পৃষ্ঠা:Chalachitra.pdf/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোহনলালে। যোৱা বছৰেই মোহনলালে 'বাস্তুহাৰা’ ছবিত কৰা অভিনয়ৰ বাবে এই বটাৰ বাবে বিবেচিত হ'ব লাগিছিল যদিও যোৱা বছৰৰ জুৰিব’ৰ্ড সভাপতি অশোক কুমাৰৰ হস্তক্ষেপত সেই বঁটা অৰ্জন কৰে অমিতাভ বচ্চনে। অৱশ্যে এটাই সান্তনা যে মলয়া গোস্বামীয়ে অগ্নিস্নানেৰে কৰা আলোড়নৰ ফল পাছত লাভ কৰাৰ দৰে সাৰথিৰ অৰুণ নাথেও ভৱিষ্যত সম্ভাৱনাৰ বীজ ৰোপণ কৰিলে।

 এইবাৰৰ ৰাষ্ট্ৰীয় বঁটাৰ প্ৰধান উল্লেখনীয় দিশ হ’ল বোম্বাইৰ হিন্দী ছবি ক্ৰমবৰ্ধমান আধিপত্য খৰ্ব বা নিশ্চিহ্ন কৰি পেলোৱাটো। যোৱা বছৰ অশোক কুমাৰৰ আশীৰ্বাদ ধন্য হৈ বোম্বাইৰ হিন্দী ছবিজগতে কেইবাটাও পুৰস্কাৰ কাঢ়ি নি সমগ্ৰ দেশতে সমালোচনাৰ যি জোৱাৰ তুলিছিল, এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত ফল দেখা গ'ল। অন্য শিতানৰ কথাটো বাদেই, বিনোদন ছবিৰ বাবে দিয়া বঁটাও এইবাৰ দিয়া নহ’ল। জুৰিব’ৰ্ডৰ সভাপতি আদুৰ গোপালকৃষ্ণনৰ প্ৰভাৱেই এই পৰিৱৰ্তনৰ মুখ্য কাৰণ। সুভাষ ঘাইৰ ‘সৌদাগৰ’ ছবিখনৰ প্ৰতি অলপ সহানুভূতি প্ৰদৰ্শন কৰা হৈছিল অশোক মেহতাৰ চিত্ৰগ্ৰহণৰ বাবে। কিন্তু ছবিখনৰ প্ৰিন্ট ইমানেই বেয়া আছিল যে ছবিখন সম্পূৰ্ণকৈ প্ৰদৰ্শন কৰাই হৈ নুঠিল। একমাত্ৰ যশ চোপ্ৰাৰ ‘লমহে’ ছবিখনে সাজ-সজ্জাৰ বাবে দিয়া পুৰস্কাৰটো লাভ কৰি বোম্বাইৰ চিত্ৰজগতক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিশ্চিহ্ন হৈ যোৱাৰ পৰা ৰক্ষা কৰিলে।

 প্ৰতিযোগিতাত দক্ষিণ ভাৰতৰ ছবিয়ে অধিক সংখ্যক পুৰস্কাৰ লৈ যাব পৰাৰ অন্যতম কাৰণ হ’ল জুৰিৰ সদস্যসকলৰ মাজত দক্ষিণ ভাৰতীয় ‘লবি’টোৰ শক্তিশালী অৱস্থান। জুৰিৰ সভাপতি আদুৰৰ পক্ষপাতদুষ্ট আচৰণো ইয়াৰ সহযোগী হৈছে। যোৱা বছৰ অশোক কুমাৰে যেনেদৰে বোম্বাইৰ হিন্দী ছবিজগতৰ পিনে পক্ষপাতদুষ্ট আচৰণ কৰিছিল, তেনেদৰে এইবাৰ আদুৰে দক্ষিণ ভাৰতীয় ছবি আৰু পুনেৰ ফিল্ম এণ্ড টিভি ইন্সটিটিউটৰ প্ৰডাক্ট’ৰ ছবিৰ প্ৰতি সেই একে আচৰণেই প্ৰকাশ কৰিছে। তাৰ লগতে পুনেৰ ইন্সটিটিউটৰ স্বৰ্ণপদক প্ৰাপ্ত স্নাতক পংকজ পৰাশৰৰ ‘আচমান সে গিৰা' নামৰ ছবিখনকো একেলগেই

৯২