চলচ্চিত্ৰ/ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯৪

[ ৯৬ ]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯৪

 

 ইণ্ডিয়ান পেন’ৰামাৰ ছবিসমূহ আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবিসমূহৰ মাজত সাধাৰণতে কিছু মিল দেখা যায়। ইণ্ডিয়ান পেন’ৰামাৰ বাবে ছবি নিৰ্বাচন কৰা হয় এটা বছৰৰ এক ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি পিচৰ বছৰটোৰ ৩১ আগষ্টৰ ভিতৰত চেন্সৰ হোৱা ছবিসমূহৰ মাজৰ পৰা। ৰাষ্ট্ৰীয় বঁটাৰ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হ’বলগীয়া ছবিবোৰ হয় বছৰটোৰ এক জানুৱাৰিৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত চেন্সৰ হোৱা। সেয়ে বছৰটোৰ আঠ মাহৰ ভিতৰত চেন্সৰ হোৱা ছবিবোৰে একেলগে পেন’ৰামা আৰু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুবিধা পায়। বাকী চাৰি মাহৰ ছবিবোৰে পিচৰ বছৰৰ পেন’ৰামা বা একেবছৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

 সাধাৰণতে গহীন বিষয়ৰ চিত্ৰনিৰ্মাতাসকলে একে বছৰতে দুয়োটা বিভাগতে অংশ গ্ৰহণ কৰিব বিচাৰে বাবে তেওঁলোকে ছবিবোৰ একত্ৰিছ আগষ্টৰ পূৰ্বতেই চেন্সৰ কৰিব বিচাৰে। পেন’ৰামা ছবিবোৰ প্ৰদৰ্শিত হয় ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মাহোৎসৱত যি মহোৎসৱ অনুষ্ঠিত হয় জানুৱাৰি মাহত। পেন’ৰামাত প্ৰদৰ্শন হোৱা ছবিবোৰে ব্যাপক প্ৰচাৰ লাভ কৰে, সেই ছবিবোৰৰ অধিকাংশকেই (একেই বছৰত চেন্সৰ হোৱা) ৰাষ্ট্ৰীয় বঁটাৰ দাবীদাৰৰ ৰূপত দেখা যায়। সেয়ে পেন’ৰামাৰ ছবিবোৰক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰীয় বঁটাৰ জল্পনা-কল্পনা হয়।

 এইবাৰ কিন্তু এই ধাৰণাই বিশেষ কাম নিদিলে। ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী ভালেকেইখন ছবি পেন’ৰামাত নাছিল আৰু পেন’ৰামাত থকা কেইবাখনো ছবিয়েই এই প্ৰতিযোগিতাত এটাও বঁটা অৰ্জন কৰিবলৈ সক্ষম নহ’ল। প্ৰথমেই বিফল ছবিৰ তালিকাখন— ‘আৰণ্যক’ (এ.কে. বীৰ), ‘এক থী গুঞ্জ’ (বাপা ৰয়), ‘গেলিলিও’ (জেমছ জোচেফ), ‘মীমাংসা’ (সঞ্জীৱ হাজৰিকা) ‘১৯৪২ এ লাভ ষ্টৰি’ [ ৯৭ ] (বিধু বিনোদ চোপ্ৰা) আৰু “সম্মোহনম” (চি, পি, পদ্মকুমাৰ)। ইয়াৰ বিপৰীতে, পেন’ৰামাত অন্তৰ্ভুক্ত নোহোৱা কিন্তু ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰা ছবি কেইখন হ’ল ‘উনিশ এপ্ৰিল’ (ঋতুপৰ্ণ ঘোষ), ‘সাগৰলৈ বহু দূৰ’ (জাহ্নু বৰুৱা), ‘মোঘামূল’ (জ্ঞান ৰাজশেখৰণ), ‘হম আপকে হ্যে কৌন’ (সুৰজ বৰজাত্য), ‘ক্ৰান্তিবীৰ’ (মেহুল কুমাৰ), ‘নাম্বাৱাৰ’ (কে. চি. সেতুমাধবন), ‘কট্ৰেচি কানাচু’ (জি নন্দকুমাৰ), ‘কৰুত্থামা’ (ভাৰতী ৰাজা), ‘কোচানিয়ম’ (সতীশ বেংগানুৰ), ‘অভয়’ (অন্নু কাপুৰ), ‘নিৰ্বাচন’ (বিপ্লব ৰয় চৌধুৰী), ‘চক্ৰুথাম’ (এম. এম. ৰামচন্দ্ৰন), ‘পবিত্ৰ’ (?), ‘কাডালন’ (শংকৰ), ‘থেনমাভিন কামবাথ’ (?) ‘আমোদিনী’ (চিদানন্দ দাশগুপ্ত), ‘মায়’ফী’ জি মাচা (অ’কেন আমাকচেম)।

