰ বাবে বিবেচিত হ'ব লাগিছিল যদিও যোৱা বছৰৰ জুৰিব’ৰ্ড সভাপতি অশোক কুমাৰৰ হস্তক্ষেপত সেই বঁটা অৰ্জন কৰে অমিতাভ বচ্চনে। অৱশ্যে এটাই সান্তনা যে মলয়া গোস্বামীয়ে অগ্নিস্নানেৰে কৰা আলোড়নৰ ফল পাছত লাভ কৰাৰ দৰে সাৰথিৰ অৰুণ নাথেও ভৱিষ্যত সম্ভাৱনাৰ বীজ ৰোপণ কৰিলে।

 এইবাৰৰ ৰাষ্ট্ৰীয় বঁটাৰ প্ৰধান উল্লেখনীয় দিশ হ’ল বোম্বাইৰ হিন্দী ছবি ক্ৰমবৰ্ধমান আধিপত্য খৰ্ব বা নিশ্চিহ্ন কৰি পেলোৱাটো। যোৱা বছৰ অশোক কুমাৰৰ আশীৰ্বাদ ধন্য হৈ বোম্বাইৰ হিন্দী ছবিজগতে কেইবাটাও পুৰস্কাৰ কাঢ়ি নি সমগ্ৰ দেশতে সমালোচনাৰ যি জোৱাৰ তুলিছিল, এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত ফল দেখা গ'ল। অন্য শিতানৰ কথাটো বাদেই, বিনোদন ছবিৰ বাবে দিয়া বঁটাও এইবাৰ দিয়া নহ’ল। জুৰিব’ৰ্ডৰ সভাপতি আদুৰ গোপালকৃষ্ণনৰ প্ৰভাৱেই এই পৰিৱৰ্তনৰ মুখ্য কাৰণ। সুভাষ ঘাইৰ ‘সৌদাগৰ’ ছবিখনৰ প্ৰতি অলপ সহানুভূতি প্ৰদৰ্শন কৰা হৈছিল অশোক মেহতাৰ চিত্ৰগ্ৰহণৰ বাবে। কিন্তু ছবিখনৰ প্ৰিন্ট ইমানেই বেয়া আছিল যে ছবিখন সম্পূৰ্ণকৈ প্ৰদৰ্শন কৰাই হৈ নুঠিল। একমাত্ৰ যশ চোপ্ৰাৰ ‘লমহে’ ছবিখনে সাজ-সজ্জাৰ বাবে দিয়া পুৰস্কাৰটো লাভ কৰি বোম্বাইৰ চিত্ৰজগতক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিশ্চিহ্ন হৈ যোৱাৰ পৰা ৰক্ষা কৰিলে।

 প্ৰতিযোগিতাত দক্ষিণ ভাৰতৰ ছবিয়ে অধিক সংখ্যক পুৰস্কাৰ লৈ যাব পৰাৰ অন্যতম কাৰণ হ’ল জুৰিৰ সদস্যসকলৰ মাজত দক্ষিণ ভাৰতীয় ‘লবি’টোৰ শক্তিশালী অৱস্থান। জুৰিৰ সভাপতি আদুৰৰ পক্ষপাতদুষ্ট আচৰণো ইয়াৰ সহযোগী হৈছে। যোৱা বছৰ অশোক কুমাৰে যেনেদৰে বোম্বাইৰ হিন্দী ছবিজগতৰ পিনে পক্ষপাতদুষ্ট আচৰণ কৰিছিল, তেনেদৰে এইবাৰ আদুৰে দক্ষিণ ভাৰতীয় ছবি আৰু পুনেৰ ফিল্ম এণ্ড টিভি ইন্সটিটিউটৰ প্ৰডাক্ট’ৰ ছবিৰ প্ৰতি সেই একে আচৰণেই প্ৰকাশ কৰিছে। তাৰ লগতে পুনেৰ ইন্সটিটিউটৰ স্বৰ্ণপদক প্ৰাপ্ত স্নাতক পংকজ পৰাশৰৰ ‘আচমান সে গিৰা' নামৰ ছবিখনকো একেলগেই [ ৯৩ ] গুৰুত্বহীন কৰি পেলাইছে। পংকজ পৰাশৰ ইন্সটিটিউটৰ কৃতী ছাত্ৰ হ'লেও তেওঁৰ যোগাযোগ ‘কমাৰ্ছিয়েল' ছবিৰ লগতহে! কমাৰ্ছিয়েল ছবিৰ পক্ষত থকা বাবেই ‘নায়কন’ খ্যাত মণিৰত্নমৰ 'দলপতি' ছবিখনকো কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল। অথচ অইন হলেও অভিনয় আৰু কাৰিকৰী দিশত মণিৰত্নমৰ ছবিয়ে সহজে পুৰস্কাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা বহন কৰে।

