চলচ্চিত্ৰ/চিনেমাৰ দৰ্শক
চিনেমাৰ দৰ্শক
দূৰদৰ্শনৰ ব্যাপক প্ৰচলন, ভিচিপি-ভিচিআৰৰ আধিক্য, ভিডিঅ' কেছেটৰ জনপ্ৰিয়তা আদিয়ে হিন্দী ছবিৰ দৰ্শকৰ সংখ্যা বঢ়াই তুলিছিল। কিন্তু সেই দৰ্শক আছিল ড্ৰইংৰূমৰ ভিতৰৰ। ছবি চোৱাৰ নতুন আহিলাবোৰৰ প্ৰচলনে এই নতুন দৰ্শক বঢ়াই তোলাৰ লগতে পুৰণি দৰ্শকবোৰকো প্ৰেক্ষাগৃহৰ পৰা টানি আনি ড্ৰইংৰূমত বহুৱাই দিছিলহি। ফলস্বৰূপে হিন্দী আৰু আঞ্চলিক ছবিৰ নিৰ্মাতাসকল ভয়ত ত্ৰস্তমান হ’বলগীয়া হৈছিল।
এতিয়া এই ভয় কিছু পৰিমাণে নাইকিয়া হৈছে। দৰ্শক প্ৰেক্ষাগৃহলৈ ঘূৰি আহিছে। ‘মোহৰা’, ‘হম আপকে হ্যে কৌন, ‘বোম্বে’, ‘কৰণ- অৰ্জুন’ আদি ছবিৰ সাফল্যই চিত্ৰনিৰ্মতাসকলৰ মুখলৈ পানী আনিছে। এতিয়া আকাশ চানি ধৰিছে উপগ্ৰহীয় টেলিভিছনৰ ব্যাপক ৰাজসূয় যজ্ঞই। এই আটাইবোৰ চেনেলতেই চিনেমা ভিত্তিক অনুষ্ঠানৰ আধিক্য। জি টি ভিয়ে কেবল চিনেমা প্ৰদৰ্শনৰেই এটা চেনেল মুকলি কৰিছে, দূৰদৰ্শনেও ‘মুভিক্লাব’ নামৰ চেনেল এটিৰে দৈনিক তিনি- চাৰিখন চিনেমা প্ৰদৰ্শন কৰিছে, ‘এ. টি.এন’—এ দিনটোত দুখন চিনেমা আৰু বাকী সময়ত চিনেমাৰ গীতেই প্ৰদৰ্শন কৰে। তাৰ পিচতো চিনেমা হলৰ দৰ্শকৰ সংখ্যা কমা নাই। ইয়াৰ কাৰণ কি বাৰু?
টেলিভিছনৰ আগমনে দৰ্শকক যে চিত্ৰগৃহলৈ যাবলৈ অনিচ্ছুক কৰি
তুলিছিল তাৰ প্ৰধান কাৰণ আছিল নতুন মাধ্যমটিয়ে দৰ্শকক দিব পৰা
চমক। এই চমকৰ মায়াজাল আঁতৰি গ’ল। চিনেমাৰ দৰ্শক পুনৰ
চিনেমা ঘৰলৈ উভতি গ’ল। অৱশ্যে এইটো ঠিক যে টি ভিৰ আক্ৰমণ
পূৰ্ণকালীনভাৱে চলি থকা সময়ত চিত্ৰগৃহত দৰ্শকৰ সংখ্যা ইমান কমি
গৈছিল যে বহু চিনেমা হলৰ স্বত্ত্বাধিকাৰীয়ে চিনেমাহল বিলাক পৰিষ্কাৰ-
পৰিচ্ছন্নকৈ ৰাখিব পৰা নাছিল। এই দিশটোৰ কথা পিচত আলোচনা
কৰিম। প্ৰথমেই আলোচনা কৰোঁ প্ৰেক্ষাগৃহলৈ দৰ্শক উভতি অহা
অইন কাৰণসমূহ।
[ ৩৬ ] প্ৰেক্ষাগৃহত দৰ্শক কমি যোৱাৰ লগে লগে কিছুসংখ্যক চিত্ৰনিৰ্মাতাই
এনেকুৱা কৌশল আৱিস্কাৰৰ সন্ধানত ব্ৰতী হ’ল যিবোৰ কৌশলৰ
প্ৰয়োগত দৰ্শকে ছবি এখন সৰু পৰ্দাত উপভোগ কৰিবলৈ সক্ষম
নহয়। তেনেকুৱা কেইটিমান কৌশল হ’ল- বিশাল কেনভাছৰ প্ৰচুৰ
জাকজমকতাপূৰ্ণ ছবি নিৰ্মাণ- টিভিৰ সৰু পৰ্দাত যাৰ আবেদন প্ৰায়
শূণ্য হৈ পৰে, ছাঁ-পোহৰৰ সূক্ষ্ম প্ৰয়োগ, ডিফিউজ পোহৰৰ অধিক
ব্যৱহাৰ- যাৰ বাবে সৰু পৰ্দাত ছবিবোৰ নিস্প্ৰাণ হৈ পৰা,
চিনেমাস্কোপৰ দৰে বহল ফ্ৰেমত চৰিত্ৰবোৰৰ একেবাৰে সোঁ বা