 এই তালিকাৰ পৰা এটা কথা স্পষ্ট হয় যে ইণ্ডিয়ান পেন’ৰামাৰ বাবে নিৰ্মাতাসকলৰ যি আগ্ৰহ আছিল এতিয়া যেন সেই আগ্ৰহ কিছু পৰিমাণে স্তিমিত। ইণ্ডিয়ান পেন’ৰামাৰ ছবি নিৰ্বাচনৰ ক্ষেত্ৰত বহু ধৰণৰ স্বাৰ্থই বিচাৰকসকলক প্ৰভাৱিত কৰে বুলি ক্ৰমাৎ বেছিকৈ শুনি অহা অভিযোগবোৰেই ইয়াৰ কাৰণ হ’ব পাৰে। তেনেদৰে ৰাষ্ট্ৰীয় বঁটাৰ নিৰ্বাচকসকলৰ বিচাৰ পদ্ধতিৰ ওপৰতো নানা ধৰণৰ অভিযোগ উঠে। ইণ্ডিয়ান পেনৰামাৰ বাবে সেই বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিসমূহ নিৰ্বাচন কৰা হয় বুলি কোৱা হয়। যদি এইটো সত্য হয় তেন্তে সেই শ্ৰেষ্ঠ ছবিয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত এটাও বঁটা নোপোৱাটো বুজি পাবলৈ কঠিন হয়। এইটো সত্য যে শিল্পৰ শ্ৰেষ্ঠত্বৰ বিচাৰ খেল-ধেমালিৰ বিচাৰৰ দৰে সহজ আৰু পোনপটিয়া নহয়। বিচাৰসকলৰ ৰুচি-অভিৰুচি, শৈক্ষিক আৰু শৈল্পিক মান, দায়বদ্ধতা, শিল্প আৰু জীৱনৰ প্ৰতি ধাৰণা আদিয়ে বিচাৰৰ ক্ষেত্ৰত প্ৰভাব বিস্তাৰ কৰে। যিহেতু, পেন’ৰামা আৰু ৰাষ্ট্ৰীয় বঁটাৰ বাবে সুকীয়া বিচাৰকৰ ব্যৱস্থা কৰা হয়, তেনে স্থলত বিচাৰৰ ফলাফল পৃথক পৃথক হোৱাটো অতি স্বাভাৱিক কথা। কিন্তু এই পাৰ্থক্যৰ মাজতো কিছু সামঞ্জস্য থকাটো চলচ্চিত্ৰ ৰসিকসকলে নিশ্চয় আশা কৰিব। কাৰণ উভয় বিচাৰৰে লক্ষ্য হ’ল শ্ৰেষ্ঠত্বৰ [ ৯৮ ] নিৰ্বাচন।

 ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাখনলৈ চালে দেখা যাব যে অধিকাংশ বঁটাই হস্তগত কৰিছে দক্ষিণ ভাৰতীয় ছবিবোৰে। চলচ্চিত্ৰৰ নিৰ্মাণ শৈলী, কাৰিকৰী দক্ষতা আৰু বিশেষকৈ তামিল আৰু মালায়লম ছবিৰ আন ভাৰতীয় ছবিবোৰতকৈ বহু দূৰ আগবাঢ়ি গৈছে তাত কোনো সন্দেহ নাই। গভীৰ জীৱন বোধৰ ছবিয়েই হওক বা বিনোদনধৰ্মী ছবিয়েই হওক উভয় ক্ষেত্ৰতেই এই কথা বাৰে বাৰে সত্য প্ৰমাণিত হৈ আহিছে।