 আগতে পুৰস্কাৰ পোৱা পৰিচালকৰ কেইবাখনো ছবিয়ে এইবাৰৰ প্ৰতিযোগিতাত কোনো গুৰুত্বই নাপালে। তাৰে কেইখনমান হ’ল নীতিশ ৰয়ৰ ‘এক পচলা বৃষ্টি', চাৰুকমল হাজৰিকাৰ 'দূৰ নহী সবেৰা', গুলজাৰৰ ‘লিবাস' , মনমোহন মহাপাত্ৰৰ 'দূৰ দিগন্ত', সিংগীতম শ্ৰীনিবাস ৰাওৰ ‘আদিত্য ৩৬৯' ইত্যাদি। যোৱা বছৰৰ পূৰস্কাৰ বিজেতা এম. এছ. সেতুমাধবনৰ শেহতীয়া ছবিখনেও প্ৰতিযোগিতাত কোনোধৰণে দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে।

 প্ৰতিযোগিতাত যোগদান কৰা মুঠ ১১৩খন ছবি আছিল এশ এঘাৰজন পৰিচালকৰ। দুজন পৰিচালকৰ দুখনকৈ ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সেই পৰিচালক দুগৰাকী হ’ল এ মোহন গান্ধী (তেলেগু ছবি পিপলছ এনকাউন্টাৰ আৰু প্ৰাণদাতা) আৰু ছি. বি. মালয়ালী (মালায়লম ছবি— ভাৰতম আৰু ছন্দনম)!

 ইণ্ডিয়ান পেনোৰামাৰ বাবে নিৰ্বাচিত হোৱা আটাইবোৰ ছবিয়েই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অহাটো সাধাৰণ ঘটনা। ইণ্ডিয়ান পেনোৰামাৰ ছবিবোৰে দুটাকৈ বাছনিত উত্তীৰ্ণ হৈহে পেনোৰামাত স্থান পায়। তেনেদৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে এটা প্ৰাথমিক বাছনিৰ পাছতহে মূল প্ৰতিযোগিতাৰ বাবে ছবি নিৰ্বাচন কৰা হয়। এই দুই ধৰণৰ বিচাৰৰ মাজতো কিছু পাৰ্থক্য দেখা যায়। বিচাৰকৰ ভিন্নতাৰ বাবে ই দুই বাছনিত কিছু পাৰ্থক্য থাকিলেও ব্যাপক পাৰ্থক্যই দেখা দিলে বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত সাধাৰণ চিত্ৰপ্ৰেমীৰ আস্থাৰ কিছু হেৰাই যাবলৈ বাধ্য হয়। এইবাৰৰ প্ৰতিযোগিতাত ই পাৰ্থক্য চকুত পৰাকৈ প্ৰকাশিত হয়। ইণ্ডিয়ান পেনোৰামাত অন্তৰ্ভুক্ত ‘অশ্বিনী’ আৰু ‘চৌকং ৰাজা' [ ৯৪ ] নামৰ ছবি দুখন প্ৰতিযোগিতাৰ প্ৰথম বাছনিতেই নাকচ কৰা হয়। আন্তৰ্জাতিক শিশু ছবি মহোৎসৱত প্ৰদৰ্শিত ছবিও প্ৰথম বাছনিত নাকচ হোৱা উদাহৰণ এইবাৰ স্থাপিত হয়। তেনেদৰে জুৰিৰ সদস্যৰ প্ৰভাৱৰ বাবে প্ৰথম বাছনিত নাকচ হৈ যোৱা ছবিকো পুনৰ প্ৰদৰ্শন কৰি পুৰস্কাৰ দিয়া ঘটনাও এইবাৰ ঘটিছে।

