কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/দশম সৰ্গ

[ ১০৮ ]
দশম সৰ্গ।
⸻⸺

“⸺O Conspiracy!
Sham'st thou to show thy dangerous brow by night,
When evils are most free? O, then, by day
Where wilt thou find a cavern dark enough
To mask thy monstrous visage?"
                                  ⸺Shakespeare

 গউৰ নগৰ  অতি মনোহৰ
   দেখিলে সন্তোষ মন।
 কিনাে চাবা ঘৰ,   কি চাবা দুৱাৰ
   কি চাবা ফুলনী বন॥
 বাটৰ কাষত   সাৰি সাৰি গছ
   দাল ভৰি ভৰি ফুলে।
 কিনাে চাবা দাল   কিনাে চাবা পাত
   বতাহত হালে জুলে॥
 ৰাজ-সভা খনি   কিনাে চাই যাব,
   দেখিয়ে দুচকু তধা!
 প্ৰতি খুটাটীতে   শোভে ফুল-মালা
   ‘ৰেচেমী' দোলেৰে গঁথা!
 ওপৰে ঢাকিছে   বগা চন্দ্ৰতাপে
   ইন্দ্ৰজালে চাৰু কাষে॥
 তলে দি শােভিছে   দলিছা-বানতে

[ ১০৯ ]

  মিহি পাটী আশে-পাশে॥
এনুৱা সভাত   বহিছে নবাব (১)
  চাৰিওকাষে ‘উজিৰ'।
ৰাজনীতি সবে   কৰে আলােচনা
  কৰি মণ প্ৰাণ থিৰ॥
এনেতে দুৱৰী আহি কৰিলে চেলাম
তাৰ পাছে ধীৰে ধীৰে বুলিব ধৰিলে,—
খোদাবাণ্ডা! কমতাৰ ৰাজমন্ত্ৰী আহি
আছে দুৱাৰতে ৰই, আনো আজ্ঞা দিলে।
হুজুৰে সইতে দেখা হবৰ কাৰণে
অকলে অকলে তেওঁ আহিছে ইয়াত,
আজ্ঞা পালে আনো মাতি ৰাজসভালঁকে;
কৰিবহি পাৰে তেওঁ ইয়াতে সাক্ষাত।”
“মাতি আনা তেনেহলে এই সভালকে
দুৱৰীক ধীৰে ধীৰে নবাবে বুলিলে, :
“ইয়াতেই তেৱে সতে কথা বাত্ৰা হওঁ,
অকস্মাতে গৌৰলই কিয়নো আহিলে।”
এই বুলি মনে মনে থাকিলে নবাব,
দুৱৰী মন্ত্ৰীক আহি নিলে সুমুৱাই,
মন্ত্ৰীও সােমাই গল ধীৰে সভালই,
বিষাদৰ চকুপানী ধাৰি উলিয়াই।
“বিষাদিত কিয় মন্ত্ৰী শুধিছে নবাবে
কিয় চকু পানী অজি টোকা দুচকুত?
আহিলা গৌৰলৈ কিয় অকলে অকলে?

[ ১১০ ]

কি দুখ মনত মন্ত্ৰী? জ্বলিছে বুকুত
কেনুৱা শােকৰ জুই? অৱস্থা ৰাজ্যৰ
কোৱাঁ কেনেকুৱা? ৰজা আছে নে কুশলে?
আছে ভালে সকলােটী ঘৰতাে তােমাৰ?
কিন্তু, কি শােকত আজি চকুপানী বলে?
“নবাব চাহাব!” ধীৰে বুলিলে মন্ত্ৰীয়ে,
“কিনাে কম আৰু হায়! ঘৰৰ কুশল?
তুলিছিলাে এটা ল'ৰা তাকে হেৰুৱালো!
অকালত সিও মােক এৰি গুছি গ'ল!”
এই বুলি শােকে মন্ত্ৰী কান্দিৰ ধৰিলে,
চকুৰ চকুলো টুকি, (বাপেকিৰ মন!)
“কিনো হইছিলে মন্ত্ৰী?” শুধিলে নবাবে,
“কি ৰােগত তিয়াগিলে পুতেৰে জীৱণ?”
নাই হােৱা একো তাৰ, নবাব চাহাব!
পাপীষ্ঠ ৰজাই তাক কটালে মিছাত!
অদোষত; সেই বুলি জ্বলিছে অগণি
পুৰি দেই আজি মােৰ ব্যাকুল হিয়াত।
ঘােৰ অত্যাচাৰী হ'ল নীলাম্বৰ ৰজা,
উপদ্ৰৱ কৰে নিতে মিছাতে প্ৰজাক।
আঁতৰিলে শান্তিদেবী নগৰৰ পৰা;
হৰিলেহি ক'লা মেঘে সুখৰ জোনাক।
মিছা অত্যাচাৰ আৰু সহিব নােৱাৰি,
সকলাে প্ৰজাই মােক দিছে পঠিয়াই,
অশেষ মিনতি সতে জনাব তােমাত,

[ ১১১ ]