 ৰাষ্ট্ৰীয় পুৰস্কাৰৰ ক্ষেত্ৰত আজি কেইবছৰমান আগৰ পৰা এটা স্থিব নীতিৰ অভাৱ স্পষ্টকৈ দেখা পোৱা গৈছে। পূৰ্বতে বঁটাৰ বাবে নিৰ্বাচিত ছবিবোৰ গভীৰ আৰ দায়িত্বসম্পন্ন বিষয়বস্তুৰ আছিল যিবোৰৰ বিষয়বস্তুগত আৰু কলাগত উভয় দিশকেই সমানে প্ৰাধান্য দিয়া হৈছিল। এই ছবিবোৰৰ মাজত স্থান পাবলৈ ব্যৰ্থ হৈছিল তথাকথিত বিননোদনধৰ্মী ছবিয়ে— যিবোৰ ছবিৰ মুখ্য প্ৰবক্তা হ’ল বোম্বাইৰ হিন্দী ছবিজগত। বোম্বাই ঘৰানাৰ এই ছবিবোৰক মেইনষ্ট্ৰিম ছবি আখ্যা দি ৰাষ্ট্ৰীয় বঁটাৰ বাবে এই ছবিবোক আমন্ত্ৰণ কৰি অনা হ’ল— আনকি সুস্থ মনোৰঞ্জনৰ জনপ্ৰিয় ছবিৰ বাবেও বঁটা এটি দিয়াৰ ব্যৱস্থা কৰা হ’ল। আদুৰ গোপালকৃষ্ণণৰ দৰে চিত্ৰ নিৰ্মাতাই এই বঁটাৰ বিৰোধিতা কৰি কৈছিল ‘আমাৰ ছবিবোৰত বিনোদন নাই নেকি?’ আদুৰৰ এই প্ৰশ্নৰ কাৰণ আছিল তথাকথিত মেইনষ্ট্ৰিম ছবিৰ বাবেহে বাৰে বাৰে এই বঁটা সংৰক্ষণ কৰা হৈছিল।

 ৰাষ্ট্ৰীয় বঁটাৰ কেইবছৰমানৰ ইতিহাস চালে দেখা যাব এই বঁটাত কেতিয়াবা বোম্বাই ঘৰানাৰ ছবিয়ে প্ৰাধান্য লাভ কৰিছে, কেতিয়াবা সেই প্ৰধান্য গুচি গৈছে ‘অন্য ধাৰা’ৰ ছবিৰ পিনে। প্ৰতিযোগিতাৰ জুৰীব’ৰ্ডৰ সদস্যসকলৰ ওপৰতেই নিৰ্ভৰ কৰে বঁটাসমূহ কোন শিবিৰৰ পিনে ঢাপলি মেলিব। জুৰীব’ৰ্ডৰ চেয়াৰমেনৰ হাতত অকল কাষ্টিং ভোটটোহে (অৰ্থাৎ এটা বঁটাৰ বাবে সমান সমান ভোট পৰিলে চেয়াৰমেনে ফলাফল নিৰ্ধাৰণকাৰী ভোট দান কৰে) থাকে যদিও তেওঁৰ [ ৯৯ ] ব্যক্তিত্বই জুৰীব’ৰ্ডৰ সমদস্যসকলক প্ৰভাৱিত কৰাৰ থল নথকা নহয়। জুৰীব’ৰ্ডৰ প্ৰায় সংখ্যক সদস্যৰ লগতেই চিত্ৰনিৰ্মাতাসকলৰ সম্পৰ্ক থাকে, সদস্যসকলৰ অধিকাংশই নিজেও চিত্ৰনিৰ্মাতা-অভিনেতা আদি হোৱা বাবে বহু সদস্যই নিজৰ নিজৰ প্ৰিয় ছবি বা প্ৰিয় পৰিচালকৰ পিনে আগ্ৰহী হোৱাটো অস্বাভাৱিক নহয়। এবাৰ জুৰীব’ৰ্ডৰ সদস্য হোৱা অভিজ্ঞতা থকা এজন চিত্ৰনিৰ্মাতাই আমাক কৈছিল যে সদস্যসকলে ছবি চাবলৈ আৰম্ভ কৰাৰ আগৰে পৰাই জুৰীব’ৰ্ডৰ চেয়াৰমেনে সদস্যসকলক এখন বিশেষ ছবিক শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰিবলৈ অনুৰোধ কৰিছিল। সেই একেজন চেয়াৰমেনেই আন দুখন ছবিক ৰাষ্ট্ৰীয় বঁটাৰ তালিকাৰ পৰা নিশ্চিহ্ন কৰিবলৈ পৰিকল্পনা কৰিছিল।

