এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হিন্দী ছবিয়ে গড়ে যিমান দৰ্শক পায়- অসমীয়া ছবি একোখনেও তাতকৈ খুব কম দৰ্শক নাপায়। চিত্ৰগৃহবোৰলৈ চালে আমি দেখা পাম সাধাৰণ মানৰ হিন্দী ছবি একোখন যিমান দৰ্শকৰ উপস্থিতিতো চলোৱা হয়, অসমীয়া ছবি একোখন সিমান সংখ্যক দৰ্শকত চলোৱা নহয়। অসমীয়া ছবি ‘ৰি-ৰান’ অৰ্থাৎ দ্বিতীয়বাৰ প্ৰদৰ্শন কৰাৰ অকণো উৎসাহ কাৰো নাথাকে। কিন্তু পৰিবেশক এজন যেতিয়া ছবি এখনৰ প্ৰযোজক হয় তেন্তে তেওঁ অসমীয়া ছবি এখনো যিমান পাৰে সিমান চলায়।

 একোখন হিন্দী চিনেমা হিট হোৱাৰ অৰ্থ হ’ল এজন দৰ্শকে ছবিখন একাধিকবাৰ চাব লাগিব। সাধাৰণভাবে চলা ছবিবোৰ দৰ্শকে এবাৰেই চায়। এই এবাৰ চোৱা দৰ্শকসকল নিয়মিত দৰ্শক- যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেক্ষাগৃহবোৰ চলি থাকে এওঁলোকৰ বাবে ছবিৰ মান বা বিশেষত্ব বিশেষ জৰুৰী বিষয় নহয়, ছবি চোৱাটো এওঁলোকৰ অভ্যাস। অসমীয়া ছবিৰ ক্ষেত্ৰত এতিয়াও এনে দৰ্শক গোষ্ঠী গঢ় লৈ উঠা নাই। অসমীয়া ছবিৰ অনিয়মিত নিৰ্মাণ আৰু অনিয়মিত ৰিলিজে এনে দৰ্শকৰ সৃষ্টি হ’বলৈ দিয়া নাই। তুলনামূলকভাবে দেখা পাওঁ ভ্ৰাম্যমান থিয়েটাৰে তেওঁলোকৰ নিজস্ব দৰ্শক এচাম গঢ়ি ল’বলৈ সক্ষম হৈছে যাৰ ফলত অনিনেতা-অভিনেত্ৰী, নাটক আদি ঠিক হোৱাৰ আগতেই বছৰটোৰ বাবে থিয়েটাৰৰ প্ৰদৰ্শন নিৰ্দিষ্ট হৈ যায়। এই ধৰণৰ পেছাদাৰী দক্ষতাৰ এক শতাংশও অসমীয়া ছবিজগতত (বিনোদন চিত্ৰজগত) বিচাৰি পাবলৈ নাই।

 অসমীয়া ছবিৰ প্ৰতি পৰিবেশকৰ যি শক্ৰসদৃশ আচৰণ, তাৰ একমাত্ৰ বিকল্প হ’ল চিত্ৰ পৰিবেশনৰ অন্য পথৰসন্ধান কৰা। ডঃ ভবেন্দ্ৰনাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ ছবিৰ প্ৰদৰ্শনৰ বাবে এনেকুৱা বিকল্প পথ বাচি উলিয়াইছিল- ছবিখনৰ প্ৰদৰ্শনৰ দায়িত্ব তেওঁ নিজেই লৈছিল। ব্যৱসায় সফল ছবিৰ বাবে এনে বিকল্প পথ সফল বুলি প্ৰমাণিত হ’ব পাৰে।

 পুনৰ জনপ্ৰিয় ছবিৰ কথালৈ উভতি আহোঁ। এতিয়াৰ যিবোৰ হিন্দী ছবি হিট হৈছে- সেই আটাইবোৰ ছবিৰেই নিৰ্মাণ কৌশলৰ দক্ষতা আৰু দৰ্শক চিত্ত বিনোদিত কৰিব পৰা ক্ষমতাৰ তুলনা নাই।

সি ‘হাম আপকে হ্যে কৌন’ৰ দৰে মিউজিকেল ছবিয়েই হওক বা

৪৩