বাওঁপিনে ৰখা কম্পোজিচন যাৰ বাবে ছবিৰ ভিডিঅ’ ৰূপান্তৰৰ সময়ত
দুই কাষৰ চৰিত্ৰবোৰ অদৃশ্য হৈ পৰে (সুভাষ ঘাইৰ ‘কৰ্মা’ আৰু
পংকজ পৰাশৰৰ ‘জলৱা’ ছবি ইয়াৰ সাৰ্থক উদাহৰণ) ইত্যাদি। আজিৰ
পৰা দহ-বাৰ বছৰ আগৰ আৰু এতিয়াৰ ছবিবোৰৰ দুখনমান লৈ
টিভিৰ পৰ্দাত চলাই আমি নিৰ্মাণ কৌশলৰ পাৰ্থক্য সহজেই ধৰা পেলাব
পাৰিম। আগৰ ছবিবোৰত ছাঁ-পোহাৰৰ বৈপৰীত্য ইমান প্ৰকট হৈছিল
যে টিভিৰ পৰ্দাত সেই ছবিবোৰ নিষ্পাণ হৈ পৰা নাছিল। আজিৰ
দিন প্ৰায় আটাইবোৰ ছাঁ-পোহৰৰ খেলা ইমান মসৃণ আৰু কোমল
ধৰণে কৰা হয় যে টিভিৰ পৰ্দাত ছবিবোৰৰ বেছিভাগেই দেখা নাযায়।
অৱশ্যে ‘হাম আপকে হে কৌন’ ছবিৰ বহিৰ্দৃশ্যবোৰ এই উদাহৰণৰ
বাহিৰত ৰৈ যাব।
আৰু এটা কথা এইখিনেতেই উল্লেখ কৰিব লাগিব যে চিনেমা হলত ছবি চোৱাৰ যি সামূহিক অভিজ্ঞতাৰ আনন্দ আছে, তাক টিভিৰ পদাত পোৱা নাযায়। চিনেমাৰ যাদুকৰী প্ৰভৱে টিভিৰ পৰ্দাত শূন্য হৈ পৰে। সেয়ে বিনোদনৰ বাবে ছবি চোৱা দৰ্শকসকল প্ৰেক্ষাগৃহলৈ উভতি যাবলৈ বাধ্য হ’ল।
টেলিভিছনৰ ব্যাপক চিনেমা প্ৰদৰ্শনে দৰ্শকৰ ৰুচিবোধ ভালেখিনি সলনি কৰি দিলে। প্ৰথম পৰিবৰ্তন হ’ল— পাৰিবাৰিক আৰু ঠেক গভীৰ কাহিনীৰ সলনি দৰ্শকে বিশাল আয়োজন চাবলৈ ভালপোৱা হ’ল (‘হাম আপকে হ্যে কৌন’ অৱশ্যেই ব্যতিক্ৰম- তাৰ কথা পিছত), কাৰিকৰী উৎকৰ্ষতাৰ প্ৰতি দৰ্শক সচেতন হে পৰিল, টিভিৰ অলেখ [ ৩৭ ] কাহিনী নিৰ্ভৰ ছিৰিয়েল চোৱাৰপিছত ‘কাহিনী’ থকা চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িল, মেলডিয়াছ গীতৰ প্ৰতি দৰ্শক অধিক সহানুভূতিশীল হৈ পৰিল আৰু দৰ্শকৰ আগ্ৰহ-অনাগ্ৰহ অধিক স্পষ্ট হৈ পৰিল। যোৱা কেইবছৰমানৰ বক্স অফিচ ৰেকৰ্ড চালে দেখা পাম যে যিবোৰ ছবি দৰ্শকে আদৰিছে, তাক ভালকৈ আদৰিছে আৰু যিবোৰ ছবি বেয়া পাইছে তাক একেবাৰে নাকচ কৰি দিছে। ‘মজলীয়া হিট’ ছবিৰ সংখ্যা দ্ৰুতগতিত লোপ পাই গৈছে। আৰু এটি চমকপ্ৰদ বিশেষত্ব হ’ল হিন্দী ছবিৰ পৰা ‘ষ্টাৰ ছিষ্টেম’ প্ৰায় লোপ পাই গৈছে। এটা সময় আছিল ৰাজেশ খান্না বা অমিতাভ বচ্চনৰ ছবি বুলি ক’লেই দৰ্শক হিলদ’ল ভাঙি ওলাই আহিছিল। অকল অমিতাভৰ ছবি বুলিয়েই ‘শৰাবী’ আদিৰ দৰে অতি সাধাৰণ মানৰ ছবি ছুপাৰ-ডুপাৰ হিট হৈছিল। কিন্তু পিচলৈ দেখা গ’ল ‘অমিতাভ সৰ্বস্ব’ একে মানৰ ছবি ‘তুফান’, ‘যাদুগৰ’ ‘ইনচানিয়ৎ', আদিয়ে বক্স অফিচত বিশেষ সুবিধা