 এইবাৰ জুৰীব’ৰ্ডৰ চেয়াৰমেন আছিল ‘নীচা নগৰ’ নামৰ বাস্তবধৰ্মী ছবিৰে ভাৰতীয় ছবিৰ ইতিহাসত নাম ৰাখি যোৱা পৰিচলাক চেতন আনন্দ। ব্যৱসায়িক হিন্দী ছবিৰ মাজত দিন কটালেও বিদেশত শিক্ষিত; ডুন স্কুলৰ প্ৰক্তন শিক্ষক এইগৰাকী চিত্ৰনিৰ্মাতাই নিজস্ব ৰুচিবোধৰ চিনাকি ৰাখি আহিছে। অৱশ্যে সময়েহে ক’ব তেওঁৰ অধিকাংশ ছবি স্থায়িত্ব কিমান। চেতন আনন্দ জুৰীব’ৰ্ডৰ চেয়াৰমেন হওঁতে বহুতে আশংকা প্ৰকাশ কৰিছিল যে এইবাৰৰ পুৰস্কাৰ বোম্বাইৰ ঘৰণাৰ ছবিৰ পিনে ঢাপলি মেলিব। বাস্তবত কিন্তু সেইটো নহ’ল। অধিকাংশ পুৰস্কাৰেই গ’ল দক্ষিণ ভাৰতৰ ছবিৰ পিনে।

 ‘কাডালন’ ছবিৰ এই মাত্ৰ গীত শুনাৰ সুবিধা হৈছিল, এইটো চাই ক’ব পাৰি যে কাৰিকৰী দক্ষতাৰ বাবে এই ছবিখনে পোৱা বঁটাকলৈ বিশেষ আপত্তিৰ থল নাথিকিব নিশ্চয়। তিনিটা বঁটা লাভ কৰা মালায়লম ছবি ‘পৰিণয়ম’ক লৈও শংকাৰ কাৰণ নাথাকে। তিনিকুৰি পাঁচখনতকৈ অধিক ছবি পৰিচালনা কৰা হৰিহৰণে ‘পৰিণয়ম’ ছবিৰে পাইছে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সংগীত পৰিচালক (যুটীয়াভাবে) আৰু সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ। ‘ওৰু ভীৰকুন বীৰগাথা’ ছবিৰে এবাৰতে পাঁচোটাকৈ বঁটা আঁজুৰি নিয়া হৰিহৰণৰ বাবে এবাৰত তিনিটা [ ১০০ ] পুৰস্কাৰ একো আচৰিত নহয়। শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা বিজেতা কেৰালাৰ বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক এম টি বাসুদেবন নায়াৰে ইয়াৰ আগতে বহুবাৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ অৰ্জন কৰিছে, ‘নিৰ্মালাম’ নামৰ ছবিৰে শ্ৰেষ্ঠ ছবিৰ বঁটা অৰ্জন কৰিছে, তেওঁৰ ‘কাডাভু' নামৰ ছবিখনে দেশ আৰু বিদেশৰ মহোৎসৱত প্ৰশংসা অৰ্জন কৰিছে।

