এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 যোৱা দুবছৰমান দেখা গৈছে যিমানবোৰ অসমীয়া ছবি সম্পূৰ্ণ হৈছে তাৰ অধিকাংশ ছবিয়েই গহীন বিষয়ৰ ছবি। এই ছবিবোৰে প্ৰেক্ষাগৃহত আত্মপ্ৰকাশ কৰা নাই, কিন্তু এই ছবিবোৰে আত্মপ্ৰকাশৰ বেলেগ পথ বাচি লৈছে আৰু তাৰে এখন দুখনে প্ৰযোজকৰ অৰ্থভাণ্ড স্ফীততৰ কৰি তুলিব নোৱাৰিলেও- মোটামুটিভাবে বিনিয়োগ কৰা টকা ওভোতাই আনিছে। ব্ৰেক ইভেন পৰ্যায় পোৱা এই ছবিবোৰ কিছুদূৰ ভালদৰে নিৰ্মিত। নিৰ্মাণ কৌশলৰ দুৰ্বলতাৰ বাবেও কেইখনমান ছবিয়ে আশা কৰা মতে ভাল ফল প্ৰদৰ্শন কৰিব পৰা নাই।

 আমাৰ এই আলোচনা প্ৰেক্ষাগৃহ কেন্দ্ৰীক হোৱা বাবে তেনে ছবিবোৰৰ দৰ্শক প্ৰসংগ আমি ইয়াত আলেচনা নকৰোঁ।

 প্ৰেক্ষাগৃহৰ দৰ্শকৰ বাবে যিবোৰ অসমীয়া ছবি নিৰ্মণ কৰা হৈছে, তাৰ অধিকাংশই ভাল ফল প্ৰদৰ্শন কৰিব পৰা নাই। তাৰে বহু ছবি নানা বিধ দুৰ্বলতাৰে আক্ৰান্ত-দৰ্শনৰ আযোগ্য। তেনে ছবিক দৰ্শকে প্ৰত্যাখ্যান কৰাত আচৰিত হ’বলগীয়া একো নাই; বৰং ভালহে লাগিব লাগে। কাৰণ অযোগ্য মানুহৰ অকস্মাৎ উত্থানে নিষ্ঠাবান মানুহৰ প্ৰচেষ্টাক ব্যংগ কৰে।

 ব্যৱসায়ৰ সম্ভৱনা থকা ভালেমান ছবিয়েও দৰ্শকৰ পৰা ইপ্সিত আদৰ নোপোৱাৰ কাৰণ কি বাৰু? ইয়াৰ প্ৰধান কাৰণ দুটা- এটা হ’ল পৰিবেশনৰ অসুবিধা আৰু দ্বিতীয়টো হ’ল চিত্ৰগৃহবোৰৰ দুৰৱস্থা।

 অসমীয়া ছবিৰ দৰ্শক ব্ৰহ্মপুত্ৰ উপত্যকাতে সীমিত— তাকো এই উপত্যকাৰ কেইখনমান চহাৰৰ মাজতহে। বড়ো আন্দোলনৰ পিচৰ পৰাই বহু ঠাইত অসমীয়া ছবিৰ প্ৰচলন বন্ধ প্ৰায় হৈ গৈছে। এই সুষ্টিমেয় ঠাইৰ দৰ্শকবোৰক সম্পূৰ্ণ সন্তুষ্ট কৰিব পাৰিলেও কম বাজেটৰ একোখন ছবিৰ বিনিয়োগৰ ধন সম্পূৰ্ণ ঘূৰি আহিব পাৰে, লগতে আছে চৰকাৰে ঘুৰাই দিয়া আমোদকৰৰ সম পৰিমাণৰ সাহায্য। কিন্তু এই খিনি দৰ্শকো সম্পূৰ্ণৰূপে অসমীয়া ছবিয়ে নাপায়। ইয়াৰ অন্যতম কাৰণ হ’ল চিত্ৰগৃহৰ বেয়া অৱস্থা। প্ৰতিখন চহৰৰ ভাল ভাল

চিত্ৰগৃহবোৰ দখল কৰি থাকে হিন্দী ছবিয়ে, বেয়া চিত্ৰগৃহত মুক্তি লাভ

৪১