চলচ্চিত্ৰ/তৃষ্ণা
তৃষ্ণা
গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা প্ৰযোজিত প্ৰায় পঞ্চলিছ মিনিট দৈৰ্ঘৰ ‘তৃষ্ণা’ নামৰ ছবিখনৰ পৰিচালকগৰাকী হ’ল সাগৰ সংগম চৰকাৰ। সম্ভৱতঃ বয়সৰ জোখেৰে সাগৰ সংগম চৰকাৰেই অসমৰ সৰ্বকনিষ্ঠ চলচ্চিত্ৰ পৰিচালক আৰু কলাগত নৈপুণ্যৰ দিশৰ পৰা প্ৰথম শাৰীৰ মুষ্টিমেয় পৰিচালককেইগৰাকীৰ এজন। নিজৰ অন্তৰ্মুখী স্বভাৱ অথবা অসমৰ চলচ্চিত্ৰ সমালোচনাৰ চৰিত্ৰটোৰ বাবে এই পৰিচালকগৰাকী এতিয়াও বহুতৰ বাবে অপৰিচিত হৈ ৰৈছে।
দুবছৰমান আগতে গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰই এই ছবিখন প্ৰচাৰ কৰিছিল। সেই দৰ্শন আছিল আমাৰ বাবে এক স্মৰণীয় অভিজ্ঞতা। আশা কৰিছিলো - এই ছবিখনৰ প্ৰচাৰে অসমৰ সাংস্কৃতিক জগতখনত এক আলোড়ন সৃষ্টি কৰিব। কিন্তু একো নহ’ল। ছবিখন উপেক্ষিত হৈ ৰ’ল। মাথোন, শ্ৰীযুত ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই তেখেতৰ দ্বাৰা সম্পাদিত চেণ্টিনেল কাকতত এই লেখকৰ চুটি আলোচনা এটি প্ৰকাশ কৰিছিল।
গুৱাহাটীৰ যুবক সাগৰ সংগম চৰকাৰে পুনাৰ ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ পৰা পৰিচালনাৰ বিভাগত উত্তীৰ্ণ হৈ অহাৰ পাছত দূৰদৰ্শনৰ প্ৰযোজনাত ‘তৃষ্ণা’ পৰিচালনা কৰিবলৈ হাতত লয়। ‘তৃষ্ণা’ৰ কাহিনীভাগৰ আধাৰ হ’ল মহিম বৰাৰ গল্প ‘ৰাতি ফুলা ফুল’। সেই সময়তে সাগৰক সুধিছিলো,- “তুমি কি কাৰণে এই গল্পটো বাছি ল’লা?” উত্তৰত তেওঁ কৈছিল, ‘মই গল্পটোৰ চিত্ৰৰূপ দিবলৈ ওলোৱা নাই। মোৰ বক্তব্য এটা প্ৰকাশৰ বাবে কাঠামো হিচাবে গল্প এটা বিচাৰি উলিয়াইছোঁ। এই গল্পটোৰ কাঠামোৰ মাজেৰে মোৰ বক্তব্য প্ৰকাশ কৰিবলৈ সহজ হ’ব বুলি ভাবিছোঁ।”
‘ৰাতিফুলা ফুল’ৰ বিষয়বস্তু আছিল এটা মধ্যবিত্তীয় পৰিয়ালৰ বিয়াৰ [ ৮৫ ] বয়স পাৰ হৈ যাব খোজা এগৰাকী যুৱতীৰ বিয়াৰ সমস্যা। অসমৰ পটভূমিৰ এটা চিনাকি সমস্যা। “নাই, এই সমস্যাটো মই ছবিত দাঙি ধৰিব খোজা নাই। মই দাঙি ধৰিলে ইচ্ছা কৰিছোঁ সেই ছোৱালীজনীৰ মনৰ গোপন কামন-বাসনাবোৰৰ দ্বন্দ্ব”⸺ সাগৰে কয়। — “মই গল্পৰ মূল সমস্যা আৰু চৰিত্ৰবোৰ একেই ৰাখি ছোৱালীজনীৰ মনৰ দুৱাৰবোৰ এখন এখনকৈ খুলি যাবলৈ চেষ্টা কৰিছোঁ।”