 তিনিটা বঁটা অৰ্জন কৰা অসমীয়া ছবি ‘সাগৰলৈ বহু দূৰ’ৰ ক্ষেত্ৰতো কোনো বিতৰ্ক হোৱাৰ অৱকাশ নাই বুলিয়েই ভাব হয়। জাহ্নু বৰুৱাৰ কাৰিকৰী দক্ষতাত সন্দেহ নাই, ছবিৰ বিষয়বস্তুৰ গাম্ভীৰ্যৰ বিষয়তো কোনো প্ৰশ্ন উঠিব নোৱাৰে। একমাত্ৰ ‘পাপৰি’ৰ বাহিৰে জাহ্নু বৰুৱাই পৰিচালনা কৰা আটাইকেইখন ছবিয়েই ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিছে। পৰিচালনাৰ দিনত জাহ্নু বৰুৱা ক্ৰমাৎ পৰিপক্ক হৈ আহিছে আৰু এই বিকাশৰ ফলস্বৰূপেই এইবাৰৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা জাহ্নু বৰুৱাই অৰ্জন কৰিছে। কিন্তু এইটো ঠিক যে পৰিচালক হিচাবে জাহ্নু বৰুৱাই আমাক এতিয়ালৈকে কোনো হৃদয় আলোড়ন কৰিব পৰা চিন্তাৰ মুখামুখি কৰাব পৰা নাই। ‘সাগৰলৈ বহু দূৰ’ চোৱাৰ সুবিধা পোৱা নাই, কিন্তু বিভিন্ন পত্ৰ-পত্ৰিকা প্ৰকাশিত লেখনিসমূহ পঢ়ি অনুমান কৰিব পাৰিছোঁ যে বিজ্ঞানৰ আগ্ৰগতিৰ লগে লগে হোৱা পৰিৱৰ্তনে এচাম মানুহক কেনেদৰে অসহায় কৰি তোলে তাকেই এই ছবিত ক’বলৈ বিচৰা হৈছে। সন্দেহ নাই, যথেষ্ট আবেদনপূৰ্ণ কাহিনী, কিন্তু একেই ভাবৰ কাহিনীৰ ছবি আমি পূৰ্বতেও দেখিবলৈ পাইছোঁ— জি. অৰবিন্দনৰ মালায়লম ছবি ‘অৰিডাথু’ আৰু হেমন্ত দাসৰ অসমীয়া ছবি তথাপিও নদী।’

 সৰ্বভাৰতীয় পেক্ষাপটত অসমীয়া চিত্ৰ পৰিচালকৰ স্থিতি যিমান স্পষ্ট, অইন কলা-কুশলে সিমানখিনি প্ৰতিভা প্ৰদৰ্শন কৰিব পৰা নাই। অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰত অকল অসম বুলিয়েই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থাই চকুত পৰা বিধৰ নহয়। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বাংলা ছবিয়ে এতিয়ালৈকে বহুবাৰ বহু পুৰস্কাৰ জয় কৰিছে। কিন্তু পুৰস্কাৰ প্ৰাপ্ত অভিনেতা-অভিনেত্ৰীৰ সংখ্যা সীমিত। এনে পৰিবেশত [ ১০১ ] অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই লাভ কৰা বিশেষ বঁটা সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ বাবেই আশাৰ বতৰা। শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বিজয়ীনী দেবশ্ৰী ৰায়ৰ বিষয়েও একেই কথাকে ক’ব পাৰি।

