পৃষ্ঠা:Chalachitra.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰুত্বহীন কৰি পেলাইছে। পংকজ পৰাশৰ ইন্সটিটিউটৰ কৃতী ছাত্ৰ হ'লেও তেওঁৰ যোগাযোগ ‘কমাৰ্ছিয়েল' ছবিৰ লগতহে! কমাৰ্ছিয়েল ছবিৰ পক্ষত থকা বাবেই ‘নায়কন’ খ্যাত মণিৰত্নমৰ 'দলপতি' ছবিখনকো কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল। অথচ অইন হলেও অভিনয় আৰু কাৰিকৰী দিশত মণিৰত্নমৰ ছবিয়ে সহজে পুৰস্কাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা বহন কৰে।

 আগতে পুৰস্কাৰ পোৱা পৰিচালকৰ কেইবাখনো ছবিয়ে এইবাৰৰ প্ৰতিযোগিতাত কোনো গুৰুত্বই নাপালে। তাৰে কেইখনমান হ’ল নীতিশ ৰয়ৰ ‘এক পচলা বৃষ্টি', চাৰুকমল হাজৰিকাৰ 'দূৰ নহী সবেৰা', গুলজাৰৰ ‘লিবাস' , মনমোহন মহাপাত্ৰৰ 'দূৰ দিগন্ত', সিংগীতম শ্ৰীনিবাস ৰাওৰ ‘আদিত্য ৩৬৯' ইত্যাদি। যোৱা বছৰৰ পূৰস্কাৰ বিজেতা এম. এছ. সেতুমাধবনৰ শেহতীয়া ছবিখনেও প্ৰতিযোগিতাত কোনোধৰণে দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে।

 প্ৰতিযোগিতাত যোগদান কৰা মুঠ ১১৩খন ছবি আছিল এশ এঘাৰজন পৰিচালকৰ। দুজন পৰিচালকৰ দুখনকৈ ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সেই পৰিচালক দুগৰাকী হ’ল এ মোহন গান্ধী (তেলেগু ছবি পিপলছ এনকাউন্টাৰ আৰু প্ৰাণদাতা) আৰু ছি. বি. মালয়ালী (মালায়লম ছবি— ভাৰতম আৰু ছন্দনম)!

 ইণ্ডিয়ান পেনোৰামাৰ বাবে নিৰ্বাচিত হোৱা আটাইবোৰ ছবিয়েই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অহাটো সাধাৰণ ঘটনা। ইণ্ডিয়ান পেনোৰামাৰ ছবিবোৰে দুটাকৈ বাছনিত উত্তীৰ্ণ হৈহে পেনোৰামাত স্থান পায়। তেনেদৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে এটা প্ৰাথমিক বাছনিৰ পাছতহে মূল প্ৰতিযোগিতাৰ বাবে ছবি নিৰ্বাচন কৰা হয়। এই দুই ধৰণৰ বিচাৰৰ মাজতো কিছু পাৰ্থক্য দেখা যায়। বিচাৰকৰ ভিন্নতাৰ বাবে ই দুই বাছনিত কিছু পাৰ্থক্য থাকিলেও ব্যাপক পাৰ্থক্যই দেখা দিলে বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত সাধাৰণ চিত্ৰপ্ৰেমীৰ আস্থাৰ কিছু হেৰাই যাবলৈ বাধ্য হয়। এইবাৰৰ প্ৰতিযোগিতাত ই পাৰ্থক্য চকুত পৰাকৈ প্ৰকাশিত হয়। ইণ্ডিয়ান পেনোৰামাত অন্তৰ্ভুক্ত ‘অশ্বিনী’ আৰু ‘চৌকং ৰাজা'

৯৩