ছোৱালীজনীৰ ঘৰৰ ওচৰতে হোৱা বিয়া এখনলৈ এগৰাকী যুৱক আহিব। ছোৱালীজনীক পাৰিলে এই যুৱকজনৰ হাততে গতাব লাগিব,- পৰিয়ালৰ মানুহৰ ভাব। গতিকে চিনা-পৰিচয়ৰ বাবে যুবকক এইখন ঘৰলৈ আমন্ত্ৰণ কৰা হয়। ছোৱালীজনীৰ ঘৰত ৰাতি ফুলা কেকটাছ এবিধ আছে, সিদিনাখনেই এপাহ ফুল ফুলাৰ কথা। ফটোগ্ৰাফিত আগ্ৰহ থকা যুবকে ফুলপাহৰ ফটো তোলাৰ বাবে ৰৈ যায়; ফটো তোলাৰ সময়ত ছোৱালীজনীয়ে যুৱকক সহায় কৰি দিয়ে; ছোৱালীজনীয়ে যুৱকৰ মন জয় কৰাৰ চেষ্টা চলায়, আৰু শেষত ছোৱালীজনীৰ আশা ভংগ হয়। সংক্ষেপতে গল্পটো ইমানেই।
পৰিয়ালৰ মানুহবোৰ বিয়াখনলৈ গৈছে, ঘৰত ৰৈ গৈছে যুৱক-যুৱতীহাল; দুয়ো অপেক্ষা কৰিছে ফুলপাহ ফুলি উঠালৈকে। এই সময়খিনি, এই সময়খিনিত এই দুটা চৰিত্ৰই কৰা আচৰণ,- ‘তৃষ্ণা’ ছবিখনৰ সমগ্ৰ ৰস পুঞ্জীভূত হৈছে এই অংশটিত। ফুলপাহ আৰু যুৱকৰ হাতৰ কেমেৰাটো, এইদুবিধ উপাদান ছবিখনৰ মূল চৰিত্ৰ দুটাৰ ‘মেটাফৰ’ হিচাবে পৰিচালকে উপস্থাপন কৰি নিজৰ বক্তব্য আগবঢ়াই নিছে। ফুলপাহ ফুলি উঠাৰ প্ৰক্ৰিয়া আৰু যুৱতীয়ে লাহ-লাহে যুৱকৰ আগত নিজকে উন্মুক্ত কৰাৰ বাসনা সমান্তৰালভাৱে আগবাঢ়িছে। আনপিনে যুৱকৰ হাতৰ কেমেৰাটো যেন যুৱকৰ মনৰ আৱয়বিক প্ৰকাশ। যুৱতীৰ প্ৰতি যুৱকৰ মনোভাব যান্ত্ৰিক,- কেমেৰাটোৰ দৰেই। যুৱকৰ আচৰণো কেমেৰাটোৰ দৰে কৰ্মকেন্দ্ৰিক, কিন্তু আবেগহীন। ফুলপাহে যুৱকক কেমোৰা ক্লিক কৰিবলৈ সঠিক ইংগিত দিয়াৰ লগে লগে ক্লিক কৰাৰ দৰে যুৱতীৰ আমন্ত্ৰণৰ সঠিক ইংগিত [ ৮৬ ] পোৱাৰ লগে লগে যুৱকৰ সমগ্ৰ মন আৰু দেহ সমৰ্পিত হৈছে যুৱতীৰ ওচৰত। অথচ তাৰ আগলৈকে যুৱক প্ৰায় উদাসীন, যুৱতীৰ মৃদু ইংগিতবোৰ যেন তেওঁৰ অনুভূতিৰ স্পৰ্শৰ বাহিৰৰ।
এই সম্পূৰ্ণ দৃশ্যটোত আদিৰসৰ প্ৰাধান্য আছে। পৰিচালকে এই আদিৰসক দেহসৰ্বস্ব কৰি তোলা নাই। অভাৱনীয় সংযমেৰে পৰিচালকে এই দৃশ্যবোৰ উপস্থাপন কৰিছে আৰু এই সংযমৰ নেপথ্যৰ চালিকা শক্তি হ’ল চৰিত্ৰটোৰ অন্তহীন দ্বন্দ্ব। সেই দ্বন্দ্বৰ মাজেৰে চৰিত্ৰটোৰ কাৰ্য আগবঢ়াই নিয়া হৈছে। এইখিনিতে আকিৰা কুৰোশ্বৱাই কোৱা কথাষাৰ মনত পৰিছে — “It is easy to