কৰিব নোৱাৰিলে। তাৰ পৰিবৰ্তে, দৰ্শকে এজন অভিনেতাক চোৱাৰসলনি একমুহূৰ্তও পৰ্দাৰ পৰা চকু আঁতৰ কৰিব নোৱৰা ছবি চাবলৈ অধিক আগ্ৰহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। ফলত হিন্দী ছবিজগতত আন এবিধ নতুন তাৰকাৰ জন্ম হ’ল— পূৰ্বৰ ‘অভিনেতা-অভিনেত্ৰী তাৰকা’ৰ ঠাই এতিয়া দখল কৰিলে ‘তাৰকা-পৰিচালকে’। এইটোও ঠিক যে সাধাৰণ দৰ্শক এজনৰ বাবে পৰিচালক এজনৰ নামৰ কোনো গুৰুত্ব নাই, এই গুৰুত্ব আছে অকল চিত্ৰ প্ৰযোজক আৰু পৰিবেশকৰ মাজতহে।
এনেকুৱা এজন তাৰকা হ’ল ডেভিড ধাৱান। গোবিন্দ, কৰিস্মা কাপুৰ আদিৰ দৰে দ্বিতীয় শ্ৰেণীৰ তৰকাৰে ডেভিড ধাৱানে উপহাৰ দিছিল ‘ৰাজাবাবু’ ‘আঁখে’ আদিৰ দৰে হিট ছবি। আন এজন তাৰকা পৰিচালক হ’ল ৰাজীৱ ৰায়— যিয়ে অক্ষয়কুমাৰ, সুনীল চেট্টী আদিৰ দৰে মাংসপেশী সৰ্বস্ব আৰু ৰবীনা টেণ্ডনৰ দৰে দেহৰ্স্বস্ব অভিনেত্ৰীৰে নিৰ্মাণ কৰিছিল ‘মোহৰা’ৰ দৰে হিট ছবি। এই ছবিবোৰত এই অভিনেতা-অভিনেত্ৰীবোৰে মাৰপিট কৰা আৰু দেহপ্ৰদৰ্শন কৰাৰ বাহিৰে আন একো কৰিবলগীয়া হোৱা নাই। বাকী সকলোখিনি কৰিছে পৰিচালক, কেমেৰামেন আৰু সম্পাদকে। আৰু কৰিছে কাৰিকৰী দিশৰ [ ৩৮ ] কলা-কুশলীসকলে। অৰবিন্দ স্বামীৰ দৰে প্ৰায় নতুন অভিনেতা আৰু মণিষা কৈৰালাৰ দৰে বাতিল প্ৰায় অভিনেত্ৰিৰে মণিৰত্নমে নিৰ্মাণ কৰি উলিয়ালে ‘বোম্বে’ৰ দৰে হিত ছবি। বহু হিট ছবিৰ অংশ বিশেষৰ সংকলনেৰে ৰাকেশ ৰোচনে নিৰ্মাণ কৰিলে ‘কৰণ-অৰ্জুন’— যিখনো বিৰাট হিট ছবি। আৰু সুৰজ বৰজাত্য? চলমন খান আৰু ভাগ্যশ্ৰীৰ দৰে নতুন নায়ক-নায়িকাক লৈ নিৰ্মাণ কৰিলে ‘মেইনে প্যাৰ কিয়া’ আৰু বোম্বেৰ চিনেমা ইন্ডাষ্ট্ৰিয়ে নাকচ কৰি দিয়া চলমন খানক ‘হিৰো’ সজাই নিৰ্মাণ কৰিলে ‘হাম আপকে হ্যে কৌন’। ব্যৱসায়ৰ দিশৰ পৰাই দুয়োখন ছবিয়েই ইতিহাস। আনফালে ফ্লপৰ তালিকাত আছে ৰমেশ ‘শ্বোলে’ চিপ্পিৰ অমিতাভ কেন্দ্ৰীক ছবি ‘অকেলা’। আন ফ্লপ ছবিবোৰৰ কথা বাদেই দিলোঁ।
এই নতুন পৰিচালকৰ হিত ছবিবোৰৰ এটা কথা মন কৰিবলগীয়া এয়ে যে প্ৰতিখন ছবিৰ পৰাই দৰ্শকে চকু মুহূৰ্তৰ বাবেও আঁতৰ কৰিবলৈ সক্ষম নহয়। কাহিনীৰ দিশৰ পৰা প্ৰতিখন ছবিয়েই আওপুৰণি, কিন্তু কাহিনী আছে আৰু সেই কাহিনী অতি দ্ৰুতগতি সম্পন্ন। সুৰজ বৰজাত্যৰ দুয়োখন ছবিয়েই অতি লেহেম গতিৰ কিন্তু নাচ-গান আৰু সুন্দৰ দৃশ্যগ্ৰহনৰ বাবেই এই ছবি দুখনে দৰ্শকক বিৰক্ত নকৰে।
