এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনেমাৰ দৰ্শক

 

 দূৰদৰ্শনৰ ব্যাপক প্ৰচলন, ভিচিপি-ভিচিআৰৰ আধিক্য, ভিডিঅ' কেছেটৰ জনপ্ৰিয়তা আদিয়ে হিন্দী ছবিৰ দৰ্শকৰ সংখ্যা বঢ়াই তুলিছিল। কিন্তু সেই দৰ্শক আছিল ড্ৰইংৰূমৰ ভিতৰৰ। ছবি চোৱাৰ নতুন আহিলাবোৰৰ প্ৰচলনে এই নতুন দৰ্শক বঢ়াই তোলাৰ লগতে পুৰণি দৰ্শকবোৰকো প্ৰেক্ষাগৃহৰ পৰা টানি আনি ড্ৰইংৰূমত বহুৱাই দিছিলহি। ফলস্বৰূপে হিন্দী আৰু আঞ্চলিক ছবিৰ নিৰ্মাতাসকল ভয়ত ত্ৰস্তমান হ’বলগীয়া হৈছিল।

 এতিয়া এই ভয় কিছু পৰিমাণে নাইকিয়া হৈছে। দৰ্শক প্ৰেক্ষাগৃহলৈ ঘূৰি আহিছে। ‘মোহৰা’, ‘হম আপকে হ্যে কৌন, ‘বোম্বে’, ‘কৰণ- অৰ্জুন’ আদি ছবিৰ সাফল্যই চিত্ৰনিৰ্মতাসকলৰ মুখলৈ পানী আনিছে। এতিয়া আকাশ চানি ধৰিছে উপগ্ৰহীয় টেলিভিছনৰ ব্যাপক ৰাজসূয় যজ্ঞই। এই আটাইবোৰ চেনেলতেই চিনেমা ভিত্তিক অনুষ্ঠানৰ আধিক্য। জি টি ভিয়ে কেবল চিনেমা প্ৰদৰ্শনৰেই এটা চেনেল মুকলি কৰিছে, দূৰদৰ্শনেও ‘মুভিক্লাব’ নামৰ চেনেল এটিৰে দৈনিক তিনি- চাৰিখন চিনেমা প্ৰদৰ্শন কৰিছে, ‘এ. টি.এন’—এ দিনটোত দুখন চিনেমা আৰু বাকী সময়ত চিনেমাৰ গীতেই প্ৰদৰ্শন কৰে। তাৰ পিচতো চিনেমা হলৰ দৰ্শকৰ সংখ্যা কমা নাই। ইয়াৰ কাৰণ কি বাৰু?

 টেলিভিছনৰ আগমনে দৰ্শকক যে চিত্ৰগৃহলৈ যাবলৈ অনিচ্ছুক কৰি তুলিছিল তাৰ প্ৰধান কাৰণ আছিল নতুন মাধ্যমটিয়ে দৰ্শকক দিব পৰা চমক। এই চমকৰ মায়াজাল আঁতৰি গ’ল। চিনেমাৰ দৰ্শক পুনৰ চিনেমা ঘৰলৈ উভতি গ’ল। অৱশ্যে এইটো ঠিক যে টি ভিৰ আক্ৰমণ পূৰ্ণকালীনভাৱে চলি থকা সময়ত চিত্ৰগৃহত দৰ্শকৰ সংখ্যা ইমান কমি গৈছিল যে বহু চিনেমা হলৰ স্বত্ত্বাধিকাৰীয়ে চিনেমাহল বিলাক পৰিষ্কাৰ- পৰিচ্ছন্নকৈ ৰাখিব পৰা নাছিল। এই দিশটোৰ কথা পিচত আলোচনা কৰিম। প্ৰথমেই আলোচনা কৰোঁ প্ৰেক্ষাগৃহলৈ দৰ্শক উভতি অহা অইন কাৰণসমূহ।