explain the phychological state of a character at a particular moment, but it is very difficult to describe it through the delicate nuances of action and dialogue. সাগৰ সংগমেও কুৰোশ্বৱাৰ এই নিৰ্দেশকেই পালন কৰিছে। এটা দৃশ্যত দেখা গৈছে, — নায়িকাৰ চকুত কিবা এটা পৰিছে; নায়কে সেইটো উলিয়াই দিছে। এই কামটো কৰোঁতে নায়িকাৰ গালত নায়কৰ হাত লাগিছে; নায়িকা শিহৰিত হৈ উঠিছে; তেওঁৰ এখন হাত আঙুলিবোৰ আগবাঢ়ি গৈছে নায়কৰ হাতৰ ওচৰলৈ- স্পৰ্শৰ বাসনাৰে;- নায়কৰ হাতৰ ওচৰ পোৱাৰ লগে লগে নায়িকাৰ আঙুলিবোৰ ৰৈ গৈছে, খন্তেক অপেক্ষা, উভতি গৈছে, পুনৰ আগবাঢ়ি গৈছে;- এইবাৰো আঙুলিবোৰ নায়কৰ হাত স্পৰ্শ কৰাৰ আগতেই ৰৈ গৈছে। নায়িকাৰ আঙুলিবোৰে নায়কৰ হাত স্পৰ্শ কৰাৰ আগতেই ৰৈ গৈছে। নায়িকাৰ মনৰ অৱস্থা বুজাবলৈ এইটো দৃশ্যই যথেষ্ট। এই দৃশ্যৰ আগতেও নায়িকাৰ চকুত দুটামান অৰ্থবহ ক্লোজ-আপ আছে, যিবোৰৰ ইংগিত নায়কক মুঠেও স্পৰ্শ কৰিব নোৱাৰিলে।
কিছু সময়ৰ পাছত। নায়কে ফুলপাহৰ ফটো তোলাৰ বাবে টেবুল লেম্প এটা আনি ফুলপাহৰ ওচৰতে থৈছিল। ফুলপাহ ফুলাৰ ঠিক আগে-আগে টেবুল লাইটটোৰ পোহৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বগা কাপোৰ [ ৮৭ ] এটুকুৰাৰ প্ৰয়োজন হ’ল। নায়িকাই গাত লৈ থকা শ্বালখন আঁতৰাই নিজৰ দেহৰ চাদৰৰ আচলটোৰে লাইটটো ঢাকি দিলে। দেহৰ পৰা চাদৰৰ আচল নমোৱাটো যথেষ্ট অৰ্থবহ। সামান্যতম অশালীন নকৰাকৈ নায়িকাই আচলটো নমাইছে, নমোৱাৰ আগতে ভাবিছে;- নমাব নে ননমাব। এই ভাবটো প্ৰকাশ কৰা হৈছে মাথোন অংগীভংগীৰ মাজেৰে। নায়িকাই চাদৰ নমাই লাইটটো ঢাকি দিছে;- কিছু সময় যোৱাৰ পাছত লাইটৰ বাল্বৰ উত্তাপত পাতল চাদৰখন পুৰি ফুটা এটা হৈ গৈছে। তাৰ পাছত শ্বটত নায়িকাৰ মুখৰ আগত চাদৰ, চাদৰৰ ইটো ফালে নায়ক; মাজত ফুটাটো তাৰ পাছত নায়কৰ মুখত অৰ্থবহ সংলাপ— ‘যদি স্কেণ্ডেলাছ হৈ যাওঁ?’ — নায়িকাই নিৰ্ভয় দিছে। এই দুটা সংলাপে দুয়োটা চৰিত্ৰৰ মনোজগতৰ বহু কথা কৈ দিয়ে। তাৰ পাছতে সঠিক মুহুৰ্তত কেমেৰা ক্লিক কৰাৰ দৰে, নায়ক উদভ্ৰান্ত হৈ পৰে নায়িকাক ওচৰত পাবলৈ। এই দৃশ্যটোও যথেষ্ট কৌশলেৰে চিত্ৰায়িত কৰা হৈছে। নায়কে কেমেৰাটো হাতত লৈছে; নায়িকাৰ ফটো তোলাৰ বাবে চেষ্টা কৰিছে; দৌৰাদৌৰি কৰিছে; নায়কে পিচে পিচে লৰা-ধপৰা কৰিছে; চৰিত্ৰবোৰৰ মুভমেণ্টৰ গতি তীব্ৰভাবে বৃদ্ধিপাইছে। ইমান সময়তে প্ৰায় গুৰুগম্ভীৰ আচৰণ কৰি থকা কেমেৰাৰ মুভমেণ্টো চৰিত্ৰৰ মুভমেণ্টৰ লগত সমতা ৰাখি বৃদ্ধি পাইছে ‘আকৌ কুৰোশ্বাৱাৰ কথা:.... the most natural way to approach the actor with the camera is to move it as at the same speed he moves.... the camera should follow the actor as he moves; it should stop when he stops. If this rule is not followed, the audience will become concious of the camera.) এই লৰা-ধপৰাৰ দৃশ্য হঠাতে ৰৈ গৈছে; তীব্ৰ স্বৰগ্ৰামৰ আৱহ সংগীত একেলগে স্তব্ধ হৈ গৈছে; শব্দহীন পৰৱৰ্তী স্বট,- টাবত থকা ফুলৰ গছৰ হাউলি পৰা পাত এটাৰ ক্ল’জ-আপ। এনেকুৱা স্থিৰ বস্তু কেইপদমনৰ ক্ল’জ-আপ শ্বট, তাৰ পাছত গহীন গৈ বহি থকা নায়িকা, নায়ক ইত্যাদি। লাহে-লাহে নায়কে কেমেৰা সামৰে; দূৰৈৰ বিয়াঘৰৰ পৰা উৰুলিৰ শব্দ ভাহি আহে, দৰাৰ ফটো [ ৮৮ ] তুলিবলৈ নায়ক যাবলৈ ওলায়, সংক্ষিপ্ত সংলাপত নায়িকাই কয়— ঘটনাটো মনত নাৰাখিবলৈ, যান্ত্ৰিকভাবে নায়ক গুচি যায়।
ওপৰত আলোচনা কৰা দৃশ্যটো পৰিচালকে দুভাগত বিভক্ত কৰি লৈছে। প্ৰথম ভাগটোত চৰিত্ৰ আৰু কেমেৰাৰ যথেষ্ট মুভমেণ্ট আছে আৰু দ্বিতীয় ভাগটো আৰম্ভ হৈছে স্থিৰ শ্বটেৰে। দৃশ্যগ্ৰহণৰ এই আংগিকতাত কৌশলেৰে পৰিচালকে তেওঁৰ বক্তব্য অতি সহজভাবে দৰ্শকৰ মাজলৈ কঢ়িয়াই নিয়ে।
‘তৃষ্ণা’ ঘটনাকেন্দ্ৰিক ছবি নহয় অনুভূতিকেন্দ্ৰিক ছবিহে। আবিয়ৈ ছোৱালী এজনীৰ কামনা-বাসনা, জৈৱিক প্ৰয়োজন, সেই প্ৰয়োজন পূৰণ কৰাৰ বাবে ইচ্ছা, দ্বন্দ্ব, নিজৰ সমৰ্থনৰ যুক্তি, মন পৰিবৰ্তনৰ পৰ্যায়— এইবোৰ মানসিক অৱস্থাই ছবিখনৰ সিংহভাগ দখল কৰি আছে।
‘তৃষ্ণা’ৰ চৰিত্ৰ সম্পূৰ্ণ বাস্তৱ, নৈতিকতাৰ প্ৰশ্নৰে এই বাস্তৱতাক এৰাই যাব খোজা হোৱা নাই। সামাজিক নৈতিকতাৰ দিশেৰে অনৈতিক বুলি কোৱা কথা এটাক ছেলুলয়ডৰ পৰ্দাত,তাকো দূৰদৰ্শনৰ মাধ্যমেৰে ক'বলৈ পৰিচালক যে যথেষ্ট সাহসী হ'ব লাগিব তাত কোনো সন্দেহ নাই।