 ‘হাম আপকে হ্যেয় কৌন’ নিসন্দেহে জনপ্ৰিয় ছবি। ইয়াৰ বিনোদন মূল্যও অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু অকল গীত নিৰ্ভৰ, সাধাৰণ বিষয়বস্তুৰ আৰু আওপুৰণি ধৰণে নিৰ্মিত এই ছবিখনে ছবি হিচাবে যে কিবা বিশেষত্ব দাবী কৰিব পাৰে তাত সন্দেহ আছে। ‘ভায়োলেন্স নথকাকৈ বিনোদন দিব পৰা’ বাবেই এই ছবিখনক পুৰস্কাৰৰ বাবে বিবেচনা কৰা হৈছে বুলি কোৱা হৈছে। এই যুক্তিও বৰ তৰল যেন ভাব হয়! বোম্বাইৰ ছবিজগতক সন্তুষ্ট কৰাৰ বাবেই ‘নিৰাপদ’ ছবি হিচাবে ‘হাম আপকে হ্যেয় কৌন’ক বাছি উলিওৱা বুলি অনুমান কৰিব পাৰি।

 একে কথাই প্ৰযোজ্য শ্ৰেষ্ঠ অভিনেতাৰ বঁটা বিজয়ী নানা পাটেকাৰৰ ক্ষেত্ৰতো। সন্দেহ নাই, নানা জনপ্ৰিয় অভিনেতা। এই জনপ্ৰিয়তাৰ মূলতেই আছে তেওঁৰ ছবি নিৰ্বাচনৰ দক্ষতা, পুৰুষসুলভ চেহেৰা, চিত্ৰনাট্যৰ সহযোগিতা আৰু ছবিজগতৰ মানহে সততে বিশ্বাস কৰা ভাগ্যৰ সহায়। হিন্দী ছবিৰ ইতিহাস চালে দেখা পাম যিসকল অভিনেতা দীৰ্ঘদিন ধৰি জনপ্ৰিয় হৈ থাকে তেওঁলোকৰ জনপ্ৰিয়তাৰ কাৰণ অকল সু-অভিনয় নহয়, কাৰণ হ’ল তেওঁলোকে সৃষ্টি কৰি লোৱা একোটা ‘টাইপ’ আৰু সেই ‘টাইপ’ৰ আকৰ্ষণ। ৰাজকাপুৰ, দেবানন্দ, দিলীপ কুমাৰ, ৰাজেশ খান্না, অমিতাভ বচ্চনৰ পিচত এতিয়া আহিছে নানা পাটেকাৰ। অমিতাভৰ টাইপ আছিল ‘এণ্টি-হিৰো’। নানাৰ টাইপ হ’ল ‘নন-হিৰো’ বা ‘অ-নায়ক’। এই নতুন টাইপেৰে যে নানা জনপ্ৰিয় হৈ পৰিছে তাত কোনো সন্দেহ নাই। নানাৰ অভিনয় মোটা দাগৰ, অতি নাটকীয়াতাৰে মেদবহুল, চিনেমা অভিনয়ৰ সুক্ষ্ম স্বচ্ছ ৰূপ তাত নাই। ‘ক্ৰান্তিবীৰ’ ছবিত নানাই কম উচ্চগ্ৰামৰ সংলাপ ৰঞ্জিত অভিনয়ে দৰ্শকৰ পৰা হাত চাপৰি বুটলিব পাৰে, কিন্তু অভিনয় শিল্পৰ দিশৰ পৰা বৰ দুৰ্বল। হিৰ’ নিৰ্ভৰ বোম্বাই ছবিজগতত [ ১০২ ] এতিয়া অভিনয় কৰিব পৰা হিৰোৰ বৰ অভাব—— এই বাবেই নানাই ‘ফিল্মফেয়াৰ’ আৰু ‘স্ক্ৰিন পেনাছনিক এৱাৰ্ড’ পোৱা বুলি অনুমান কৰিছিল। এইবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰেও বোম্বাইৰ এই নতুন হিৰোৰ গাত মৰ্যদা আৰোপ কৰিব বিচৰা যেনেই লাগে।