ৰাখিব কমতাপুৰ নতু ধ্বংশ পায়।
“তোমাৰ নিজৰ ৰজা কৰে উপদ্ৰৱ,
বুলিলে নবাৰে ধীৰে মন্ত্ৰীলই চাই,
“কি কৰি বাধিম মই? কিৰূপে ৰাখিম
উপদ্ৰৱ পৰা মন্ত্ৰী! হাত সৰুৱাই?”
“নবাব চাহাব।” ধীৰে বুলিলে মন্ত্ৰী,
“কিয় নােৱাৰিব? যদি তুমি ইচ্ছা কৰা
ফউজ পঠাই দিয়াঁ সেনাপতি সতে,
কঢ়ি লােৱাঁ ৰাজ্যৰ নীলামৰ পৰা।
অত্যাচাৰী খেন-ৰজা থোৱাঁ বন্দী কৰি,
ৰাজ্যভাৰ লােৱাঁ তুমি নিজ হাতলই
আপুনি চলােৱা ৰাজ্য, নিজে কৰা ভোগ।
কৰা যদি তাকে, তেন্তে ৰাজ্য ৰক্ষা হয়।”
“কমতাৰ সৈন্য সেনা অতি পাৰগত
মন্ত্ৰীলই চাই পুনু-নবাবে বুলিলে,
“আমাৰ ফউজে জয় নােৱাৰে কৰিব;
হ'ব পাছে অতি লজ্জা, যুদ্ধত হাৰিলে।”
“নবাব চাহাব! যুদ্ধ হবই বা ক’ত?
কোনেনো কৰিব ৰণ নীলামৰ হই?
তলে তলে সৈন্য সেনা, সকলােটী প্ৰজা,
সকলোটী নীলামৰ ঘােৰ বিপক্ষই।
তুমি সৈন্য পঠিয়ালে, কিম্বা তুমি গ'লে,
কমতা নগৰ বাসী সকলোটী প্ৰজা
ল'বহি তোমাৰ পক্ষ, কৰিব সহায়।

[ ১১২ ]

তিয়াগিব আপােনাৰ খেনবংশী ৰজা।”
“কি কৰি বিশ্বাস মন্ত্ৰী! কৰিম তােমাক?
পুত্ৰ শোকে তুমি আজি আছা জৰ্জ্জৰিত?
সেই শােক বেজাৰতে জানােবা আহিছা
নিবলই সৈন্য? জানাে, ঘটে বা অহিত?”
“সত্য কৰি কওঁ মই, নবাব চাহাব।”
ধীৰে ধীৰে নবাকক মন্ত্ৰীয়ে বুলিলে,
“সকলো প্ৰজাই মােক দিছে পঠিয়াই;
নীলামৰ অত্যাচাৰে কমতা তৰিলে।
কমতা নগৰ বাসী বিয়াকুল প্ৰাণ,
সহিব কিমান আৰু? নসহে পৰাণ;
সৈন্য পঠিয়াই যদি নাৰাখা প্ৰজাক,
সকলো পলাই যাব এৰি কমতাক।”
 মন্ত্ৰীৰ কথাতে মাতি অনালে নবাবে,
জামাল সেনাপতিক ফউজেৰে স’তে।
ধীৰে ধীৰে ক'লে, "তুমি যােৱাঁহে, জামাল।
কমতাপুৰলৈ এই মন্ত্ৰীৰ লগতে।
নীলাম ৰজাই বােলে ঘােৰ উপদ্ৰৱ
কৰিছে ৰাজ্যত নিজা আপােন প্ৰজাক।
যােৱা তুমি সেনা লই, ৰাজ্য কৰি জয়
গৌৰলই ধৰি বান্ধি আনিবা ৰজাক।
কমতাৰ প্ৰজা আৰু সৈন্য সেনাদিয়ে
কৰিব তােমাক বহু সহায় জামাল!
নকৰি একো শঙ্কা, যােৱাঁ সেনা লই,

[ ১১৩ ]

বেলি নকৰিবা আৰু কৰা সােনকাল।"
নবাবৰ কথা মতে পিন্ধি যুক্ত সাজ
ফউজে সইতে শীঘ্ৰে ওলাল জামাল!
বান্ধি বান্ধি ল’লে জাঠি, পছা, ধেনুকাঁৰ
চক্ মক্ কৰি জ্বলি থকা তৰােৱাল!
মন্ত্ৰীয়ে সৌতে ল'লে কমতাৰ ফালে
গৌৰীয়া সেনাই খােজ ঘোৰ উৎসাহত।
হয় মন্ত্ৰি! কি কৰিলা? চৰাইয়ে যেনে
মাতি আনে কালসৰ্প অপােন বাঁহত;
গৰুড় পখীক যেনে সাপে মাতি নিয়ে
নিজৰে অনিষ্ট হেতু আপােন গাতত;
কি ভেকুলীয়ে যেনে ৰঙ্গে নিয়ে মাতি,
কাল সৰ্প নিজে থকা গভীৰ নাদত।
কি কাম কৰিলা মন্ত্ৰী! এয়ে কি তোমাৰ
সুমন্ত্ৰণা? দেশই শত্ৰুক মাতিলা? .
লাগিছে ভিতৰি হাই আপােন ঘৰত,
শতৰুক দেখুৱাই কিয় আশ দিলা?
ভায়ে-ভাৱে ঘৰতেই যদি লাগে হাই,
মৰ মৰি যত হয়, কৰিব ঘৰত!
পৰে কিন্তু আহি যদি মাৰে কোনােটীক
আনটীৰ সিটো হায়! সহে কি প্ৰাণত?
ইটে-সিটে ভায়ে-ভায়ে কৰে মৰামৰি
সি বুলি এৰি কি দিব পাৰে পৰলই?
মই যত মাৰোঁ, বাৰু মাৰিম ভাইক,