‘হাম আপকে হে কৌন’ৰ প্ৰযোজক-পৰিবেশক হ’ল ৰাজশ্ৰী প্ৰডাকচনছ— যাৰ নিজস্ব পৰিবেশন নেটৱৰ্ক আছে। নিৰ্বাচিত চহৰৰ নিৰ্বাচিত চিত্ৰগৃহত তেওঁলোকে ছবিখন ৰিলিজ কৰিছিল আৰু তাৰ ফলাল চাই পৰবৰ্তী চাল ঠিৰাং কৰিছিল। ইয়াৰ আগতে কিন্তু চিনেমা ৰিলিজৰ প্ৰক্ৰিয়া কিছু পৃথক আছিল। ভিডিঅ’ৰ আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ একেলগে বহুত প্ৰিন্ট বনাই লৈ ভাৰতৰ সৰ্বত্ৰতে ছবিখন একেলগে ৰিলিজ কৰা হৈছিল, যাতে প্ৰথম দুটামান সপ্তাহতে বুজন পৰিমানৰ টকা সংগ্ৰহ কৰিব পৰা যায়। এই প্ৰক্ৰিযাত ছবিখন দৰ্শকে আদৰি ল’লে প্ৰথম দুটামান সপ্তাহতে প্ৰযোজকে কিছু টকা ঘূৰাই পাইছিল আৰু ছবিখন দৰ্শকে গ্ৰহন নকৰিলে ছবিখনৰ পতনো ক্ষিপ্ৰতৰ হৈ পৰিছিল। লাহে লাহে ভাগ্য উদ্ধাৰৰ সুবিধা আৰু পৰিবেশ এই [ ৩৯ ] প্ৰত্ৰিয়াত অনুপস্থিত। ছবি ৰিলিজৰ দুসপ্তাহমানৰ পিচত ভিডিঅ’ কেছেট ৰিলিজ কৰা হৈছিল, ধৰিলোৱা হৈছিল ভিডিঅ’ কেছেট ৰিলিজ হোৱাৰ পিচতেই প্ৰেক্ষাগৃহত দৰ্শকৰ ভিৰ কমি যাব। এই অনুমান প্ৰমাণ কৰি দিছিল যশ চোপ্ৰাৰ ‘লম্হে’ ছবিয়ে। প্ৰেক্ষাগৃহত এই ছবি দৰ্শকে আদৰি লোৱা নাছিল, কিন্তু ভিডিঅ’ চাৰ্কিটত এই ছবিৰ ব্যৱসায় আছিল ভাল।
পুনৰ ‘হাম আপকে হ্যে কৌন’ ছবিৰ কথালৈ আহোঁ। এই ছবিৰ সীমিত সংখ্যক প্ৰিণ্ট ৰিলিজ কৰা হৈছিল। ছৰিৰ ভিডিঅ’ কেছেট ৰিলিজ কৰা হোৱা নাই এতিয়ালৈকে। তথাপিতো এই ছবি ভিডিঅ’ কেছেট ভিডিঅ’ কেছেট লাইব্ৰেৰীত পোৱা যায়— যিবোৰ কেছেট চোৰাংভাবে নিৰ্মাণ কৰা। প্ৰেক্ষাগৃহত ছবিখন চলি থাকোতে সাধাৰণ ‘ভি এইচ এছ’ ভিডিঅ’ কেমেৰাৰে ছবিখন তুলি ৰাখি কেছেট বনোৱা হৈছিল। ফলত ভিডিঅ’ কেছেটত চবিবোৰ ভালদৰে অহা নাছিল, শব্দও হৈছিল শ্ৰৱণ ইন্দ্ৰিয়ৰ বাবে অতি অযোগ্য। ভিডিঅ’ৰ এই দুৰৱস্থাই ছবিখনক অতিৰিক্ত প্ৰচাৰ দিছিল, চিত্ৰগৃহৰ চোতালত দৰ্শকৰ ভিৰ বৃদ্ধি পাইছিল। ‘হম আপকে হ্যে কৌন’ৰ এই সাফল্যই উৎসাহ প্ৰদান কৰিছিল ‘কৰণ অৰ্জুন’ৰ প্ৰযোজক ৰাকেশ ৰোচনক। ৰাকেশ ৰোচনে ছবিৰ ভিডিঅ’ কেছেট প্ৰচাৰৰ বাবে চুক্তি কৰিছিল ‘টাইম ভিডিঅ’ৰ লগত। ছবি ৰিলিজ হোৱাৰ ছমাহৰ পিচত ভিডিঅ’ কেছেট উলিওৱা হ’ব। ছমাহৰ পিচত যেতিয়া দেখা গ’ল যে প্ৰেক্ষাগৃহত দৰ্শকৰ সংখ্যা কমা নাই, তেতিয়া তেওঁ ভিডিঅ’ কেছেট প্ৰকাশৰ পৰিকল্পনা বাতিল কৰি দিয়ে। এই দুখন ছবিৰ সাফল্যৰ পিচত এতিয়া বহু প্ৰযোজকে ছবিৰ ভিডিঅ’ কেছেট