 এতিয়া প্ৰবন্ধৰ আৰম্ভণিতেই উল্লেখ কৰা অভিযোগটোলৈ ঘূৰি আহোঁ‌। ‘সাৰথি’ আৰু ‘কাডাভু'ক প্ৰবঞ্চনা কৰা প্ৰশ্নটোলৈ। সাত এপ্ৰিল তাৰিখে পুৰস্কাৰৰ তালিকা ঘোষিত হৈছে আৰু আমি দিল্লীস্থ সূত্ৰৰ পৰা ছয় তাৰিখেই গম পালো যে ‘সাৰথি’ৰ অৱস্থা বেয়া; নিশ্চিহ্ন কৰি দিবলৈ বিচৰা হৈছে ‘কাডাভু’ নামৰ মালায়লম ছবি এখনক। আদুৰে নিজে এই দুখনৰ বিৰোধিতা কৰি আন এখন ছবিক পুৰস্কাৰ দিয়াৰ বাবে জোৰ প্ৰচাৰ চলাইছে। (এই ছবিখনৰ নাম উল্লেখৰ বাবে ‘প্ৰান্তিক' উপযুক্ত ঠাই নহয়।) প্ৰসংগতঃ কৈ থোৱাটো উচিত হ’ব যে আমাৰ এই সূত্ৰ জুৰি ব’ৰ্ডৰ সদস্য নহয়; বাহিৰৰ মানুহহে।

 আদুৰৰ ই আচৰণৰ কাৰণ কি? সন্দেহ নাই, আদুৰ নিসন্দেহে অতি উচ্চমানৰ পৰিচালক। সাফল্যই মানুহক ঈৰ্ষাতুৰ কৰিও তোলে, বিনয়ী কৰিও তোলে। আদুৰৰ ভাগ্যত প্ৰথমটো আছিল। আদুৰে সহ্য কৰিব নোৱাৰা হ’ল— তেওঁৰ কোনোবা প্ৰতিদ্বন্দ্বী ওলাওক। এইবাৰৰ প্ৰতিযোগিতাত দুখন ছবিয়ে বিচাৰকমণ্ডলীক আলোড়িত কৰি তুলিছিল— এখন ‘সাৰথি’ আৰু আনখন 'কাডাভু’। আদুৰ আতংকিত হৈ পৰিল যে এই দুজন চিত্ৰনিৰ্মাতাই তেওঁৰ বাবে ভয়ৰ কাৰণ হৈ উঠিব পাৰে; গতিকে প্ৰথমৰ পৰাই বাধা দিয়াটো উচিত হ’ব। এম. টি. বাসুদেবন নায়াৰ আৰু ডঃ ভবেন্দ্ৰনাথ শইকীয়া— এওঁলোকৰ এজনো পুনেৰ ইন্সটিটিউটৰ ছাত্ৰ নাছিল; দুয়োৰে পেছা একমাত্ৰ ছবি নিৰ্মাণ নহয়, দুয়ো সাহিত্যজগতত শীৰ্ষস্থানীয় ব্যক্তি আৰু বেলেগ কলামাধ্যমৰ পৰা আহি দুয়ো ছবিজগতত ঈৰ্ষণীয় স্থান দখল কৰি লৈছে। ডঃ শইকীয়াৰ চিনাকিৰ কোনো প্ৰয়োজন নাই, কিন্তু বাসুদেবন [ ৯৫ ] নায়াৰৰ সংক্ষিপ্ত চিনাকি দিয়াটো উচিত হ’ব বুলি ধাৰণা হ’ল। সাহিত্য একাডেমিৰ পুৰস্কাৰ বিজেতা সাহিত্যিক বাসুদেৱন নায়াৰ বৰ্তমানে কেৰালাৰ বিখ্যাত সংবাদপত্ৰ প্ৰতিষ্ঠান ‘মাতৃভূমি’ৰ তিনিখন আলোচনীৰ সম্পাদক। ত্ৰিছখনৰো অধিক চিত্ৰনাট্য ৰচনা কৰা বাসুদেবন নায়াৰে প্ৰথম ছবি ‘নিৰ্মালম্য’ৰে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পৰিচালনা কৰা পাঁ‌চখন ছবিৰ আটাইকেইখনে ৰাজ্যিক পুৰস্কাৰ অৰ্জন কৰিছিল; চিত্ৰনাট্যৰ বাবে নবাৰ ৰাজ্যিক আৰু এবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল; উপন্যাসৰ বাবে তেখেতৰ নাম ‘জ্ঞানপীঠ’ বঁটাৰ বাবে আলোচিত হৈছিল।

