পৃষ্ঠা:Chalachitra.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ’৯১

 

 দুবছৰমান আগতে, চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ আগতেই আমি আশংকা প্ৰকাশ কৰিছিলো যে এই প্ৰতিযোগিতাত স্বাৰ্থপৰ মানুহৰ হাতত আদুৰ গোপালকৃষ্ণনৰ ছবি উপযুক্ত মৰ্যদাৰ বাহিৰত ৰৈ যাব পাৰে। আমাৰ অনুমান পাছত সত্য বুলি প্ৰমাণিত হৈছিল। চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা আৰু জুৰিৰ সদস্যসকলৰ নাম প্ৰত্যেক বছৰে চাই গ’লেহ এই ধৰণৰ অনুমান আৰু আশংকা প্ৰকাশ কৰা সহজ হৈ উঠে। এইবাৰৰ জুৰিব’ৰ্ডৰ সভাপতিৰ নাম ঘোষিত হোৱাৰ পাছতে আমি আশংকা কৰিছিলো যে ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘সাৰথি’ এইবাৰ প্ৰতাৰিত হ’ব আৰু আমাৰ আশংকাই সত্য প্ৰমাণিত হ’ল। খলনায়কৰ এই মাৰণাস্ত্ৰ হাতত তুলি ল’লে ভাৰতৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত পুৰুষ আদুৰ গোপালকৃষ্ণনে। প্ৰতিদ্বন্দ্বীৰ সাফল্যই মানুহক কিমান তললৈ নিব পাৰে, তাৰ এক উদাহৰণ আদুৰৰ এই আচৰণ। অকল ‘সাৰথি’য়েই নহয়, এই প্ৰবঞ্চনাৰ বলি হ’ল এম. টি. বাসুদেবন নায়াৰৰ ‘কাডাভু’ ছবিখনো। এই বিষয়ে পাছত আলোচনা কৰিম। প্ৰথমে . অসমীয়া ছবিৰ সাফল্যৰ কাহিনী।

 কিছু বছৰ আগলৈকে ৰাষ্ট্ৰীয় বঁটাৰ তালিকাখনত প্ৰাধান্য বিস্তাৰ কৰিছিল বাংলা ছবিৰ নামে, তাৰ পাছত সেই ঠাই অধিকাৰ কৰিলে দক্ষিণ ভাৰতীয় ছবিয়ে আৰু এইবাৰ দক্ষিণ ভাৰতীয় ছবিৰ দীৰ্ঘ তালিকাৰ মাজতো অসমীয়া ছবিৰ নাম বহু ঠাইত জিলিকি উঠিল।

 মলয়া গোস্বামীয়ে অৰ্জন কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা— জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’ ছবিত কৰা অভিনয়ৰ বাবে। অসমীয়া মঞ্চ আৰু অনাতাঁৰ নাটৰ প্ৰতিভাময়ী অভিনেত্ৰী মলয়া গোস্বামী (পূৰ্বৰ ৰাজখোৱা) ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিৰে ৰূপালী পৰ্দালৈ আহে আৰু দৰ্শক-সমালোচকক আলোড়িত কৰি থৈ যায়। ৰাষ্ট্ৰীয়