ৰিলিজ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পূৰ্বতেই উল্লেখ কৰিছোঁ, টিভিৰ আক্ৰমণৰ কালছোৱাত ‘মেইণ্টেনেন্স’ৰ অভাৱত বহু চিত্ৰগৃহৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ৰাজশ্ৰীয়ে ছবিখন ৰিলিজ কৰাৰ আগতে নিৰ্বাচিত চিত্ৰগৃহবোৰ পুনৰ নতুনকৈ সজাই-পৰাই লৈছিল, বহু চিত্ৰগৃহ শীত-তাপ নিয়ন্ত্ৰিত কৰি লোৱা হৈছিল। দৰ্শকক পূৰ্ণ বিনোদন দিয়াৰ সকলো ব্যৱস্থা ছবিৰ [ ৪০ ] পৰিবেশকে কৰি লৈছিল।
‘প্ৰেম’ ছবি প্ৰযোজকে বীণ কাপুৰেও পিচত এই কাৰ্যৰ যুক্তিযুক্ততা স্বীকাৰ কৰিছিল। ‘প্ৰেম’ ছবিখনে আশানুৰূপ সাফল্য লাভ নকৰাৰ অন্যতম কাৰণ হিচাবে তেওঁ চিত্ৰগৃহৰ দুৰৱস্থাৰ কথা আঙুলিয়াই দিছিল। তেওঁ কৈছিল যে প্ৰায়বোৰ চহৰৰ শ্ৰেষ্ঠ চিত্ৰগৃহটোত ৰাজশ্ৰীৰ ‘হাম আপকে হ্যে কৌন’ চলি আছে। এই ছবিখনে চিত্ৰগৃহৰ পৰা সোনকালে লৰচৰ কৰাৰ আশা নাই, গতিকে তুলনামূলকভাৱে বেয়া চিত্ৰগৃহবোৰত ‘প্ৰেম’ ছবিখন ৰিলিজ নকৰি উপায় নাই। বনি কাপুৰৰ যুক্তিত একপক্ষীয় ভাব থাকিলেও তেওঁ এইটোও স্বীকাৰ কৰি লৈছে যে প্ৰেক্ষাগৃহৰ দুৰৱস্থাও ছবিৰ দৰ্শক কমাৰ অন্যতম প্ৰধান কাৰণ সমূহৰ এটা।
‘এ.টি.এন.’ৰ ‘ফিল্মি পঞ্চায়ত’ নামৰ অনুষ্ঠানটোত আমোল পালেকাৰে ৰাজশ্ৰীৰ অন্যতম পৰিচালক কমলকুমাৰ বৰজাত্যক সুধিছিল- ‘হাম আপেকে হ্যে কৌন’ ৰিলিজ কৰাৰ সময়ত আপুনি পৰম্পৰাগত পদ্ধতি বাদ দি নতুন ধৰণৰ পদ্ধতিৰ সহায় লৈছিল। এই পদ্ধতিয়ে আপোনাক কিমান সহায় কৰিছিল?’ উত্তৰত কমলকুমাৰ বৰজাত্যই কৈছিল- ‘ছবি এখনৰ মেৰিট প্ৰথম কথা, কিন্তু মই প্ৰয়োগ কৰা কৌশল— কম প্ৰিণ্ট ৰিলিজ কৰা, ভিডিঅ’ কেছেট ৰিলিজ নকৰা, চিত্ৰগৃহবোৰ নতুনকৈ সজাই তোলা আদি কামে দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছিল।’
এই চমু আলেচনাৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে চিত্ৰগৃহলৈ দৰ্শক ঘূৰি আহিছে। কিন্তু এই ওভতনি কাৰ্য কিবা এক অলৌকিক শক্তিৰ ফল নহয়— ই হ’ল চিত্ৰনিৰ্মাতা আৰু পৰিবেশকসকলৰ চিন্তা-বুদ্ধি আৰু কৰ্মৰ ফচল।
এই আলোচনা আছিল হিন্দী ছবিৰ মাজতেই আবদ্ধ। এই একেই
কথা অসমীয়া ছবিৰ ক্ষেত্ৰত কিমান প্ৰযোজ্য হৈছে আলচ কৰি
চাওঁ। ব্যৱসায়িক দিশত সফল হিন্দী ছবিৰ সংখ্যা দিনক দিনে দেখা
পাই আহিছে, কিন্তু অসমীয়া ছবিৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতটোহে দেখা
পোৱা গৈছে। কিয়?