 জুৰিব’ৰ্ডৰ সদস্যসকল প্ৰায় নিশ্চিত আছি যে ‘কাডাভু’ৱে শ্ৰেষ্ঠ ছবি আৰু ডঃ ভবেন্দ্ৰনাথ শইকীয়াই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবই। শেষ মুহুৰ্তত আদুৰৰ ৰাজনীতিৰ বাৰে সত্যজিৎ ৰায়ক উক্ত বঁটা দুটা দি এই দুয়োখন ছবিকেই চুকলৈ ঠেলি দিয়া হৈছিল। শেষত যেনিবা দক্ষিণ ভাৰতীয় ‘লবি’ৰ জোৰত ‘কাডাভুক’ক শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা দিয়া হ’ল আৰু জুৰিব’ৰ্ডৰ কেইজনমান সদস্যৰ প্ৰতিবাদৰ ফলত সাৰথিক আঞ্চলিক ভাষাৰ ৰজত কমল দি সন্মান ৰক্ষা কৰা হ’ল। জুৰিব’ৰ্ডৰ এই শুভবুদ্ধিৰ সদস্যসকল নাথাকিলে ‘সাৰথি' আৰু ‘কাডাভু’ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিশ্চিহ্ন হৈ গ’লহেঁতেন। জুৰিৰ চেয়াৰমেনৰ এই পক্ষপাতদুষ্ট আচৰণ এইবাৰেই প্ৰথম নহয়, প্ৰতিবাৰেই এনে ঘটনাৰ অনুশীলন চলিয়েই থাকে। যোগ্যতাসম্পন্ন ছবি প্ৰায়েই বঞ্চিত হৈ থাকে। (এইখিনিতে উল্লেখ কৰিব পাৰি যে ডঃ ভূপেন হাজৰিকা জুবিব’ৰ্ড সভাপতি থাকোঁতে এই বিতৰ্ক আছিল আটাইতকৈ কম।) অশোক কুমাৰ জুৰিব'ৰ্ডৰ সভাপতি থাকোতে এই প্ৰতিযোগিতাই হেৰুউৱা সন্মান আদুৰে ঘূৰাই আনিব পাৰিব বুলি আশা কৰা হৈছিল যদিও হাতত খলনায়কৰ মাৰণাস্ত্ৰ তুলি লৈ আদুৰে সকলো সম্ভাৱনাকে নিশ্চিহ্ন কৰি দিলে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।