‘তৃষ্ণা’ত কোনো বাহ্যিক দ্বন্দ্ব নাই। তেওঁৰ দ্বন্দ্ব কেৱল মনৰ ভিতৰৰ। কেইটামান শাৰীৰিক অংগীভংগী, কেমেৰাৰ সুন্দৰ ব্যৱহাৰ আৰু শ্বটৰ দৈৰ্ঘ্যৰ কৌশল— এই তিনিবিধ উপাদানেৰেই সাগৰে তেওঁৰ নায়িকাৰ মানসিক দ্বন্দ্ব সুন্দৰভাৱে প্ৰকাশ কৰিছে।
তথাকথিত সামাজিক নৈতিকতাৰ প্ৰশ্ন লৈ নায়িকা বিব্ৰত নহয়; নায়কহে কিছু চিন্তিত। নায়কৰ কোনা মানসিক দ্বন্দ্ব নাই; সামাজিক নিন্দাৰ ভয়নাই বুলি নায়িকাৰ পৰা আশ্বাস পোৱাৰ লগে-লগেই নায়কে নায়িকাৰ আহ্বানত সঁহাৰি দিছে; অথচ সেই মুহূৰ্তটো পোৱাৰ সময়লৈকে নায়িকাই নানান অন্তৰ্দ্বন্দ্ব অতিক্ৰম কৰিবলগীয়া হৈছে। সামাজিক নৈতিকতাবোধৰ ভিত্তি যে কিমান থুনুকা আৰু অগভীৰ তাক এটা [ ৮৯ ] সৰু দৃশ্য আৰু সংক্ষিপ্ত সংলাপেৰে পৰিচালকে দাঙি ধৰিছে। এক কথাত, তৃষ্ণা হ’ল সামাজিক নৈতিকতাবোধ আৰু ব্যক্তিগত কামনা- বাসনাৰ দ্বন্দ্বৰ ছবি।
যুৱতীগৰাকীৰ চৰিত্ৰত মলয়া গোস্বামীয়ে কৰা অভিনয় ছবিখনৰ অন্যতম সম্পদ। সীমিত মুভমেণ্টৰ মাজত থাকিও মলয়া গোস্বামীয়ে চকুৱে মুখে অনুভূতি যি তীব্ৰতা সংবেদনশীল ৰূপত প্ৰকাশ কৰিছে তাৰ মাজত তেওঁৰ অভিনয় দক্ষতা সুন্দৰভাবে প্ৰদৰ্শিত হৈছে। কেমেৰাৰ দৃষ্টিকোণত সঠিক নিৰ্বাচন আৰু উপযুক্ত আৱহসংগীতেও অভিনয়ৰ মহিমা বৃদ্ধি কৰাত সহায় কৰিছে।
ছবিৰ দৃশ্যগ্ৰহণৰ কাম কৰিছে মধু মহনকালী আৰু আৱহ-সংগীত ৰচনা কৰিছে অসমৰ অন্যতম প্ৰতিভাবান বেহেলাবাদক ঋষি দুৱৰাই।
ছবিখনৰ দুৰ্বল অংশটো হ’ল শব্দ ৰি-ৰেকৰ্ডিং। দুই-এঠাইত থকা অপ্ৰয়োজনীয় শব্দই কাণত পীড়া দিয়ে। সম্ভৱতঃ সমীমিত বাজেট বা সীমিত সময়ৰ বাবেই পৰিচালকে এই দুৰ্বলতাবোৰ আঁতৰ কৰিব নোৱাৰিলে। তৃষ্ণাৰ বাকী দিশবোৰৰ পৰিপক্কতালৈ চাই অনুমান কৰা সহজ যে পৰবৰ্তী ছবিত সাগৰে এই দুৰ্বলতা অকণো থাকিবলৈ নিদিব। পৰৱৰ্তী ছবিলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰ’লো।
(আকিৰা কুৰোশ্বৱাৰ বক্তব্যবোৰ তেওঁৰ আত্মজীৱনী Someting like an autobiography ৰ পৰা লোৱা হৈছে। ..... লেখক)
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।