[ ৪১ ] যোৱা দুবছৰমান দেখা গৈছে যিমানবোৰ অসমীয়া ছবি সম্পূৰ্ণ হৈছে
তাৰ অধিকাংশ ছবিয়েই গহীন বিষয়ৰ ছবি। এই ছবিবোৰে প্ৰেক্ষাগৃহত
আত্মপ্ৰকাশ কৰা নাই, কিন্তু এই ছবিবোৰে আত্মপ্ৰকাশৰ বেলেগ পথ
বাচি লৈছে আৰু তাৰে এখন দুখনে প্ৰযোজকৰ অৰ্থভাণ্ড স্ফীততৰ
কৰি তুলিব নোৱাৰিলেও- মোটামুটিভাবে বিনিয়োগ কৰা টকা ওভোতাই
আনিছে। ব্ৰেক ইভেন পৰ্যায় পোৱা এই ছবিবোৰ কিছুদূৰ ভালদৰে
নিৰ্মিত। নিৰ্মাণ কৌশলৰ দুৰ্বলতাৰ বাবেও কেইখনমান ছবিয়ে আশা
কৰা মতে ভাল ফল প্ৰদৰ্শন কৰিব পৰা নাই।
আমাৰ এই আলোচনা প্ৰেক্ষাগৃহ কেন্দ্ৰীক হোৱা বাবে তেনে ছবিবোৰৰ দৰ্শক প্ৰসংগ আমি ইয়াত আলেচনা নকৰোঁ।
প্ৰেক্ষাগৃহৰ দৰ্শকৰ বাবে যিবোৰ অসমীয়া ছবি নিৰ্মণ কৰা হৈছে, তাৰ অধিকাংশই ভাল ফল প্ৰদৰ্শন কৰিব পৰা নাই। তাৰে বহু ছবি নানা বিধ দুৰ্বলতাৰে আক্ৰান্ত-দৰ্শনৰ আযোগ্য। তেনে ছবিক দৰ্শকে প্ৰত্যাখ্যান কৰাত আচৰিত হ’বলগীয়া একো নাই; বৰং ভালহে লাগিব লাগে। কাৰণ অযোগ্য মানুহৰ অকস্মাৎ উত্থানে নিষ্ঠাবান মানুহৰ প্ৰচেষ্টাক ব্যংগ কৰে।
ব্যৱসায়ৰ সম্ভৱনা থকা ভালেমান ছবিয়েও দৰ্শকৰ পৰা ইপ্সিত আদৰ নোপোৱাৰ কাৰণ কি বাৰু? ইয়াৰ প্ৰধান কাৰণ দুটা- এটা হ’ল পৰিবেশনৰ অসুবিধা আৰু দ্বিতীয়টো হ’ল চিত্ৰগৃহবোৰৰ দুৰৱস্থা।
অসমীয়া ছবিৰ দৰ্শক ব্ৰহ্মপুত্ৰ উপত্যকাতে সীমিত— তাকো এই উপত্যকাৰ কেইখনমান চহাৰৰ মাজতহে। বড়ো আন্দোলনৰ পিচৰ পৰাই বহু ঠাইত অসমীয়া ছবিৰ প্ৰচলন বন্ধ প্ৰায় হৈ গৈছে। এই সুষ্টিমেয় ঠাইৰ দৰ্শকবোৰক সম্পূৰ্ণ সন্তুষ্ট কৰিব পাৰিলেও কম বাজেটৰ একোখন ছবিৰ বিনিয়োগৰ ধন সম্পূৰ্ণ ঘূৰি আহিব পাৰে, লগতে আছে চৰকাৰে ঘুৰাই দিয়া আমোদকৰৰ সম পৰিমাণৰ সাহায্য। কিন্তু এই খিনি দৰ্শকো সম্পূৰ্ণৰূপে অসমীয়া ছবিয়ে নাপায়। ইয়াৰ অন্যতম কাৰণ হ’ল চিত্ৰগৃহৰ বেয়া অৱস্থা। প্ৰতিখন চহৰৰ ভাল ভাল চিত্ৰগৃহবোৰ দখল কৰি থাকে হিন্দী ছবিয়ে, বেয়া চিত্ৰগৃহত মুক্তি লাভ [ ৪২ ] কৰে অসমীয়া ছবিয়ে। এই চিত্ৰগৃহবোৰৰ অৱস্থা, চিত্ৰগৃহৰ চৌপাশে থকা অসামাজিক লোকৰ সমাবেশ আদিয়ে অসমীয়া পৰিয়ালবোৰক চিত্ৰগৃহলৈ অহাত বাধা দিয়ে। অসমীয়া ছবিৰ ব্যৱসায়িক সাফল্যৰ বাবে পৰিয়াল হিচাবে দৰ্শকৰ আগমন হোৱাটো