 সহ-অভিনেতাৰ বঁটা বিজয়ী আশীষ বিদ্যাৰ্থীও ছবিজগতত নতুন। এওঁ বঁটা পাইছে গোবিন্দ নিহলানীৰ ‘দ্ৰোহকাল’ ছবিত কৰা অনিভয়নৰ বাবে। ইণ্ডিয়ান পেন’ৰামাত ‘দ্ৰোহকাল’ প্ৰদৰ্শন হওঁতে বহুতেই আশীষ বিদ্যাৰ্থীৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল। গোবিন্দ নিহলানীয়ে প্ৰায় প্ৰতিখন ছবিৰেই একোজন প্ৰতিভাবান অভিনেতাক দৰ্শকৰ সন্মুখত স্পষ্ট ৰূপত থিয় কৰাই দিছে। তেনেকুৱা কেইজনমান হ’ল— ওম পুৰী (আক্ৰোশ), সদাশিব আস্ৰপুৰকাৰ (অৰ্ধসত্য), গোপী (আঘাত) ইত্যাদি। শাৰীৰিক অসুস্থতাৰ বাবে ছবিজগতৰ পৰা আঁতৰি থকা গোপীৰ বাহিৰে আন দুজন এতিয়া সুপ্ৰতিষ্ঠিত। আশীশ বিদ্যাৰ্থীয়ে নো ভৱিষ্যতে কি ফল দেখুৱায় তাক চোৱাৰ বাবে চিত্ৰৰসিকসকলে আগ্ৰহেৰে অপেক্ষা কৰি ৰ’ব।

 ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুখন চলচ্চিত্ৰৰ দশাই চিত্ৰৰসিকসকলৰ মনত কিছু প্ৰশ্নৰ উদয় কৰিছে। এখন হ’ল শ্যাম বেনেগালৰ ‘মাম্মো’ আৰু আনখন হ’ল চাজী এন কৰুণৰ ‘স্বহম’। প্ৰথম ছবি ‘পিৰাভি’ৰে দেশ আৰু বিদেশৰ পৰা একুৰি চাৰিটা বঁটা কঢ়িয়াই অনা চাজীৰ দ্বিতীয় ছবি ‘স্বহম’ কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰিও ‘স্বহম’ প্ৰদৰ্শিত হৈছে মিউনিক, লোকাৰ্নো, নণ্ট, লণ্ডন আৰু নিউয়ৰ্ক চলচ্চিত্ৰ মাহোৎসৱত। অকল অংশগ্ৰহণেই নহয়, সুনামো অৰ্জন কৰিছে। এই ছবিখনে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাধাৰণ বঁটাৰে সন্তুষ্ট হৈ থাকিবলগীয়া হোৱাটোও চিত্ৰৰসিকৰ বাবে এটা উত্তৰহীন প্ৰশ্ন।

 পুৰস্কাৰৰ তালিকাখনত চকু ফুৰালে আৰু এটা কথা স্পষ্ট হয় যে জুৰীব’ৰ্ডে যেন এইবাৰ নতুন প্ৰতিভাৰ প্ৰতি অধিক মনোনিবেশ কৰিছে। আগতে বহু ৰাষ্ট্ৰীয় বঁটা বিজয়ীসকলে এইবাৰ প্ৰথম শাৰীৰ [ ১০৩ ] বঁটাবোৰ স্পৰ্শ কৰিব পৰা নাই। ইয়াৰ ৰহস্য সাধাৰণ চিত্ৰৰসিকৰ বোধগম্যতাৰ বহু আঁতৰত ৰৈ যায়। ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰত প্ৰতিবছৰেই উত্থাপিত হোৱা এনে বিতৰ্কবোৰৰ কিছু হ’লেও অবসান ঘটাবলৈ বিচাৰকসকলৰ বাবে এখন স্পষ্ট নিৰ্দেশনামা থকাটো উচিত বুলি আজি বহু চিত্ৰনিৰ্মাতাই উপলব্ধি কৰিছে। অন্যথাই চলচিত্ৰৰ বাবে প্ৰদান কৰা দেশৰ এই সৰ্বোচ্চ বঁটাই লাহে লাহে ইয়াৰ গৌৰৱ আৰু মৰ্যাদা হেৰুৱাবলৈ আৰম্ভ কৰিব।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।