এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 প্ৰেক্ষাগৃহত দৰ্শক কমি যোৱাৰ লগে লগে কিছুসংখ্যক চিত্ৰনিৰ্মাতাই এনেকুৱা কৌশল আৱিস্কাৰৰ সন্ধানত ব্ৰতী হ’ল যিবোৰ কৌশলৰ প্ৰয়োগত দৰ্শকে ছবি এখন সৰু পৰ্দাত উপভোগ কৰিবলৈ সক্ষম নহয়। তেনেকুৱা কেইটিমান কৌশল হ’ল- বিশাল কেনভাছৰ প্ৰচুৰ জাকজমকতাপূৰ্ণ ছবি নিৰ্মাণ- টিভিৰ সৰু পৰ্দাত যাৰ আবেদন প্ৰায় শূণ্য হৈ পৰে, ছাঁ-পোহৰৰ সূক্ষ্ম প্ৰয়োগ, ডিফিউজ পোহৰৰ অধিক ব্যৱহাৰ- যাৰ বাবে সৰু পৰ্দাত ছবিবোৰ নিস্প্ৰাণ হৈ পৰা, চিনেমাস্কোপৰ দৰে বহল ফ্ৰেমত চৰিত্ৰবোৰৰ একেবাৰে সোঁ বা বাওঁপিনে ৰখা কম্পোজিচন যাৰ বাবে ছবিৰ ভিডিঅ’ ৰূপান্তৰৰ সময়ত দুই কাষৰ চৰিত্ৰবোৰ অদৃশ্য হৈ পৰে (সুভাষ ঘাইৰ ‘কৰ্মা’ আৰু পংকজ পৰাশৰৰ ‘জলৱা’ ছবি ইয়াৰ সাৰ্থক উদাহৰণ) ইত্যাদি। আজিৰ পৰা দহ-বাৰ বছৰ আগৰ আৰু এতিয়াৰ ছবিবোৰৰ দুখনমান লৈ টিভিৰ পৰ্দাত চলাই আমি নিৰ্মাণ কৌশলৰ পাৰ্থক্য সহজেই ধৰা পেলাব পাৰিম। আগৰ ছবিবোৰত ছাঁ-পোহাৰৰ বৈপৰীত্য ইমান প্ৰকট হৈছিল যে টিভিৰ পৰ্দাত সেই ছবিবোৰ নিষ্পাণ হৈ পৰা নাছিল। আজিৰ দিন প্ৰায় আটাইবোৰ ছাঁ-পোহৰৰ খেলা ইমান মসৃণ আৰু কোমল ধৰণে কৰা হয় যে টিভিৰ পৰ্দাত ছবিবোৰৰ বেছিভাগেই দেখা নাযায়। অৱশ্যে ‘হাম আপকে হে কৌন’ ছবিৰ বহিৰ্দৃশ্যবোৰ এই উদাহৰণৰ বাহিৰত ৰৈ যাব।

 আৰু এটা কথা এইখিনেতেই উল্লেখ কৰিব লাগিব যে চিনেমা হলত ছবি চোৱাৰ যি সামূহিক অভিজ্ঞতাৰ আনন্দ আছে, তাক টিভিৰ পদাত পোৱা নাযায়। চিনেমাৰ যাদুকৰী প্ৰভৱে টিভিৰ পৰ্দাত শূন্য হৈ পৰে। সেয়ে বিনোদনৰ বাবে ছবি চোৱা দৰ্শকসকল প্ৰেক্ষাগৃহলৈ উভতি যাবলৈ বাধ্য হ’ল।

 টেলিভিছনৰ ব্যাপক চিনেমা প্ৰদৰ্শনে দৰ্শকৰ ৰুচিবোধ ভালেখিনি সলনি কৰি দিলে। প্ৰথম পৰিবৰ্তন হ’ল— পাৰিবাৰিক আৰু ঠেক গভীৰ কাহিনীৰ সলনি দৰ্শকে বিশাল আয়োজন চাবলৈ ভালপোৱা হ’ল (‘হাম আপকে হ্যে কৌন’ অৱশ্যেই ব্যতিক্ৰম- তাৰ কথা পিছত),

কাৰিকৰী উৎকৰ্ষতাৰ প্ৰতি দৰ্শক সচেতন হে পৰিল, টিভিৰ অলেখ

৩৬