অতি জৰুৰী। অসমীয়া ছবিয়ে মুক্তিলাভ কৰা চিত্ৰগৃহবোৰৰ অৱস্থা ইমানেই বেয়া, অকণমান সংবেদনশীল লোকেও নিজৰ পৰিয়ালক লৈ সেইবোৰ চিত্ৰগৃহলৈ যাবলৈ কুণ্ঠিত হয়। এই অৱস্থাৰ উন্নতি নোহোৱালৈকে অসমীয়া ছবিৰ দৰ্শক প্ৰেক্ষাগৃহলৈ উভতি অহাৰ আশা কম। আনহাতে এইটোও সত্য যে অসমীয়া ছবিয়ে অনা-অসমীয়া দৰ্শকক অকৰ্ষণ কৰিব পৰা নাই। অকল নিশাৰ দৰ্শনীৰ তৃতীয় শ্ৰেণীৰ দৰ্শকৰ কথা কোৱা নাই, সামগ্ৰিক ভাৱে অনা-অসমীয়া দৰ্শকৰ কথা কৈছোঁ। ছবিৰ মানেই একমাত্ৰ কাৰণ নহয়, উপযুক্ত প্ৰচাৰৰ অভাৱো ইয়াৰ এটা কাৰণ।
অসমীয়া ছবিয়ে দৰ্শক নোপোৱাৰ আন এটা কাৰণ হ’ল পৰিবেশনৰ ক্ৰুটী। ছবিৰ পৰিবেশন ব্যৱসায়টো অসমত মাত্ৰ কেইজনমান পৰিবেশকৰ কুক্ষিত। তেওঁলোকে অসমীয়া ছবি এখন সকলো ঠাইতে ৰিলিজ হোৱাটো নিবিচাৰে। মাত্ৰ কেইখনমান ঠাইতে অসমীয়া ছবিখন চলাই তাক বাকচত বন্দী কৰি পেলাই থৈ দিয়ে।
ইয়াৰ কাৰণ হ’ল পৰিবেশকসকলে হিন্দী ছবিৰ পৰিবেশন স্বত্ব ক্ৰয় কৰাৰ বাবে বহু টকা বিনিয়োগ কৰে। সেই টকা সংগ্ৰহ কৰাৰ বাবে হিন্দী ছবিৰ প্ৰদৰ্শনত অধিক মনোযোগ দিয়ে। অসমীয়া ছবি পৰিবেশনৰ বাবে পৰিবেশকে কোনো অৰ্থ বিনয়োগ কৰাৰ প্ৰয়োজন নাই। প্ৰযোজকেই সকলোখিনি অৰ্থ বিনিয়োগ কৰে। নিজৰ অৰ্থ বিনিয়োগ নহয় বাবেই পৰিবেশকে অসমীয়া ছবিৰ প্ৰতি মনোযোগ নিদিয়ে। যিসকল ব্যৱসায়ী অকল টকা ঘটাৰ প্ৰতিয়েই দায়বদ্ধ তেনেকুৱা ব্যৱসায়ীৰ পৰা সহানুভূতিসূচক দৃষ্টি আশা কৰা উচিত নহয়।
পৰিবেশকসকলৰ ভাষ্য হ’ল- অসমীয়া ছবিৰ দৰ্শক নাই বাবেই তেওঁলোকে অসমীয়া ছবিৰ প্ৰদৰ্শন নকৰে। কথাটোৰ সত্যতা খুব বেছি আছে বুলি ক’ব নোৱাৰি। প্ৰতিখন হিন্দী ছবিয়েই ‘মোহৰা’, ‘হাম আপকে হ্যে কৌন’ বা ‘বেম্বে’ নহয়। এখন সাধাৰণ মানৰ [ ৪৩ ] হিন্দী ছবিয়ে গড়ে যিমান দৰ্শক পায়- অসমীয়া ছবি একোখনেও তাতকৈ খুব কম দৰ্শক নাপায়। চিত্ৰগৃহবোৰলৈ চালে আমি দেখা পাম সাধাৰণ মানৰ হিন্দী ছবি একোখন যিমান দৰ্শকৰ উপস্থিতিতো চলোৱা হয়, অসমীয়া ছবি একোখন সিমান সংখ্যক দৰ্শকত চলোৱা নহয়। অসমীয়া ছবি ‘ৰি-ৰান’ অৰ্থাৎ দ্বিতীয়বাৰ প্ৰদৰ্শন কৰাৰ অকণো উৎসাহ কাৰো নাথাকে। কিন্তু পৰিবেশক এজন যেতিয়া ছবি এখনৰ প্ৰযোজক হয় তেন্তে তেওঁ অসমীয়া ছবি এখনো যিমান পাৰে সিমান চলায়।