[ ১১৪ ]

আনে যদি মৰা শুনোঁ, সহে কি হৃদয়?
কিম্বা, তুমিনেকি মন্ত্ৰি! হলা বিভীষণ?
ত্ৰেতাযুগে যি কৰিলে ধ্বংশ জ্ঞাতীবােৰ
সংহৰিলে নিজ বংশ; পুত্ৰ আপােনাৰ,
লঙ্কাৰ অতুল শােভা অমিয়া-মধুৰ।
আহা! প্ৰাণ উঠে জ্বলি ভাবিলে সি কথা,
জাতী-দ্ৰোহী বিভিষণে ছল বুদ্ধি কই
সংহৰিলে জ্ঞাতী, বন্ধু লঙ্কা নগৰৰ;
তুমিও কি দেশদ্ৰোহী হলা তেনেকই?
বিভীষণ ধৰ্ম্মী হেননা, কয় সকলােৱে,
জ্ঞাতী হিংসা কেনে ধৰ্ম্ম বুজোঁ কেনেকই?
যদিও বা ধৰ্ম্ম হায়! কিবা আছে কাম?
নৰ'ল জ্ঞাতীয়ে যদি ধৰ্ম্মনাে কেলেই?
তেনেকুৱা লাখ ধৰ্ম্ম পাৰি তিয়াগিব,
জাতীৰ নিমিত্তে, যদি জ্ঞাতী ভালে ৰয়,—
লাখ ধৰ্ম্ম তেনেকুৱা পাৰি এৰি দিব,
দেশৰ মঙ্গল যদি ঘটে কিবা কই।
নালাগে তেনুৱা ধৰ্ম্ম যি ধৰ্ম্ম কৰিলে
জ্ঞাতী বন্ধু পায় নাশ, দেশ আপােনাৰ?
তেনুৱা ধৰম কৰি কিবা হব লাভ?
জ্বলে মাথোঁ পাছে হায়! অগণি হিয়াৰ।
কোৰােধত ভাহি জ্ঞাতী-দ্ৰোহী বিভীষণে
কৰালে সবংশে নাশ বংশ আপােনাৰ;
কিন্তু, কিবা পালে লাভ? পাছে সন্তাপত,

[ ১১৫ ]

টুকিলে জীবন ব্যাপী চকুলো দুধাৰ।
প্ৰতিহিংসা! প্ৰতিহিংসা! প্ৰতিহিংসা হেতু,
আনিছিলে মাতি ‘মান’ আহোম বংশৰ
কোৰোধত অন্ধ বৰ-ফুকনে তাহানি;
কিবা লাভ কিন্তু হায়? কি হ’ল দেশৰ?
পৰে মাথোঁ বুজি ল’লে ভিতৰুৱা বল;
শতুৰুৱে মাথোঁ আশ পালে আহোমৰ!
বাৰে বাৰে আহি ‘মাণে’ লুটি নিলে দেশ;
নিলে যত ধন ৰত্ন ঐশ্বৰ্য্য দেশৰ!
এয়ে সূত্ৰপাত! শেষে ধ্বংশ আসামৰ!—
গল আহোমৰ ৰাজ্য স্বাধীনতা ধন!
সি দৰে নিশ্চয় মন্ত্ৰী! এই সূত্ৰতেই
কমতাৰ ধ্বংশ পাব ঐশ্বৰ্য্য ৰতন।
কমতাৰ স্বাধীনতা পৰে নিব কাঢ়ি;
পৰৰ ঐশ্বৰ্য্য হ’ব ধন কমতাৰ!
পুৰুষানুক্ৰমে ৰ’ব কলঙ্ক মহত’
ঘোষিব জগতে মন্ত্ৰী! দুৰ্যশ তোমাৰ!
মনে মনে আহি আজি কৰিছাহি তুমি
ষড়যন্ত্ৰ বিনাশিব, নিজ জন্মভূমি?
কিন্তু এই কথা মন্ত্ৰি! হবতো প্ৰচাৰ?
জগতে ঘোষিব হায়! কলঙ্ক তোমাৰ!

কমতাপুৰ ধ্বংস কাব্য (page 115 crop)
কমতাপুৰ ধ্বংস কাব্য (page 115 crop)