পৃষ্ঠা:Chalachitra.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হৈয়ো, শেষত জুৰিব'ৰ্ডৰ অযুক্তিকৰ যুক্তিৰ বাবে তেওঁ বঁটা লাভৰ পৰা বঞ্চিত হয়। এইবাৰ কিন্তু মলয়া গোস্বামীয়ে কোনো প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন নোহোৱাকৈয়ে পুৰস্কাৰ অৰ্জন কৰে। জুৰিব'ৰ্ডৰ এগৰাকী সদস্যৰ মতে ‘অগ্নিস্নান’ৰ সেই অভিনয় স্মৃতিয়েও জুৰিৰ সদস্যসকলক প্ৰভাৱিত কৰিছিল।

 জাহ্নু বৰুৱাই ‘ফিৰিঙতি’ ছবিৰে অৰ্জন কৰে দ্বিতীয় শ্ৰেষ্ঠ ছবি আৰু পৰিচালকৰ বঁটা। এই পুৰস্কাৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সন্মানীয়।

 সঞ্জীৱ হাজৰিকাই অৰ্জন কৰিছে পৰিচালকৰ প্ৰথম ছবিৰ বাবে দিয়া ‘ইন্দিৰা গান্ধী এৱাৰ্ড’। অসমলৈ এই পুৰস্কাৰ দ্বিতীয় বাৰৰ বাবে আহিল। প্ৰথম বাৰ এই পুৰস্কাৰ অৰ্জন কৰিছিল গৌতম বৰাই অশ্ব’বিপ’ ছবিৰ বাবে।

 গৌতম বৰাই ‘ছন অৱ আব’টানিঃ মিছিং' নামৰ তথ্যচিত্ৰৰ বাবে অৰ্জন কৰিছে ‘শ্ৰেষ্ঠ নন-ফিচাৰ' ছবিৰ পুৰষ্কাৰ, শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ। একেখন ছবিৰ বাবেই অনিল তালুকদাৰৰ সৈতে যুটীয়াভাৱে শ্ৰীবৰাই অৰ্জন কৰিছে শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰীৰ পুৰস্কাৰ। (এই পুৰস্কাৰসমূহ ‘নন-ফিচাৰ বিভাগৰ।)

 ডঃ ভবেন্দ্ৰনাথ শইকীয়াই সাৰথি ছবিৰ বাবে অৰ্জন কৰিছে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান।

 এয়াই হ’ল অসমীয়া ছবিয়ে কঢ়িয়াই অনা সন্মানৰ দীৰ্ঘ তালিকা। ইয়াৰ উপৰিও অতুল বৰদলৈ পৰিচালিত ‘দৃষ্টি’ ছবিখনেও বিচাৰক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু পুৰস্কাৰৰ বাবেও আলোচিত হৈছিল। কিন্তু কাৰিকৰী দিশৰ দুৰ্বলতা পুৰস্কাৰ-প্ৰাপ্তিৰ পথত হেঙাৰ হৈ থিয় দিছিল। এই ছবিৰ অভিনেতা তপন দাসেও সু-অভিনয়ৰ বাবে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ‘সাৰথি’ ছবিত কৰা অভিনয়ৰ বাবে অৰুণ নাথৰ নামো আলোচিত হৈছিল যদিও শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিলে মালয়ালম অভিনেতা

৯১