একোখন হিন্দী চিনেমা হিট হোৱাৰ অৰ্থ হ’ল এজন দৰ্শকে ছবিখন একাধিকবাৰ চাব লাগিব। সাধাৰণভাবে চলা ছবিবোৰ দৰ্শকে এবাৰেই চায়। এই এবাৰ চোৱা দৰ্শকসকল নিয়মিত দৰ্শক- যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেক্ষাগৃহবোৰ চলি থাকে এওঁলোকৰ বাবে ছবিৰ মান বা বিশেষত্ব বিশেষ জৰুৰী বিষয় নহয়, ছবি চোৱাটো এওঁলোকৰ অভ্যাস। অসমীয়া ছবিৰ ক্ষেত্ৰত এতিয়াও এনে দৰ্শক গোষ্ঠী গঢ় লৈ উঠা নাই। অসমীয়া ছবিৰ অনিয়মিত নিৰ্মাণ আৰু অনিয়মিত ৰিলিজে এনে দৰ্শকৰ সৃষ্টি হ’বলৈ দিয়া নাই। তুলনামূলকভাবে দেখা পাওঁ ভ্ৰাম্যমান থিয়েটাৰে তেওঁলোকৰ নিজস্ব দৰ্শক এচাম গঢ়ি ল’বলৈ সক্ষম হৈছে যাৰ ফলত অনিনেতা-অভিনেত্ৰী, নাটক আদি ঠিক হোৱাৰ আগতেই বছৰটোৰ বাবে থিয়েটাৰৰ প্ৰদৰ্শন নিৰ্দিষ্ট হৈ যায়। এই ধৰণৰ পেছাদাৰী দক্ষতাৰ এক শতাংশও অসমীয়া ছবিজগতত (বিনোদন চিত্ৰজগত) বিচাৰি পাবলৈ নাই।
অসমীয়া ছবিৰ প্ৰতি পৰিবেশকৰ যি শক্ৰসদৃশ আচৰণ, তাৰ একমাত্ৰ বিকল্প হ’ল চিত্ৰ পৰিবেশনৰ অন্য পথৰসন্ধান কৰা। ডঃ ভবেন্দ্ৰনাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ ছবিৰ প্ৰদৰ্শনৰ বাবে এনেকুৱা বিকল্প পথ বাচি উলিয়াইছিল- ছবিখনৰ প্ৰদৰ্শনৰ দায়িত্ব তেওঁ নিজেই লৈছিল। ব্যৱসায় সফল ছবিৰ বাবে এনে বিকল্প পথ সফল বুলি প্ৰমাণিত হ’ব পাৰে।
পুনৰ জনপ্ৰিয় ছবিৰ কথালৈ উভতি আহোঁ। এতিয়াৰ যিবোৰ হিন্দী ছবি হিট হৈছে- সেই আটাইবোৰ ছবিৰেই নিৰ্মাণ কৌশলৰ দক্ষতা আৰু দৰ্শক চিত্ত বিনোদিত কৰিব পৰা ক্ষমতাৰ তুলনা নাই। সি ‘হাম আপকে হ্যে কৌন’ৰ দৰে মিউজিকেল ছবিয়েই হওক বা [ ৪৪ ] ‘মোহৰা’ৰ দৰে ভায়লেন্স সৰ্বস্ব ছবিয়েই হওক বা ‘কৰণ অৰ্জুন’ৰ দৰে যৌনতা প্ৰধান ছবিয়েই হওক। ছেক্স-ভায়োলেন্স বা মিউজিক- আটাইবোৰ উপাদানেই দৰ্শকে সমানেই গ্ৰহণ আৰু হজম কৰে। কথা হ’ল পৰিবেশন পদ্ধতি।
অসমীয়া ছবিৰ পৰিবেশন পদ্ধতিত পৰিবৰ্তন আনিব বিচৰা হৈছে, কিন্তু তাত কোনো চিন্তা-ভাৱনা নাই, পেছাদাৰী দক্ষতা নাই। এই দিশবোৰৰ প্ৰতি নিৰ্মাতা সচেতন নহ’লে দৰ্শকে সেই ছবিবোৰ প্ৰত্যাখ্যান কৰিবই - ই সৰল সত্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।