এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিবেশকে কৰি লৈছিল।

 ‘প্ৰেম’ ছবি প্ৰযোজকে বীণ কাপুৰেও পিচত এই কাৰ্যৰ যুক্তিযুক্ততা স্বীকাৰ কৰিছিল। ‘প্ৰেম’ ছবিখনে আশানুৰূপ সাফল্য লাভ নকৰাৰ অন্যতম কাৰণ হিচাবে তেওঁ চিত্ৰগৃহৰ দুৰৱস্থাৰ কথা আঙুলিয়াই দিছিল। তেওঁ কৈছিল যে প্ৰায়বোৰ চহৰৰ শ্ৰেষ্ঠ চিত্ৰগৃহটোত ৰাজশ্ৰীৰ ‘হাম আপকে হ্যে কৌন’ চলি আছে। এই ছবিখনে চিত্ৰগৃহৰ পৰা সোনকালে লৰচৰ কৰাৰ আশা নাই, গতিকে তুলনামূলকভাৱে বেয়া চিত্ৰগৃহবোৰত ‘প্ৰেম’ ছবিখন ৰিলিজ নকৰি উপায় নাই। বনি কাপুৰৰ যুক্তিত একপক্ষীয় ভাব থাকিলেও তেওঁ এইটোও স্বীকাৰ কৰি লৈছে যে প্ৰেক্ষাগৃহৰ দুৰৱস্থাও ছবিৰ দৰ্শক কমাৰ অন্যতম প্ৰধান কাৰণ সমূহৰ এটা।

 ‘এ.টি.এন.’ৰ ‘ফিল্মি পঞ্চায়ত’ নামৰ অনুষ্ঠানটোত আমোল পালেকাৰে ৰাজশ্ৰীৰ অন্যতম পৰিচালক কমলকুমাৰ বৰজাত্যক সুধিছিল- ‘হাম আপেকে হ্যে কৌন’ ৰিলিজ কৰাৰ সময়ত আপুনি পৰম্পৰাগত পদ্ধতি বাদ দি নতুন ধৰণৰ পদ্ধতিৰ সহায় লৈছিল। এই পদ্ধতিয়ে আপোনাক কিমান সহায় কৰিছিল?’ উত্তৰত কমলকুমাৰ বৰজাত্যই কৈছিল- ‘ছবি এখনৰ মেৰিট প্ৰথম কথা, কিন্তু মই প্ৰয়োগ কৰা কৌশল— কম প্ৰিণ্ট ৰিলিজ কৰা, ভিডিঅ’ কেছেট ৰিলিজ নকৰা, চিত্ৰগৃহবোৰ নতুনকৈ সজাই তোলা আদি কামে দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছিল।’

 এই চমু আলেচনাৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে চিত্ৰগৃহলৈ দৰ্শক ঘূৰি আহিছে। কিন্তু এই ওভতনি কাৰ্য কিবা এক অলৌকিক শক্তিৰ ফল নহয়— ই হ’ল চিত্ৰনিৰ্মাতা আৰু পৰিবেশকসকলৰ চিন্তা-বুদ্ধি আৰু কৰ্মৰ ফচল।

 এই আলোচনা আছিল হিন্দী ছবিৰ মাজতেই আবদ্ধ। এই একেই কথা অসমীয়া ছবিৰ ক্ষেত্ৰত কিমান প্ৰযোজ্য হৈছে আলচ কৰি চাওঁ। ব্যৱসায়িক দিশত সফল হিন্দী ছবিৰ সংখ্যা দিনক দিনে দেখা পাই আহিছে, কিন্তু অসমীয়া ছবিৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতটোহে দেখা পোৱা গৈছে। কিয়?


৪০